উত্তম বৰুৱাৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। উত্তম বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ উত্তম বৰুৱাৰ জন্ম হৈছিল-১৯৩৯ চনৰ ৫ জুলাইত।

২। উত্তম বৰুৱাৰ জন্মৰ স্থান ক'ত?

উত্তৰঃ উত্তম বৰুৱাৰ জন্মৰ স্থান-গুৱাহাটী আজাৰত।

৩। উত্তম বৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰঃ উত্তম বৰুৱাৰ পিতৃৰ নাম-জগত চন্দ্ৰ বৰুৱা।

৪। উত্তম বৰুৱাৰ মাতৃৰ নাম কি?

উত্তৰঃ উত্তম বৰুৱাৰ মাতৃৰ নাম-ৰজনী বৰুৱা।

৫। উত্তম বৰুৱা কোন বংশৰ আছিল?

উত্তৰঃ উত্তম বৰুৱা স্বৰ্গদেউ গদাধৰ সিংহই পাতি থয় যোৱা প্ৰখ্যাত ৰাণী ৰাজ্যৰ 'বৰুৱা' বংশৰ আছিল।

৬। সপ্তম শ্ৰেণীত উত্তম বৰুৱাই কি পুথি ৰচনা কৰিছিল?

উত্তৰঃ সপ্তম শ্ৰেণীত উত্তম বৰুৱাই 'মহাপুৰুষৰ নামঘৰ' নামেৰে পুথিখন লিখিছিল।

৭। কোনটো ইনষ্টিটিউটৰ পৰা উত্তম বৰুৱাই ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্য়ক্তিৰ সমান লাভ কৰিছিল?

উত্তৰঃ আমেৰিকান বায়'গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা উত্তম বৰুৱাই ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিৰ সমান লাভ কৰে।

৮। জ্য়োতিৰূপাৰ পৰা উত্তম বৰুৱাই কি বঁটা লাভ কৰিছিল?

উত্তৰঃ জ্যোতি ৰূপাৰ পৰা উত্তম বৰুৱাই 'কৰ্মশ্ৰী বঁটা' লাভ কৰিছিল।

৯। কোনটো ফাউনণ্ডেচনত উত্তম বৰুৱা সদস্য হিচাপে মনোনীত কৰিছিল?

উত্তৰঃ কলিকতা ৰাজা ৰামমোহন ৰায় ফাউনণ্ডেচনত উত্তম বৰুৱা সদস্য হিচাপে মনোনীত কৰিছিল। 

১০। উত্তম বৰুৱাই ৰচনা কৰা "বৰ মানুহৰ দোলা" কি মূলক?

উত্তৰঃ উত্তম বৰুৱাই ৰচনা কৰা "বৰ মানুহৰ দোলা" বুৰঞ্জী মূলক।

১১। উত্তম বৰুৱাৰ পেচা কি আছিল?

উত্তৰঃ উত্তম বৰুৱাৰ পেচা আছিল-খ্য়াটিসম্পন্ন নাট্যকাৰ, শিল্পী তথা সু-সাহিত্যক আছিল।

১২। 'মহাপুৰুষ নামঘৰ' নামৰ পুঠিখন ৰচনা কৰি উত্তম বৰুৱাই কাৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল?

উত্তৰঃ 'মহাপুৰুষ নামঘৰ' নামৰ পুঠিখন ৰচনা কৰি বাগ্মীবৰ কবি নীলমণি ফুকনৰ পৰা উত্তম বৰুৱাই ভূয়সী প্ৰশংসা লাভ কৰিছিল।

১৩। কিহৰ পৰা অৱসৰ লোৱা পাছত  উত্তম বৰুৱাই আজীৱন সাহিত্য চৰ্চাত নিয়োজিত হৈছিল?

উত্তৰঃ জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে অৱসৰ লোৱা পাছত উত্তম বৰুৱাই আজীৱন সাহিত্য চৰ্চাত নিয়োজিত হৈছিল।

১৪। কোনখন হাস্পাটালত উত্তম বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল?

উত্তৰঃ গুৱাহাটীৰ ডাউন নাউন হাস্পাটালত উত্তম বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল।

১৫। কিমান চনত উত্তম বৰুৱাৰ মৃত্যু হৈছিল?

উত্তৰঃ ২০১১ চনৰ ৩ অক্টোবৰত উত্তম বৰুৱাৰ মৃত্যু হৈছিল।


Type-Bhabesh Bora