সংবিধানঃ কিয় আৰু কেনেকৈ

(Constitution: Why and How?)

অনুশীলনী

১। কোনবিধ কাৰ্য্য সংবিধানৰ অন্তৰ্ভূক্ত  নহয়৷   

(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ। 

(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা। 

(গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।  

(ঘ) মত প্ৰকাশৰ অধিকাৰ। 

উত্তৰঃ (গ) প্ৰতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।


২। তলত উল্লেখ কৰা কোনবোৰ যুক্তি সংসদতকৈ সংবিধানৰ কৰ্তৃত্ত্ব বেছি নিৰ্ধাৰণ কৰা?  

 

(খ) সাংসদ সকলোতকৈ সংবিধান প্রণেতা সকল বিশিষ্ট নেতা।  

(গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে।  

(ঘ) সংসদৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰে। 

উত্তৰঃ গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে ।  



৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবোৰ সঁচানে মিছা বাছি উলিওৱা। 

(ক) সংবিধান চৰকাৰৰ গঠন আৰু ক্ষমতা সম্পর্কে লিখিত দলিল।  

(খ) গণতান্ত্রিক দেশৰ বাবেহে সংবিধান প্রয়োজন। 

(গ) সংবিধান কেবল আইনগত দলিলহে, ইয়াৰ কোনো আদৰ্শ আৰু গুৰুত্ব নাই।  

(ঘ) সংবিধানে নাগৰিকক নতুনত্ব প্ৰদান কৰে।  

উত্তৰঃ (ক) সঁচা ।

            (খ) মিছা ।

            (গ) মিছা । 

             (ঘ) সঁচা ।



৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দর্শোৱা ?

(ক) সংবিধান সভাত ভাৰতীয় প্ৰতিনিধিত্ব নাই ইয়াৰ নিৰ্বাচনো সকলো নাগৰিকৰ  দ্বাৰা হোৱা নাছিল। 

উত্তৰঃ এখন দেশৰ সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰে।গণতান্ত্ৰিক দেশ এখনৰ সংবিধানে জনসাধাৰণৰ কল্য়াণৰ দিশটোক মুখ্য়স্থান দিয়ে।সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা, সমতা আৰু ন্য়ায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্য়ৱস্থা অন্তৰ্ভুক্ত কৰা হয়।

(খ) সংবিধান প্রণয়নৰ সময়ত, সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পর্কে নেতাবিলাকৰ মাজত সহমত থকাৰ বাবে কোনো ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হোৱা নাছিল।  

(গ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো মৌলিকতা নাই।  

উত্তৰঃ 



৫। ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উদাহৰণ দিয়া।  

(ক) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্ৰণয়ন কৰা হৈছে বাবে এওঁলোকক  ভাৰতীয় জনসাধাৰণে সম্মান কৰে।  

(খ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল-বদল কৰাত প্রতিবন্ধকতা আছে।  

(গ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাঙ্খাৰ কেন্দ্ৰবিন্দু।

উত্তৰঃ


৬। দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাবদ্ধতা আৰু দায়বদ্ধতাৰ বাবে সংবিধানৰ কিছু আৱশ্যক? এনেকুৱা সীমাবদ্ধতা আৰু দায়বদ্ধতা নহলে কি ঘটিব পাৰে? 

উত্তৰঃ সংবিধানে ৰাষ্ট্ৰৰ ক্ষমতা স্পষ্টভাৱে নিৰ্দ্ধাৰণ কৰি দিয়ে। সমাজত আইন কোনে প্ৰণয়ন কৰিব, আইন বলবৎ কৰাৰ কৰ্তৃত্ব কাৰ হাতত থাকিব আইনৰ পৰিধি কিমান হব ইত্য়াদি দিশবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে। চৰকাৰৰ দায়িত্ব আৰু কৰ্তৃত্ব সম্পৰ্কেও সংবিধানে স্পষ্টভাৱে নিৰূপণ কৰে। সংবিধানে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে। আৰ্থাৎ সংবিধানে চৰকাৰৰ সিদ্ধাত্ব গ্ৰহণ আৰু কাৰ্য কৰিব পৰা ক্ষমতাৰ ওপৰত কিছুমান বাধা আৰোপ কৰে। উদাহৰণস্বৰূপে সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰে। এই অধিকাৰবোৰ উপভোগৰ অধিকাৰ পৰা নাগৰিকক ৰাষ্ট্ৰই বঞ্চিত কৰিব নোৱাৰে। এইদৰে দেখা যায় যে ক্ষমতাৰ স্পষ্ট সীমাবদ্ধতা আৰু দায়বদ্ধতাৰ সংবিধানত অন্তৰ্ভুক্ত হোৱা প্ৰয়োজন। অন্য়থা নাগৰিকৰ অধিকাৰত ৰাষ্ট্ৰই অপ্ৰয়োজনীয় হস্তক্ষেপ আৰোপ কৰাৰ সম্ভাৱনা অধিক।  

 

৭। শাসক সকলৰ বাবে সীমাবদ্ধতা সংবিধানত কিয় আৱশ্যক? এনেকুৱা সংবিধান থাকিব পাৰে নেকি য'ত নাগৰিকৰ কোনো অধিকাৰ থাকিব নোৱাৰে?  

উত্তৰ 


৮। যেতিয়া জাপানৰ সংবিধান ৰচনা কৰা হৈছিল তেতিয়া দ্বিতীয় বিশ্ব যুদ্ধত আমেৰিকাৰ হাতত পৰাজিত হৈ পৰাধীন হৈ আছিল। জাপানৰ সংবিধানত সেই সময়ত এনেকুৱা ব্যৱস্থা থকাটো সম্ভৱ নাছিল যিটো আমেৰিকাৰ বাবে পছন্দৰ নহয়। তোমাৰ বিবেচনা মতে এনেকুৱ সমস্যাত সংবিধান ৰচনা কৰা সম্ভৱ নে? ভাৰতীয় সংবিধান প্রণয়ন কৰাৰ সময়ত এনেকুৱা সমস্যাৰ কি পার্থক্য আছিল? 

উত্তৰঃ


৯। ৰজতে শিক্ষকক প্রশ্ন কৰিলে যে এই সংবিধানখন পঞ্চাশ বছৰ আগৰ গতিকে ই বর্তমান সময়োপযোগী নহয়। কাৰ্য্যকৰী কৰাৰ সময়ত মোৰ পৰা কোনোৱে মতামত লোৱা নাই। ইয়াৰ ভাষাবোৰ বৰ কঠিন হোৱা বাবে মই বুজি পোৱা নাই। গতিকে কিয় মই এই সংবিধানখন মানি ল’ব লাগিব তাক বুজাই দিব লাগিব। যদি তুমি সেই শিক্ষকজন হোৱা, তেনেহলে ৰজতক কেনেকৈ উত্তৰটো দিবা?  

উত্তৰঃ (ক) সংবিধান এখন কেতিয়াও পুৰণি হৈ নাযায় কাৰণ ই প্ৰতিটো যুগৰ সমাজৰ বাবে প্ৰাসংগিকসাৰ্বজনীন মূল্য়বোধ, আদৰ্শ আৰু অধিকাৰ প্ৰতিনিধিত্ব কৰে।

(খ) ধৰ্মনিৰপেক্ষতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শ এক ন্য়ায়ণৰায়ণ সমাজৰ সৃষ্টিৰ বাবে প্ৰয়োজনীয় চৰকাৰৰ গণতান্ত্ৰিক ৰূপক জনসাধাৰণৰ সামূহিক ইচ্ছাক প্ৰতিনিধিত্ব প্ৰদান কৰে।

(গ) ৰাজ্য়ৰ সকলো নাগৰিকে লাভ কৰা অধিকাৰ আৰু বিশেষাধিকাৰৰ উৎসও সংবিধান। ই প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। 

(ঘ) ৰাষ্ট্ৰই যদি স্বেচ্ছাচাৰী ব্য়ৱস্থা গ্ৰহণ কৰে তেতিয়া ইয়াৰ সিদ্ধান্তৰ বাবে চৰকাৰক জবাবদিহি কৰে। ই নাগৰিকসকলৰ বাবে নিৰ্বাচন আৰু পৰিচালনাৰ ক্ষেত্ৰত অংশীদাৰিত্ব প্ৰদান কৰে।

(ঙ) সংবিধানত সংশোধনীৰ ব্য়ৱস্থা আছে যাতে ই পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খাই পৰে।

এইদৰে, মসৃণ আৰু শৃঙ্খলাবদ্ধ কাম কাজ আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে সংবিধান এক প্ৰয়োজনীয় অনুষ্ঠান।


১০। আমাৰ সংবিধানৰ কাৰ্য কলাপৰ সৈতে জড়িত তিনিটা বেলেগ বেলেগ বিভাগৰ  কাৰ্যৰ অনুভৱক লৈ এটি আলোচনা চক্ৰত তিনিজন বক্তাই ভাগ লৈছেঃ 

(ক) হৰবঞ্চঃ ভাৰতীয় সংবিধানে গণতান্ত্রিক ধ্যান-ধাৰণা প্ৰদান কৰাত সফল হৈছে।  

(খ) নেহাঃ ভাৰতীয় সংবিধানত স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধ সুনিশ্চিতকৰণত বিধিগত বাধা আছে। সেই বাবে ভাৰতীয় সংবিধান বিফল হৈছে।  

(গ) নাজিমাঃ ভাৰতীয় সংবিধান বিফল নহয়, আমিহে ইয়াক বিফল কৰিছোঁ। তুমি ওপৰত উল্লেখ কৰা কোনটো পক্ষ সমৰ্থন কৰা আৰু কিয়, যদি নকৰা তেনেহলে তোমাৰ নিজস্ব বক্তব্য দাঙি ধৰা?
উত্তৰঃ



Post ID : DABP003647