প্ৰথম অধ্য়ায়

প্ৰাক্ ঔপনিৱেশিক ভাৰতীয় ৰাজনৈতিক 

চিন্তাধাৰাৰ পৰম্পৰাসমূহ


১. ৰাষ্ট্ৰ, চৰকাৰ, প্ৰশাসন আদি ৰাজনৈতিক অনুষ্ঠানসমূহৰ বিষয়ে কোনে পোনপ্ৰথমে চিন্তা-ৰ্চচা কৰিছিল ?

উত্তৰঃ গ্ৰীক দাৰ্শনিকসকলে

২. ৰাজনৈতিক দৰ্শনৰ সূতপাত কোনে ঘটাইছিল ?

উত্তৰঃ  গ্ৰীক দাৰ্শনিকসকলে

৩. ৰাজনৈতিক দৰ্শনৰ জন্মভূমি বুলি কাৰ কথা কোৱা হয় ।

উত্তৰঃ গ্ৰীচ

৪. কোনে ৰাজনৈতিক দৰ্শনৰ জন্মভূমি গ্ৰীচ বুলি মত প্ৰকাশ কৰিছিল ।

উত্তৰঃ বাৰ্কাৰ

৫. ৰাজনৈতিক চিন্তা-চৰ্চাৰ সু-স্পষ্ট ব্যাখ্যা কাৰকাৰ লেখনিত পোৱা যায় ।

উত্তৰঃ প্লেটো, এৰিষ্ট'টল

৬. ৰাজনৈতিক চিন্তা-চৰ্চাৰ আৰম্ভণি কেতিয়া হৈছিল ?

উত্তৰঃ প্ৰাচীন কালতে

৭. প্ৰাচীন ভাৰতীয় চিন্তাধাৰাক কি বুলি জনা যায়  ?

উত্তৰঃ হিন্দু ৰাজনৈতিক চিন্তাধাৰা

৮. ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা পৰ্যাপ্ত তথ্য পোৱা যায়।

উত্তৰঃ বৈদিক যুগত

৯. সংস্কৃত শব্দ 'ধৰ্ম' পালি ভাষাত কি বুলি কোৱা হয় ।

উত্তৰঃ ধম্ম 

১০. কি শব্দৰ পৰা ধৰ্ম শব্দটো আহিছে ?

উত্তৰঃ সনাতন সংস্কৃত শব্দ 'Dhri'

১১. ধৰ্ম ইংৰাজী প্ৰতিশব্দ কি ?

উত্তৰঃ 'Religion'

১২. অৰ্থশাস্ত্ৰৰ পৰৱতী সময়ত কিহৰ সূত্ৰপাত হয় ?

উত্তৰঃ নীতিশাস্ত্ৰ যুগৰ

১৩. মানুহৰ বৃত্তিয়েই হ'ল-------আৰু মানুহৰ বাসভূমিও হ'ল--------

উত্তৰঃ অৰ্থ, অৰ্থ

১৪. হিন্দু দৰ্শনত থকা চাৰি 'পুৰুষাৰ্থ' ৰ ভিতৰত প্ৰথমটোৱে হল ।

 উত্তৰঃ ধৰ্ম

১৫. 'পুৰুষাৰ্থ'  কেইটা আৰু কি কি ?

 উত্তৰঃ ৪টা । ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ

১৬. হিন্দু ৰাজনৈতিক চিন্তাধাৰাৰ কাৰকসমূহৰ সৈতে চাৰি 'পুৰুষাৰ্থ' আন্তঃসম্পৰ্ক আছেনে ?

উত্তৰঃ আছে

১৭. কামে কি বুজায় ?

উত্তৰঃ যৌন বাসনা আৰু মোক্ষই চৰম মুক্তিপ্ৰাপ্তি বুজায়

১৮. অধৰ্মীবিলাকৰ বাবে সৃষ্টিকৰ্তাই কি সৃষ্টি কৰিছে ?

উত্তৰঃ দণ্ডনীতি

১৯. মানুহৰ মতে দণ্ডনীতি কি ?

উত্তৰঃ দণ্ডই হ'ল ধৰ্ম আৰু ধৰ্মই হ'ল আইন

২০. দণ্ড ধাৰণ কৰাজন কি ?

উত্তৰঃ সাৰ্বভৌম কতৃপক্ষ অৰ্থাৎ ৰজা

২১. মৎস্য ন্যায়ৰ অৰ্থ কি ?

উত্তৰঃ সাগৰত বসবাস কৰা বিভিন্ন প্ৰজাতিৰ মাছবোৰৰ ভিতৰত সৰু মাছবোৰক ডাঙৰ মাছে খায়

২২. দণ্ডনীতিৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ ৰাজ্যৰ কল্যাণ

২৩. দণ্ডনীতিৰ অন্যতম সমৰ্থক ব্ৰাহ্মণ্যবাখ্যাকৰ্তা কোন ?

উত্তৰঃ কৌটিল্য

২৪. কামনডকে অৰ্থশাস্ত্ৰক অণুকৰণ কৰি কি ৰচনা কৰিছিল ?

উত্তৰঃ নীতিসাৰ

২৫. 'নীতিসাৰ'ত কিহৰ বিষয়ে বৰ্ণনা পোৱা যায় ?

উত্তৰঃ ৰাজতন্ত্ৰৰ 

২৬. 'দীঘা নিকায়' কোন যুগৰ গ্ৰন্থ ?

উত্তৰঃ প্ৰাক্ মৌৰ্য যুগৰ বৌদ্ধ গ্ৰন্থ

২৭. মেগাস্থিনিছে ৰচনা কৰা গ্ৰন্থ খনৰ নাম কি ?

উত্তৰঃ ইণ্ডিকা

২৮. ৰজাক কেইটা কাৰণত সাৰ্বভৌম ক্ষমতা প্ৰদান কৰা হৈছে ?

উত্তৰঃ দুটা

২৯. ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন পৰম্পৰা কি ?

উত্তৰঃ ব্ৰাহ্মণ্য পৰম্পৰা

৩০. ব্ৰাহ্মণ্য পৰম্পৰা অণুসৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা কোন ?

উত্তৰঃ ঈশ্বৰ

৩১. ৰজা বা নৃপতি কাৰ অংশ ? 

উত্তৰঃ দেৱ-দেৱতাৰ।

৩২. দুষ্টক দমন কৰিব বাবে কি নীতি প্ৰয়োগ কৰিব পাৰি ? 

উত্তৰঃ  দণ্ড নীতি

৩৩. চাৰি বৰ্ণ ব্যৱস্থাৰ দৰে আশ্ৰমো কেইপ্ৰকাৰৰ ? 

উত্তৰঃ চাৰি প্ৰকাৰৰ

৩৪. চাৰি প্ৰকাৰৰ আশ্ৰমৰ নাম লিখা ।

উত্তৰঃ ব্ৰহ্মচয্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস

৩৫. ব্যক্তি এজনৰ শিক্ষা লাভৰ সময়ছোৱাক কি বুজায় ?

উত্তৰঃ ব্ৰহ্মচৰ্য।

৩৬. ব্যক্তি এজনৰ সংসাৰৰ সময়ছোৱাক কি  বুজায় ?

উত্তৰঃ গাৰ্হস্থ্য

৩৭. কাৰ বাবে ব্ৰাহ্মণ শ্ৰেণীয়ে সদায় উচ্চ স্থান লাভ কৰিছিল ?

উত্তৰঃ 'বৰ্ণ' ব্যৱস্থা অনুসৰি

৩৮. ধৰ্ম কি ?

উত্তৰ: নিজ কৰ্তব্য পালন কৰাই হৈছে ধৰ্ম

৩৯. ধৰ্ম পালন কি ?

উত্তৰঃ ন্যায়।

৪০. ব্ৰাহ্মণ্য পৰম্পৰাৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ বেদৰ স্বীকৃতি

৪১. ব্ৰাহ্মণ্য পৰম্পৰাৰ মতে বেদ কি ?

উত্তৰঃ সৰ্বোচ্চ আইন

৪২. বেদৰ জ্ঞান কাৰ মাজত পোৱা যায় ? 

উত্তৰঃ ব্ৰাহ্মণসকলৰ মাজত 

৪৩. ব্ৰাহ্মণ্য পৰম্পৰাৰ এটা মূল বৈশিষ্ট্য কি ? 

 উত্তৰঃ বৰ্ণ

৪. শ্ৰমণ্য পৰম্পৰাত ধৰ্ম ক কিহৰ পৰা পৃথক কৰা হৈছিল ? 

উত্তৰঃ দণ্ড ৰ পৰা

৪৫. 'হিন্দু' শব্দটোৰ উৎপত্তি খুব প্ৰাচীন ? (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ

৪৬. শ্ৰমণ্য পৰম্পৰাক আমি কি বুলিব পাৰো ? 

উত্তৰঃ নাস্তিক  বুলিব পাৰো

৪৭. ভাৰতবৰ্ষৰ ৰাজনৈতিক চিন্তাধাৰাত ব্ৰাহ্মণ্য আৰু শ্ৰমণ্য পৰম্পৰাৰ সমানে কোনটো পৰম্পৰাৰ প্ৰভাৱ আছে ।

উত্তৰঃ ইছলামীয় পৰম্পৰা

৪৮. ইছলামৰ জন্মভূমি ক'ত ? 

উত্তৰঃ আৰব

৪৯.  ইছলামৰ প্ৰচাৰক কোন ? 

উত্তৰঃ হজৰত মহম্মদ

৫০. কাৰ ৰাজত্বৰ সময়ত আৰব দেশত হজৰত মহম্মদৰ আৱিৰ্ভাৱ হৈছিল ? 

উত্তৰঃ হৰ্ষবৰ্দ্বনৰ ৰাজত্বৰ সময়ত

৫১. হজৰত মহম্মদৰ পাছত ইছলাম ধৰ্ম প্ৰচাৰক কোন আছিল ?

ত্তৰঃখালিফা

৫২. ইছলাম ধৰ্মত কেইটা সম্প্ৰদায় থাকে ? 

ত্তৰঃ দুটা

৫৩. ইছলাম ধৰ্মৰ সম্প্ৰদায় দুটা উল্লেখ কৰা ।

ত্তৰঃ চিয়া আৰু চুন্নী

৫৪. সমগ্ৰ বিশ্বৰ মুঠ কিমান শতাংশ ইছলাম ধৰ্মৰ লোক চিয়া সম্প্ৰদায় অন্তৰ্গত ?

ত্তৰঃ সমগ্ৰ বিশ্বৰ মাত্ৰ ১০ ৰ পৰা ১৫ শতাংশ ইছলাম ধৰ্মৰ লোক চিয়া সম্প্ৰদায় অন্তৰ্গত 

৫৫. সমগ্ৰ বিশ্বৰ মুঠ কিমান শতাংশ ইছলাম ধৰ্মৰ লোক চুন্নী সম্প্ৰদায় অন্তৰ্গত ?

ত্তৰঃ সমগ্ৰ বিশ্বৰ ৮৫ শতাংশ ইছলাম ধৰ্মৰ লোক চুন্নী সম্প্ৰদায় অন্তৰ্গত

৫৬. ভাৰতবৰ্ষত মুছলমান লোকৰ কিমান শতাংশ চিয়া সম্প্ৰদায় অন্তৰ্গত ?

ত্তৰঃ  ভাৰতবৰ্ষত মুছলমান লোকৰ ৭৫ শতাংশ চিয়া সম্প্ৰদায় অন্তৰ্গত

৫৭. ভাৰতবৰ্ষত মুছলমান লোকৰ কিমান শতাংশ চুন্নী সম্প্ৰদায় অন্তৰ্গত ?

ত্তৰঃ ভাৰতবৰ্ষত মুছলমান লোকৰ ২৫ শতাংশ চুন্নী সম্প্ৰদায় অন্তৰ্গত 

৫৮. ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত কোনছোৱা সময় বিশেষ ভূমিকা আছে ।

 ত্তৰঃ ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত মধ্যযুগৰ সময়ছোৱাৰ বিশেষ ভূমিকা আছে

৫৯. কোনছোৱা সময়ক মুছলিম যুগ বুলি কোৱা হয় ।

ত্তৰঃ মধ্যযুগৰ সময়ছোৱাক মুছলিম যুগ বুলি কোৱা হয়

৬০. চুলতানী শাসনৰ সময়ছোৱাত ৰাষ্ট্ৰৰ ধৰ্মীয় প্ৰকৃতি সম্পৰ্কে আমোচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

ত্তৰঃ 'History of the Qaraunah Turks in India' আৰু 'History of Muslims Rule in India'

৬১. কিমান চনত দিল্লীত চুলতানী শাসন আৰম্ভ হয় ।

ত্তৰঃ ১২০৬ চনত দিল্লীত চুলতানী শাসন আৰম্ভ হয় 

৬২. কোনছোৱা সময়ক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ মধ্যযুগ বুলি কোৱা হয় ।

ত্তৰঃ ১২০৬ চনৰ পৰা ১৭৫৭ চনৰ সময়ছোৱাক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ মধ্যযুগ বুলি কোৱা হয় 

৬৩. ইছলামিক ৰাজনৈতিক পৰম্পৰাত কাৰ ভূমিকা উল্লেখযোগ্য ?

ত্তৰঃ উলেমাসকলৰ ভূমিকা উল্লেখযোগ্য

৬৪. ইছলাম সকলৰ আইনক কি বুলি জনা যায় ?

ত্তৰঃ 'শ্বৰিয়ত'

৬৫. উলেমাসকলৰ মাজত কিহৰ জ্ঞান পোৱা যায় ?

ত্তৰঃ কোৰাণৰ জ্ঞান পোৱা যায়

৬৬. উলেমাসকল কেনেকুৱা আছিল ?

ত্তৰঃ যথেষ্ট গোড়া আৰু ৰক্ষণশীল আছিল

৬৭. কিহত স্বতন্ত্ৰ ৰাজতন্ত্ৰৰ বিধান নাই ?

ত্তৰঃ 'শ্বৰিয়ত'ত স্বতন্ত্ৰ ৰাজতন্ত্ৰৰ বিধান নাই

৬৮. খোৱাজা নাছিৰ আল-দিন-তুছী কিমান শতিকা বসবাস কৰা ইৰাণৰ লোক ?

ত্তৰঃ ১৩ শতিকা বসবাস কৰা ইৰাণৰ লোক

৬৯. ৰাজনৈতিক দৰ্শনৰ উমান পোৱা আবুল ফজলৰ গ্ৰন্থ দুখনৰ নাম লিখা ।

ত্তৰঃ 'আকবৰ নামা', 'আইন-ই-আকবৰী'

৭০. কাৰ মতে ৰাজতন্ত্ৰ এক ঈশ্বৰীয় প্ৰতিষ্ঠান ?

ত্তৰঃ আবুল ফজলৰ মতে ৰাজতন্ত্ৰ এক ঈশ্বৰীয় প্ৰতিষ্ঠান


Type by: Junmoni das


Post ID : DABP004430