Chapterঃ 5

অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

(Concept of Economic Anthropology)

অনুশীলনীঃ

    👉Download Free PDF
    👉Paid answer          (Buy Now)

ক) অতি চমু প্রশ্নঃ

১। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্রাচীন পদ্ধতিটো কি?

২। মানুহে পোন প্রথমে কি জন্তু গৃহীকৰণ কৰিছিল?

৩। মৎস্যজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?

৪। নিলগিৰি পাহাৰত বাস কৰা টোভাসকলৰ মুখ্যজীৱিকা কি?

৫। ভাৰতত বাস কৰা পশুপালক সম্প্রদায় এটাৰ নাম লিখা।

৬। কৃষিজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?

৭। আদিম কৃষি সঁজুলি বিধৰ নাম লিখা।

৮। কোনটো প্ৰস্তৰ যুগৰপৰা মানুহে জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ কৰে?

৯। উৎপাদনজীৱি অর্থনীতিক কি দুটা ভাগত ভগাব পাৰি?

১০। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।

(খ) চমু প্রশ্নঃ

১। উত্তৰ-পূৰ্বাঞ্চলৰ এটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা?

২। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা?

৩। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ মাছ মৰা সঁজুলিৰ নাম লিখা।

৪। আদিম অর্থনীতি বুলিলে কি বুজা?

৫। আদিম অর্থনীতিৰ বৈশিষ্ট্যবোৰ লিখা। তি

৬। অন্বেষণজীৱিসকলৰ বৈশিষ্ট্যসমূহ লিখা।

৭। পশুপালন জীৱিকা বুলিলে কি বুজা? হায়ৰ বৈশিষ্ট্যসমূহ লিখা।

৮। বেদিকা কৃষি বুলিলে কি বুজা। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।

(গ) দীঘল প্রশ্ন:

১। ঝুম খেতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

২। পশুপালন জীৱিকা মানে কি? ইয়াৰ সুফলসমূহ লিখা।

৩। আদিম অর্থনীতিক কিয় উৎপাদন ব্যৱহাৰ মূলক অর্থনীতি বোলা হয়।

৪। অন্বেষণ জীৱিকা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ আৰু প্ৰকাৰসমূহ বৰ্ণনা কৰা।

৫। 'উৎপাদনজীৱিকা অন্বেষণ জীৱিকাতকৈ শ্রেয়'- আলোচনা কৰা।

৬। স্থানান্তৰিত খেতিৰ বিকল্প স্বৰূপে স্থায়ী খেতি গ্রহণ কৰিব পাৰি। ব্যাখ্যা কৰা।


**********

Old book questions & Answers

(not important)


1. গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি?

উত্তৰঃ নোকাপান্তে।

 2. গাৰোসকলৰ এটা প্রধান কৃষি উৎসৱৰ নাম লিখা।

উত্তৰঃ ৱানগালা।

 3. গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি?

উত্তৰঃ ধান, গোমধান, মাকৈ, কণীধান।

 4. জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ কৃষি।

 5. আপাটানিসকলে ক’ত বাস কৰে?.

উত্তৰঃ অৰুণাচল প্ৰদেশত।

6. মিচিংসকলৰ কৃষি পদ্ধতি আলোচনা কৰা।

উত্তৰঃ মিচিংসকলৰ মুখ্য় জীৱিকা হৈছে কৃষি। তেওঁলোকে গৰু আৰু ম'হেৰে হাল বাই খেতি-বাতি কৰে। তেওঁলোকে আহু-শালি দুয়োবিধ ধানৰ খেতি কৰে। তদুপৰি কপাহ, মিঠা আলু, তিয়ঁহ, গোম ধান, আদা, হালধি, কল আদিৰ খেতিও তেওঁলোকে কৰে। মতা মানুহে সাধাৰণতে হাল বাই মাটি চহাই আৰু তিৰোতাই ৰোৱা আৰু নিৰণিৰ কাম কৰে। 

7. গাৰোসকলৰ কৃষি পদ্ধতি সম্পর্কে আলোচনা কৰা ৷

উত্তৰঃ পৰম্পৰাগত গাৰোসকলৰ জীৱিকাৰ প্ৰধান উপায় হ'ল ঝুম খেতিৰ খেতি। ঝুম খেতিক তেওঁলোকে 'আৰংগা গামা' অথবা 'আগাচাআ' বোলে। ঝুম খেতিৰ প্ৰধান আহিলা হ'ল এখন ক্ষুদ্ৰ আকাৰৰ কোৰ। গাৰোভাষাত ইয়াক 'গিৎচি' বোলা হয়। তদুপৰি হাবি-বন কাটিবলৈ কুঠাৰৰ আকৃতিৰ দা ব্য়ৱহাৰ কৰে। এই দা খনক 'আঠে মোংৰেং' বোলে।

8. গাৰোসকলৰ সাজ-পাৰৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ পুৰণীকলিয়া গাৰো পুৰুষে কেৱল কৌপিন পৰিধান কৰিছিল। কৌপিন হৈছে নীলা ৰঙৰ দীঘলীয়া এডোখৰ কাপোৰ আৰু ইয়াত দীঘলে দীঘলে ৰঙা আঁচ থাকে। কাপোৰখন 4 আৰু পুতল প্ৰায় এবেগেত।

    
    পৰম্পৰাগত গাৰো নাৰীৰ সাজপাৰ হ'ল দুহাতমান দীঘল আৰু দুবেগেতমান বহল গামোচাৰ আকাৰ এখনি বস্ত্ৰ। বস্ত্ৰখন কঁকালৰ তলত আঁঠুৰ ওপৰলৈকে পিন্ধিছিল। কাপোৰখন সাধাৰণতে ক'লা বা নীলা ৰঙৰ আৰু ইয়াত দীঘলে ৰঙা আঁচ আছিল।

9. আপাটানিকসকলৰ বুলিয়াং সংগঠন কি?

উত্তৰঃ আপটানি গাঁৱৰ শাসন ব্য়ৱস্থা বিভিন্ন গোত্ৰৰ প্ৰতিনিধিসকলৰ দ্বাৰা পৰিচালিত হয়। এনে প্ৰতিনিধিসকলক 'বুলিয়াং' বোলা হয়।

10. আপাটানিকসকলৰ সমাজ সংগঠন সম্বন্ধে এটা টোকা লিখা।

উত্তৰঃ আপটানি উপত্য়াকটো সাতখন গাঁৱৰ সমষ্টি। এই গাঁৱকেইখন হ'ল- হাং, হাৰি, বেলা, হাজা, দুতা, মুদাং-তাগে আৰু মিচি-বামিন। আপটানিসকলে গাঁও একোখনক 'লেম্বা' বোলে। একোখন গাঁৱত একাধিক গোত্ৰৰ লোকে বাস কৰিব পাৰে। এই সাতখন গাঁৱৰ অধিবাসীসকলৰ কিছুমান সমূহীয়া ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আছে। এই অনুষ্ঠানবোৰত সাতখন গাঁৱৰ ৰাইজে একেটা সামাজিক-সাংস্কৃতিক গোটস্বৰূপে কাম কৰে।   

11. আও নগাসকলৰ বয়ঃবস্তু পদ্ধতিৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ

12. আওনগাসকলৰ মোৰাং সংগঠন সম্বন্ধে লিখা।

উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Type - Ishan Dev Bora....................

Answered By : Himashree Bora.



Post ID :DABP003646