Chapter 3

বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব


1. উত্তৰ-পূৰ্ব ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম হ'লঃ- ছেৰদুকপেন।

2. উত্তৰ-পূৰ্ব ভাৰতৰ এটি বেদিকা কৃষক সম্প্ৰদায়ৰ নাম উল্লেখ কৰা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ এটি বেদিকা কৃষক সম্প্ৰদায়ৰ নাম হ'লঃ- আপটানি।

3. খনিত্ৰ কি কৃষিকাৰ্যত ব্যৱহাৰ কৰা ব্যৱহাৰ কৰা হয়?

উত্তৰঃ খনিত্ৰ ঝুম খেতিত ব্য়ৱহাৰ কৰা হয়।  

4. আদিম অৰ্থনীতি মানে কি? আদিম অৰ্থনীতিক কিয় প্ৰায়ে 'উৎপাদন ব্যৱহাৰমূলক অৰ্থনীতি'বুলি কোৱা হয়?

উত্তৰঃ যিসকল জনগোষ্ঠীয়ে কৃষি আৰু পশুপালনৰ দ্বাৰা খাদ্য়সম্ভাৰ আহৰণ নকৰি আদিম কালৰ পৰা এতিয়ালৈকে অকল অন্বেষণ জীৱিকা অৰ্থাৎ নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য সামগ্ৰীৰ আহৰণ আৰু ব্য়ৱহাৰকে মূল জীৱিকাবৃত্তি হিচাপে গ্ৰহণ কৰি আছে তেনেকুৱা জনগোষ্ঠীৰ অৰ্থনীতিকে আদিম অৰ্থনীতি বোলে।

     আদিম অৰ্থনৈতিক ব্য়ৱস্থাত যিহেতু বেহা-বেপাৰৰ কোনো ধৰণৰ ব্য়ৱস্থা নাথাকে আৰু উৎপাদিত বা আহৰণ কৰা সামগ্ৰীৰ বিতৰণ নিজ জনগোষ্ঠী তথা পৰিয়ালৰ লোকৰ মাজতে সীমাবদ্ধ হৈ থাকে সেয়েহে আদিম অৰ্থনীতিক প্ৰায়ে 'উৎপাদন ব্য়ৱহাৰমূলক অৰ্থনীতি' বুলি কোৱা হয়।

5. আদিম অৰ্থনৈতিক সংগঠন মানে কি? ইয়াৰ মুখ্য বৈশিষ্ট্যহোৰ লিখা।

উত্তৰঃ সীমিত প্ৰয়োজনবোৰ পূৰণ কৰাৰ অৰ্থে প্ৰাকলিপিক আদিবাসী সমাজসমূহত থকা সৰল অৰ্থনৈতিক সংগঠনকে আদিম অৰ্থনৈতিক সংগঠন বোলে।

তলত কেইটামান মুখ্য় বৈশিষ্ট্য় উল্লেখ কৰা হ'ল-

(ক) সৰল আৰু ক্ষুদ্ৰ অৰ্থনীতি। সাধাৰণতে প্ৰাকৃতিকভাৱে উপলব্ধ আহাৰ্য সামগ্ৰীৰ আহৰণ আৰু ব্য়ৱহাৰতে আদিম অৰ্থনীতি সীমাবদ্ধ।

(খ) অতিৰিক্ত উৎপাদন তথা সঞ্চয়ৰ ব্য়ৱস্থা নাথাকে।

(গ) বেহা-বেপাৰ তথা মুদ্ৰাৰ প্ৰচলন দেখা নাযায়। বিনিময় প্ৰথাৰ দ্বাৰা বস্তুৰ আদান-প্ৰদান কৰা হয়।

(ঘ) আদিম অৰ্থনীতিত ধনী বা দুখীয়া বুলি কোনো শ্ৰেণী নাথাকে।

(ঙ) আদিম অৰ্থনীতি সাধাৰণতে যাদু আৰু ৰ্ধম বিশ্বাসৰদ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। 

6. অন্বেষণ জীৱিকা বুলিলে কি বুজা? অন্বেষণ জীৱিকাৰ মুখ্য বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ মানুহে নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আৰ্হায সামগ্ৰী আহৰণ কৰি ব্য়ৱহাৰ কৰাকে অন্বেষণ জীৱিকা বোলে।

তলত কেইটমান বৈশিষ্ট্য উল্লেখ কৰা হ'ল-

(ক) অন্বেষণজীৱিসকলে সাধাৰণতে অনগ্ৰসৰ আৰু আওহতীয়া অঞ্চল, যেনে- দুৰ্গম হাবি, সীমান্ত, মৰুভূমি বা বৰফাবৃত্ত অঞ্চল আদিত বসবাস কৰে। ধাৰণা কৰা হয় যে উৎপাদনৰ বাবে সুচল পৃথিৱীৰ উৰ্বৰ ভূমিভাগ উন্নত উৎপাদনজীৱিসকলে অধিকাৰ কৰি অন্বেষণজীবিসকল উপৰি উক্ত অঞ্চলসমূহলৈ খেদি পঠিয়ালে।

(খ) অন্বেষণজীৱিসকলে অঘৰী জীৱন যাপন কৰে। গাইগুটীয়া ভাৱে জীৱল যাপন কৰা সৰু সৰু সামাজিক দলবোৰে খাদ্যৰ সন্ধানত ঠাই সলাই ঘূৰি ফূৰে।

(গ)  কাৰিকৰী বিদ্যাত অতি পিছপৰা।

(ঘ) শিশুৰ মৃত্যুৰ হাৰ বেছি আৰু জীৱন কাল কম।

(ঙ) শ্ৰম বিভাজন সৰল। সাধাৰণতে কাম কৰাৰ ক্ষমতা আৰু সুবিধা লৈ নাৰী, পুৰুস আৰু বয়সৰ ভিত্তিত শ্ৰম বিভাগ কৰা হয়।

 7. ‘উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয়’। আলোচনা কৰা ৷

উত্তৰঃ খাদ্য আহৰণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান জীৱিকা প্ৰৱৰ্তন প্ৰণালী আন কিছুমান প্ৰণালীতকৈ শ্ৰেয় হয়। কিছুমান জীৱিকাৰ ক্ষেত্ৰত প্ৰয়োজনৰ অতিৰিক্ত উৎপাদন নহয়, আন কিছুমানত আকৌ যথেষ্ট পৰিমাণে অতিৰিক্ত উৎপাদনহয় আৰু তেনে ক্ষেত্ৰত প্ৰাচুৰ্যও দেখা যায়। উৎপাদনৰ প্ৰাচুৰ্যৰ ওপৰত সম্প্ৰদায় এটাৰ জনসংখ্যা, সামাজিক আৰু অৰ্থনৈতিক সংগঠনৰ জটিলতা, শ্ৰমমূলক কৰ্মসংস্থান, ব্যৱসায়-বাণিজ্যৰ ব্যৱস্থা, সম্পদৰ স্বতাধিকাৰ, আজৰি সময়ৰ পৰিমাণ, সংস্কৃতিৰ বিকাশ আদি নিৰ্ভৰশীল। অন্বেষণজীৱি সম্প্ৰদায়ৰ প্ৰাচুৰ্যতা নাথাকে। তেওঁলোকে দিনটোৰ অধিক সময় খাদ্য আহৰণ কৰা কামত ব্যস্ত হৈ থাকিব লগা হয়। খাদ্যৰ যোগানো নিয়মীয়া নহয়। সংস্কৃতিৰ বিকাশ সাধন কৰিবলৈ অন্বেষণজাবিসকলৰ পৰ্যাপ্ত সময় নাথাকে। সেইবাবে তেওঁলোকে বস্তুগত সংস্কৃতিত পিছপৰা। খাদ্যৰ নাটনি বাবে জনসংখ্যাও কম। 

        আনহাতে, উৎপাদনজীৱিসকলৰ ক্ষেত্ৰত ওলোটা ছবি এখনহে দেখা যায়। নিজৰ প্ৰয়োজনতকৈ এওঁলোকে অধিক উৎপাদন কৰিব পাৰে। খাদ্যৰ যোগান নিয়মীয়া। অন্বেষণজীৱিসকলৰ তুলনাত উৎপাদনজীৱিসকলৰ খাদ্য আহৰণৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত কম নিৰ্ভৰশীল। উৎপাদনজীৱিসকল মাজত একোটা সম্প্ৰদায়ত বহু মানুহ পোহপাল যাব পাৰে বাবে উৎপাদনজীৱিৰ সামাজিক গোট আকাৰত ডাঙৰ। উৎপাদন কাৰ্যত দিনটোৰ বা বছৰটোৰ অধিক সময় ব্যস্ত হৈ থাকিবলগীয়া নহয় বাবে উৎপাদনজীৱিসকলৰ আজৰি সময় যথেষ্ট থাকে। উৎপাদনৰ প্ৰাচুৰ্য আৰু আজৰি সময়ৰ আধিক্যই উৎপাদনজীৱিসকলৰ শিল্প, কলা, বাণিজ্য আদিত আগবঢ়াত সুযেোগ প্ৰদান কৰে। সেয়েহে উৎপাদনজীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয়।     

 ৪. নীলগিৰি পাহাৰৰ টোডাসকলৰ মুখ্য জীৱিকা কি?

উত্তৰঃ নীলগিৰি পাহাৰৰ টোডাসকলৰ মুখ্য জীৱিকা হ'লঃ পশুপালন।

 9. অসমৰ গ্ৰামাঞ্চলৰ লোকসকলে মাছ মাৰিবলৈ অবলম্বন কৰা বিভিন্ন পদ্ধতিসমূহ লিখা ৷

উত্তৰঃ অসমৰ গ্ৰামাঞ্চলৰ লোকসকলে মাছ মাৰিবলৈ অৱলম্বন কৰা বিভিন্ন পদ্ধতিসমূহ হ'ল-

(ক) সঁজুলি ব্যৱহাৰ নকৰাকৈ মাছমৰা কৌশল।

(খ) ঘপিয়াই আৰু খুচি মাছমৰা কৌশল।

(গ)  ফান্দ পাতি মাছমৰা কৌশল।

(ঘ) পানীত বিষ দি মাছমৰা কৌশল।

(ঙ) পানী সিচি মাছমৰা কৌশল।

(চ) পোহনীয়া পশু-পক্ষীৰ দ্বাৰা মাছমৰা কৌশল।

 10. স্থানান্তৰিত কৃষি মানে কি? ইয়াৰ সুফল আৰু কুফল আলোচনা কৰা।

উত্তৰঃ  পৃথিৱীৰ বহু কৃষিজীৱি সম্প্ৰদায়ে দুই-তিনি বছৰৰ মূৰে মূৰে খেতিপথাৰ সলাই খেতি কৰে। এনেদৰে দুই-তিনি বছৰৰ মূৰে মূৰে খেতিপথাৰ সলাই খেতি কৰা পদ্ধতিক স্থানান্তৰিত খেতি বোলে।

    ইয়াৰ সুফল আৰু কুফল সমূহ হ'ল-

সুফল-

(ক) স্থানান্তৰিত খেতি কঠোৰ পৰিশ্ৰমৰ খেতি যদিও কেইবাটাও পৰিয়ালে একগোট হৈ এখনৰ পিছত আন এখন পথাৰত কাম কৰে বাবে খেতিৰ পৰিশ্ৰম বহুখিনি লাঘৱ হয়।

(খ) স্থানান্তৰিত খেতিত পৰিয়াল এটাৰ বাবে প্ৰয়োজন হোৱা বিবিধ শস্য যেনে- ধান, মাকৈ, কণীধান, যৱ, আলু, কচু, আদা, নহৰু, ৰঙালাও, জলকীয়া, বেঙেনা, শাক আদি উৎপাদন হয়। সেয়েহে এডোখৰ ঠাইত খেতি কৰিয়ে পৰিয়াল এটা পোহপাল যাব পাৰে। 

(গ) স্থানান্তৰিত খেতি কৰা কৃষকসকলে খেতি কৰাৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে যদিও তেওঁলোকে অন্বেষণজীৱিসকলৰ দৰে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয়।

কুফল-

(ক)খুব ঘনাই খেতিপথাৰৰ সলনি কৰাৰ কাৰণে কম সংখ্যক মানুহক বৃহৎ অঞ্চল এটাৰ প্ৰয়োজন হয়।

(খ) হাবি-বন কাটি পথাৰ মুকোলোৱাৰ ফলত বনজ সম্পদৰ বিনাশ হয়।

(গ) বৰষুণৰ পানীয়ে ঝুম পথাৰৰ সাৰুৱা অংশ ধুই নিয়াৰ ফলত মাটিৰ স্বাভাৱিক উৰ্বৰতা কমি আহে। 


 11. অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি-সঁজুলিবোৰৰ নাম লি ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ 

সঁজুলিৰ নাম

ব্যৱহাৰ

(ক)নাঙল-যুঁৱলি

মাটি চহাবৰ বাবে।

(খ)মৈ

মাটি সমান কৰিবলৈ আৰু চপৰা ভাঙিবলৈ।

(গ)কোৰ

মাটি খান্দি আলি দিবলৈ।

(ঘ)খাৱনি

মাটি চহোৱাৰ পিচত শুকান বনবোৰ গোটাই গুচাবলৈ।

(ঙ)দলিমাৰী

মাটিৰ চপৰা ভাঙি গুড়ি কৰিবলৈ।

(চ)কাঁচি

ধান কাটিবলৈ।

(ছ)কান্ধমাৰি

ধানৰ ডাঙৰী কঢ়িয়াবলৈ।

(জ)কুলা

চাউলৰ পৰা তুঁহ গুচাবলৈ।

 12. অন্বেষণ জীৱিকাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ অন্বেষণ জীৱিকাৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল-

(ক) সংগ্ৰহ জীৱিকা

(খ) মৎস্য জীৱিকা

(গ) চিকাৰ জীৱিকা

 13. উত্তৰ-পূৱ ভাৰতৰ চাৰিটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ গাৰো, নগা।

 14. নাঙল কৃষিত ব্যৱহৃত ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা।

উত্তৰঃ কাঁচি, কোৰ, খন্তি।

 15. পশুপালনৰ সুফলসমূহ লিখা।

উত্তৰঃ পশুপালনৰ সুফলসমূহ হ'ল-

(ক) পালন কৰা পশুৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰি মানুহে খাদ্যৰ যোগান নিয়মীয়া কৰিলে কৰাৰ উপৰিও প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে কমিল।

(খ) জন্তুৰ ছালৰদ্বাৰা তৈয়াৰী চামৰাৰে জোতা, সাজ-পোছাক, তম্বু ইত্যাদি প্ৰস্তুত কৰিব পৰা হ'ল।

(গ) জন্তুৰ গাখীৰ পুষ্টিকৰ পানীয় হিচাপে খোৱা হয়।

(ঘ) জন্তুৰ বিষ্ঠা সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

(ঙ) যাতায়ত কৰা কামত জন্তুৰ ব্যৱহাৰ হয়।

 16. কেতবোৰ সৰল সমাজত কোন পৰিস্থিতিত চিকাৰ জীৱিকা হিচাপে লব লগা হয়?

উত্তৰঃ সৰল সমাজত অথাৎ আদিম মানৱৰ সমাজত অন্বেষণ জীৱিকাই হ'ল প্ৰাচীনতম জীৱিকা প্ৰণালী। আদিম মানৱ সমাজৰ মুখ্য আহাৰ নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত। কোনো পৰিৱেশত যিবিধ খাদ্যবস্তু প্ৰচুৰ পৰিমাণে পোৱা যায় তাকে সেই পৰিৱেশত বসবাস কৰা জনগোষ্ঠীবোৰ মুখ্য আহাৰ হিচাপে গ্ৰহণ কৰে। সংগ্ৰহজীৱিসকলেও প্ৰাকৃতিক আহাৰ্য ভিতৰত কোনো এবিধ প্ৰচুৰ পৰিমাণে উপলব্ধ খাদ্য সামগ্ৰীহে মূল আহাৰ্য হিচাপে আদৰি লয়। আকৌ পৃথিৱীৰ যিবোৰ অঞ্চলত মাছ পোৱা যায় তেনেকুৱা অঞ্চলত বসবাস কৰা লোকসকলে কম বেছি পৰিমাণে খাদ্য হিচাপে মাছ ব্যৱহাৰ কৰে। অকল মাছ খায় জীৱন নিৰ্বাহ কৰা সম্প্ৰদায় নাই বুলিয়ে ক'ব পাৰি। নদ-নদী, সাগৰ-মহাসাগৰ, বৃহৎ জলাশয় আদিৰ ওচৰে-পাজৰে বাস কৰা কিছুমান সম্প্ৰদায়ে মাছমাৰি তেওঁলোকে মাছৰ বিনিময়ত অন্য সম্প্ৰদায়ৰ পৰা ব্যৱহায সামগ্ৰীৰ সংগ্ৰহ কৰে।আৰু পিছলৈ সেই সকলোবোৰ সামগ্ৰীৰ অভাৱ হয় অথাৎ তেওঁলোকৰ খাদ্যৰ নাটনি হয় তেতিয়া তেওঁলোকে বাস কৰা ঠাইত থকা জীৱ-জন্ত কেইবাতাও পদ্ধতি অৱলম্বন কৰি চিকাৰ কৰি নিজৰ খাদ্যৰ অভাৱ দূৰ কৰিছিল। এনেদৰে সৰল সমাজত আদিম মানৱ সকলে চিকাৰক জীৱিকা হিচাপে অৱলম্বন কৰিছিল।

 17. খাপ খেতি কি? খাপ খেতি অবলম্বন কৰা এটি সম্প্ৰদায়ৰ নাম লিখা। 

উত্তৰঃ পাহাৰৰ হেলনীয়া অংশত কোৰেৰে খাপ কাটি খেতিপথাৰৰ উলিয়াই খেতি কৰা পদ্ধতিক খাপ খেতি বোলে। খাপ খেতি কৰা পাহাৰৰ হেলনীয়া অংশ একোটাক দূৰৰ পৰা অট্টালিকাৰ খটখটীৰ দৰে দেখি। খাপ খেতিৰ প্ৰধান সঁজুলিৰ হ'ল কোৰ। কোৰৰ দ্বাৰাই পাহাৰৰ গাত খাপ কটা তথা মাটি চহোৱা কাম কৰা হয়। এডৰা খাপ খেতি পথাৰত গাত খাপ কটা তথা মাটি চহোৱা কাম কৰা হয়। এডৰা খেতি বছৰৰ পিছত বছৰ ধৰি কোৰেৰে স্থায়ীভাৱে খেতি কৰা হয় বাবে এই খেতিক স্থায়ী কোৰ খেতি বোলে।

    খাপ খেতি অৱলম্বন কৰা এটি সম্প্ৰদায়ৰ নাম হ'ল- অৰুণাচল প্ৰদেশৰ আপটানীসকল। 

18. অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ অন্বেষণ জীৱিকা আৰু উপাদন জীৱিকাৰ মাজত পাৰ্থক্য হ'ল-

অন্বেষণ জীৱিকা

ৎপাদন জীৱিকা

(১)অন্বেষণজীৱিসকলে অঘৰী জীৱন-যাপন কৰে।

(২)কাৰিকৰী বিদ্যাত পিছপৰা।

(৩)খাদ্য সংগ্ৰহৰ লগতে মৎস্য আৰু জীৱ-জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে।

(৪)বজাৰৰ ব্যৱস্থা নাই। বিনিময় প্ৰথাৰ বস্তুৰ আদান-প্ৰদান কৰা হয়।

(৫) শ্ৰম বিভাজন সৰল।

(১)উৎপাদন জীৱিকা স্থায়ীভাৱে বসবাস কৰে।

(২)কাৰিকৰী বিদ্যাত আগবঢ়া।

(৩)পশুপালন আৰু  কৃষিকৰ্মৰদ্বাৰা জীৱন নিৰ্বাহ কৰে।

(৪)বজাৰৰ ব্যৱস্থা আছে।

(৫)শ্ৰম বিভাজন জটিল।


 19. ‘ভেশচন ধৰি চিকাৰ’ বুলিলে কি বুজা?

উত্তৰঃ চিকাৰজীৱি সম্প্ৰদায়ে জীৱ-জন্তু চিকাৰ কৰোঁতে ভেশচন ধৰি চিকাৰ কৰা কৌশল অৱলম্বন কৰা দেখা যায়। বুছমেনসকলে উট চৰাই চিকাৰ কৰোঁতে এই কৌশল ব্যৱহাৰ কৰে। তেওঁলোকে সাধাৰণতে ধনু-কাঁড়েৰে উটচৰাই চিকাৰ কৰে যদিও মুকলি প্ৰান্তৰত জাক পাতি চৰি থকা উটচৰাই ওচৰ চাপিব নোৱাৰে। চিকাৰী দেখিলে চৰাইবোৰে দৌৰি শৰে। সেইকাৰণে উটচৰাই চিকাৰী বুছমেনসকলে পূৰ্বতে চিকাৰ উটচৰাই ছাল পিন্ধি উটচৰাইৰ ভেশচন লৈ লাহে লাহে উটচৰাইৰ জাকৰ ওচৰলৈ গৈ ধনু-কাঁড়েৰে চিকাৰ কৰে। 

    কিছুমান চিকাৰীয়ে আকৌ জীৱ-জন্তুৰ দৰে মাত উলিয়াই চিকাৰৰ অৱস্থিতি জানি লোৱাৰ লগতে নিজৰ কাষলৈ আকৃষ্ট কৰে। এনেদৰে আকৃষ্ট হৈ ওচৰ চপা চিকাৰক চিকাৰীয়ে অতি সহজে বধ কৰিব পাৰে। এনেদৰে চিকাৰজীৱিসকলে ' ভেশচন ধৰি চিকাৰ' কৰা কৌশল অৱলম্বন কৰে। 

 20. অসমৰ গ্ৰামাঞ্চলত ব্যৱহৃত ছয়বিধ মৎস্য চিকাৰ সঁজুলিৰ নাম লিখা।

উত্তৰঃ  অসমৰ গ্ৰামাঞ্চলত ব্যৱহৃত ছয়বিধ মৎস্য চিকাৰ সঁজুলিৰ নাম হ'ল ধনু আৰু জাল।

21. জীৱিকা প্ৰৱৰ্তন প্রণালী সম্পর্কে চমু আলোচনা কৰা।

উত্তৰঃ মানুহে জীয়াই থাকিবলৈ যি কাৰ্য পদ্ধতি অৱলম্বন কৰি অত্যাৱশকীয় সামগ্ৰী আহৰণ কৰে তাকে জীৱিকা প্ৰৱৰ্তন প্ৰণালী বোলে। যিহেতু আহাৰ মানুহৰ এক মুখ্য প্ৰয়োজনীয় বস্তু সেয়েহে বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা লোকসকলে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি খাদ্য আহৰণ কৰে। ভৌগলিক অৱস্থান, প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ আৰু পৰিমাণ, বস্তুগত সংস্কৃতিৰ মান আৰু কাৰিকৰী দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি আহাৰ আহৰণ কৰা প্ৰণালীও বিভিন্ন ধৰণৰ হয়। জীৱিকা প্ৰৱৰ্তন প্ৰণালীৰ বিভিন্নতালৈ লক্ষ্য ৰাখি এইবোৰক দুটা প্ৰধান ভাগত ভগোৱা হয়, যেনে- অন্বেষণ জীবীকা আৰু উৎপাদন জীৱিকা।

        মানুহে নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আৰ্হয সামগ্ৰী আহৰণ কৰি ব্যৱহাৰ কৰাকে অন্বেষণ জীৱিকা বোলে। প্ৰাকৃতিকভাৱে উপলব্ধ আহাৰ্য সামগ্ৰীৰ প্ৰকাৰ আৰু আহৰণ কৰা কাৰ্যপদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি অন্বেষণ জীৱিকাক তিনি ভাগত ভগাব পাৰি, যেনে- সংগ্ৰহ জীৱিকা, মৎস্য জীৱিকা আৰু চিকাৰ জীৱিকা।

        মানুহে নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য সামগ্ৰী আহৰণ কৰাৰ উপৰিও পশুপালন আৰু কৃষিকাৰ্যৰ দ্বাৰা খাদ্য উৎপাদন কৰি জীৱন ধাৰণ কৰা পদ্ধতিকে উৎপাদনম

22. সৰল অর্থনীতি বুলিলে কি বুজা? সৰল অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ  সৰল অৰ্থনীতি হ'ল মানৱ জীৱন ধাৰণাৰ বাবে অৱলম্ৱন কৰাৰ কাৰ্য পদ্ধতি। সৰল বা আদিম অৰ্থনীতিত উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ এই তিনিটা ব্যৱস্থা জড়িত হ'ব লাগে। 

        সৰল অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য হ'ল-

ক. এই অৰ্থনীতিত আদিম মানৱে নিজৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনবোৰ সীমিত হোৱা হেতু নিজে আহৰণ কৰি লৈছিল। 

খ. শ্ৰম বিভাজন সৰল আৰু বিশে, কৰ্মী নাছিল।

গ. অতিৰিক্ত উৎপাদন নোহোৱাৰ বাবে বেহা-বেপাৰ বা বাণিজ্যক প্ৰভাৱ নাছিল। 

23. ‘স্থানান্তৰিত কৃষিক স্থায়ী কৃষিৰে স্থলাভিষিক্ত কৰা উচিত’ – কাৰণ দৰ্শাই আলোচনা কৰা।

উত্তৰঃ স্থানান্তৰিত বা ঝুম খেতিত একেডৰা মাটিতে প্ৰতিবছৰে কৰা নহয়। এবাৰ খেতি কৰাৰ সেইডৰা মাটি চন পৰিবলৈ দিয়া হয় অথাৎ কেইবছৰৰ মানৰ কাৰণে খেতি কৰিবলৈ দিয়া নহয়। সেই কাৰণে স্থানান্তৰিত কৃষি খেতিয়ক সকলে অধিক উৎপাদন কৰিব নোৱাৰে। তদুপৰি ভৈয়ামৰ মানুহবোৰে নাঙল খেতিত অভ্যস্ত বাবে পাহাৰত হৈ কাম কৰিব নোখোজে। অন্যহাতে পাহাৰত কৰা স্থানান্তৰিত কৃষি হেতু পাহাৰ গছ-গছনি কটা হয় আৰু পৰিৱেশ বিনষ্ট হয়। সেয়ে স্থানান্তৰিত কৃষিৰ সলনি স্থায়ী কৃষি পদ্ধতি অৱলম্বন কৰা উচিত। তদুপৰি স্থানান্তৰিত কৃষিত হোৱা উৎপাদন বৰ্তমান বৰ্দ্ধিত জমসংখ্যাৰ চাহিদা পুৰাব নোৱাৰে। যিটো স্থায়ীতহে সম্ভৱ হয়।  

 24. চমুটোকা লিখাঃ

 অর্থনৈতিক নৃতত্ত্ব,

উত্তৰঃ

বেদিকা কৃষি,

উত্তৰঃ

পোষণ জীৱিকা,

উত্তৰঃ 

ভেশচন চিকাৰ, 

উত্তৰঃ

খনিত্ৰ, 

উত্তৰঃ

সংগ্ৰহ জীৱিকা,

উত্তৰঃ

দলবদ্ধ চিকাৰ,

উত্তৰঃ

উদ্যান কৃষি, 

উত্তৰঃ

স্থানান্তৰিত কৃষি,

উত্তৰঃ

স্বয়ংক্রিয় মাছমৰা সঁজুলি।

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type - Ishan Dev Bora........... 

Answer Type : Himashree Bora.



Post ID : DABP003642