Chapter:2

নথি পত্ৰ/ দলিল পত্ৰ ( Documents) 


অনুশীলনীঃ

১ নং থকা প্ৰশ্নাৱলী一 

(ক) তলৰ কোনোটো বিষয় স্মাৰকলিপিৰ পঞ্জীয়ন কাৰ্যালয় দফাত সন্নিৱিষ্ট— 

(১) ৰাজ্যৰ নাম     (২) চহৰ বা নগৰৰ নাম (৩) কোম্পানীৰ পঞ্জীয়কৰ নাম  (৪) সম্পূর্ণ ডাকৰ ঠিকনা 

উত্তৰঃ 

(খ) তলৰ কোনখন দলিল ৰাজহুৱা কোম্পানী এটা নিগমবদ্ধকৰণৰ সময়ত পঞ্জীয়কৰ ওচৰত দাখিল কৰিব লাগে-

(১) অনুষ্ঠানপত্র 

(২) অনুষ্ঠান পত্ৰৰ পৰিৱৰ্তে এটা বিবৃত্তি 

(৩) স্মাৰক লিপি 

(৪) প্রাথমিক চুক্তি 

উত্তৰঃ

(গ) স্মাৰকলিপিৰ সৈতে যদি আভ্যন্তৰীণ নিয়মাৱলীৰ বিবাদ হয়— 

(১) আভ্যন্তৰীণ নিয়মাৱলীক গুৰুত্ব দিয়া হ'ব  ।

(২) স্মাৰ্কলিপিত গুৰুত্ব দিয়া হ’ব । 

(৩) সঞ্চালকসকলে বিবাদ মীমাংসা কৰিব । 

(৪) কোর্টে বিবাদ মীমাংসা কৰিব । 

উত্তৰঃ

(ঘ) কাৰ্যকৰী দৰ্শন তত্ত্বৰ অৰ্থ হ'ল— 

(১) উদ্দেশ্য দফা পৰিৱৰ্তনৰ জাননী । 

(২) সদস্যৰ নাম পৰিৱৰ্তনৰ জাননী । 

(৩) অনুষ্ঠান পত্ৰ ৰাজহুৱাভাৱে বিলিৰ জাননী

(৪) স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলীৰ বিষয়বস্তু সন্দৰ্ভত কোম্পানীৰ সৈতে থকা লেনদেন সন্দৰ্ভত তৃতীয় পক্ষলৈ দিয়া জাননী । 

উত্তৰঃ

শুদ্ধ/অশুদ্ধ বাছি উলিওৱা—

(ক) আভ্যন্তৰীণ নিয়মাৱলী এখন সাধাৰণ প্ৰস্তাব গৃহীত কৰিয়েই পৰিৱৰ্তন কৰিব পাৰি । উত্তৰঃ (অশুদ্ধ) 

(খ) স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলী হ’ল কোম্পানীৰ গোপন দলিল । 

উত্তৰঃ (অশুদ্ধ) 

(গ) প্ৰতিটো কোম্পানীৰেই নিজা স্মাৰকলিপি থাকিব লাগিবই । 

উত্তৰঃ (শুদ্ধ) 

(ঘ) পঞ্জীয়কৰ কাৰ্যালয় হৈছে এটা ৰাজহুৱা কার্যালয় । 

উত্তৰঃ (শুদ্ধ) 

(ঙ) আভ্যন্তৰীণ নিয়মাৱলীৰ ক্ষমতাৰ বাহিৰৰ কাৰ্যকলাপ কোম্পানীৰ দ্বাৰা সংশোধন কৰিব পৰা যায় । 

উত্তৰঃ (শুদ্ধ) 

(চ) এটা কোম্পানীয়ে ইয়ে ভৱাৰ দৰে যিকোনো নামেই ল'ব পাৰে । 

উত্তৰঃ (অশুদ্ধ)

(ছ) কোম্পানী এটাক দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয় ৷ 

উত্তৰঃ (অশুদ্ধ) 

খালী ঠাই পূৰণ কৰা — 

(ক)          প্ৰস্তাৱ গৃহীত কৰি আভ্যস্তৰীণ নিয়মাৱলী পৰিৱৰ্তন কৰিব পৰা যায় । 

উত্তৰঃ ( বিশেষ) 

(খ) কোম্পানী এটাই ইয়াৰ নাম পৰিৱৰ্তনৰ বাবে           প্রস্তাব আৰু       লিখিত স্বাক্ষৰ লোৱাৰ আৱশ্যক হয় । 

উত্তৰঃ (বিশেষ / কেন্দ্ৰীয় চৰকাৰৰ ) 

(গ) কোম্পানী আইন ২০১৩ ৰ মতে ব্যক্তিগত কোম্পানীৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা              তে সীমাবদ্ধ । উত্তৰঃ ( ২০০ ) 

(ঘ) ৰাজহুৱা কোম্পানীৰ স্মাৰকলিপিত       জন ব্যক্তিয়ে স্বাক্ষৰ কৰিব লাগিব । 

উত্তৰঃ (৭) 

(ঙ) কোম্পানীৰ উদ্দেশ্য দফাৰ পৰিবৰ্তনৰ অৰ্থে সাধাৰণ সভাত এটা            প্রস্তাব গৃহীত কৰিব লাগিব । উত্তৰঃ (বিশেষ) 

(চ) ব্যক্তিগত কোম্পানী এটাৰ স্মাৰকলিপি           জন ব্যক্তিয়ে স্বাক্ষৰ কৰিব লাগিব । 

উত্তৰঃ (২) 

২ নং থকা প্ৰশ্নাৱলী 

১। স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলীৰ ধাৰণা দিয়া ।

২। স্মাৰকলিপিক কোম্পানীৰ সংবিধান বুলি কোৱাৰ কাৰণ লিখা । 

৩। ৰেড হেৰীং অনুষ্ঠানপত্র কি ? 

৪। জে ডি আৰৰ দুটা সুবিধা উল্লেখ কৰা ৷ 

৫। বুক বিল্ডিং কি তাৰ ধাৰণা দিয়া । 

৬ । অংশৰ বাজেয়াপ্তকৰণ বুলিলে কি বুজা ? 

৭। অংশ পুনৰ ক্ৰয়কৰণৰ দুটা আইনী ব্যৱস্থা উল্লেখ কৰা । 

৮। অংশ বাজেয়াপ্তকৰণৰ দুটা হেতু লিখা । 

৯ । বোনাচ অংশ কি ? বোনাচ অংশ বিলিৰ দুটা সুবিধা লিখা । 

১০। অনুষ্ঠানপত্ৰত ভুল বিবৃত্তিৰ পৰিনতি সম্পর্কে উল্লেখ কৰা ৷

৫ নং থকা প্ৰশ্নাৱলী 

(ক) স্মাৰকলিপিৰ দেনা দফাৰ ওপৰত ত্রুটি টোকা প্ৰস্তুত কৰা । 

(খ) উদ্দেশ্য দফাৰ পৰিৱৰ্তন সম্পৰ্কত কোম্পানী আইনত থকা বিধানসমূহ উল্লেখ কৰা । 

(গ) আভ্যন্তৰীণ নিয়মাৱলী পৰিৱৰ্তন সম্পৰ্কত থকা ব্যৱস্থাৱলীসমূহ লিখা । 

(ঘ) আভ্যন্তৰীণ নিয়মাৱলী পৰিৱৰ্তনৰ অধিকাৰৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা ।

(ঙ) অনুষ্ঠানপত্ৰ এখনত থকা তথ্যসমূহ লিখা । 

(চ) খলপাযুক্ত অনুষ্ঠানপত্ৰত সন্নিৱিষ্ট কোম্পানী আইনৰ ব্যৱস্থাৱলীসমূহ লিখা । 

(ছ) অংশ আবণ্টনৰ সাধাৰণ নীতিসমূহ কি কি ? 

(জ) বোনাচ অংশ বিলিৰ উদ্দেশ্যসমূহ কি কি ? 

(ঝ) বোনাচ অংশ বিলিৰ চৰ্তসমূহ উল্লেখ কৰা ।

(ঞ) অংশ বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়াবোৰ কি কি লিখা । 

(ট) অংশৰ হস্তান্তৰ আৰু আইনী হস্তান্তৰৰ মাজত থকা পার্থক্যবোৰ লিখা ৷ 

১০ নং প্রশ্নাৱলী— 

১। কোম্পানীৰ স্মাৰকলিপি বুলিলে কি বুজা ? কোম্পানী আইন ২০১৩ ৰ ব্যৱস্থাৱলী মতে স্মাৰকলিপিত সন্নিৱিষ্ট দফাসমূহৰ বিষয়ে চমুকৈ আলচ কৰা । 

২। কোম্পানীৰ আভ্যন্তৰীণ নিয়মাৱলী কি ? আভ্যন্তৰীণ নিয়মাৱলীত থকা বিষয়বস্তুসমূহ উল্লেখ কৰা । ৩। কোম্পানী এটাৰ আভ্যন্তৰীণ নিয়মাৱলী পৰিৱৰ্তনৰ সীমাবদ্ধতাসমূহ বৰ্ণনা কৰা । 

৪। স্মাৰকলিপিৰ দফাসমূহ পৰিৱৰ্তন সম্পৰ্কত থকা কোম্পানী আইন ২০১৩ ৰ ব্যৱস্থাৱলীসমূহ আলোচনা কৰা ।

৫। কি কি পৰিস্থিতিত কোম্পানী এটাই স্মাৰকলিপিৰ উদ্দেশ্য দফাটোৰ পৰিৱৰ্তন কৰিব পাৰে ? পৰিৱৰ্তন ফলৱৰ্তী কৰিবলৈ এনে কোম্পানীয়ে কি প্রক্রিয়া অনুসৰণ কৰিব লিখা ? 

৬। স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলীৰ মাজত থকা পার্থক্যবোৰ লিখা। কোম্পানীৰ উদ্দেশ্য দফা পৰিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ লিখা ৷ 

৭। আভ্যন্তৰীণ পৰিচালনাৰ নীতিটো বৰ্ণনা কৰা । 

৮। কোম্পানীৰ অনুষ্ঠানপত্র কি ? অনুষ্ঠান পত্ৰত সন্নিৱিষ্ট তথ্যসমূহ বর্ণনা কৰা ৷ 

৯। অনুষ্ঠান পত্ৰৰ বিষয়বস্তুসমূহ কি কি ? অনুষ্ঠানপত্ৰৰ ভুল উপস্থানৰ ক্ষেত্ৰত জনসাধাৰণে লাভ কৰা প্ৰতিকাৰসমূহ উল্লেখ কৰা ৷ 

১০। অংশৰ আবণ্টন বুলিলে কি বুজা ? কোম্পানীৰ অংশ আবণ্টন সন্দৰ্ভত থকা নীতি নিয়মসমূহ বর্ণনা কৰা । 

১১। বোনাচ অংশ কি ? বোনাচ বিলিৰ ক্ষেত্ৰত থকা সুবিধা আৰু অসুবিধাসমূহ লিখা । 

১২। অংশৰ পুনঃ ক্ৰয়কৰণ কি ? অংশৰ পুনঃ ক্ৰয়কৰণ সন্দৰ্ভত থকা আইনী নীতি নিয়মসমূহ বর্ণনা কৰা ।


Type Himanku Bora