মায়াবিনী



মায়াবিণী ৰাতিৰ বুকুত

দেখা পালো তোমাৰ ছবি 

ধৰা দিলা গোপনে আহি 

হিয়াৰ কোণত 

তুমি যে মোৰ শুকান বনত 

নিয়ৰৰে চেঁচা টোপাল 

নামি অহা ৰ’দৰে নৈ 

মোৰ দেহত প্ৰতি পুৱা 

ধুমুহাৰ স’তে মোৰ 

বহু যুগৰে নাচোন 

এন্ধাৰো সঁচা মোৰ 

বহু দিনৰে আপোন

নিজানৰ গান মোৰ 

শেষ হ’ব ভাবো

তোমাৰ বুকুত


 

প্ৰতি শৰতৰ প্ৰভাতী ফুলে 

ক’ব তোমাকেই মোৰ কথা 

প্ৰতি মেঘালী নিশাৰ জোনে 

ক’ব তোমাকে মোৰ বেথা

ধুমুহাৰ স’তে মোৰ ............



দুচকুলে’ তোমালে’ চালে 

সপোন আঁতৰি দিঠক আহে 

চুব খুজিলেই মোৰ দুহাতে 

দিঠক আঁতৰি সপোন আহে।

ধুমুহাৰ স’তে মোৰ ............




Post ID : DABP004690