ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ

(Rights in the Indian Constitution)

অনুশীলনী

১। প্ৰত্যেকটো উক্তিৰ বিৰুদ্ধে শুদ্ধনে অশুদ্ধ লিখা।  

(ক) এখন অধিকাৰৰ বিধেয়কে জনসাধাৰণে উপভোগ কৰা অধিকাৰবোৰ সজাই ৰাখে।

উত্তৰঃ


(খ) এখন অধিকাৰৰ বিধেয়কে এজন ব্যক্তিৰ স্বতন্ত্ৰতাৰ সুৰক্ষা দিয়ে।

উত্তৰঃ


(গ) পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰৰে এখন অধিকাৰৰ বিধেয়ক আছে।  

উত্তৰঃ


(ঘ) সংবিধানে অধিকাৰবোৰ খৰ্ব হোৱাৰ বিৰুদ্ধে নিৰাময় নিশ্চিত কৰে।  

উত্তৰঃ


২। তলৰ কোনবোৰ মৌলিক অধিকাৰ সম্পর্কে উত্তম বর্ণনা?  

(ক) এজন ব্যক্তিৰ থাকিবলগীয়া সকলো অধিকাৰ।  

(খ) জনসাধাৰণক আইনৰ দ্বাৰা প্ৰদান কৰা সকলো অধিকাৰ। 

(গ) সংবিধান প্রদত্ত আৰু সুৰক্ষিত অধিকাৰবোৰ।  

(ঘ) সংবিধান প্রদত্ত অধিকাৰবোৰ যিবোৰ কেতিয়াও সীমিত কৰিব পৰা নাযায়।  

উত্তৰঃ


  

৩। তলৰ পৰিবেশবোৰ পঢ়া। প্রত্যেক ক্ষেত্ৰতে কেনেকৈ কোনটো অধিকাৰ ব্যৱহাৰ কৰা হৈছে আৰু কোনটো খৰ্ব কৰা হৈছে?  

(ক) ৰাষ্ট্ৰীয় বিমান সেৱা বিভাগত বিমানৰ ভিতৰত সেৱা আগবঢ়োৱা দলৰ ভিতৰত ওজন বৃদ্ধি হোৱা পুৰুষে পদোন্নতি লাভ কৰিব পাৰে কিন্তু তেওঁলোকৰ সহকৰ্মী মহিলাসকল যাৰ ওজন বৃদ্ধি হয় তেওঁলোকক শাক্তি প্ৰদান কৰা হয়।  

(খ) এজন নির্দেশকে এখন তথ্যমূলক চলচ্চিত্র বনাই যিখনে চৰকাৰৰ নীতি সমূহৰ সমালোচনা কৰে।  

(গ) পুনৰ সংস্থাপনৰ দাবী কৰি সমদল আগবঢ়োৱা জনসাধৰণক শক্তিশালী বাধাৰে অপসাৰিত কৰা হৈছিল।  

(ঘ) অন্ধ্ৰ প্ৰদেশৰ বাহিৰটো অন্ধ্ৰ সমাজে তেলেণ্ড মাধ্যমৰ স্কুল পৰিচালনা কৰে। 

উত্তৰঃ


৪। তলৰ কোনবোৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ ব্যাখ্যা শুদ্ধ? 

(ক) কেবল সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীয়েহে তাত অধ্যয়ণ কৰিব পাৰিব যিয়ে শিক্ষানুষ্ঠান মুকলি কৰিছে। 

(খ) চৰকাৰী স্কুলসমূহে এইটো নিশ্চিত কৰিব লাগিব যে সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীক তেওঁলোকৰ বিশ্বাস আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰোৱা হ'ব। 
(গ) ভাষাগত আৰু ধৰ্ম্মীয় সংখ্যালঘু সম্প্রদায়ে তেওঁলোকৰ ল'ৰা-ছোৱালীৰ বাবে বিদ্যালয় পাতিব পাৰিব আৰু সেইবোৰ সিহতৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰিব।  

(ঘ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু সম্প্রদায়ে এইটো দাবী কৰিব পাৰে যে তেওঁলোকৰ ল'ৰা-ছোৱালী সমূহে তেওঁলোকৰ সম্প্ৰদায়ৰ লোকে পৰিচালনা কৰা শিক্ষানুষ্ঠানৰ বাহিৰে আন কোনো অনুষ্ঠানত নপঢ়ে।  

উত্তৰঃ


৫। তলৰ কোনটোত মৌলিক অধিকাৰ খৰ্ব হৈছে আৰু কেনেকৈ?  

(ক) নিম্নতম মজুৰি প্ৰদান নকৰা।  

(খ) এখন কিতাপ বন্ধ কৰি দিয়া। 

(গ) ৰাতি ৯ বজাৰ পিছত শব্দ-বিবর্ধক যন্ত্র বন্ধ কৰি দিয়া  

(ঘ) এটা বক্তৃতা দিয়া।  

উত্তৰঃ


৬। দুখীয়া মানুহৰ মাজত কাম কৰা এজন কৰ্মীয়ে কৈছে যে দুখীয়া মানুহক মৌলিক অধিকাৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ বাবে প্ৰয়োজনীয় হ’ল ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিক আইনগতভাবে বান্ধ খুউৱা। তুমি এই ক্ষেত্ৰত সন্মতনে? তোমাৰ যুক্তি আগবঢ়োৱা।  

উত্তৰঃ


৭। কেইবাটাও প্রতিবেদনে দেখুৱাইছে যে জাতি গোষ্ঠী যিবোৰ আগতে ৰাষ্ট্ৰৰ ময়লা ছাফা কৰাৰ লগত জড়িত হৈ আছিল তেওঁলোকক বলপূর্বকভাবে তেওঁলোকৰ সেৱা আগবঢ়াই যাবলৈ কোৱা হৈছে। তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা আহৰণৰ বাবে উৎসাহিত কৰা হোৱা নাই। এইটো ঘটনাত তেওঁলোকতৰ কোনটো মৌলিক অধিকাৰ খৰ্ব হৈ আছে? 

উত্তৰঃ


৮৷ এটা মানৱ অধিকাৰ গোষ্ঠীৰ এখন প্ৰতিবেদনে বিচাৰালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৰাষ্ট্ৰৰ অনাহাৰ আৰু ভোকাতুৰ অৱস্থাৰ ওপৰত। ভাৰতবৰ্ষৰ খাদ্য নিগমৰ গুদাম ঘৰত পাঁচ কোটি টনতকৈও বেছি খাদ্য জমা কৰি ৰখা হৈছিল। গৱেষণাই দেখুৱাই যে বেছিভাগ ৰেচ্‌ন কাৰ্ড থকা মানুহে তেওঁলোকৰ সুলভ মূল্যৰ দোকানৰ পৰা কিমান পৰিমাণৰ খাদ্য সামগ্রী কিনিব পাৰিব সেইটো নাজানে। ই বিচাৰালয়ক অনুৰোধ কৰিছিল চৰকাৰক নিৰ্দেশ দিবলৈ যাতে ইয়াৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাটো উন্নত কৰে।  

(ক) কি কি বিভিন্ন অধিকাৰ এই ঘটনাটোত জড়িত হৈ আছে? কেনেকৈ এই অধিকাৰবোৰ আন্তঃসংযোগ সম্পন্ন?  

উত্তৰঃ


(খ) এই অধিকাৰবোৰ জীৱনৰ অধিকাৰৰ এটা অংশ হোৱা উচিতনে? 

উত্তৰঃ


৯। এই অধ্যায়ত সম্বলিত সাংবিধানিক পৰিষদত সোমনাথ লাহিড়ীয়ে আগবঢ়োৱা উক্তিটো পঢ়া। তুমি তেওঁৰ সৈতে সন্মতনে? যদি হয়,  প্ৰমাণ কৰিবলৈ উদাহৰণ দিয়া। যদি নহয়, তেওঁৰ উক্তিৰ বিৰুদ্ধে যুক্তি আগবঢ়োৱা। 

উত্তৰঃ

 

১০। তোমাৰ মতে কোনটো মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ? ইয়াৰ ব্যৱস্থাবোৰ সংক্ষেপ কৰা আৰু যুক্তি আগবঢ়াই দেখুওৱা কিয় এইটো আটাইতকৈ গুৰুত্বপূর্ণ?
উত্তৰঃ



Type Himanku Bora

Post ID : DABP003650