তৃতীয় অধ্য়ায়

মনুঃ সামাজিক আইনসমূহ


১. মনু কোন আছিল ?

উত্তৰঃ প্ৰাচীন ভাৰতৰ প্ৰখ্যাত মুনি ।

২. মনুৰ সামাজিক-ৰাজনৈতিক অভিমতসমূহ কি নামেৰে শাস্ত্ৰত সন্নিৱিষ্ট আছে ?

উত্তৰঃ 'মনুস্মৃতি'

৩. 'মনুস্মৃতি'ত কিমান ফাকি শ্লোক আছে ?

উত্তৰঃ ২৬৯০ ফাকি শ্লোক আছে

৪. মনুৱে আগবঢ়োবা সামাজিক আইনৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ ১) সমাজ আৰু মানুহৰ বাবে সামাজিক আচৰণৰ এখনি আচৰণবিধি দাঙি ধৰা ।

          ২) প্ৰচলিত সামাজিক গাঁথনিটো বৰ্তাই ৰখা ।

৫. মনুস্মৃতিত থকা বিধিসমূহৰ উৎসমূৰ নাম লিখা ।

উত্তৰঃ ১) শ্ৰুতি   ২) সামাজিক ৰীতি-নীতি  ৩) আত্মসন্তুষ্টি  ৪) বিশ্লেষণ

৬. চাৰি বৰ্ণ ঈশ্বৰৰদ্বাৰা সৃষ্টি হৈছে বুলি ক'ত প্ৰকাশ আছে ।

উত্তৰঃ মনুস্মৃতিত প্ৰকাশ আছে

৭. কি জ্ঞানৰ অনুসৰি ব্ৰাহ্মণসকলক গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত কৰা হয় ?

উত্তৰঃ বৈদিক জ্ঞানৰ অনুসৰি ব্ৰাহ্মণসকলক গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত কৰা হয়

৮. নাৰি সম্পৰ্কত  'মনুস্মৃতি'ত দেখা পোৱা বিতৰ্ক সমূহ লিখা ।

উত্তৰঃ ১) নাৰী প্ৰকৃতি   ২) নাৰীৰ পৰাধীনতা   ৩) বিবাহৰ ওপৰত ধাৰণা  

 ৪) আন্তৰ্জাতিক বিবাহ   ৫) নাৰীৰ হীনতা

৯. মনুৰ মতে, ৰজা এজনে সম্পাদন কৰিব লগীয়া প্ৰধান কাৰ্য কেইটা উল্লেখ কৰা ।

উত্তৰঃ ১) দণ্ডনীতি   ২) কৰ সংগ্ৰহ আৰু প্ৰশাসন   ৩) আইন আৰু ন্যায় প্ৰশাসন

৪) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক   ৫) নৈতিকতা আৰু ধৰ্ম

১০. মনুৱে যুদ্ধ সমৰ্থন কৰা দুটা চৰ্ত লিখা ।

উত্তৰঃ ১) যেতিয়া এখন ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আহে 

২) ৰাষ্ট্ৰৰ পৰিসীমা বৃদ্ধিৰ খাতিৰত

১১. মনুৱে তেওঁৰ বিশেষ কলা বা উপায় সমূহক কি বুলি অভিহিত কৰিছে ।

উত্তৰঃ 'চতুৰপায়া' বুলি অভিহিত কৰিছে

১২. প্ৰাচীন ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত লিখা উল্লেখনীয় গ্ৰন্থ খনৰ নাম কি ?

উত্তৰঃ 'মনুস্মৃতি'

১৩. মানুহৰ জীৱনৰ চাৰি পুৰুষাৰ্থ উল্লেখ কৰা ?

 উত্তৰঃ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ

১৪. মনুৰ মতে ধৰ্ম কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ মনুৰ মতে ধৰ্ম তিনি প্ৰকাৰৰ । সেইকেইটা হ'ল-

১) সাধাৰণ ধৰ্ম   ২) বিশিষ্ট ধৰ্ম   ৩) আপদ ধৰ্ম

১৫. সাধাৰণ ধৰ্মৰ সংখ্যা কিমান আৰু  কি কি ?

উত্তৰঃ সাধাৰণ ধৰ্মৰ সংখ্যা ১০ টা । সেইকেইটা হ'ল-

১) ধৈৰ্য    ২) ক্ষমা    ৩) আত্মনিয়ন্ত্ৰণ    ৪) চুৰ নকৰা    ৫) কৰ্মত শুদ্ধতা    ৬) বিবেকশীল

৭) ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ    ৮) শাস্ত্ৰৰ জ্ঞান    ৯) সত্য কোৱা    ১০) ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ

১৬. মানুৱে তেওঁৰ ধাৰণাত সমাজৰ কি কি দিশ সামৰি লৈছে ।

উত্তৰঃ সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক দিশক সামৰি লৈছে

১৭. স্বামী বিবেকানন্দৰ মতে, মনুস্মৃতি কেনেকুৱা ধৰণৰ ?

উত্তৰঃ  স্বামী বিবেকানন্দৰ মতে, মনুস্মৃতি অপ্ৰাসংগিক আৰু অপ্ৰচলিত

১৮. 'মনুস্মৃতি'ক অন্য কি নামেৰে জনা যায় ।

উত্তৰঃ 'মানৱ ধৰ্ম শাস্ত্ৰ ' বুলি জনা যায়

১৯. হিন্দু পুৰাণ শাস্ত্ৰ মতে, 'মনুস্মৃতি'ক কি বুলি বিবেচনা কৰা হয় ।

উত্তৰঃ  হিন্দু পুৰাণ শাস্ত্ৰ মতে, 'মনুস্মৃতি' হৈছে ব্ৰহ্মাৰ বচন আৰু ইয়াক ধৰ্মৰ ওপৰত লিখা উত্তম আৰু আটাইতকৈ কৰ্তৃত্বশীল বিৱৰণ বা উক্তি বুলি বিবেচনা কৰা হয় 

২০. ৰজা এজনৰ ষষ্ঠ ৰিপু উল্লেখ কৰা ।

উত্তৰঃ কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মৎচৰ্যৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগিব বা সেইসমূহক দমন কৰিব পাৰিব লাগিব

Author: Junmoni Das

Post ID : DABP004432