3.7 সামৰণিঃ

    উদাৰীকৰণ আৰু ব্য়ক্তিগতকৰণৰ জৰিয়তে কৰা গোলকীকৰণ প্ৰক্ৰিয়াই ভাৰতবৰ্ষ আৰু অন্য়ান্য় দেশসমূহত ইতিবাচক ফলাফলৰ লগতে নেতিবাচক ফলাফলৰো সৃষ্টি কৰিলে। পণ্ডিত কিছুমানে মত পোষণ কৰে যে গোলকীকৰণে উন্নয়নশীল দেশসমূহক বিশ্বৰ বজাৰত বৰ্ধিত প্ৰৱেশ, উচ্চ প্ৰয়ুক্তিবিদ্য়া আহৰণ আৰু বৃহৎ উদ্য়ােগ স্থাপনৰ সম্ভাৱনাৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়ত এক গুৰুত্বপূৰ্ণ স্থান গ্ৰহণৰ সুবিধা প্ৰদান কৰিলে। 

    আনহাতে, সমালোচনাসকলে যুক্তি প্ৰদৰ্শন কৰে যে গোলকীকৰণ উন্নত দেশসমূহত তেওঁলোকৰ বজাৰ বিস্তাৰ কৰাৰ এক কৌশলহে মাথোন। তেওঁলোকৰ মতে দুখীয়া দেশসমূহৰ জনসাধাৰণৰ কল্য়াণ আৰু অস্তিত্বৰ ক্ষেত্ৰত ই আপোচ কৰিছে। লগতে আঙুলিয়াই দিয়া হৈছে যে বজাৰৰ দ্ধাৰা পৰিচালিত গোলকীকৰণে দেশসমূহ আৰু মানুহৰ মাজত আৰ্থিক বৈষম্য় বৃদ্ধি কৰিছে। 

    ভাৰতীয় প্ৰেক্ষাপটত কৰা কিছুমান অধ্য়ায়নত দেখা যায় যে নব্বৈৰ দশকৰ আৰম্ভণিত সৃষ্টি হোৱা সংকট আছিল ভাৰতীয় সমাজত শিপাই থকা অসমতা। এনে সংকটৰ প্ৰতি সঁহাৰি স্বৰূপে বাহ্য়িকভাৱে দিয়া উপদেশাৱলীৰ ভিত্তিক চৰকাৰে আৰম্ভ কৰা গোলকীকৰণৰ প্ৰক্ৰিয়াই আসমতা বৃদ্ধিহে কৰিলে। তদুপৰি এই ব্য়ৱস্থাই উচ্চ শ্ৰেণীৰ লোকসকলৰ আয় আৰু মান সম্পন্ন ভোগ্য়সামগ্ৰী বৃদ্ধি কৰিলে। বৃদ্ধি মাত্ৰ কিছুমান নিৰ্বাচিত খণ্ডত যেমে-- দূৰসংযোগ, বিত্ত, তথ্য় প্ৰযুক্তিবিদ্য়া, আমোদ-প্ৰমোদ, ভ্ৰমণ আৰু অতিথি সেৱা, ভূসম্পত্তি আৰু বাণিজ্য়তহে কেন্দ্ৰীভূত হল । আলফলে ভাৰতীয় অৰ্থব্য়ৱস্থাৰ অতি গুৰুত্বপূৰ্ণ খণ্ডসমূহ যেনে- কৃষি আৰু উদ্য়াোগে সিমান সমাদৰ নাপালে। অথচ এই খণ্ডসমূহে হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ পথ মুকলি কৰে। 


Janmoni Hazarika