ঘৰ্ষণ

অধ্যায়ঃ১২

1) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) গতি-ঘৰ্ষণৰ মান স্থিতি- ঘৰ্ষণৰ সৰ্ব্বোচ্চ মানতকৈ

a) কম    b) বেছি    c) সমান    d) কেতিয়াবা কম আৰু কেতিয়াবা বেছি

উত্তৰঃ কম।


ii) স্থিতি-ঘৰ্ষণ আৰু গতি- ঘৰ্ষণৰ মান বাঢ়ি যায় যদিহে গতি কৰা বস্তুটোৰ ওজন

a) কমে    b) একে থাকে    c) বাঢ়ে    d) কোনোটো সত্য নহয়

উত্তৰঃ c) বাঢ়ে


iii) ঘূৰ্ণী ঘৰ্ষণৰ মান

a) স্থিতি-ঘৰ্ষণৰ সমান    b) গতি- ঘৰ্ষণৰ সমান    c) স্থিতি- ঘৰ্ষণ আৰু গতি-ঘৰ্ষণৰ মাজত    d) অতি কম

উত্তৰঃ অতি কম।


iv) বৰষুণ দি থাকিলে মাটিৰ ৰাস্তাত ভৰি পিছলে কাৰণ তেতিয়া ৰাস্তাই আমাৰ ভৰিত সৃষ্টি কৰা ঘৰ্ষণ

a) বাঢ়ি যায়    b) কমি যায়    c) একে থাকে    d) কেতিয়াবা কমে আৰু কেতিয়াবা বাঢ়ে

উত্তৰঃ কমি যায়।


v) তৰল ঘৰ্ষণ নিৰ্ভৰ কৰে গতিশীল বস্তুটোৰ

a) আকৃতিৰ ওপৰত    b) কালিৰ ওপৰত    c) গতিবেগৰ ওপৰত    d) আকৃতি আৰু গতিবেগৰ ওপৰত

উত্তৰঃ আকৃতি আৰু গতিবেগৰ ওপৰত।


2. চমু উত্তৰ দিয়াঃ

i) ঘৰ্ষণ কি?

উত্তৰঃ বস্তুৰ গতিত বাধাৰ সৃষ্টি কৰা বলকে ঘৰ্ষণ বোলা হয়।


ii) ''য'তেই গতি ত'তেই ঘৰ্ষণ'' - কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ যিকোনো গতিশীল বস্তু এটা ৰৈ যোৱাৰ কাৰণ হ'ল ঘৰ্ষণ। কাৰণ গতিশীল বস্তু এটা নিজে নিজে ৰৈ যাৱ নোৱাৰে।মেজৰ ওপৰত থকা কিতাপ এখন জোৰেৰে ঠেলি দিলে অলপ দূৰ গৈ কিতাপখন নিজে নিজে ৰৈ যাৱ,কিতাপখনে মেজৰ ওপৰৰে গতি কৰোতে তাৰ তলৰ পিঠিখনে মেজৰ সৈতে ঘঁহনি খোৱাৰ ফলত ঘৰ্ষন বলৰ সৃষ্টি হৈছে। এই বলে কিতাপখনৰ ওপৰত আৰু তাৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে ফলত কিতাপখন ৰৈ গৈছে। কিতাপখন গতি নকৰিলে ঘৰ্ষন বলৰ সৃষ্টি নহ'লহেঁতেন। অৰ্থাৎ বস্তু এটাই গতি কৰিলে ঘৰ্ষন সৃষ্টি হয়।

iiiমাধ্যাকৰ্ষণ বল আৰু ঘৰ্ষণৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ

iv) স্থিতি-ঘৰ্ষণ কাক বোলে?

উত্তৰঃ  কোনো বস্তু চোঁচৰাবৰ বাবে চেষ্টা কৰোঁতে সৃষ্টি হোৱা যি ঘৰ্ষন বলৰ বাবে বস্তুটো একে ঠাইতে ৰৈ থাকে তাকে স্থিতি- ঘৰ্ষন বোলে। স্থিতি-ঘৰ্ষনৰ এক সৰ্ব্বোচ্চ মান থাকে। এই মান বস্তুটোৱে গতি কৰাৰ আগমুহূৰ্তত আমি প্ৰয়োগ কৰা বলৰ সমান।প্ৰয়োগ কৰা বলত মান এই মানতকৈ বেছি হ'লেই বস্তুটোৱে গতি কৰিবলৈ আৰম্ভ কৰে।


v) গতি-ঘৰ্ষণ কাক বোলে?

উত্তৰঃ গতিশীল অৱস্থাতো বস্তুৰ ওপৰত ঘৰ্ষন বলে ক্ৰিয়া কৰি থাকে। ইয়াকে গতি ঘৰ্ষন বোলে।গতি কৰি থকা বস্তুৰ ওপৰত আমি বল প্ৰয়োগ কৰিবলৈ এৰি দিলে গতি-ঘৰ্ষনৰ বাবেই বস্তুটো এটা সময়ত ৰৈ যায়। গতি ঘৰ্ষনৰ মান স্থিতি-ঘৰ্ষনৰ সৰ্ব্বোচ্চ মানতকৈ কম।


vi) ঘূৰ্ণূী ঘৰ্ষণ কি?

উত্তৰঃ কোনো বস্তুৱে ঘূৰি ঘূৰি আগুৱাই যোৱা মানে বাগৰি যোৱা। এনেদৰে বাগৰি যোৱা বস্তু এটা সৃষ্টি হোৱা ঘৰ্ষনৰ ফলৰ ৰৈ যায়। ইয়াকেই ঘূৰ্ণী ঘৰ্ষন বোলে।

vii) তৰল ঘৰ্ষণ কি?

উত্তৰঃ যিকোনো তৰল বা বায়ুৰ মাজেৰে কোনো বস্তুৱে গতি কৰিলে বস্তুটোৰ ওপৰত গতিৰ বিপৰীতমুখী এক বলৰ সৃষ্টি হয়। ইয়াকে তৰল ঘৰ্ষন বোলে।

viii) ঘৰ্ষণৰ তিনিটা ধৰ্ম লিখা।

উত্তৰঃ  ঘৰ্ষণৰ তিনিটা ধৰ্ম হ'ল-

১)ঘৰ্ষনে গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে।

২) স্থিতি-ঘৰ্ষন আৰু গতি -ঘৰ্ষন বলৰ মান গতি কৰা বস্তুটোৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰে।

৩) গতি ঘৰ্ষনৰ মান স্থিতি ঘৰ্ষনৰ মানতকৈ কম।

ix) মটৰ গাড়ী এখন চলাই নিয়াত আৰু ৰখোৱাত ঘৰ্ষণে কেনেদৰে কাম কৰে লিখা।

উত্তৰঃ মটৰ গাড়ী এখন চলাই নিয়াত আৰু ৰখোৱাত ঘৰ্ষনে আমাক সহায় কৰে। চকাৰ টায়াৰ আৰু ৰাস্তাৰ মাজত উদ্ভৱ হোৱা ঘৰ্ষনৰ বাবেহে চকাটো বাগৰি বাগৰি আগুৱাই যায়। এই ঘৰ্ষন নাথাকিলে চকাটো একে ঠাইতে ঘূৰি থাকিব। আকৌ গতি কৰি থকা মটৰ গাড়ী এখন ৰখাবৰ বাবেও ঘৰ্ষনৰ প্ৰয়োজন। চলি থকা গাড়ীখন ৰখাবৰ বাবে আমি ব্ৰেক প্ৰয়াগ কৰো। ব্ৰেকে সৃষ্টি কৰা ঘৰ্ষনৰ বাবে চকাৰ ঘূৰ্ণন কমি আহি এটা সময়ত ৰৈ যায়। চকাৰ টায়াৰ আৰু ৰাস্তাৰ মাজত হোৱা ঘৰ্ষণেও গাড়ীখন ৰৈ যোৱাত সহায় কৰে।

x) আমি খোজ কাঢ়োঁতে ঘৰ্ষণে কিদৰে সহায় কৰে বৰ্ণনা কৰা।

উত্তৰঃঘৰ্ষণে আমাক খোজ কঢ়াত সহায় কৰে। খোজ কাঢ়োতে আমি ভৰিৰ আগফালটোৰে ৰাস্তাৰ ওপৰত পিছফাললৈ ঠেলোঁ। তেতিয়া ৰাস্তা আৰু ভৰিৰ মাজত উৎপত্তি হোৱা ঘৰ্ষনে আমাৰ ভৰি আগলৈ ঠেলে। ঘৰ্ষণ নাথাকিলে আমাৰ ভৰি পিছলি যায়, আৰু খোজ কঢ়াত অসুবিধা হয়।

xi) ঘৰ্ষণে সৃষ্টি কৰা অসুবিধাৰ উদাহৰণ দি তাৰ প্ৰতিকাৰ কেনেদৰে কৰিব পাৰি লিখা।

উত্তৰঃ কিছু ক্ষেত্ৰত ঘৰ্ষণে আমাক অসুবিধাৰ সৃষ্টি কৰে।মটৰ চাইকেলৰ চকাত অধিক ঘৰ্ষনৰ ফলত আগুৱাই যোৱাত বাধাৰ সৃষ্টি কৰে।সেইবাবে মটৰ চাইকেলৰ চকাত ৰবৰৰ টায়াৰ লগোৱা হয়। যন্ত্ৰপাটি ক্ষেত্ৰত গতিশীল অংশ দেখা পোৱা যায়। সেইবোৰ ঠাইত উৎপত্তি হোৱা ঘৰ্ষণৰ ফলত অংশবোৰ সোনকালে ক্ষয় হোৱা দেখা যায়। আকৌ ঘৰ্ষণৰ ফলত উদ্ভৱ হোৱা তাপৰ বাবে অনাহকতে শক্তি নষ্ট হয়।তেনে ঘৰ্ষণ কমাৱলৈ বিভিন্ন ধৰণৰ তেল, গ্ৰীজ আদি লগোৱা হয়। যন্ত্ৰৰ ঘূৰি থকা অংশৰ ঘৰ্ষণ কমাবলৈ বল বিয়েৰিঙ লগোৱা হয়।

xii) বল বিয়েৰিং এটাৰ ছবি আঁকা আৰু তাৰ ব্যৱহাৰ কি লিখা।


3. কিছু বহলাই লিখা:

i) দৈনন্দিন জীৱনত আমি মুখামুখি হোৱা ঘৰ্ষণৰ পাঁচটা উদাহৰণ দিয়া। প্ৰতিটো ঘৰ্ষণৰ নাম লিখা আৰু সেই ঘৰ্ষণে আমাৰ সুবিধা নে অসুবিধা কৰিছে তাকো উল্লেখ কৰা।

উত্তৰঃ দৈনন্দিন জীৱনত আমি মুখামুখি হোৱা ঘৰ্ষণৰ পাঁচটা উদাহৰণ হ'ল- ৰাস্তা আৰু ভৰিৰ মাজত হোৱা ঘৰ্ষণ। এই ঘৰ্ষণে আমাক খোজ কাঢ়িবলৈ সহায় কৰে।

চকা আৰু টায়াৰৰ মাজত হোৱা ঘৰ্ষণ। এই ঘৰ্ষণ নাথাকিলে চকাটো একে ঠাইতে ঘূৰি থাকিব।

মাৰ্বলৰ গুটিটো ৰৈ যোৱাত বাধাৰ সৃষ্টি হোৱা ঘৰ্ষণ বা ঘূৰ্ণীঘৰ্ষণ। এই ঘৰ্ষণৰ ফলত গুটিটো ৰৈ যোৱাত সহায় কৰে।


ii) ঘৰ্ষণৰ উৎপত্তিৰ কাৰণ বৰ্ণনা কৰা।

 উত্তৰঃ গতিশীল বস্তুৱে নিজে নিজে ৰৈ যাব নোৱাৰে। মেজৰ ওপৰত থকা কিতাপ এখন জোৰেৰে ঠেলা মাৰি দিলে কিছুদূৰ গৈ কিতাপ খন ৰৈ যাব। যি বলৰ ক্ৰিয়াৰ ফলত কিতাপখন ৰৈ গৈছে সেয়াই ঘৰ্ষণ বল। কিতাপখনে মেজৰ ওপৰৰে গতি কৰোঁতে তাৰ তলৰ পিঠিখনে মেজৰ সৈতে ঘঁহনি খোৱাৰ ফলত এই বলৰ সৃষ্টি হৈছে।এই বলে কিতাপখনৰ ওপৰত আৰু তাৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে। অৰ্থাৎ বস্তু  গতিক বাধা দিয়াৰ  বাবে ঘৰ্ষণ বলৰ উৎপত্তি হয়। 


DIKHA BORA