অতুল চন্দ্ৰ হাজৰিকা বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ 


১। অতুল চন্দ্ৰ হাজৰিকাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকা ১৯০৩ চনৰ ৯ ছেপ্তেম্ব জন্ম হৈছিল। 

২। অতুল চন্দ্ৰ হাজৰিকাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ পিতৃৰ নাম আছিল-ৰমাকান্ত হাজৰিকা।

৩। অতুল চন্দ্ৰ হাজৰিকাৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ মাতৃৰ নাম-নিৰুপমা হাজৰিকা।

৪। অতুল চন্দ্ৰ হাজৰিকাই কেইবাৰ  একাদিক্ৰমে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক  আছিল?

উত্তৰঃ  অতুল চন্দ্ৰ হাজৰিকাই ৩ বাৰ  একাদিক্ৰমে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক  আছিল।

৫। কটন কলেজৰ পৰা কি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে?

উত্তৰঃ কটন কলেজৰ পৰা অতুল চন্দ্ৰ হাজৰিকাই কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।

৬। অতুল চন্দ্ৰ হাজৰিকাক কোনে সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ অসম সাহিত্যসভাই অতুল চন্দ্ৰ হাজৰিকাক সাহিত্য়াচাৰ্য উপাধিৰে বিভূষিত কৰিছিল।

৭। কোনখন অধিৱেশনত অতুল চন্দ্ৰ হাজৰিকাই সভাপতিত্ব কৰিছিল?

উত্তৰঃ নগাঁও অধিৱেশনত অতুল চন্দ্ৰ হাজৰিকাই সভাপতিত্ব কৰিছিল। 

৮। কোনখন বিদ্যালয়ত অতুল চন্দ্ৰ হাজৰিকাই বাল্য শিক্ষা লৈছিল?

উত্তৰঃ লতাশিল বিদ্যালয়ত অতুল চন্দ্ৰ হাজৰিকাই বাল্য শিক্ষা লৈছিল।        

৯। অতুল চন্দ্ৰ হাজৰিকাই কেইখন গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাই ১২৪ খন গ্ৰন্থ ৰচনা কৰিছিল। 

১০। অতুল চন্দ্ৰ হাজৰিকাই কেইখন গ্ৰন্থ সংকলন আৰু সম্পাদনা কৰিছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাই ২৪খন গ্ৰন্থ সংকলন আৰু সম্পাদনা কৰিছিল। 

১১। অতুল চন্দ্ৰ হাজৰিকাদেৱে ১৯২৮ চনত কোনখন আলোচনী সম্পাদন কৰিছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাদেৱে ১৯২৮ চনত মিলন আলোচনীখন সম্পাদনা কৰিছিল।

১২। কোনখন গ্ৰন্থৰ বাবে অতুল চন্দ্ৰ হাজৰিকাই সাহিত্য় একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ 'মঞ্চলেখ' গ্ৰন্থখনৰ বাবে অতুল চন্দ্ৰ হাজৰিকাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 

১৩। কিমান চনত অতুল চন্দ্ৰ হাজৰিকাক ভাৰতচৰকাৰে পদ্মশ্ৰী বঁটা দিছিল?

উত্তৰঃ ১৯৭১ চনত অতুল চন্দ্ৰ হাজৰিকাক ভাৰতচৰকাৰে পদ্মশ্ৰী বঁটা দিছিল।

১৪। কোনখন মহাবিদ্যালয় পৰা অতুল চন্দ্ৰ হাজৰিকাই স্নাতকোত্তৰ উপাধি লাভ কৰিছিল?

উত্তৰঃ কলকাতা মহাবিদ্যালয় পৰা অতুল চন্দ্ৰ হাজৰিকাই স্নাতকোত্তৰ উপাধি লাভ কৰিছিল।

১৫। কলিকতা মহাবিদ্যালয় পৰা অতুল চন্দ্ৰ হাজৰিকাই কি বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল?

উত্তৰঃ কলিকতা মহাবিদ্য়ালয় পৰা অতুল চন্দ্ৰ হাজৰিকাই অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল।

১৬। কোনখন মহাবিদ্যালয়ত অতুল চন্দ্ৰ হাজৰিকাই অসমীয়া বিষয়ত প্ৰৱক্তা হিচাপে নিযুক্তি পাইছিল?

উত্তৰঃ কটন মহাবিদ্যালয়ত অতুল চন্দ্ৰ হাজৰিকাই অসমীয়া বিষয়ত প্ৰৱক্তা হিচাপে নিযুক্তি পাইছিল।

১৭। অতুল চন্দ্ৰ হাজৰিকাই শিশুোৰ বাবে লিখা গ্ৰন্থৰ সংখ্যা কিমান?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাই শিশুোৰ বাবে লিখা গ্ৰন্থৰ সংখ্যা হ'ল-৪০ খন।

১৮। অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰথম কবিতা কি আছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰথম কবিতাটো আছিল-বসন্তকাল।

১৯। অতুল চন্দ্ৰ হাজৰিকাৰ পেচা কি আছিল?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ পেচা আছিল-সাহিত্যক, গল্পকাৰ, প্ৰবক্তা, অধ্যাপক।

২০। অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৮৬ চনৰ ৭ জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়।



Type-Bhabesh Bora