ভুলতো নাচাবা তুমি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।।
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।
তুমি চালেই মোৰ ভাল লাগিছিল
চুমি হাঁহিলেই প্রাণ ভৰিছিল।।
এতিয়া নালাগে তেনে মিঠা হাঁহি
দেখিলেই জানা বুকু যায় ফাটি
নেলাগে আহিব উভতি
আনৰ মৰমকে নেওচি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।
সিদিনা আছিলা হিয়াৰ লগৰী
মৰম দিছিলা বুকু উজাৰি।।
নুবুজিলো কিয় গ'লা আঁতৰি
চিঙি মোহাৰি মোহাৰি
মোৰ আশাৰ পাপৰি
নালাগে আহিব উভতি।।
আনৰ মৰমকে নেওচি ।
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।।
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।