সত্যনাথ বৰাৰ বিষয়ে চমু প্ৰশ্ন উত্তৰ


১। সত্যনাথ বৰাৰ জন্ম ক'ত হৈছিল? 

উত্তৰঃ সত্যনাথৰ বৰাৰ জন্ম হৈছিল- গুৱাহাটীৰ ভৰলুমুখত।

২। সত্যনাথ বৰাৰ পিতৃৰ নাম কি?

উত্তৰঃ সত্যনাথ বৰাৰ পিতৃৰ নাম হ'ল-দয়নাথ বৰা। 

৩। সত্যনাথ বৰাৰ মাতৃৰ নাম কি?

উত্তৰঃ সত্যনাথ বৰাৰ মাতৃৰ নাম হ'ল-অময়া বৰা।

৪। কিমান চনত সত্যনাথ বৰাই বি.এ পৰীক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ ১৮৮৯ চনত সত্যনাথ বৰাই বি. এ পৰীক্ষাত উত্তীৰ্ণ হয়।

৫। সত্যনাথ বৰাৰ পিতৃ-মাতৃৰ কেতিয়া বিয়োগ হৈছিল?

উত্তৰঃ সত্যনাথ বৰা সৰু থাকোতে তেখেতৰ পিতৃ-মাতৃ বিয়োগ ঘটিছিল।

৬। শিক্ষা শেষ কৰি সত্যনাথ বৰাই কি আৰম্ভ কৰে?

উত্তৰঃ  শিক্ষা শেষ কৰি সত্যনাথ বৰাই ওকালটি আৰম্ভ কৰে।

৭। সত্যনাথ বৰাই উচ্চ শিক্ষা ক'ত গ্ৰহণ কৰিছিল?

উত্তৰঃ  সত্যনাথ বৰাই উচ্চ শিক্ষা কলকাতাত গ্ৰহণ কৰিছিল।

৮। কিছুদিন সত্যনাথ বৰাই ক'ত অধ্য়াপনা কৰিছিল?

উত্তৰঃ কিছুদিন সত্যনাথ বৰাই কটন কলেজত অধ্যাপনা কৰিছিল।

৯। কলকাতাৰ কোনখন কলেজৰ পৰা সত্যনাথ বৰাই এফ.এ পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ কলকাতাৰ চিটী কলেজৰ পৰা সত্যনাথ বৰাই এফ.এ পৰীক্ষা পাছ কৰে। 

১০। সত্যনাথ বৰাই কিমান চনত জোনাকী কাকতৰ সম্পাদক আছিল?

উত্তৰঃ  ১৮৯৯ চনত সত্যনাথ বৰাই 'জোনাকী' কাকতৰ সম্পাদক আছিল।

১১।  কিমান চনত সত্যনাথ বৰাই আইন পৰীক্ষা দিছিল?

উত্তৰঃ ১৮৮৯ চনত আইন পৰীক্ষাত দিছিল।

১২। সত্যনাথ বৰাই কোনখন গ্ৰন্থত আঠইশটা গীত সংকলন হৈছিল?

উত্তৰঃ সত্যনাথ বৰাই 'গীতাৱলী' গ্ৰন্থত আঠইশটা গীত সংকলন হৈছিল।

১৩। সত্যনাথ বৰাৰ সাৰথি গ্ৰন্থখন কোন চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ সাৰথি গ্ৰন্থখন ১৯১৫ চনত প্ৰকাশিত হৈছিল।

১৪। কোনখন আলোচনী বন্ধহোৱাৰ পাছত সত্যনাথ বৰাই সম্পাদনা কৰিছিল?

উত্তৰঃ 'জোনাকী' নামৰ আলোচনীখন বন্ধহোৱাৰ পাছত সত্যনাথ বৰাই সম্পাদনা কৰিছিল।

১৫। সত্যনাথ বৰাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ মৃত্যু হৈছিল-১৯২৫ চনৰ ১৩ ডিচেম্বৰত।




Type-Bhabesh Bora