বেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে চমু প্ৰশ্ন উত্তৰ



১। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্ম নগাঁৱৰ জিলাৰ ফৌজাদাৰী পট্টিত হৈছিল।

২। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰী।

৩। ভৱেন্দ্ৰনাথ শইকীয়াৰ  পিতৃৰ নাম কি আছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ পিতৃৰ নাম আছিল-বিদূৰ কুমাৰ শইকীয়া।

৪। ভৱেন্দ্ৰনাথ শইকীয়াৰ  কিমান চনত বিবাহ হৈছিল?

উত্তৰঃ ১৯৫৫ চনত ভৱেন্দ্ৰনাথ শইকীয়াৰ  বিবাহ হৈছিল।

৫। লণ্ডন বিশ্ববিদ্য়ালয়ত ভৱেন্দ্ৰনাথ শইকীয়াই কি বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ লণ্ডন বিশ্ববিদ্য়ালয়ত ভৱেন্দ্ৰনাথ শইকীয়াই পৰ্দাথ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।

৬। কিমান চনত ভৱেন্দ্ৰনাথ শইকীয়াই পদ্মশ্ৰী বঁটা লাভ কৰিছিল?

উত্তৰঃ ২০০ চনত ভৱেন্দ্ৰনাথ শইকীয়াই পদ্মশ্ৰী বঁটা লাভ কৰিছিল। 

৭। ভৱেন্দ্ৰনাথ শইকীয়াই মুঠ কেইখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই মুঠ আঠখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল।

৮। ভৱেন্দ্ৰনাথ শইকীয়াই কেতিয়াৰ পৰা সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল?

উত্তৰঃ স্কুলীয়া জীৱনৰ পৰাই ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য ৰচনাত  মনোনিৱেশ কৰিছিল।

৯। ভৱেন্দ্ৰনাথ শইকীয়াই কেইখন চলচ্চিত্ৰৰ কাৰণে ৰজত কমল বঁটা লাভ কৰিছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই সাতখন চলচ্চিত্ৰৰ কাৰণে ৰজত কমল বঁটা লাভ কৰিছিল।

১০। ভৱেন্দ্ৰনাথ শইকীয়াৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মাতৃৰ নাম আছিল চম্পাৱালা শইকীয়া।

১১। ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৭৬ চনত সাহিত্যলএকাডেমী বঁটা লাভ কৰিছিল।

১২। ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৯০ চনত কি বঁটা লাভ কৰিছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৯০ চনত অসম উপত্যকা বঁটা লাভ কৰিছিল।

১৩। ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত ম্ৰেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৪৮ চনত ম্ৰেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

১৪। শিক্ষা সাং কৰি ভৱেন্দ্ৰনাথ শইকীয়াই কোন কলেজত অধ্যাপনা কৰিছিল?

উত্তৰঃ শিক্ষা সাং কৰি ভৱেন্দ্ৰনাথ শইকীয়াই শিৱসাগৰ কলেজত অধ্যাপনা কৰিছিল।
১৫। ভৱেন্দ্ৰনাথ শইকীয়া একাধিক সাহিত্যক ৰচনা লিখোতে কি ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়া একাধিক সাহিত্যক ৰচনা লিখোতে ছদ্মনাম ব্যৱহাৰ কৰিছিল।
১৬। ভৱেন্দ্ৰনাথ শইকীয়াৰ হাস্য-ব্যংগনাত্মক ৰচনাসমূহ ক'ত সন্নিৱিষ্ট কৰিছিল?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ হাস্য-ব্যংগনাত্মক ৰচনাসমূহ 'কল্পলোকৰ' কাহিনীত সন্নিৱিষ্ট কৰিছিল।
১৭। ক'ত থকা পুথিভঁৰালটো ভৱেন্দ্ৰনাথ শইকীয়াৰ নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰঃ কলাক্ষেত্ৰত থকা পুথিভঁৰালটো ভৱেন্দ্ৰনাথ শইকীয়াৰ নামেৰে নামাকৰণ কৰা হৈছে।
১৮। ভৱেন্দ্ৰনাথ শইকীয়াৰ কেইগৰাকী কন্য়া সন্তান আছিল?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ দুগৰাকী কন্যা সন্তান আছিল।
১৯। ভৱেন্দ্ৰনাথ শইকীয়াৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ পত্নীৰ নাম আছিল- প্ৰীতি শইকীয়া।
২০। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন কলেজৰ পৰা ডিপ্লমা লাভ কৰে?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’ কলেজৰ পৰা ডিপ্লমা লাভ কৰে।
২১। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন কলেজৰ পৰা বি.এছ.চি পাছ কৰে?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই কটন কলেজৰ পৰা বি.এছ.চি পাছ কৰে।
২২। কিহৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই বিদেশ যাত্ৰা কৰিছিল?
উত্তৰঃ উচ্চ শিক্ষাৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই বিদেশলৈ যাত্ৰা কৰিছিল।
২৩। কোনখন চুটিগল্পৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য় একাডমী বঁটা লাভ কৰিছিল?
উত্তৰঃ 'শৃংখল' নামৰ চুটিগল্পৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
২৪। শিৱসাগৰ কলেজত কি বিষয়ৰ প্ৰবক্তা হিচাপে পাতনি মেলিছিল?
উত্তৰঃ শিৱসাগৰ কলেজত পৰ্দাথ বিজ্ঞান বিষয়ত প্ৰবক্তা হিচাপে পাতনি মেলিছিল।
২৫। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই ২০০১ চনলৈ কেইখন নাটক ৰচনা লিখিছিল?
 উত্তৰঃ  ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই ২০০১ চনলৈ ২৬ খন নাটক ৰচনা লিখিছিল।
২৬। ভৱেন্দ্ৰনাথ শইকীয়াৰ সামাজিক উপন্যাস দুখন কি?
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সামাজিক উপন্যাস দুখন হ'ল-'অন্তৰীপ' আৰু 'ৰম্যভূমি'।
২৭। কোনখন গল্পৰ জৰিয়তে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্যক জগতত প্ৰৱেশ কৰিছিল?
উত্তৰঃ 'পথ নিৰূপণ' নামৰ গল্পৰ জৰিয়তে ভৱেন্দ্ৰনাথ শইকীয়াই  সাহিত্যক জগতত প্ৰৱেশ কৰিছিল।
২৮। ছদ্মনাম ব্যৱহাৰ কৰি ভৱেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ কেইটা লেখা লিখিছিল।
উত্তৰঃ ছদ্মনাম ব্যৱহাৰ কৰি ভৱেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ ৬ টা লেখা লিখিছিল।
২৯। সঞ্জয়ছদ্মনাম ব্যৱহাৰ কৰি ভৱেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ কেইটা গল্প লিখিছিল।
উত্তৰঃ  সঞ্জয়ছদ্মনাম ব্যৱহাৰ কৰি ভৱেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ ৩ টা গল্প লিখিছিল।
৩০। ভবেন্দ্ৰনাথ শইকীয়াৰদেৱৰ কিমান চনত মৃত্যু হৈছিল?
উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰদেৱৰ মৃত্যু হৈছিল-২০০৩ চনৰ ১৩ আগষ্টত তাৰিখে।