গোটঃ ৪

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ

প্রশ্নাবলী

অতি চমু প্রশ্নঃ

১। উৎসব কাক বোলে।

২। পঞ্জিকা আশ্রয়ী উৎসৱ দুবিধৰ নাম লিখা।

৩। ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীক কোনবিধ উৎসৱৰ অন্তৰ্ভুক্ত কৰা হৈছে?

৪। ‘বিহু’ শব্দটি ক’ব পৰা আহিছে?

৫I ৰংঘৰত বহি বিহু উপভোগৰ ব্যৱস্থা কৰা আহোম ৰজাজনৰ নাম লিখা।

৬। ফাটবিহু কি?

৭। আলি-আয়ে-লৃগাং কেতিয়া পালন কৰা হয়?

৮। পুৰাং আপিন মানে কি?

৯। অৰুণাচল প্ৰদেশত মুঠ কেইটা জনগোষ্ঠীয়ে বসবাস কৰে?

১০। এন্দিশ্বিকা ফুল কোন সময়ত ফুলে?

১১। অৰুণাচলৰ মপিন উৎসৱ পতা নিৰ্দিষ্ট তাৰিখটো কি?

১২। অসমত টাই-বৌদ্ধধৰ্মাৱলম্বী কোন কোন লোকে বাস কৰি আছে?

১৩। ত্রিপিটক কি?

১৪। বসন্ত ঋতুত অসমৰ বৌদ্ধধৰ্মী লোকসকলে বুদ্ধৰ গুণানুকীৰ্তন কৰি পৰিবেশন কৰা নৃত্যটিৰ নাম কি?

১৫। টাইভাষাৰ ‘পয়লেং’ শব্দৰ অৰ্থ লিখা।

১৬। 'চিহ্নযাত্রা’ কাৰ ৰচনা?

১৭। ভাওনা শব্দৰ অৰ্থ লিখা।

১৮। কমিটি ভাওনা কোন ঠাইত আৰু কেতিয়া অনুষ্ঠিত হয়?

১৯। ভাওনা সমাৰোহ মানে কি?

২০। মাজুলীত অৱস্থিত দুখন সত্ৰৰ নাম লিখা।

২১। মাজুলী কিহৰ বাবে বিখ্যাত?

২২। মাজুলীৰ সত্ৰত ৰাসৰ আৰম্ভণি কোনে কৰিছিল?

২৩। মাজুলীৰ ৰাসৰ মূল বিগ্ৰহক কি নামেৰে জনা যায়?

২৪। সত্ৰত পালন কৰা ৰাসৰ লগত তিনিটা বিষয় জড়িত হৈ থাকে, বিষয়কেইটা কি কি? 

২৫। মেলা বুলিলে কি বুজা?

২৬। জোনবিল মেলা ক’ত আৰু কেতিয়া অনুষ্ঠিত হয়?

২৭। জোনবিল মেলাৰ লগত কোন কোন ৰজাৰ নাম জড়িত হৈ আছে? 

২৮। নামনি অসমত অম্বুবাচীক কি নামেৰে জনা যায়?

২৯। হর্ণবিল উৎসৱ কোন ৰাজ্যত অনুষ্ঠিত হয়? 

৩০। হর্ণবিল নামটো ক’ৰ পৰা দিয়া হৈছে?

৩১। চাংগাই কি?

৩২। মণিপুৰ পৰ্যটন বিভাগে চাংগাই উৎসৱত মুকলি কৰা তথ্যচিত্ৰখনৰ নাম কি?

৩৩। দিহিং-পাটকাইৰ মুঠ মাটিকালি কিমান?

৩৪। অসমৰ কোন জিলাত দিহিং-পাটকাই অৱস্থিত?

৩৫। দিহিং-পাটকাই উৎসৱ কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে?

৩৬। দিহিং পাটকাই উৎসৱৰ মূল লক্ষ্য কি?

চমু উত্তৰ লিখা ঃ

১। উৎসৱ কেই প্ৰকাৰৰ আৰু কি কি?

২। বিহুৰ লগত জড়িত লোককথাটি উল্লেখ কৰা।

৩। বিহু কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? 

৪। মানুহবিহুৰ দিনা পৰম্পৰা অনুসৰি কি কি কাম কৰা হয়, লিখা।

৫। বহাগ আৰু মাঘবিহুত অনুষ্ঠিত হোৱা খেল সম্পর্কত এটি টোকা লিখা।

৬। ভাওনা দুই প্ৰকাৰৰ, কি কি?

৭। আচাৰ বা দোহাৰ বুলিলে কি বুজা?

৮। ভাওনাত মুখাৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।

৯। ৰাস বুলিলে কি বুজা?

১০। মাজুলীৰ উপৰি অসমৰ কোন কোন ঠাইত ৰাস উৎসৱ অনুষ্ঠিত হয়, লিখা।

১১। সত্ৰত পালন কৰা ৰাস উৎসৱত তিনিটা বিষয় জড়িত হৈ থাকে, বিষয় তিনিটা কি কি?

১২। বৈশিষ্ট্য অনুসৰি মেলাৰ ভাগবোৰ কি কি? লিখা।

১৩। জোনবিল মেলাৰ বৈশিষ্ট্য কি?

১৪। অম্বুবাচীৰ লগত জড়িত দুটি লোকাচাৰৰ আভাস দিয়া।

১৫। অসমত অম্বুবাচী কি উদ্দেশ্যত পালন কৰা হয়?

১৬। চাংগাই উৎসৱ অনুষ্ঠিত হোৱা মণিপুৰৰ চহৰকেইখনৰ নাম লিখা। 

১৭। দিহিং-পাটকাই ক'ত অৱস্থিত? বনাঞ্চলখনৰ মাটিকালি কিমান?

চমু টোকা লিখা :

১। বিহুগীত

২। লহৰী খেলা

৩। কাতিবিহু বা কঙালী বিহু

8। অসমৰ মাঘবিহু

৫। মৰাণসকলৰ বহাগ বিহু

৬। সোণোৱাল কছাৰীৰ বিহু

৭। ঠেঙাল-কছাৰীৰ বিহু

৮। ভাওনাত পোহৰৰ ব্যৱস্থা 

৯। অৰুণাচলৰ মপিন উৎসৱ

১০। টাই-বৌদ্ধধৰ্মীসকলৰ মাই-ক’ চুমফাই উৎসৱ

১১। টাই-বৌদ্ধধৰ্মীসকলে পাল কৰা পয়লেং উৎসৱ

১২। সত্ৰত অনুষ্ঠিত ৰাসৰ অংগ ইন্দ্ৰাভিষেক অনুষ্ঠান

১৩। অসমৰ দিহিং পাটকাই উৎসৱ

১৪। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ

১৫। ভাওনাত সূত্ৰধাৰৰ ভূমিকা

১৬। কামাখ্যাত আহাৰ মাহত অনুষ্ঠিত হোৱা অম্বুবাচী মেলা ১৭। মৰিগাঁৱত মাঘমাহত অনুষ্ঠিত হোৱা জোনবিল মেলা

ৰচনাধৰ্মী প্রশ্ন ঃ

১। উৎসৱ মানে কি? উৎসৱৰ ভাগ কেইটা কি কি? অসমত বহাগ মাহত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ বিষয়ে তোমাৰ নিজৰ ভাষাত চমুকৈ আলোচনা কৰা।

২। অসমত বসন্তকালত অনুষ্ঠিত হোৱা বহাগ বিহুৰ আকর্ষণীয় অংগ হুঁচৰি সম্পৰ্কে এটি আলচ যুগুত কৰা।

৩। অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীসমূহে পালন কৰা বহাগ বিহুৰ এটি ৰূপৰেখা দাঙি ধৰা।

৪। অসমৰ টাই-বৌদ্ধধৰ্মাৱলম্বীসকলৰ পূৰ্ণিমাৰ লগত জড়িত উৎসৱৰ বিষয়ে এটি প্রবন্ধ লিখা।

৫।অসমৰ ভাওনা সম্পর্কে সকলো দিশ সামৰি এটি আলোচনা আগবঢ়োৱা।

৬। অসমৰ মাজুলীত শৰতৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত তিনিদিনীয়া ৰাসৰ বিষয়ে বিতংভাৱে আলোচনা কৰা ।

৭। অসমৰ মিছিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙৰ পৰিচয়মূলক টোকা এটি যুগুত কৰা।

৮। মেলা বুলিলে কি বুজা? অসমত অনুষ্ঠিত হোৱা অম্বুবাচী আৰু জোনবিল মেলাৰ বিষয়ে চমু পৰিচয় প্ৰস্তুত কৰা।

৯। অসমত অনুষ্ঠিত হোৱা দুটি নৃগোষ্ঠীয় সাংস্কৃতিক পৰ্যটন উৎসৱৰ বিষয়ে বহলাই লিখা।

১০। অসমত অনুষ্ঠিত দিহিং-পাটকাই উৎসৱ আৰু মণিপুৰত অনুষ্ঠিত হোৱা চাংগাই উৎসৱৰ দুটি টোকা প্ৰস্তুত কৰা।

১১। অৰুণাচল মপিন উৎসৱ আৰু নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।




Type-Bharat kalita 
Morigaon Assam