মিত্ৰদেৱমহন্ত বিষয়ে চমু প্ৰশ্ন উত্তৰ


১। মিত্ৰদেৱ মহন্তৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্ত জন্ম হৈছিল-১৮৯৪ চনৰ ১৩ জুনত।

২। মিত্ৰদেৱ মহন্তৰ যোৰহাট জিলাৰ কোন ঠাইত জন্ম হৈছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তৰ যোৰহাট জিলাৰ সৰ্বাইবন্ধাত ঠাইত জন্ম হৈছিল। 

৩। মিত্ৰদেৱ মহন্তৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তৰ মাতৃৰ নাম আছিল-বগীতৰা দেৱী।

৪। মিত্ৰদেৱ মহন্তৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তৰ পিতৃৰ নাম আছিল-নিৰঞ্জন মহন্ত।

৫। মিত্ৰদেৱ মহন্তই  হাইস্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল-যোৰহাটত।

৬। কেইবাৰ মিত্ৰদেৱ মহন্ত অসম সাহিত্য সভাৰ উপ-সভাপতি আছিল?

উত্তৰঃ  দুবাৰকৈ মিত্ৰদেৱ মহন্ত অসম সাহিত্য সভাৰ উপ-সভাপতি আছিল।

৭। মিত্ৰদেৱ মহন্তই ৰচনা কৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটো কিহৰ আৰম্ভণী গীত?

উত্তৰঃ মিত্ৰদেৱ মহন্তই ৰচনা কৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটো অসম সাহিত্য সভাৰ আৰম্ভণী গীত।

৮। মিত্ৰদেৱ মহন্তই কিহৰ বাবে 'সংগীত নাটক একাডেমী বঁটা' লাভ কৰিছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে  'সংগীত নাটক একাডেমী বঁটা' লাভ কৰিছিল।

৯। মিত্ৰদেৱ মহন্তই কাক বিয়া কৰাইছিল?

উত্তৰঃ শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ “চুপহা সত্ৰ”ৰ সত্ৰাধিকাৰ প্ৰয়াত দেৱদত্ত মহন্তৰ ছোৱালি লক্ষ্মীপ্ৰিয়া দেৱীক মিত্ৰদেৱ মহন্তই বিয়া কৰাইছিল।

১০। কিমান চনত মিত্ৰদেৱ মহন্তই বিয়া কৰাইছিল?

উত্তৰঃ ১৯২০ চনত মিত্ৰদেৱ মহন্তই বিয়া কৰাইছিল।

১১। কোনখন বিশ্ববিদ্য়ালয়ৰ পৰা মিত্ৰদেৱ মহন্তই এল.টি পৰীক্ষাত উৰ্ত্তীণ হৈছিল?

উত্তৰঃ ঢাকা বিশ্ববিদ্য়ালয় পৰা মিত্ৰদেৱ মহন্তই এল.টি পৰীক্ষাত উৰ্ত্তণীত হৈছিল।

১২। মিত্ৰদেৱ মহন্তৰ কেইজন পুত্ৰ আছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তৰ এজন পুত্ৰ আছিল তাৰ নাম আছিল-মোক্ষদেৱ।

১৩। মিত্ৰদেৱ মহন্তই কোনখন সত্ৰ পৰিচালনা কৰা দায়িত্ব লৈছিল?

উত্তৰঃ মিত্ৰদেৱ মহন্তই 'লেটুগ্ৰাম সত্ৰ' পৰিচালনা কৰা দায়িত্ব লৈছিল।

১৪। কোন কলেজত মিত্ৰদেৱ মহন্তই আই.এ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল?

উত্তৰঃ কটন কলেজত মিত্ৰদেৱ মহন্তই আই.এ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল।

১৫। মিত্ৰদেৱ মহন্তৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৮৩ চনৰ ২৬ মাৰ্চত মিত্ৰদেৱ মহন্তৰ মৃত্যু হৈছিল। 



Type-Bhabesh Bora

১।