ভাৰতবৰ্ষৰ ইতিহাস  (তৃতীয় খণ্ড ) History of Indian  Question and Answer|অধ্যায়-১|Unit-1|প্ৰাক্ বা মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ অধ্যয়ন | Studying Early Medieval India |GU 3rd Sem History Paper 5 Question and Answer Assamese Medium|  


প্ৰথম অধ্যায় 

UNit-1 

প্ৰাক্ বা আদি মধ্যযুগৰ ইতিহাস অধ্যয়ন  

  Studying Early Medieval India  

☆ পাঠৰ মাজৰ প্ৰশ্ন উত্তৰ

১) প্ৰাচীন যুগৰ কোনখিনি সময়ক মধ্যযুগ বোলা হৈছিল ?

উত্তৰঃ- প্ৰাচীন যুগৰ ভাৰতৰ মাজৰ  সময়ছোৱাক মধ্যযুগ বোলা হৈছিল । 

২) ভাৰতীয় উপমহাদেশলৈ ইচলাম ধৰ্মৰ প্ৰৱেশ কেতিয়া ঘটিছিল ?

উত্তৰঃ- ভাৰতীয় উপমহাদেশলৈ ইচলাম ধৰ্মৰ প্ৰৱেশ আৰৱ আৰু তুৰ্কী সকলৰ আক্ৰমণৰ ফলত ঘটিছিল । 

৩) ভাৰতীয় মহাদেশক ভৌগোলিকভাৱে কেইটাভাগক ভাগ কৰা হৈছিল ?

উত্তৰঃ- ভাৰতীয় মহাদেশক ভৌগোলিকভাৱে দুটা ভাগ কৰা হৈছিল । 

৪) দক্ষিন ভাৰত কাক বোলা হৈছিল ?

উত্তৰঃ- বিন্ধ্য পৰ্বতৰ মালভুমি অঞ্চলক দক্ষিন ভাৰত বোলা হৈছিল।

৫) উত্তৰ ভাৰত কাক বোলা হৈছিল ?

উত্তৰঃ- সিন্ধু আৰু গংগা উপত্যকাক উত্তৰ ভাৰত বোলা হৈছিল । 

৬) হৰ্ষবৰ্ধনৰ মৃত্যু কিমান খ্ৰিঃত হৈছিল ?

উত্তৰঃ- হৰ্ষবৰ্ধনৰ মৃত্যু ৬৪৭ খ্ৰিঃত হৈছিল ।

৭) গুৰ্জৰ প্ৰতিহাৰ সকলে ক'ত ক'ত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- গুৰ্জৰ প্ৰতিহাৰ সকলে ৰাজস্থানৰ যোধপুৰ, ব্ৰুচ,মালৱ,লাট,অৱন্তী, গুজৰাট আদি ঠাইত সৰু সৰু ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । 

৮) ভৌগোলিক ভাৱে দক্ষিন ভাৰতক কেইটাভাগ ভাগ কৰা হৈছে লিখাঁ ?

উত্তৰঃ- ভৌগোলিকভাৱে দক্ষিন ভাৰতক দুটা ভাগ ভাগ কৰা হৈছিল । 

৯) উত্তৰ ভাৰতৰ দৰে কোন ঠাইত মধ্য যুগত ৰাজ্য গঢ় লৈ উঠিছিল ?

উত্তৰঃ- উত্তৰ ভাৰতৰ দৰে দক্ষিন ভাৰতত মধ্য যুগৰ ৰজ্য গঢ় লৈ উঠিছিল ।  

১০) গুৰ্জৰ সকলে কিমান শতিকাত মোধপুৰত এখন ৰাজ্য পাতিছিল ?

উত্তৰঃ- গুৰ্জ সকলে ষষ্ঠ শতিকাত মোধপুৰত  এখন ৰাজ্য পাতিছিল ।

১১) ভৌগোলিকভাৱে দক্ষিন ভাৰতক কেইভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ- ভৌগোলিকভাৱে দক্ষিন ভাৰতক দুটা ভাগত ভাগ কৰা হৈছিল ।

১২) কাঞ্চিপুৰম কোন ৰাজ্যৰ ৰাজধানী আছিল ?

উত্তৰঃ- কাঞ্চিপুৰম পল্লৱ সকলৰ ৰাজধানী আছিল ।

১৩) দক্ষিন ভাৰতৰ এখন উল্লেখযোগ্য ৰাজ্য নাম কি আছিল ?

উত্তৰঃ- দক্ষিন ভাৰতৰ এখন উল্লেখযোগ্য এখন ৰাজ্য নাম হ'ল-পাণ্ড্য ৰাজ্য। 

১৪) পাণ্ড্য ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল ?

উত্তৰঃ- পাণ্ড্য ৰাজ্যৰ ৰাজধানীখনৰ নাম মাদুৰাই। 

১৫) দক্ষিন ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- দক্ষিন ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম চোল ৰাজ্য আছিল। 

১৬) গঙ্গাসকলৰ ৰাজ্য কোন অংশত অৱস্থিত আছিল ?

উত্তৰঃ- গঙ্গাসকলৰ ৰাজ্য কৰ্ণাটকত অৱস্থিত আছিল। 

১৭) কোন ঠাইত কাকতীয় সকলে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ-তেলেঙ্গনাত কাকতীয় সকলে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । 

১৮) প্ৰাচীন যুগৰ সমল-সাহিত্য,লিপি বা অভিলেখ আৰু মুদ্ৰাৰ বিষয়ে চমুকৈ লিখাঁ ?

উত্তৰঃ- প্ৰাচীন ভাৰতৰ ইতিহাসৰ সমলসমূহৰ তুলনাত আদি মধ্যযুগৰ ইতিহাসৰ সমলসমূহ আছিল বেছি নিৰ্ভৰযোগ্য আৰু গুণগতবাৱে উন্নত মানদণ্ডৰ। ইয়াৰ উপৰি প্ৰাচীন ভাৰতৰ ইতিহাসতকৈ আদি মধ্যযুগ বা পৰৱৰ্তী সময়ৰ ভাৰতৰ ইতিহাসৰ যথেষ্ট সমল পোৱা গৈছে । মধ্যযুগত প্ৰাদেশিক আৰু আঞ্চলিক ইতিহাস লিখাৰ আৰম্ভ হৈছিল । আদি মধ্যযুগত কেইজনমান বিদেশী পৰ্যটকে ভাৰত ভ্ৰমন কৰি ভাৰতৰ বিষয়ে টোকা লিখি থৈ গৈছিল। লিখিত উপাদান সমূহৰ উপৰিও আদি মধ্যযুগৰ ৰাজনৈতিক, অৰ্থনৈতিক, সমাজ আৰু সাংস্কৃতক জীৱনৰ বহু মুধ্যযুগৰ বিভিন্ন লিপি বা অভিলেখ , স্থাপত্য নিদৰ্শন, মুদ্ৰা আদিয়ে বহু পৰিমানে নিৰ্ভৰযোগ্য সমলৰ যোগন ধৰিছিল । 

১৯) আদি মধ্যযুগৰ ভাৰতৰ এখন সাহিত্যৰ নাম লিখাঁ ?

উত্তৰঃ- আদি মধ্যযুগৰ ভাৰতৰ এখন সাহিত্যৰ নাম হ'ল-"হৰ্ষচৰিত" 

২০) কোনখন গন্থত মালৱৰ সিন্ধু ৰজাৰ ৰাজত্বকালৰ বিষয়ে উল্লেখ পোৱা গৈছিল ?

উত্তৰঃ- নৱসাহা শংকৰচৰিএ গন্থত সিন্ধু ৰজাৰ ৰাজ্বকালৰ বিষয়ে উল্লেখ পোৱা গৈছিল ।

২১)  ৰাজপুত সকলৰ কেইটা গোষ্ঠী আছিল লিখা ?

উত্তৰঃ-ৰাজপুত সকলৰ ৩৬ টা গোষ্ঠী আছিল । 

২২)  গঢ়ৱাল সকলৰ বিষয়ে চমুকৈ লিখাঁ ?

উত্তৰঃ- একাদশ শতিকাৰ শেষৰফালে গঢ়ৱাল সকলে কণৌজ আধিকাৰ কৰি ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । গঢ়ৱাল সকলৰ প্ৰথম ৰজা নাম আছিল চন্দ্ৰ। গঢ়ৱাল সকলৰ আটাইতকৈ শক্তিশালী ৰজা জনৰ নাম আছিল  গোবিন্দ্ৰ চন্দ্ৰ। গোবিন্দ চন্দ্ৰই পাল সকলৰ পৰা মগধৰ এটা অংশ লাভ কৰিবলৈ সক্ষম হৈছিল।গোবিন্দ চন্দ্ৰই ঘজনীৰ তৃতীয় মাচুদৰ এটা আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল । ১১৯৩ খৃঃত মহম্মদ ঘোৰীৰ সৈন্যই জয়চন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰি জয়চন্দ্ৰক হত্যা কৰে আৰু কণৌজ অধিকাৰ কৰি লয়। এনেদৰে গাঢ়ৱাল সকলৰ ৰাজ্য পৰিসমাপ্তি ঘটে । 

২৩) চান্দেল সকলৰ বিষয়ে চমুকৈ লিখাঁ ?

উত্তৰঃ- চান্দেল সকলৰ প্ৰথম কেন্দ্ৰ স্থল আছিল মধ্যপ্ৰদেশৰ খাজুৰাহো অঞ্চল । ঐতিহাসিক সকলৰ মতে তেওঁলোক প্ৰথমতে গুৰ্জ্জৰ প্ৰতিহাৰ সকলৰ অধীনস্থ সামন্ত আছিল। পৰৱৰ্তী সময়ত তেওঁলোকে স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । চান্দেল সকলৰ প্ৰথম ৰজাজনৰ নাম ধাঙ্গা আছিল। চান্দেল সকলে উত্তৰ ভাৰতৰ এলাহাবাদ,কালিঞ্জৰ,গোৱালিয়ৰ আদি অঞ্চলসমূহ নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল। ধাঙ্গাৰ পিছত ক্ৰমে গন্দ আৰু বিদ্যাধৰ চান্দেল সকলৰ ৰজা হৈছিল । আৰৱু চান্দেল সকলৰ শেষৰ জন ৰজাৰ নাম আছিল মদন বৰ্মন । তদুপৰি চান্দেল সকলে কিৰত সাগৰ নামৰ হ্ৰদ এটা খন্দাইছিল । চান্দেল সকলে প্ৰৰৰ্ৱতী সময়ত কুতুবুদ্দিনৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু তেতিয়াই চান্দেল সকলৰ ৰাজ্যৰ পতন ঘটিছিল । 

২৪) পৰমাৰ সকলৰ বিষয়ে চমুকৈ লিখাঁ । 

উত্তৰঃ- মালৱাৰ পৰমাৰ সকলৰ ৰাজ্য কুলাচুৰি সকলৰ সীমাত অৱস্থিত আছিল । উপেন্দে নামৰ এজন লোকে পৰমাৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত পৰমাৰ ৰাজ্যখন ৰাষ্টকূট সকলৰ অধীনত সামন্ত আছিল। উপেন্দ্ৰ নামৰ এজনে নৱম শতিকাৰ প্ৰথম ভাগত পৰমাৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । দশম শতিকাত পৰমাৰ সকলে নিজকে শক্তিশালী ৰুপত প্ৰতিষ্ঠা কৰিছিল।