হাঁহিলে তুমি



হাঁহিলে তুমি মুকুকা মণি সৰে 

দুচকু ভৰিলেও মন নভৰে।।

বেদনাৰ জলা জুই কেতিয়া নুমাবা 

মৰমৰ বৰষাৰে অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা


বহুদিনৰে পৰা নিশা জাগি 

সাচিছো যে তোমালে'

মন মাধুৰি।।

উঠলি উঠা মৰমে 

গোপনে হিয়া আবৰে 

বেদনা আকাশ ভাঙি 

মন কিয় যে নভৰে 

কোৱানা অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা


সোণ সৰা সপোনৰ পাৰ ভাঙি 

অসীমলে আনিলা তুমি আজি 

ক’ত যে দুখৰ ধুমুহা 

পাৰ হৈ আহি আহি 

সেউজীয়া এটি ছবি 

মনৰে কাষতে আঁকি 

ৰৈ আছো অনামিকা 

কলিজা ৰঙা কৰি উজ্বলি আছা

হাঁহিলে তুমি.....।