নিৰ্বাচন আৰু প্ৰতিনিধি

(Election and Representation)

অনুশীলনী

1. তলৰ কোনটো প্ৰত্যক্ষ গণতন্ত্ৰৰ লগত বেছি খাপ খায়?  

(ক) পাৰিবাৰিক সভাৰ আলোচনা  

(খ) শ্রেণী প্রতিনিধিৰ নিৰ্বাচন  

(গ) ৰাজনৈতিক দলৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচন  

(ঘ) গাওঁ সভাৰ সিদ্ধান্তসমূহ  

(ঙ) প্ৰচাৰ মাধ্যমে অনুষ্ঠিত কৰা নিৰ্বাচনী মতামত 

উত্তৰঃ (ঘ) গাওঁ সভাৰ সিদ্ধান্তসমূহ 

2. তলৰ কোনবোৰ কাৰ্য নির্বাচন আয়োগে সম্পাদন নকৰে?  

(ক) ভোটাৰ তালিকা প্রস্তুত।  

(খ) প্রার্থী মনোনয়ন  

(গ) নিৰ্বাচনৰ বুথ স্থাপন  

(ঘ) আদৰ্শ আচৰণ বিধি ৰূপায়ণ  

(ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা 

উত্তৰঃ (ঙ) পঞ্চায়ত নিৰ্বাচন পৰিচালনা

3. ৰাজ্যসভা আৰু লোকসভাৰ সদস্য নিৰ্বাচনৰ বাবে কোনটো নির্বাচন পদ্ধতি উমৈহতীয়া?  

(ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত। 

(খ) ভোটদাতাসকলে বিভিন্ন প্ৰাৰ্থীৰ বাবে পছন্দৰ ক্ৰম দিব পাৰে। 

(গ) প্ৰতিটো ভোটৰ মূল্য সমান  

(ঘ) জয়লাভ কৰোতা জনে আধাতকৈ বেছি ভোট পাব লাগিব। 

উত্তৰঃ (ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত

4. সর্বাধিক FPTP পদ্ধতিত সেইজন প্রার্থীক বিজেতা ঘোষণা কৰা হয় 

(ক) যি ডাকযোগে প্ৰেৰিত ভোট লাভ কৰে।  

(খ) দেশৰ সৰ্বাধিক ভোট লাভ কৰা দলটোৰ সদস্য  

(গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভোট আছে/পাইছে। 

(ঘ) ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থান পায়।  

উত্তৰঃ (গ) সমষ্টিটোৰ অন্য়ান্য় প্ৰাৰ্থীতকৈ বেছি ভোট আছে/পাইছে।

5. সমষ্টি সংৰক্ষণ পদ্ধতি আৰু ‘সুকীয়া নির্বাচক বৰ্গ’ পদ্ধতিৰ মাজত পাৰ্থক্য কি? সংবিধান প্রণেতা সকলে কিয় পাছৰটো নাকচ কৰিছিল?  

6.  তলৰ কোনবিলাক উক্তি অশুদ্ধ? সেইবোৰ চিনাক্ত কৰি মাথোন এটা শব্দ বা  খণ্ডবাক্যৰ সহায়ত বিকল্প, অতিৰিক্ত বা পুনৰ গঠনৰ দ্বাৰা সেইবোৰ শুধৰোৱা ৷ 

a) ভাৰতৰ সকলো নিৰ্বাচনৰ কাৰণে FPTP পদ্ধতি অনুসৰণ কৰা হয়  

উত্তৰঃ ভাৰতবৰ্ষৰ সকলো নিৰ্বাচনত ''প্ৰথম চেৰা যোৱা পদ প্ৰথা'' (FPTP) প্ৰয়োজ নহয়।  

b) নির্বাচন আয়োগে পঞ্চায়ত আৰু পৌৰ নিৰ্বাচন পৰিচালনা (Supervise) নকৰে,

উত্তৰঃ নিৰ্বাচন আয়োগে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনবোৰ পৰিচালনা নকৰে। ইয়াৰ বাবে সুকীয়া ৰাজ্য়িক নিৰ্বাচন আয়োগ গঠন কৰা হয়।  

c) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়ুক্তক অপসাৰণ কৰিব নোৱাৰে।  

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্তক অপসাৰণ কৰিব পাৰে যদিও তেওঁলোকক অপসাৰণ কৰিবলৈ সংসদৰ উভয় সদনত বিশেষ সংখ্য়াগৰিষ্ঠ অৰ্থাৎ দুই তৃতীয়াংশ সদস্য়ৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে।

d) নির্বাচন আয়োগত এজনতকৈ বেছি নির্বাচনী আয়ুক্ত নিয়োগ কৰাটো বাধ্যতামূলক। 

উত্তৰঃ এজনতকৈ অধিক নিৰ্বাচনী আয়ুক্ত নিযুক্তি দিয়াটো বাধ্য়তামূলক। বৰ্তমান তিনিজন সদস্য়যুক্ত নিৰ্বাচন আয়োগ গঠন কৰি লৈছে। এজন মুখ্য় আয়ুক্ত আৰু দুজন আয়ুক্ত। 

7. ভাৰতীয় নির্বাচন পদ্ধতিয়ে সামাজিকভাৱে পিছপৰা শ্রেণী বিলাকৰ বাবে প্রতিনিধিত্বৰ লক্ষ্য ৰাখিছে। কিন্তু আমাৰ বিধানসভা সমূহত মহিলা সদস্যৰ সংখ্যা ১০ শতাংশ হ’বলৈকো এতিয়াও বাকী। এই পৰিস্থিতি পৰিৱৰ্ত্তনৰ বানে  তুমি কি ব্যৱস্থা লবলৈ ক'বা? 

উত্তৰঃ 

8. এখন নতুন দেশৰ সংবিধানৰ বিষয়ে আলোচনা কৰা কাৰণে তলত এখন অধিৱেশনত প্ৰকাশ কৰা কিছুমান ইচ্ছাৰ (Wishes) কথা কোৱা হ’ল। ইয়াৰ প্ৰতিটোৰ বিপৰীতে FPTP বা আনুপাতিক প্রতিনিধিত্বৰ কোনটো পদ্ধতি ইচ্ছাবোৰ পূৰণ কৰিবলৈ বেছি উপযুক্ত হ’ব লিখা।  

a. জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি কোন সেইটো ভালদৰে জানিব লাগিব যাতে তেওঁলোকে তেওঁক ব্যক্তিগতভাৱে দায়বদ্ধ কৰিব পাৰে।

b. আমাৰ দেশৰ চাৰিওফালে সৰু সৰু ভাষিক সংখ্যালঘূসকল সিঁচৰিত হৈ আছে আমি তেওঁলোকৰ উপযুক্ত প্রতিনিধিত্বৰ ব্যৱস্থা কৰিব লাগে।  

c. বেলেগ বেলেগ দলৰ বাবে ভোট আৰু আসনৰ মাজত কোনো বৈষম্য থকা উচিত নহয়।  

d. জনসাধাৰণে ৰাজনৈতিক দল এটা ভাল নাপালেও সেই দলৰ উপযুক্ত প্রার্থীক নির্বাচন কৰিব পৰা উচিত।  

৯। এজন ভূতপূর্ব মুখ্য নির্বাচনী আয়ুক্তই এটা ৰাজনৈতিক দলত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। এই বিষয়ত বিভিন্ন মতামত প্ৰকাশ কৰা হৈছে। এটা দৃষ্টিভঙ্গী মতে, এজন ভূতপূর্ব নির্বাচনী আয়ুক্ত এজন স্বাধীন নাগৰিক আৰু সেইবাবে যিকোনো ৰাজনৈতিক দলত যোগদান কৰা আৰু নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ তেওঁৰ অধিকাৰ আছে। আন এটা দৃষ্টিভঙ্গী মতে, এই সম্ভাৱনাই নির্বাচন আয়োগৰ নিৰপেক্ষতাত প্ৰভাৱ পেলাব পাৰে। গতিকে ভূতপূর্ব নির্বাচন আয়ুক্তসকলক কোনো নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া উচিত নহয়। তুমি কোনটোৰ লগত সহমত প্ৰকাশ কৰা আৰু কিয় ?  

10. 'ভাৰতীয় গণতন্ত্ৰ এতিয়া অপৰিপক্ক First past the post system ৰ পৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতিলৈ পৰিৱৰ্তন কৰিবলৈ সাজু।' এই উক্তিৰ লগত তুমি একমত নে? এই উক্তিৰ সপক্ষে বা বিপক্ষে যুক্তি দর্শোৱা।

Type Himanku Bora



Post ID : DABP003652