Chapter 5
(Concept of Economic Anthropology)
অনুশীলনীঃ
ক) অতি চমু প্রশ্নঃ
১। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্রাচীন পদ্ধতিটো কি?
উত্তৰঃ- জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্ৰাচীন পদ্ধতিটো হ’ল: সংগ্ৰহ জীৱিকা।
২। মানুহে পোন প্রথমে কি জন্তু গৃহীকৰণ কৰিছিল?
উত্তৰঃ- মানুহে পোন প্ৰথমে গৃহীকৰন জন্তু হৈছে কুকুৰ।
৩। মৎস্যজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?
উত্তৰঃ- মৎস্যজীৱিকা উচ্চ প্ৰত্ন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল।
৪। নিলগিৰি পাহাৰত বাস কৰা টোডাসকলৰ মুখ্যজীৱিকা কি?
উত্তৰঃ- পশুপালন
৫। ভাৰতত বাস কৰা পশুপালক সম্প্রদায় এটাৰ নাম লিখা।
উত্তৰঃ- ভাৰতত বাস কৰা পশুপালন সম্প্ৰদায় এটাৰ নাম হ’ল— ছেৰদুকপেন।
৬। কৃষিজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?
উত্তৰঃ- কৃষিজীৱিকা নৱ প্ৰস্তৰ যুগত আৰম্ভ হৈছিল।
৭। আদিম কৃষি সঁজুলি বোৰৰ নাম লিখা।
উত্তৰঃ- আদিম কৃষি সঁজুলি বিধৰ নাম হ’ল দলিমাৰি, যুঁৱলি, মৈ, নাঙল, কোৰ।
৮। কোনটো প্ৰস্তৰ যুগৰপৰা মানুহে জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ কৰে?
উত্তৰঃ- নৱপ্ৰস্তৰ যুগৰপৰা মানুহে জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ কৰে।
৯। উৎপাদনজীৱি অর্থনীতিক কি দুটা ভাগত ভগাব পাৰি?
উত্তৰঃ- উৎপাদনজীৱি অৰ্থনীতিক মূলতঃ তলত দিয়া দুটা ভাগত ভগাব পাৰি:
১. কৃষি অৰ্থনীতি: এই পৰ্যায়ত মানুহে শস্য উৎপাদন আৰু খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিল।
২. পশুপালন অৰ্থনীতি: এই পৰ্যায়ত মানুহে বিভিন্ন ধৰণৰ পোহনীয়া জন্তু পালন কৰি আহাৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিছিল।
১০। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম হ’ল– আপাটানী
(খ) চমু প্রশ্নঃ
১। উত্তৰ-পূৰ্বাঞ্চলৰ এটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা?
উত্তৰঃ- নগা।
২। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা?
উত্তৰঃ- (ক) কান্ধমাৰি।
(খ) খাবণি।
(গ) কোৰ।
(ঘ) মৈ।
(ঙ) দলিমাৰি।
(চ) নাঙল যুঁৱলি।
৩। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ মাছ মৰা সঁজুলিৰ নাম লিখা।
উত্তৰঃ- অসমৰ গ্ৰাম্য় অঞ্চলত ব্য়ৱহাৰ কৰা ছয়বিধ মাছ মৰা সঁজুলিৰ নাম হ'ল- বৰষি, কাৱৈজাল,চেপা,জাকৈ,চালনী।
৪। আদিম অর্থনীতি বুলিলে কি বুজা?
উত্তৰঃ- আদিম অৰ্থনীতি বুলিলে সেইটো অৰ্থনীতিকে বুজা যায়, যিটো অৰ্থনীতিৰ অন্তৰ্গত ব্য়ক্তিসকল বস্তুগত সংস্কৃতিত পিছপৰা হোৱাৰ লগতে জনসংখ্য়া তাকৰ আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয়।
৫। আদিম অর্থনীতিৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ- আদিম অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ—
(ক) আদিম মানৱৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনবোৰ সীমিত। তেওঁলোকে জীৱন ধাৰণৰ বাবে আৱশ্যকীয় সামগ্রীসমূহ নিজে আহৰণ কৰি লয়।
(খ) প্ৰাকৃতিকভাৱে উপলব্ধ আহার্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰতে আদিম অৰ্থনীতি সীমাবদ্ধ।
(গ) আদিম অৰ্থনীতিত উৎপাদনৰ পৰিবর্তে আহৰণহে থাকে। কিন্তু সঞ্চয়ৰ ব্যৱস্থা নাথাকে।
(ঘ) আদিম অৰ্থনীতিত সাধাৰণতে যাদু আৰু ধৰ্মীয় বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়।
৬। অন্বেষণজীৱিসকলৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ- অন্বেষণজীৱিসকলৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) অন্বেষণজীৱিসকলৰ বাসভূমিত জনবসতি সেৰেঙা। কাৰণ, বসতি ঘন হ’লে প্ৰাপ্ত প্ৰাকৃতিক সম্পদৰাজিয়ে সকলোকে আহাৰ্য্য যোগান ধৰিব নোৱাৰে।
(খ) অন্বেষণজীৱী সমাজৰ সামাজিক গোটবোৰ সৰু হয়। একোটা দলত ৪০/৫০ জনৰ অধিক সদস্য নাথাকে।
(গ) শ্ৰম বিভাজন অতি সৰল।
(ঘ) মুদ্ৰাৰ প্ৰচলন নাই।
(ঙ) বিনিময় প্ৰথাৰ দ্বাৰা বস্তুৰ আদান-প্ৰদান হয়।
(চ) কাৰিকৰী বিদ্যাত পিছপৰা।
৭। পশুপালন জীৱিকা বুলিলে কি বুজা? হায়ৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ- বনৰীয়া জীৱ-জন্তুক ঘৰতে ৰাখি, সিহঁতক পোহপাল দি জীৱন ধাৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকেই পশুপালন বুলি কোৱা হয়। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত সজাই লিখা হ'ল:
কৃষিৰ সৈতে সম্পৰ্ক: কৃষিজীৱী সমাজত পশুপালনৰ প্ৰথা অত্যন্ত বহুলভাৱে প্ৰচলিত।
খাদ্যৰ উৎস: পশুপালকসকলৰ বাবে পোহনীয়া জন্তুবোৰেই হ’ল আহাৰৰ মূল আৰু ঘাই সম্বল।
জীৱিকাৰ নিৰ্ভৰশীলতা: পশুপালকে প্ৰধানকৈ গৰু বা অন্যান্য পোহনীয়া জন্তুৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ মূল জীৱিকা নিৰ্বাহ কৰে।
বিভিন্ন ধৰণৰ পশুপালন: পশুপালকসকলে প্ৰয়োজন আৰু অঞ্চলভেদে ভেড়া, ছাগলী, গৰু, ঘোঁৰা, য়াক, উট আৰু বল্গা হৰিণৰ দৰে জন্তু পোহনীয়া হিচাপে পালন কৰে।
আঞ্চলিক উদাহৰণ - ১ (মাছাই জনগোষ্ঠী): দক্ষিণ আফ্ৰিকাৰ মাছাইসকলে গৰু আৰু ভেড়া পালন কৰে, য'ত ভেড়াৰ মাংস আৰু তেজ তেওঁলোকৰ খাদ্যৰ প্ৰধান উপাদান।
আঞ্চলিক উদাহৰণ - ২ (কাজাগ জনগোষ্ঠী): টাৰ্কিস্তানত বাস কৰা কাজাগসকলে ভেড়াক প্ৰধান পোহনীয়া জন্তু হিচাপে গ্ৰহণ কৰে আৰু ভেড়াৰ জাকৰ সৈতে তেওঁলোকে ছাগলী, গৰু, উট আৰু ঘোঁৰাও পালন কৰি ঘূৰি ফুৰে।
৮। বেদিকা কৃষি বুলিলে কি বুজা। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ- পাহাৰৰ এঢলীয়া অংশত কোৰেৰে খাপ কাটি খেতিপথাৰ উলিয়াই খেতি কৰা পদ্ধতিক বেদিকা কৃষি বোলে।
উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম হ’ল– আপাটানী।
(গ) দীঘল প্রশ্ন:
১। ঝুম খেতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।
উত্তৰঃ- পাহাৰৰ এঢলীয়া ঠাইত হাবি-জংঘল কাটি কোৰৰ সহায়ত মাটি চহ কৰি খনিক্তৰৰ সহায়ত গাত খান্দি বীজ ৰোপনৰ দ্বাৰা কৰা খেতিক ঝুম খেতি বোলে।
ঝুমখেতি প্ৰতি দুই-তিনিবছৰৰ মূৰে মূৰে স্থান সলাই সলাই কৰা হৈ বাবে এনে খেতিক স্থানান্তৰিত খেতি নামেৰেও জনা যায়।
ঝুম খেতিৰ সুবিধাসমূহ:
১। ঝুম খেতিয়কসকলে অন্বেষণ জীৱিসকলৰ দৰে ঠাই সলাই ঘূৰি ফুৰিব লগা নহয়।
২। সকলো লোকে এক গোট হৈ সামূহিকভাৱে ঝুমখেতি কৰা বাবে বহুখিনি কষ্টৰ পৰিমাণ কমি যায়।
৩। ঝমু খেতিয়কসকলে সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ উপৰত নিৰ্ভৰশীল হব লগা নহয়।
৪। ঘৰ এখনত প্ৰয়োজন হোৱা অত্য়াৱশ্য়কীয় খাদ্য়- সামগ্ৰীসমূহ যেনে- আলু,কচু,বেঙেনা,ৰঙালাও,আদা,জলকীয়া ইত্য়াদিবোৰ ঝুম খেতিৰ পৰা পাব পাৰি।
ঝুম খেতিৰ অসুবিধাসমূহ:
১। ঝুম খেতি কৰিলে বনাঞ্চল ধ্বংস হয়।
২। ঝুম খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায়।
৩। মূল্য়ৱান গছ-গছনি আৰু ফলমূলৰ অনিষ্ট হয়।
৪। ঝুমখেতিৰ ফলত ভূমিস্খলন হোৱা দেখা যায়।
৫। বনৰীয়া জীৱ-জন্তু প্ৰাণনাশ হোৱাৰ লগতে আশ্ৰয় স্থলৰ অভাৱ হয়।
৬। বৰ্তমান সময়ত দেখা দিয়া এটা জলন্ত সমস্য়া জলবায়ু পৰিৱৰ্তন ৰ অন্য়তম এটা কাৰণ হল ঝুমখেতি।
২। পশুপালন জীৱিকা মানে কি? ইয়াৰ সুফলসমূহ লিখা।
উত্তৰঃ- পশুপালন হৈছে উৎপাদনমুখী জীৱিকাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ। পশুপালনৰ জৰিয়তে মানুহে লাভ কৰা সুবিধাসমূহ তলত সজাই লিখা হ'ল:
কৃষি কাৰ্যত সহায়: পোহনীয়া জন্তুক খেতি-পথাৰৰ কাম-কাজত ব্যৱহাৰ কৰা হয়।
পুষ্টিকৰ খাদ্য: কিছুমান পোহনীয়া জন্তুৰ পৰা পোৱা গাখীৰ পুষ্টিকৰ পানীয় হিচাপে ব্যৱহাৰ কৰা হয়।
জৈৱিক সাৰ: জন্তুৰ বিষ্ঠা খেতিৰ বাবে প্ৰাকৃতিক বা জৈৱিক সাৰ হিচাপে প্ৰয়োগ কৰা হয়।
পৰিবহণ: যাতায়াত বা ভাৰ কঢ়িওৱাৰ দৰে কামত জন্তুক ব্যৱহাৰ কৰা হয়।
চামৰাৰ ব্যৱহাৰ: জন্তুৰ ছালৰ পৰা তৈয়াৰী চামৰাৰে জোতা, সাজ-পোছাক আৰু তম্বু আদি প্ৰস্তুত কৰিব পাৰি।
ঊণৰ পোছাক: অত্যাধিক শীতৰ পৰা ৰক্ষা পাবলৈ জন্তুৰ নোমৰ পৰা তৈয়াৰী ঊলেৰে গৰম কাপোৰ তৈয়াৰ কৰা হয়।
অন্যান্য সামগ্ৰী: জন্তুৰ শিং ব্যৱহাৰ কৰি ফণি আৰু অন্যান্য প্রয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰিব পাৰি।
৩। আদিম অর্থনীতিক কিয় উৎপাদন ব্যৱহাৰ মূলক অর্থনীতি বোলা হয়।
উত্তৰঃ- এটি পূৰ্ণ অৰ্থনৈতিক সংগঠনৰ বাবে উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ—এই তিনিটা প্ৰক্ৰিয়াৰ উপস্থিতি অপৰিহাৰ্য। অৱশ্যে, আদিম মানৱৰ অৰ্থনৈতিক জীৱন পৰ্যবেক্ষণ কৰিলে দেখা যায় যে তেওঁলোকে কেৱল জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰীসমূহহে চিকাৰ বা সংগ্ৰহৰ জৰিয়তে আহৰণ কৰিছিল। তেওঁলোকৰ মাজত অতিৰিক্ত সামগ্ৰী আহৰণৰ কোনো বিশেষ আগ্ৰহ নাছিল।
সেয়েহে, আদিম অৰ্থনৈতিক প্ৰক্ৰিয়াত মূলতঃ উৎপাদন (আহৰণ) আৰু ব্যৱহাৰৰহে স্পষ্ট প্ৰমাণ পোৱা যায়। অধিকাংশ আদিম সমাজত বিতৰণ ব্যৱস্থা সুপ্ৰকাশিত নোহোৱাৰ বাবেই আদিম মানৱৰ অৰ্থনীতিক মুখ্যতঃ 'উৎপাদন-ব্যৱহাৰ মূলক' অৰ্থনীতি বুলি অভিহিত কৰা হয়।
৪। অন্বেষণ জীৱিকা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ আৰু প্ৰকাৰসমূহ বৰ্ণনা কৰা।
উত্তৰঃ- নিজ প্ৰাকৃতিক পৰিবেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহণৰ আৰু ব্যৱহাৰ পদ্ধতিকে অন্বেষণ জীৱিকা বোলা হয়।
অন্বেষণ জীৱিকাৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) অন্বেষণজীৱিসকলৰ বাসভূমিত জনবসতি সেৰেঙা। কাৰণ, বসতি ঘন হ’লে প্ৰাপ্ত প্ৰাকৃতিক সম্পদৰাজিয়ে সকলোকে আহাৰ্য্য যোগান ধৰিব নোৱাৰে।
(খ) অন্বেষণজীৱী সমাজৰ সামাজিক গোটবোৰ সৰু হয়। একোটা দলত ৪০/৫০ জনৰ অধিক সদস্য নাথাকে।
(গ) শ্ৰম বিভাজন অতি সৰল।
(ঘ) মুদ্ৰাৰ প্ৰচলন নাই।
অন্বেষণ জীৱিকাৰ প্ৰকাৰসমূহ হ’ল—
(ক) সংগ্ৰহ জীৱিকা: সংগ্ৰহ জীৱিকাই হ’ল মানৱৰ প্ৰাচীনতম জীৱিকা পদ্ধতি। প্ৰকৃতিৰ বুকুৰপৰা নানাধৰণৰ গছৰ গুটি, ফল-মূল, শিপা, আলু, শাক-পাচলি আনকি বিভিন্ন ধৰণৰ সৰু সৰু জীৱ-জন্তু, মৌ-কীট-পতংগ ইত্যাদি আহাৰ্য্য হিচাপে বিচাৰি গোটোৱাটোকে সংগ্ৰহ জীৱিকা বোলা হয়।
(খ) চিকাৰ জীৱিকা: চিকাৰজীৱীসকলে বনৰীয়া পশু-পক্ষী চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। চিকাৰজীৱীসকল কঠোৰ পৰিশ্ৰমী হ’ব লাগে। এওঁলোকৰ জীৱন ধাৰণ পদ্ধতি মানেই প্ৰকৃতিৰ লগত সংগ্ৰাম। চিকাৰজীৱীসকল বসবাস কৰিবলৈ এটি ডাঙৰ এলেকাৰ প্ৰয়োজন হয়। চিকাৰজীৱীসকল সমাজ, সংস্কৃতি আৰু চিকাৰ কৰা কৌশল, চিকাৰ কৰা জন্তুৰ প্ৰকাৰ আৰু বিচৰণ স্বভাৱ অনুযায়ী বেলেগ হোৱা দেখা যায়।
৫। 'উৎপাদনজীৱিকা অন্বেষণ জীৱিকাতকৈ শ্রেয়'- আলোচনা কৰা।
উত্তৰঃ- উৎপাদনজীৱি অৰ্থনীতিৰ প্ৰধান বিশেষত্ব হ’ল যে ইয়াত মানুহ কেৱল প্ৰকৃতিৰ পৰা খাদ্য অন্বেষণৰ ওপৰত নিৰ্ভৰ কৰি নাথাকি, নিজৰ প্ৰয়োজনীয় খাদ্য আৰু অন্যান্য সামগ্ৰীসমূহ নিজ হাতে উৎপাদন কৰি ল’ব পৰা হৈছে। উৎপাদনজীৱীসকলক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি— কৃষক আৰু পশুপালক। অৱশ্যে, পশুপালনৰ প্ৰসাৰ কৃষিৰ দৰে ইমান বহল নহয়।
কৃষি আৰু পশুপালনৰ জৰিয়তে উৎপাদনজীৱিসকলে অন্বেষণজীৱীসকলৰ তুলনাত অধিক পৰিমাণৰ খাদ্যসম্ভাৰ আহৰণ কৰিবলৈ সক্ষম হয়। এই উৎপাদনজীৱি অৰ্থনীতি গ্ৰহণ কৰাৰ লগে লগে মানৱ সমাজত স্থায়িত্ব আহে আৰু সাংস্কৃতিক বিকাশৰ গতি ত্বৰান্বিত হয়। সেইবাবেই উৎপাদন জীৱিকাক অন্বেষণ জীৱিকাতকৈ অধিক উন্নত বা শ্ৰেয় বুলি গণ্য কৰা হয়।
৬। স্থানান্তৰিত খেতিৰ বিকল্প স্বৰূপে স্থায়ী খেতি গ্রহণ কৰিব পাৰি। ব্যাখ্যা কৰা।
উত্তৰঃ- স্থানান্তৰিত খেতিৰ বিকল্প স্বৰূপে স্থায়ী খেতি গ্ৰহণ কৰিব পাৰি।
(ক) স্থানান্তৰিত খেতি অস্থায়ী আৰু যথেষ্ট পৰিশ্ৰমসাধ্য। বেদিকা কৃষি পৰিশ্ৰমযুক্ত হ’লেও স্থায়ী খেতি পদ্ধতি।
(খ) ঝুম খেতি স্থানান্তৰিত কৃষি, এবাৰ কৃষিকাৰ্য্য চলোৱাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি আকৌ অন্য ঠাইত কৃষিকাৰ্য্য কৰিব লগা হোৱাৰ বাবদ খেতিৰ বাবে যথেষ্ট ডাঙৰ এলেকা একোটাৰ প্ৰয়োজন। কিন্তু, বেদিকা কৃষি স্থায়ী হোৱাৰ বাবে সৰু এডোখৰ ঠাইত বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্য চলাব পাৰি।
(গ) ঝুম খেতিত পৰিশ্ৰম অনুযায়ী যথেষ্ট কম পৰিমাণৰ খাদ্য দ্ৰব্য উৎপাদন হয় কিন্তু বেদিকা কৃষিত পৰিশ্ৰম অনুযায়ী বহু বেছি পৰিমাণৰ খাদ্য উৎপাদন হোৱা দেখা যায়।
Additional Question Answer:
১। মিছিংসকলে মাছ মাৰিবলৈ ব্য়ৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা।
উত্তৰঃ দিৰদাং,দিবাং,পুৰাং,চালনী।
২। স্বয়ংক্ৰিয় সঁজুলি মানে কি ? দুবিধ স্বয়ংক্ৰিয় সঁজুলিৰ নাম লিখা।
উত্তৰঃ যি সঁজুলি পানীত পাতি থৈ আহিলে নিজে নিজে মাছ লাহি থাকে তেনে সঁজুলিক স্বয়ংক্ৰিয় সঁজুলি বোলে। উদাহৰণস্বৰূপে- কাৱৈ জাল, বৰষি, চেপা।
৩। বল্গা হৰিণ পালন কৰা তিনিটা সম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ লেপ, চুকচি, টুংগু।
৪। তুদাসকলে কত বসবাস কৰে?
উত্তৰঃ নীলগিৰী পাহাৰত।
৫। নাঙল কৃষি মানে কি?
উত্তৰঃ যি কৃষি নাঙলৰ ব্য়ৱহাৰ কৰি কৰা হয় তেনে কৃষিক নাঙল কৃষি বোলে।
৬। নাঙল কৃষিৰ সুবিধা লিখা।
উত্তৰঃ নাঙল কৃষিৰ সুবিধা হল-
. নাঙলৰ দ্বাৰা বহু মাটিত খেতি কৰিব পাৰি।
. এডৰা মাটিত বছৰত কেইবাটাও খেতি কৰিব পৰা যায়।
. এই কৃষিৰ সময়ৰ পৰাই ধাতুৰ ব্য়ৱহাৰ হয়।
. বেপাৰ বাণিজ্য়ৰ সৃষ্টি হয়।
৭। উদ্য়ান খেতি মানে কি ?
উত্তৰঃ পৰিয়ালৰ বস্তি মাটিত কৰা খেতিক সাধাৰণতে উদ্য়ান খেতি বুলি কোৱা হয়। এনে কৃষিক মাত্ৰ কোৰ ব্য়ৱহাৰ কৰি মাটি চহ কৰি কৰা হয় বাবে এনে কৃষিক স্থায়ী কৃষি বুলি জনা যায়।
৮। খাপ খেতি বুলিলে কি বুজা?
উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত দাৰ সহায়ত হাবি-জংঘল কাটি কোৰৰ দ্বাৰা মাটি চহ কৰি ডাঙৰ ডাঙৰ আলী বা খাপ বান্ধি জলসিঞ্চনৰ ব্য়ৱস্থা কৰি কৰা খেতিক খাপ খেতি বোলে।
৯। মাতৃ প্ৰধান ৰাজ্য় কেইখনমানৰ নাম লিখা।
উত্তৰঃ খাচী, গাৰো, ।
১০। কোনটো জনগোষ্ঠীৰ লোকে নিজকে আচিক মাণ্ডে বুলি পৰিচয় দি ভাল পায়?
উত্তৰঃ গাৰো জনগোষ্ঠীৰ লোকে নিজকে আচিক মাণ্ডে বুলি পৰিচয় দি ভাল পায়।
১১। ট্ৰেঞ্চ হিউমেনচ মানে কি?
উত্তৰঃ কেতবোৰ পশুপালক সম্প্ৰদায়ে ঋতু অনুযায়ী নিজৰ পশুধন সমূহক লগত লৈ ঠাই অনুযায়ী ঘূৰি ফুৰা যায়। এনেকৈ ঋতু অনুযায়ী ঠাই সলাই পশুপালন কৰা প্ৰক্ৰিয়াটোক ট্ৰেঞ্চহিউমেনচ বুলি কোৱা হয়।
১২। প্ৰাক ঐতিহাসিক যুগৰ মানুহৰ জীৱিকা-নিৰ্বাহৰ প্ৰাচীনতম পদ্ধতি কি আছিল?
উত্তৰঃ সংগ্ৰহ জীৱিকা।
১৩। উত্তৰ-পূৰ্ব ভাৰতত বসবাস কৰা দুটা পশুপালক জনজাতিৰ নাম লিখা।
উত্তৰঃ গাৰো, খাছী, কাৰ্বি, বড়ো।
১৪। জীৱিকা প্ৰৱতন প্ৰণালী কাক বোলে?
উত্তৰঃ মানুহে জীয়াই থাকিবলৈ যি কাৰ্য্য় পদ্ধতি অৱলম্বন কৰে সেই কাৰ্য পদ্ধতিকে জীৱিকা প্ৰৱতন প্ৰণালী বোলে।
১৫। অৰ্থনৈতিক নৃতত্ত্ব কাক বোলে?
উত্তৰঃ অৰ্থমৈতিক নৃতত্ত্ব হল নৃতত্ত্বৰ এটা উপশাখা, যিটো শাখাই মানৱ জীৱনৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যকলাপৰ বিষয়ে পুংখানুপুংখভাৱে অধ্য়য়ন কৰে।
১৬। অৰ্থনৈতিক সংগঠন হুলিলে কি বুজা?
উত্তৰঃ প্ৰত্য়কখন সমাজ পৰিচালিত হবলৈ কেতবোৰ সংগঠন দেখা যায়, সমাজ এখন সুন্দৰভাৱে পৰিচালিত হবলৈ যিবোৰ কাৰ্য পদ্ধতি অৱলম্বন কৰা হৈ, সেই কাৰ্য পদ্ধতিৰ সংমিশ্ৰণকে অৰ্থনৈতিক সংগঠন বোলে।
Answer by- Dikha Bora
.
***
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type - Ishan Dev Bora....................
Answered By : Himashree Bora.
Post ID :DABP003646
New Update 2026