চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল-১৮৬৭ চনৰ ২৮ নৱেম্বৰত।
২। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম স্থান ক'ত?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম স্থান হ'ল-শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰত।
৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম হ'ল-হৰবিলাস আগৰৱালা।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ মাতৃৰ নাম হ'ল-মলমা আগৰৱালা।
৫। চন্দ্ৰকুমাৰ আগৰৱালাক আৰু কি নামেৰে জনা যায়।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়।
৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুঠিখনৰ নাম কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুঠিখনৰ নাম হ'ল- প্ৰতিমা।
৭। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীক একেলগে কি বুলি কোৱা হয়?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়।
৮। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বীণবৰাগী কিমান চনত প্ৰকাশ হৈছিল?
উত্তৰঃ  চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বীণবৰাগী ১৯২৩ চনত প্ৰকাশ হৈছিল।
৯। কোনখন কলেজৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱে এফ.এ উত্তীৰ্ণ হৈছিল?
উত্তৰঃ প্ৰেচিডেন্সী কলেজৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱে এফ.এ উত্তীৰ্ণ হৈছিল। 
১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰতিমা কবিতা পুঠিখন কোনে সৰু কিন্তু নিভাজ সোণৰ বুলি কৈছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰতিমা কবিতা পুঠিখন লক্ষ্মীনাথ বেজবৰুৱাই সৰু কিন্তু নিভাজ সোণৰ বুলি কৈছিল। 
১১। ক'ত থাকোতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰ আগৰৱালাৰ নিবিড় ঘনিষ্ঠ হৈছিল?
উত্তৰঃ 
কলকাতাত 
থাকোতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰ আগৰৱালাৰ নিবিড় ঘনিষ্ঠ হৈছিল।
১২। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে কলকাতাত কি প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে কলকাতাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰিছিল।
১৩। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কিমান চনত লিউ প্ৰেছ স্থাপন কৰিছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ১৯২৪ চনত নিউ প্ৰেছ স্থাপন কৰিছিল। 
১৪। চন্দ্ৰকুমাৰ আগৰৱালাই নিউ প্ৰেছটো ক'ত স্থাপন কৰিছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই নিউ প্ৰেছটো গুৱাহাটীৰ খাৰঘুলিত স্থাপন কৰিছিল।
১৫। কৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল?
উত্তৰঃ ডিব্ৰুগড়ৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল। 
১৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম হ'ল-বনকুৱৰী।
১৭। চন্দ্ৰকুমাৰ আগৰৱালাৰ পেচা কি আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ পেচা আছিল-সাহিত্যক,কবি আৰু ব্যৱসায়ী।
১৮। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু পিছত প্ৰকাশিত কবিতা পুঠিখনৰ নাম কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু পিছত প্ৰকাশিত কবিতা পুঠিখনৰ  হ'ল-চন্দ্ৰামৃতা।
১৯। চন্দ্ৰকুমাৰ আগৰৱালাই শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই গুৱাহাটী উজানবজাৰ নিজা ঘৰত শেষ নিশ্বাস ত্যাগ কৰে।
২০। চন্দ্ৰকুমাৰ আগৰৱালাৰ কিমান চনত মৃত্যু হৈছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল-১৯৩৮ চনৰ ২ মাৰ্চত।


Type-Bhabesh Bora



Post ID : DABP004435