কোষৰ গঠন আৰু কাৰ্য্য
অধ্যায় ৮
👉MCQ Online Exam
👉MCQ Answer
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
i) কোনটো কোষাংগাণুক 'শক্তিৰ ভঁৰাল' বোলা হয়?
a) মাইট'কণ্ড্ৰিয়া b) গল্ গিব'ডি c) ৰাইব'জ'ম d) লাইছ'জ'ম
উত্তৰঃ মাইট'কণ্ড্ৰিয়া।
ii) তলৰ কোনবিধ ৰঞ্জক দ্ৰব্য নহয়?
a) চেফ্ৰানিন b) আয়'ডিন c) মিথিলিন ব্ল d) ইথানল
উত্তৰঃ d) ইথানল।
iii) তলত উল্লেখ কৰা কোনবিধ কোষত কোষকেন্দ্ৰ নাথাকে?
a) মাংসপেশীৰ কোষ b) পেৰামেছিয়াম c) স্তন্যপায়ীৰ লোহিত ৰক্তকণিকা d) স্নায়ুকোষ
উত্তৰঃ স্তন্যপায়ীৰ লোহিত ৰক্তকণিকা।
iv) কোনটো কোষৰ ডিএনএয়ে ক্ৰম'জমৰ কাম কৰে?
a) ভাইৰাছ b) বেক্টেৰিয়া c) এমিবা d) উট চৰাইৰ কণী
উত্তৰঃ b) বেক্টেৰিয়া
2. খালী ঠাই পূৰ কৰাঃ
i) ৰবাৰ্ট হুক নামৰ বৈজ্ঞানিকে প্ৰথম কুঁহিলাগছৰ বাকলিত কোষৰ সন্ধান পায়।
ii) প্ৰকৃত কোষেৰে গঠিত নহয় বাবে ভাইৰাছ বোৰক জীৱৰ শ্ৰেণীত ৰখা নহয়।
iii) এক মাইক্ৰ'মিটাৰ = 0.001 মিলিমিটাৰ
iv) গলগি সংঘ নামৰ কোষাংগাণুটোৱে কোষত স্নেহপদাৰ্থ আৰু প্ৰ'টিনৰ সঞ্চয়ন আৰু পৰিবহণ কৰে।
v) ৰাইব'জ'ম ক কোষৰ প্ৰ'টিন সংশ্লেষণ কাৰখানা বোলা হয়।
vi) পিতৃ-মাতৃৰ চৰিত্ৰ পৰিবহণ কৰা ডিএনএৰ অংশবোৰক জিন বোলে।
3. কোষ কাক বোলে? কোষৰ বিভিন্ন প্ৰকাৰ উদাহৰণসহ লিখা।
উত্তৰঃ জীৱদেহ গঠনৰ ক্ষুদ্ৰ এককটোকে কোষ বোলে। কোষ দুই প্ৰকাৰৰ 一
(i) প্ৰকোষকেন্দ্ৰীয় কোষঃ এনে কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে। যেনে 一 বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া, নীল-হৰিৎ শেলাই ইত্য়াদি।
(ii) সংকোষকেন্দ্ৰীয় কোষঃ এই ধৰণৰ কোষত স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰ থাকে। বেক্টেৰিয়াৰ বাহিৰে সকলো উদ্ভিদ আৰু প্ৰাণীকোষত এনে কোষ থাকে।
4. জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা স্লাইড কি কি প্ৰকাৰৰ? প্ৰতিবিধৰ প্ৰস্তুত প্ৰণালী চমুকৈ লিখা।
উত্তৰঃ জীৱকোষ অধ্য়য়ণ কৰিবলৈ প্ৰস্তুত কৰা স্লাইড দুই প্ৰকাৰৰ।অস্থায়ী স্লাইড আৰু স্থায়ী স্লাইড।
অস্থায়ী স্লাইডঃ অস্থায়ী স্লাইড প্ৰস্তুত কৰিবলৈ আৱশ্য়কীয় বস্তুখিনি হ'ল - এটা পিয়াঁজৰ, ব্লেড এখন আৰু চেপেনা এডাল, কাচৰ স্লাইড, ক'ভাৰ শ্লীপ, চেফ্ৰানিন দ্ৰৱ আৰু এটা যৌগিক অণুবীক্ষণ যন্ত্ৰ। প্ৰথমে পিয়াঁজটোৰ এটা ৰসাল বাকলি কাটি লোৱা। এতিয়া বাকলিটোৰ পৰা চেপেনাৰে পাতল আৱৰণ এখন এৰুৱাই আনি পৰিষ্কাৰ স্লাইড এখনৰ সোঁমাজত লোৱা। আৱৰণখন স্লাইডৰ ওপৰত বহলভাৱে আৰু সমানকৈ মেলি লোৱা। আৱৰণখনৰ ওপৰত এটোপাল চেফ্ৰানিন দ্ৰৱ দি ক'ভাৰ শ্লিপ এফনেৰে অতি সাৱধানে ঢাকি দিয়া। এখন অস্থায়ী স্লাইড প্ৰস্তুত হৈ গ'ল।
5. কোষৰ কোষাবৰণৰ গঠন আৰু কাৰ্য্য বুজাই লিখা।
উত্তৰঃ প্ৰতিটো প্ৰকোষকেন্দ্ৰীয় কোষক আৱৰি এখন আৱৰণ আছে। এয়ে হ'ল কোষাৱৰণ। ই অতিশয় পাতল। প্ৰ'টিন আৰু স্নেহপদাৰ্থ নামৰ দুবিধ পদাৰ্থৰে আৱৰণখন গঠিত। আৱৰণখনে কোষ একোটাক ওচৰৰ কোষৰ পৰা পৃথক কৰি ৰাখে। ইয়াত অতি ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে। ৰন্দ্ৰৰ মাজেৰে পানী, আয়ন আৰু কিছুমমান পদাৰ্থকণা চলাচল কৰিব পাৰে। ই কোষটোক প্ৰতিৰক্ষাও প্ৰদান কৰে।
6. তলত দিয়া কোষাংগাণুবোৰৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰাঃ
মাইট'কন্ড্ৰিয়া , গলগি 'সংঘ, ৰাইব'জ'ম, অন্তঃপ্ৰৰসীয় জালিকা
উত্তৰঃ
মাইট'কণ্ড্ৰিয়াঃ এইবোৰ দণ্ডাকাৰ অথবা উৰহী গুটিৰ আকৃতিৰ কোষাংগাণু। মাইট'কণ্ড্ৰিয়াৰ ভিতৰত কোষীয় শক্তি উৎপন্ন হয়।
গলগি সংঘঃ এইবোৰ মোনা বা থল আকৃতিৰ কোষাংগাণু। ই কোষপ্ৰৰসৰ প্ৰ'টিন আৰু স্নেহপদাৰ্থ সঞ্চয় আৰু পৰিবহন কৰে। ই লাইছ'জ'ম গঠনতো ভাগ লয়।
ৰাইব'জ'মঃ ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰতি হৈ থকা গোলাকাৰ, ক্ষুদ্ৰ আকৃতিৰ কণা। প্ৰ'টিন আৰু আৰ এন এ (RNA) নামৰ দুবিধ পদাৰ্থৰে ৰাইব'জ'ম গঠিত। কোষৰ বাবে অত্য়াৱশ্য়কীয় প্ৰটিন অণুবোৰ ইয়াতে সংশ্লেষণ হয়।
অন্তঃপ্ৰৰসীয় জালিকাঃ নলীৰ দৰে অংশ কিছুমান কোষপ্ৰৰসত বিস্তাৰিত হৈ থাকে। এয়ে হ'ল অন্তঃপ্ৰৰসীয় জালিকা। ইয়াৰ আৱৰণ কোষকেন্দ্ৰাৱৰণৰ লগত সংযুক্ত। ই প্ৰ'টিন পৰিবহনৰ লগতে স্নেহপদাৰ্থ আৰু শৰ্কৰাৰ বিপাকক সহায় কৰে।
7. কোষকেন্দ্ৰ এটাৰ গঠন আৰু কামৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ সাধাৰতে কোষৰ মাজত থকা ই এক গোলাকাকৃতিৰ অংগানু। অণুবীক্ষণ যন্ত্ৰেৰে ইয়াক দেখা পোৱা যায়। কোষকেন্দ্ৰটো দুখন আৱৰণেৰে আবৃত।ইয়াক কোষকেন্দ্ৰাৰণ বোলে।
কোষকেন্দ্ৰাবৰণে কোষকেন্দ্ৰক পৃথক কৰি ৰাখে। আৱৰণ দুখনত ক্ষুদ্ৰ আকাৰৰ ফুটা আছে। এইবোৰ হ'ল কোষকেন্দ্ৰীয় ৰন্ধ্ৰ। ভিতৰৰ অৰ্ধজুলীয়া পদাৰ্থখিনিক কোষকোন্দ্ৰ ৰস বোলে। কোষ একোটা পূৰঠ হৈ বিভাজিত হোৱাৰ সময়ত ক্ৰ'মেটিন সূত্ৰ ঘনীভূত হৈ ক্ৰম'জ'মৰ সৃষ্টি কৰে। ইয়াত থকা ডি.এন.এ বোৰৰ সহায়ত ক্ৰম'জ'মৰ পিতৃ-মাতৃৰ চৰিত্ৰ বা গুণ সতি-সন্ততিলৈ কঢ়িয়াই নিয়ে। ডি.এম.এৰ এনে অংশ একোটাকোই 'জিন' বোলে। কোষকেন্দ্ৰ ৰসত এক বা ততোধিক আৱৰণহীন ঘূৰণীয়া গঠন থাকে। ইয়াক অতিকেন্দ্ৰ বোলে। অতিকেন্দ্ৰই ৰাইব'জ'ম গঠনত ভাগ লয়।
8. চমু উত্তৰ লিখাঃ
a) বিভিন্ন আকৃতিৰ প্ৰাণীকোষৰ উদাহৰণ দিয়া।
উত্তৰঃ বিভিন্ন আকৃতিৰ প্ৰাণীকোষৰ উদাহৰণ হ'ল- মাইক'প্লাজমা, উট চৰাইৰ কণী আৰু স্নায়ু কোষ।
b) আটাইতকৈ ক্ষুদ্ৰ, আটাইতকৈ বৃহৎ আৰু দীৰ্ঘতম কোষৰ নাম লিখা।
উত্তৰঃ আটাইতকৈ ক্ষুদ্ৰ কোষটোৰ নাম হৈছে 一 মাইক'প্লাজমা, আটাইতকৈ বৃহৎ কোষটো হৈছে 一 উট চৰাইৰ কণী আৰু দীৰ্ঘতম কোষটো হৈছে 一 মেনিলা হেম্প।
c) স্লাইড আৰু ক'ভাৰ শ্লীপ বুলিলে কি বুজা?
উত্তৰঃ কোষৰ ভিতৰুৱা গঠন পৰ্য্য়বেক্ষন কৰিবলৈ যৌগিক অণুবীক্ষণ যন্ত্ৰৰ সহায় লোৱা হয়। এই যন্ত্ৰৰে পৰ্য্য়বেক্ষণ কৰিবলৈ জীৱকোষ বা কোষসমষ্টিৰ এখন স্লাইড প্ৰস্তুত কৰা হয়।
এটুকুৰা সৰু আৰু অতিশয় পাতল স্বচ্ছ কাচক ক'ভাৰশ্লীপ বোলা হয়।
e) বিভিন্ন প্ৰকাৰৰ প্লাষ্টিডবোৰৰ নাম আৰু ইয়াৰ ৰঞ্জক পদাৰ্থৰ বিষয়ে লিখা।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ প্লাষ্টিডৰ নাম হ'ল- বৰ্ণকণা, হৰিৎকণা আৰু বৰ্ণহীণ কণা।
বৰ্ণকণাত সেউজীয়াৰ বাহিৰে অন্য় ৰঙৰ পদাৰ্থ থাকে। ফুল, পকাফল আদিৰ বৰণ এইবিধ প্লাষ্টিডৰ উপস্থিতিৰ বাবে হয়। হৰিৎকণাত সোউজীয়া বৰণৰ পদাৰ্থ থাকে। এই পদাৰ্থকণাবোৰক পত্ৰহৰিৎ বোলে।উদ্ভিদৰ বাবে খাদ্য় প্ৰস্তুত কৰাত এই কণাই মুখ্য় ভূমিকা লয়।
f) কোষ বিভাজন বুলিলে কি বুজা?
উত্তৰঃ সকলো জীৱিত কোষেই একোটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণতা লাভ কৰে। ইয়াৰ পিছতে এক বেশেষ প্ৰক্ৰিয়াৰে ই বিভাজিত হৈ নতুন কোষৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াক কোষ বিভাজন বোলে। কোষ বিভাজনে জীৱদেহত কোষৰ সংখ্য়া বৃদ্ধি কৰে। ফলত অংগসমূহ গঠিত হয়।এনেদৰে দেহৰ সামূহিক বিকাশ আৰু বৃদ্ধি হয়।
Author- Dikha Bora
SPELLING CHECK BY- MUKESH BORAH