চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল-১৯০১ চনৰ ১৬ মাৰ্চত।

২। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পিতৃৰ নাম কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পিতৃৰ নাম-ৰাতিৰাম মজুমদাৰ।

৩। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাতৃৰ নাম কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাতৃৰ নাম-গংগাপ্ৰিয়া মজুমদাৰ।

৪। কিমান বছৰৰ বয়সত চন্দ্ৰপ্ৰভা শইকীয়ানীক ৰূপক পদকেৰে সন্মানিত কৰা হয়?

উত্তৰঃ ১১ বছৰৰ বয়সত চন্দ্ৰপ্ৰভা শইকীয়ানীক ৰূপক পদকেৰে সন্মানিত কৰা হয়।

৫। জন্মৰ পাছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাম কি আছিল?

উত্তৰঃ জন্মৰ পাছত  চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাম আছিল-চন্দ্ৰপ্ৰিয়া।

৬। কোনখন স্কুলত  চন্দ্ৰপ্ৰভা শইকীয়ানীক চন্দ্ৰপ্ৰিয়া নাম সলাই চন্দ্ৰপ্ৰভা ৰখা হয়?

উত্তৰঃ নগাওঁ মিছন স্কুলত চন্দ্ৰপ্ৰিয়া নাম সলাই চন্দ্ৰপ্ৰভা ৰখা হয়।

৭। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কিহৰ বাবে কাৰবাস খাটিছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে স্বাধীনতা আন্দোলনত যুগ দিয়াৰ বাবে কাৰবাস খাটিছিল।

৮। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কেইখন উপন্যাস লিখিছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানিয়ে তিনিখন উপন্যাস লিখিছিল।

৯। চন্দ্ৰপ্ৰভা শইকীয়ানিয়ে লিখা উপন্যাস কেইখনৰ নাম কি কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানিয়ে লিখা উপন্যাস কেইখন হ'ল-'পিতৃভিঠা', 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা'।

১০। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কোনখন উপন্য়াস নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত।

১১। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কবিতা পুথিখনৰ নাম-'মোৰ কবিতা'।

১২। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভনীয়কৰ নাম কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভনীয়কৰ নাম-ৰামেশ্বৰী।

১৩। কোনে  চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ভনীয়েকক নগাওঁৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল?

উত্তৰঃ নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ভনীয়েকক নগাওঁৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল।

১৪। চন্দ্ৰপ্ৰভা শইকীয়ানী কি চলোৱা প্ৰথম মহিলা আছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী চাইকেল চলোৱা প্ৰথম মহিলা আছিল।

১৫। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিয়া কাৰ লগত হৈছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিয়া সাহিত্যক দণ্ডিনাথ কলিতাৰ লগত হৈছিল।

১৬। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মাহীয়েকৰ ঘৰৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল।

১৭। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰৰ নাম কি?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰৰ নাম-অতুল।

১৮। কিমান চনত  চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বজালী সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীন হৈ পৰাজিত হৈছিল?

উত্তৰঃ ১৯৫৭ চনত  চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বজালী সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীন হৈ পৰাজিত হৈছিল।

১৯। চন্দ্ৰপ্ৰভা শইকীয়ানী কি ৰোগত আক্ৰান্ত হৈছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

২০। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কিমান চনত মৃত্যু  হৈছিল?

উত্তৰঃ ১৯৭২ চনৰ ১৬ মাৰ্চত  চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃত্যু হৈছিল। 


Type-Bhabesh Bora