ন্য়ায়পালিকা

(JUDICIARY)

অনুশীলনী

১. ন্য়ায়পালিকাৰ স্বাধীনতা সুৰক্ষিত কৰা বিভিন্ন উপায়বোৰ কি কি? ভূল উত্তৰটো চিনাক্ত কৰা।

(ক) উচ্চতম ন্য়ায়ালয়ৰ অন্য়ান্য় ন্য়ায়াধীশসকলক নিযুক্তি দিয়াত মূখ্য ন্য়ায়াধীশৰ লগত আলোচনা কৰিব লাগে।

(খ) ন্য়ায়াধীশসকলক সাধাৰণতে অৱসৰৰ বয়সৰ আগতে অপসাৰণ কৰা নহয়।

(গ) এখন উচ্চ ন্য়ায়ালয়ৰ ন্য়ায়াধীশ আন এখন উচ্চ ন্য়ায়ালয়লৈ বদলি কৰিব নোৱাৰি।

(ঘ) ন্য়ায়াধীশৰ নিযুক্তিত সংসদৰ কোনো ভূমিকা নাই।

২. ন্য়ায়পালিকাৰ স্বাধীনতা মানে ন্য়ায়পালিকা কাৰো ওচৰত দায়বদ্ধ নহয় নেকি? এশটা শব্দৰ ভিতৰত তোমাৰ উত্তৰটো লিখা।

৩. ন্য়ায়পালিকাৰ স্বাধীনতা সুৰক্ষাৰ বাবে সংবিধানত কি কি ব্য়ৱস্থাৰ উল্লেখ আছে?

৪. তলৰ প্ৰতিবেদন বাৰ্তা পঢ়া আৰু ইয়াৰ নিম্নলিখিত দিশবোৰ চিনাক্ত কৰা।

◇ গোচৰটোৰ বিষয় কি?

◇ গোচৰটোত কোন উপকৃত হ'ল?

◇ গোচৰটোৰ আবেদনকাৰী কোন?

◇ কোম্পানীটোৰ দ্বাৰা বেলেগ কি যুক্তি আগবঢ়োৱা হ'লহেঁতেন দেখুওৱা?

◇ খেতিয়কসকলে কি যুক্তি আগবঢ়ালেহেঁতেন?

ডাহানু (Dahanu) খেতিয়কসকললৈ ৰিয়ালেন্স এনাৰ্জি লিমিটেডক (REL) উচ্চতম ন্য়ায়ালৰ ৩০০ কোটি টকা পৰিশোধ কৰিবলৈ নিৰ্দেশট

Our corporate Burecu 24 March 2005

মুম্বাইঃ মুম্বাইৰ দূৰবৰ্তী ডাহানু অঞ্চলৰ চিকু (Chiko) ফলৰ খেতি কৰা খেতিয়কসকললৈ ৰিয়ালেন্স এনাৰ্জিক ৩০০ কোটি টকা পৰিশোধ কৰিবলৈ উচ্চকম ন্য়ায়ালয়ে আদেশ দিছে। ৰিয়ালেন্সৰ থাৰ্মেল পাৱাৰ প্লেন্টে (Thermal power plant) কৰা প্ৰদূৰ্ষণৰ বিৰুদ্ধে চিকু খেতিয়কসকলে ন্য়ায়ালয়ত কৰা আবেদনৰ পিছতে এই নিৰ্দেশ দিয়া হয়।

       ডাহানু, যিটো মুম্বাইৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, এটি স্ব-বহনক্ষম কৃষি আৰু উদ্য়ান ভিত্তিক অৰ্থনীতি যাক এক দশক আগত মীন পালন আৰু বনানিৰ বাবে জনা গৈছিল, কিন্তু যেতিয়া অঞ্চলটোত এটি থাৰ্মেল পাৱাৰ প্লেন্ট  (Thermal power plant) স্থাপন কৰা হৈছিল, তেতিয়া ১৯৮৯ চনত ই ধ্বংসপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছৰ বছৰ, এই উৰ্বৰ ভূমিত প্ৰথমবাৰৰ বাবে শস্য়ৰ উৎপাদনত ব্য়ৰ্থ হৈছিল। যি সময়ত মহাৰাষ্ট্ৰত ৭০% শতাংশ ফলৰ ভঢ়াল আছিল, সেইটো এতিয়া ধ্বংসপ্ৰাপ্ত হ'ল। মীনপালন বন্ধ হৈ গ'ল আৰু বনাঞ্চল সেৰেঙা হ'ল। খেতিয়ক আৰু পৰিৱেশবিদসকলে কয় যে, শক্তি প্ৰকল্পৰ (Power plant) উৰন্ত ছায়ে ভূ-পৃষ্ঠৰ পানীত প্ৰৱেশ কৰি গোটেই পৰিৱেশ ব্য়ৱস্থাটোক প্ৰদুষিত কৰিছে। ডাহানু মৌজাৰ পৰিৱেশ সুৰক্ষা কৰ্তৃপক্ষই গন্ধক নিগমন হ্ৰাস কৰিবলৈ থাৰ্মেল ষ্টেচনটোক প্ৰদুষণ নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰিবলৈ আদেশ দিছিল আৰু এই আদেশক উচ্চতকম ন্য়ায়ালয়ৰ আদেশ থকা স্বত্বেও ২০০২ চনলৈকে আনকি প্ৰদুষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপন কৰা হোৱা নাছিল। ২০০৩ চনত ৰিয়ালেন্সে থাৰ্মেল ষ্টেচনটো লাভ কৰিছিল আৰু ২০০৪ চনত পুনৰ স্থাপন প্ৰক্ৰিয়াৰ বাবে এখন তালিকা পুনৰ দাখিল কৰিছিল। যিহেতু অদ্য়পি প্ৰদুষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপন কৰা হোৱা নাই, ডাহানু মৌজা পৰিৱেশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ৰিয়ালেন্সক ৩০০ কোটি টকাৰ বেঙ্ক গেৰান্টিৰ ব্য়ৱস্থা কৰিবলৈ কৈছিল।

৫. তলৰ প্ৰতিবেদন বাৰ্তা পঢ়া আৰু 

◇ বিভিন্ন পৰ্য্যায়ত চৰকাৰবোৰ চিনাক্ত কৰা

◇ উচ্চতম ন্য়ায়ালৰ ভূমিকা চিনাক্ত কৰা

◇ ইয়াত তুমি ন্য়ায়পালিকা আৰু কাৰ্য্যপালিকাৰ কৰ্ম পদ্ধতিৰ কি উপাদান চিনাক্ত কৰিব পাৰা?

     এই গোচৰটোৰ লগত জড়িত আইনৰ কাৰ্যকৰী কৰণ আৰু বাখ্যা, বিধায়িনী সম্পৰ্কীয় আৰু কৰ্মনীতি বিষয় চিনাক্ত কৰা।

Centre, Delhi join hands on CNG issue

By our staff Reporter, The Hindu 23 September 2001.

নতুন দিল্লী, চেপ্তেম্বৰ ২২ ঃ আজি কেন্দ্ৰ আৰু দিল্লী চৰকাৰে যৌথভাৱে আগন্তুক সপ্তাহত উচ্চতম ন্য়ায়ালয়ৰ দাৰস্থ হ'বলৈ সন্মত হয় .... ৰাজধানীত সকলো NONCNG ব্য়ৱসায়িক বাহন পৰ্যায়ক্ৰমে হ্ৰাস কৰিবলৈ। তেওঁলোকে নগৰখনৰ বাবে সমগ্ৰ পৰিবহণ ব্য়ৱস্থাটো একক ইন্ধন ধৰণৰ (Single Fuel mode) "যিটো সম্পূৰ্ণ বিপদজনক আৰু ধ্বংস সাধন কৰিব" পৰিৱৰ্তে দ্বৈত ইন্ধন নীতি সন্ধান কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছিল।

   ৰাজধানীত ব্য়ক্তিগত যানবাহনৰ গৰাকীসকলক CNG ব্য়ৱহাৰত নিৰুৎসাহিত কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বাছ চলালচৰ বাবে ০.০৫ শতাংশ নিম্ন গন্ধক ডিজেল ব্য়ৱহাৰৰ অনুমতি দিবৰ বাবে দুয়োখন চৰকাৰে হেঁচা প্ৰয়োগ কৰিব। ইয়াৰ উপৰি, ন্য়ায়পালিকাৰ সন্মুখত এইটো আবেদন কৰা হ'ব যে, সকলো ব্য়ৱসায়িক যানবাহনক, যিবোৰ Furo II মান পূৰণ কৰে, চহৰখনত চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা উচিত। যদিওবা কেন্দ্ৰ আৰু ৰাজ্য়চৰকাৰে সুকীয়া শপতনামা দাখিল কৰিব, এইবোৰত উমৈহতীয়া বিষয়বোৰো থাকিব। CNG সম্পৰ্কীয় চৰকাওে সহমত আৰু সমৰ্থন দিব। দিল্লীৰ মূখ্যমন্ত্ৰী, মিছ শীলা দীক্ষিত আৰু কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী মিঃ ৰাম নায়কৰ মাজত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

  শ্ৰীমতী দীক্ষিতে কয় যে ডঃ আৰ. এ. মাছেলকাৰৰ তত্বাৱধানত সমগ্ৰ দেশৰ বাবে অ'টো ইন্ধন নীতি (Auto Fuel Policy) গ্ৰহণ কৰাৰ উদ্দেশ্যে গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতি লক্ষ্য় ৰাখি চৰম সময়সীমা বঢ়াই দিয়াটো সমীচিন হ'ব, যিহেতু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমগ্ৰ ১০,০০০ খন বাছ CNG চালিত ব্য়ৱস্থালৈ ৰূপান্তৰিত কৰাটো সম্ভৱ নহ'ব।

   মূখ্য়মন্ত্ৰী গৰীকায়ে কয় যে ন্য়ায়ালয়ৰ নিৰ্দেশাৱলী ৰূপায়ণ কৰিবলৈ সময়ৰ আৱশ্যক হ'ব। বিষয়টোৰ ওফৰত সামূহিক প্ৰচেষ্টাৰ কথা উল্লেখ কৰি দীক্ষিতে কয় যে, এই ক্ষেত্ৰত CNG ৰে চলাবলগীয়া বাহনৰ বিতং তথ্য, CNG ভৰোৱা ষ্টেচনত হোৱা দীঘলীয়া শাৰী, দিল্লীত CNG ইন্ধনৰ আৱশ্যকতা াৰু ন্য়ায়াৱয়ৰ নিৰ্দেশাৱলী ৰূপায়ণ কৰাৰ উপায়সমূহৰ প্ৰতি লক্ষ ৰাখিব।

   উচ্চতম ন্য়ায়ালয়ে মহানগৰৰ চিটি বাছসমূহৰ বাবে কেৱল CNG ব্য়ৱহাৰ কৰাৰ নিয়মটো উঠাই ল'বলৈ অনিচ্ছুকতা প্ৰকাশ কৰি কয় যে, ন্য়ায়ালয়ে টেক্সি আৰু অটো ৰিক্সাসমূহত CNG ব্য়ৱহাৰ কৰাৰ ওপৰত কেতিয়াও জোৰ দিয়া নাই। মন্ত্ৰী নায়কে কয় যে, দিল্লীৰ চিটিবাছসমূহত নিম্ন চালফাৰযুক্ত ডিজেল ব্য়ৱহাৰৰ অনুমতি প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিব যিহেতু গোটেই পৰিবহণ ব্য়ৱস্থাটো CNG ৰ ওপৰত নিৰ্ভৰ কৰাটো অতিকৈ কঠিন হ'ব।

   ৰাজধানী মহানগৰখন পাইপ লাইনেৰে যোগান ধৰা CNG ৰ ওপৰতে নিৰ্ভৰশীল আৰু ইয়াৰ ব্য়তিৰেকে পৰিবহণ ব্য়ৱস্থাত ব্য়াহত হৈ পৰিল।

৬। তলৰ মন্তব্য়টো ইকুৱেডৰ সম্পৰ্কিত। এি উদাহৰণ আৰু ভাৰতীয় ন্য়ায় ব্য়ৱস্থাৰ মাজত তুমি কি কি সাদৃশ্য আৰু বৈসাদৃশ্য বিচাৰি পাইছা?

"যদি এটা উমৈহতীয়া ন্য়ায় মঞ্চ বা ন্য়ায়িক দৃষ্টান্ত থাকিলেহেঁতেন, তেন্তে সাংবাদিকসকলৰ অধিকাৰ স্পষ্টকৈ দাঙি ধৰাত সুবিধা হ'লহেঁতেন। দুৰ্ভাগ্য়বশতঃ ইকুৱেডৰ ন্য়ায়ালয়, তেনেকুৱা নহয়। ইয়াত বিচাৰকসকলক উচ্চতম ন্য়ায়ালয়ে পূৰ্বৰ গোচৰসমূহত দিয়া ৰায়ৰ প্ৰতি সন্মান জনাবলৈ বাধ্য কৰোৱা নহয়। আমেৰিকাত প্ৰচলিত নিয়মৰ বিপৰীতে ইকুৱেডৰত (নাইবা দক্ষিণ আমেৰিকাৰ যিকোনো ঠাইত) এজন আপীল বিচাৰকে ন্য়ায্যতা বাখ্যা কৰি লিখিত সিদ্ধান্ত গ্ৰহণ কৰাৰ দৰকাৰ নহয়। এজন বিচাৰকে আজি এটা গোচৰত যি ধৰণে ৰায় দিব কাইলৈ সেই একোটা গোচৰত কোনো ধৰণৰ কাৰণ আগনবঢ়োৱাকৈ বিপৰীতধৰ্মী ৰায় দিব পাৰে।

৭. তলৰ উক্তিবোৰ পঢ়া আৰু উচ্চতম ন্য়ায়লয়ৰ অধিকাৰ ক্ষেত্ৰত (মৌলিক, আপীল আৰু পৰামৰ্শমূলক) সৈতে মিলোৱা।

◇ পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ বাসিন্দাসকলৰ নাগৰিকত্ব স্থিতি সম্পৰ্কে এখন আই প্ৰণয়ন কৰিব পাৰি নেকি চৰকাৰে জানিব বিচাৰিছিল।

◇ কাবেৰী নদীৰ বিবাদ সমাধান কৰিবলৈ তামিলনাডু চৰকাৰে ন্য়ায়ালয়ৰ ওচৰ চাপিব বিচাৰে।

◇ নদী-বান্ধ অঞ্চলৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰি জনসাধাৰণে জনোৱা আপিল আদালতে নাকচ কৰে।

৮. 'ৰাজহুৱা স্বাৰ্থজড়িত গোচৰে' দুখীয়া জনগণক কিদৰে সহায় কৰিব পাৰে?

৯. ন্য়ায়িক সক্ৰিয়তাই ন্য়ায়পালিকা আৰু কাৰ্য্যপালিকাৰ মাজত বিবাদ সৃষ্টি কৰিব পাৰে বুলি তুমি ভাবা নেকি? ইয়াৰ কাৰণবোৰ কি কি?

১০. মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্য়ায়িক সক্ৰিয়তাৰ সম্পৰ্ক কেনেকুৱা? ই মৌলিক অধিকাৰৰ পৰিধি সম্প্ৰসাৰণত সহায় কৰিছেৈ নেকি?

Type: Sri Chinmay Kakati.