দ্বিতীয় অধ্য়ায়

বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম

 বেদ ব্যাস (শান্তিপৰ্ব) : ৰাজধৰ্ম 

১. প্ৰাচীন ভাৰতৰ প্ৰখ্যাত মুনিসকমৰ ভিতৰত অন্যতম মুনি গৰাকিৰ নাম কি ?

উত্তৰঃ ব্যাস দেৱ

২. ব্যাস দেৱক অন্য কি নামেৰে জনা যায় ?

উত্তৰঃ কৃষ্ণ দ্বৈপায়ন বেদ ব্যাস নামেৰেও জনা যায়

৩. ব্যাস শব্দৰ অৰ্থ কি ?

উত্তৰঃ সংকলক

৪. ব্যাস দেৱে বেদক কেইটা ভাগত ভগাইছে ?

উত্তৰঃ চাৰিটা ভাগত ভগাইছে

৫. চাৰি বেদৰ নাম লিখা ।

উত্তৰঃঋগবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ

৬. মহাভাৰতৰ এক অন্যতম অংশ কি ?

উত্তৰঃ শান্তিপৰ্ব

৭. কুৰুক্ষেত্ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হৈছিল

৮. 'ৰাজন' শব্দটো কিহৰ পৰা আহিছে ?

 উত্তৰঃ সংস্কৃত 'ৰঞ্জ' শব্দৰ পৰা আহিছে

৯. 'ৰঞ্জ' শব্দৰ অৰ্থ কি ?

 উত্তৰঃ ৰং বা আনন্দ

১০. ভগবানে ৰজাক দিয়া বিধান নীতি কি ?

 উত্তৰঃ দণ্ডনীতি

১১. ধৰ্ম অবিহনে সমাজ তথা ৰাষ্ট্ৰত কিহৰ সৃষ্টি কৰে ।

উত্তৰঃ নৈৰাজ্যৰ সৃষ্টি কৰে 

১২. ৰাজধৰ্মৰ এটা অন্যতম চৰ্ত কি ?

উত্তৰঃ ৰাজনৈতিক দায়বদ্ধতা 

১৩. ৰজা সাৰ্বভৌম হয় নে নহয় ?

 উত্তৰঃ নহয়

১৪. শান্তিপৰ্ব মতে, ৰজা কাৰ প্ৰতিনিধি ?

উত্তৰঃ প্ৰজাপতি ঈশ্বৰৰ

১৫. সৰ্বোচ্চ তথা চূড়ান্ত ধৰ্ম কোনটো ?

উত্তৰঃ ৰাজধৰ্ম

১৬. মৎস্য ন্যায়ক কি নীতিৰ সৈতে তুলনা কৰিব পাৰি ?

উত্তৰঃ 'জোৰ যাৰ মুলুক তাৰ' নীতিৰ সৈতে তুলনা কৰিব পাৰি

১৭.  'দণ্ড' মানে----- আৰু 'নীতিহল-----

উত্তৰঃ 'দণ্ড' মানে শাস্তি  আৰু 'নীতিহল আইন

১৮. ৰজাৰ মুখ্য দায়িত্ব কি ?

উত্তৰঃ শান্তি-শৃংখলা আৰু ধৰ্ম ৰক্ষা কৰা

১৯. শান্তিপৰ্বত ৰজা এজনৰ গাত কেইটা গুণ থাকিব লাগে বুলি উল্লেখ আছে ।

উত্তৰঃ ৩৬ টা গুণ থাকিব লাগে বুলি উল্লেখ আছে

২০. সদাচাৰ আৰু ধৰ্মৰ পৰা কিহৰ জন্ম হৈছিল ?

উত্তৰঃ শাসকৰ জন্ম হৈছিল


Author: Junmoni


Post ID : DABP004431