Chapterঃ 4
প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ
(মানৱ সংস্কৃতিৰ ক্ৰমবিকাশ)
(Division of Prehistoric Cultures)
(Human Cultural Evolution)
👉Download Free PDF
👉Paid answer (Buy Now)
১। মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতু কি?
২। মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা সঁজুলিক কি বোলে?
৩। মানুহে ব্যৱহাৰ কৰা প্ৰথম সঁজুলি কি?
৪। হস্তকুঠাৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয়?
৫। ঘঁহি-পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আৱিস্কাৰ হয়?
৬। ক্ষুদ্ৰাকৃতিৰ সঁজুলিসমূহ কোন যুগৰ?
৭। প্রাক্কৃতিহাসৰ ভাগসমূহ লিখা।
৮। হাড়ৰ বেজি কোন সাংস্কৃতিক যুগত তৈয়াৰ কৰা হৈছিল?
৯। মুছটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকর্তা কোন?
১০। "নৰ প্ৰস্তৰ যুগৰ বিপ্লৱ" আখ্যা দিয়া ব্যক্তিগৰাকী কোন?
১১। স্থূল সঁজুলি কাক বোলে?
১২। মুছটেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম লিখা?
১৩। ক্ষুদ্রাস্ত্র কি? ক্ষুদ্রাস্ত্ৰবোৰ কিদৰে ব্যৱহাৰ কৰা হৈছিল?
১৪। প্ৰস্তৰ যুগৰ হাতিয়াৰ বুলিলে কি বুজা?
১৫। প্রত্নপ্রস্তৰ যুগত সঁজুলি নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা পদার্থসমূহ কি কি?
১৬। নৱপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰমান সঁজুলিৰ নাম লিখা।
১৭। প্রত্নপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰ মান প্রধান সঁজুলিৰ নাম লিখা।
১৮। ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰৰ চমু বিৱৰণী দিয়া।
১৯। হস্তকুঠাৰ মানে কি? চিত্ৰৰ সহায়ত ইয়াৰ ব্যৱহাৰিক দিশসমূহ দেখুওৱা।
২০। উচ্চ প্রত্নপ্রস্তৰ সাংস্কৃতিক বিশেষত্বসমূহ কি কি?
২১। নৱপ্ৰস্তীয় বিপ্লৱ কি? নৱপ্ৰস্তৰ যুগৰ মানৱ সমাজৰ হোৱা পৰিৱৰ্তনসমূহ
কি কি?
২৩। স্থূল সঁজুলি আৰু চলি সঁজুলিৰ মাজত পাৰ্থক্য লিখা।
২৪। প্রত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ জীৱনধাৰাৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা।
২৫। চমুটোকা লিখা
ক। অলড'ৱান সংস্কৃতি
গ। এজিলিয়ান
ঙ। কিটছেন মিডেন
খ। লেভালছিয়ান পৰম্পৰা
ঘ। মুছটেৰিয়ান সংস্কৃতি
চ। কেমপিগনিয়ান
**********
Old book questions & Answers
(not important)
1. পৰিয়ালৰ সংজ্ঞা দিয়া। পৰিয়ালৰ প্ৰকাৰ্যসমূহ আলোচনা কৰা।
উত্তৰঃ ''পৰিয়াল হৈছে উমৈহতীয়া আৱাস, অৰ্থনৈতিক সহযোগ আৰু প্ৰজনন লক্ষণ বিশিষ্ট এক সামাজিক গোট। এই গোটত উভয় লিংগৰ বয়স্কলোক অন্তৰ্ভূক্ত হয়, যি সকলৰ অতি কমেও দুজনৰ মাজত সামাজিক স্বীকৃতি প্ৰাপ্ত যৌন সম্বন্ধ থাকে আৰু সহবাস কৰা লোকসকলৰ এজন অথবা সৰহ, নিজৰ কিম্বা দত্তক গ্ৰহণ কৰা সন্তান থাকে।''
2. প্ৰাথমিক পৰিয়ালৰ সংজ্ঞা লিখা। জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালৰ গঠন সম্বন্ধে চিত্র সহকাৰে আলোচনা কৰা।
উত্তৰঃ এজন পুৰুষ, তেওঁৰ এগৰাকী পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা বা তোলনীয় অবিবাহিত ল'ৰা-ছোৱালীৰে গঠিত গোটটোক প্ৰাথমিক বা প্ৰাৰম্ভিক পৰিয়াল বোলে।
3. একান্নৱৰ্তী পৰিয়াল কি? হিন্দু একান্নৱৰ্তী পৰিয়ালৰ প্ৰকাৰ্যসমূহ আলোচনা কৰা।
উত্তৰঃ এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক সংযুক্ত, যৌথ বা একান্নৱৰ্তী পৰিয়াল বোলে। হিন্দু একান্নৱৰ্তী পৰিয়লৰ প্ৰকাৰ্যসমূহ হ'ল-
4. পৰিয়ালৰ সংজ্ঞা দিয়া । ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?
উত্তৰঃ ''পৰিয়াল হৈছে উমৈহতীয়া আৱাস, অৰ্থনৈতিক সহযোগ আৰু প্ৰজনন বিশিষ্ট এক সামাজিক গোট। এই গোটত উভয় লিংগৰ বয়স্কলোক অন্মৰ্ভূক্ত হয়, যিসকল অতি কমেও দুজনৰ মাজত সামাজিক স্বীকৃতি প্ৰাপ্ত যৌন সম্বন্ধ থাকে। আৰু সহবাস কৰা লোকসকলৰ এজন অথবা সৰহ, নিজৰ কিম্বা দত্তক গ্ৰহণ কৰা সন্মান থাকে।''
5. বাসস্থানৰ বিত্তিত পৰিয়ালৰ প্ৰকাৰ সমূহ আলোচনা কৰা।
উত্তৰঃ
6. “পৰিয়াল এটা সার্বজনীন সামাজিক গোট”। ব্যাখ্যা কৰা।
উত্তৰঃ মানৱ সমাজত ইতিহাসৰ পৰিয়ালেই হৈছে ন্যূনতম গোট। বহু গোট বা জনসমষ্টিৰে মানৱ সমাজ গঠিত। পৰিয়াল অবিহনে সমাজ গঠন হ'ব নোৱাৰে। পৰিয়াল নোহোৱা সমাজ পৃথিৱীৰ কোনো সম্প্ৰদায় নাই। সেই কাৰণে পৰিয়ালক বিশ্বব্যাপক সামাজিক অনুষ্ঠান বা সাৰ্বজনীন সামাজিক গোট বোলে। এই পৰিয়াল গোটটো সমাজৰ ক্ষেত্ৰত এই কাৰণে তাৎপৰ্যপূৰ্ণ যে- সমাজৰ নীতি-নিয়ম, সামাজিক আচৰণ বিধিকাৰ লগত কেনে আচৰণ কৰিব লাগে, কোনজন স্বজন, কোনজন সন্মানৰ ব্যক্তি আদি সকলোবোৰ কথাৰ সম্ভেদ পিতৃ-মাতৃৰ জৰিয়তে পাব পাৰে কেৱল মাত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বা তোলনীয় ল'ৰা-ছোৱালীবোৰেহে। গতিকে সামাজিক ধাৰা বা সংস্কৃতিৰ পৰম্পৰা বহনকাৰী গোট বুলিও ক'ব পাৰি। এই পৰিয়ালক গোটটোৰ কিছুমান সামাজিক দায়বদ্ধ আছে। মাক-দেউতাকে জন্মৰ পিছত ল'ৰা ছোৱালীক ভৰণ-পোষণ দি ডাঙৰ-দীঘল কৰি উপযুক্ত কৰা যিদৰে দায়িত্ব গ্ৰহণ কৰে। তেনেদৰে ল'ৰা-ছোৱালীৱে বৃদ্ধ অৱস্থাত নতুবা বেমাৰ-আজাৰ হ'লে মাক-দেউতাকক প্ৰতিপালন কৰাটো নিতান্তাই প্ৰয়োজন। সামাজিক নিয়ম অনুযায়ী স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ পৰিয়াল চলোৱাৰ দায়িত্ব এই পৰিয়াল মুৰব্বীৰ জৰিয়তে সাব্যস্ত কৰা হয়। যিবিলাক সমাজত পৰিয়ালৰ পৰ্যায়ৰ বৃহত্তৰ গোট আছে সেইবিলাক সমাজত ন্যূনতম প্ৰাথমিক পৰিয়াল অস্তিত্ব থকা দেখা যায়।
7. সংযুক্ত পৰিয়ালৰ সুফল আৰু কু ফলবোৰ কি কি ?
উত্তৰঃ সংযুক্ত পৰিয়ালৰ সুফল আৰু কুফলবোৰ হ'ল-
8. পার্থক্য দেখুওৱা:
(a) জন্মপৰিয়াল আৰু প্ৰজনন পৰিয়াল।
উত্তৰঃ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালৰ মাজত পাৰ্থক্য হ'ল-
১.জন্ম পৰিয়ালত কোনো ব্যক্তিয়ে জন্ম গ্ৰহণ কৰা পৰিয়ালটো ব্যক্তিজনৰ জন্ম পৰিয়াল।
আনহাতে, কোনো ব্যক্তিয়ে বিয়া-বাৰু কৰাই সৃষ্টি কৰা পৰিয়ালটো সেই ব্যক্তিজনৰ প্ৰজনন পৰিয়াল।
২. জন্ম পৰিয়ালত জন্ম গ্ৰহণ কৰা ব্যক্তিজন মাক-দেউতাকৰ দ্বাৰা লালিত-পালিত হয়।
আনহাতে, প্ৰজনন পৰিয়ালত ব্যক্তিজনে আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ সন্তানক লালন-পালন কৰে।
৩. জন্ম পৰিয়ালত ব্যক্তিয়ে শিশু অৱস্থাৰ পৰা সমাজৰ ৰীতি-নীতিবোৰ মাক-দেউতাক আৰু পৰিয়ালৰ সদস্যৰ সহযোগত শিকে।
আনহাতে, প্ৰজনন পৰিয়ালত ব্যক্তিজনে তেওঁৰ সন্তানক সমাজৰ ৰীতি-নীতিৰ শিক্ষা দিয়ে।
(b) বহুপত্নীক পৰিয়াল আৰু বহুপতিক পৰিয়াল ৷
উত্তৰঃ বহুপত্নীক পৰিয়াল আৰু বহুপতিক পৰিয়ালৰ মাজত পাৰ্থক্য হ'ল-
১.এজন পুৰুষে একে সময়তে কেইবাগৰাকীও পত্নীৰ লগত বসবাস কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয়, তেনে পৰিয়ালক বহুপত্নীক পৰিয়াল বোলে।
আনহাতে, এগৰাকী নাৰীয়ে একে সময়তে কেইবাজনো পুৰুষৰ লগত বসবাস কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয়, তেনে পৰিয়ালক বহুপতিক পৰিয়াল বোলে।
২. বহুপত্নীক পৰিয়ালৰ বিস্ততি বেছি।
আনহাতে, বহুপতিক পৰিয়ালৰ বিস্ততি সীমিত।
৩. বহুপত্নীক পৰিয়াল আধুনিক আৰু আদিম জনজাতীয় সমাজত দেখা যায়।
আনহাতে, বহুপতিক পৰিয়াল আধুনিক সমাজত দেখা নাযায়। আদিম জনজাতীয় সমাজতহে দেখা যায়।
(c) পিতৃস্থানীয় আৱাস আৰু মাতৃস্থানীয় আৱাস।
উত্তৰঃ পিতৃস্থানীয় আৱাস আৰু মাতৃস্থানীয় আৱাসৰ মাজত পাৰ্থক্য হ'ল-
১. বিবাহৰ পিছত নৱ-দম্পতিয়ে দৰাৰ পিতৃৰ গৃহত থাকিলে তাক পিতৃস্থানীয় আৱাস বোলে।
আনহাতে, বিবাহৰ পিছত নৱ-দম্পতিয়ে কইনাৰ মাতৃগৃহত থাকিলে তাক মাতৃস্থানিক আৱাস বোলা হয়।
২. পিতৃস্থানীয় আৱাস পিতৃপ্ৰধান সমাজত দেখা যায়।
আনহাতে, মাতৃস্থানীয় আৱাস মাতৃপ্ৰধান সমাজত দেখা যায়।
৩. পিতৃস্থানীয় আৱাসত পুত্ৰই উত্তৰাধিকাৰি সূত্ৰে পিতৃৰ সম্পত্তি লাভ কৰে।
আনহাতে, মাতৃস্থানীয় আৱাসত কন্যাই উত্তৰাধিকাৰী সূত্ৰে মাতৃৰ সম্পত্তি লাভ কৰে।
(d) পিতৃস্থানীয় আৱাস আৰু নৱস্থানীয় আৱাস।
উত্তৰঃ পিতৃস্থানীয় আৱাস আৰু নৱস্থানীয় আৱাসৰ মাজত পাৰ্থক্য হ'ল-
১. পিতৃস্থানীয় আৱাসত নৱ-দম্পতিয়ে দৰাৰ পিতৃ ঘৰত বাস কৰাকে পিতৃস্থানীয় আৱাস বোলে।
আনহাতে, বিবাহৰ পিছত কোনো দম্পতিয়ে যদি স্বামী বা স্ত্ৰীৰ পৰিয়াল আথবা স্বামীৰ মাতুল পৰিয়ালত বসবাস নকৰি স্বতন্তৰীয়াকৈ আবাস গৃহ নিৰ্মাণ কৰি বসবাস কৰিবলৈ লয়, তেনে বিবাহোত্তৰ আৱাসক নৱস্থানিক আৱাস বোলে।
(e) মাতৃ প্ৰাধান্য আৰু পিতৃ প্ৰাধান্য।
উত্তৰঃ মাতৃ প্ৰাধান্য আৰু পিতৃ প্ৰাধান্যৰ মাজত পাৰ্থক্য হ'ল-
১. মাতৃপ্ৰধান্য সমাজত মাতৃ হ'ল পৰিয়ালৰ সৰ্বেসৰ্বা।
আনহাতে, পিতৃপ্ৰধান্য সমাজত পিতৃ হ'ল পৰিয়ালৰ সৰ্বেসৰ্বা।
২. মাতৃপ্ৰধান্য আনুযায়ী পৰিয়ালৰ সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালী হয়।
আনহাতে, পিতৃপ্ৰধান্য আনুযায়ী পৰিয়ালৰ সম্পত্তিৰ উত্তৰাধিকাৰী ল'ৰা হয়।
৩. মাতৃপ্ৰধান্য সমাজত ল'ৰা-ছোৱালীয়ে মাতৃৰ উপাধি গ্ৰহণ কৰে।
আনহাতে, পিতৃপ্ৰধান্য সমাজত ল'ৰা-ছোৱালীয়ে পিতৃৰ উপাধি গ্ৰহণ কৰে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type - Ishan Dev Bora................
Answered By : Himashree Bora.
Post ID : DABP003645