এইনো বৰে ঘৰ কেলেই সাজিলা...

এইনো বৰে ঘৰ কেলেই সাজিলা, 

কেলেই সাঁচিলা ধন, 

জপাৰ বৰ কাপোৰ জপাতে পচিব  

হাড়তো গজিব বন।  

বৰঘৰ ভাগিলে সাজিম ভালে কৰি  

আগতকৈ শুৱনি কৰি  

দেহা বুঢ়া হ’লে ৰাখিম কেনে কৰি  

যাব নিজ ঘৰে চলি ।  

ঘৰো ভাগিব মাড়লি হালিব  

বাটিবৰ নহ'ব গৰ,  

দীঘলে দুমাৰি পথালি এমাৰি  

ল’ৰা বাৰী চুকত ঘৰ।  

ধনে ধনে কৰি ধনকে ঘটিলা  

পৰমে যতনে কৰি  

ধনো থাকিল পৰি দেহা গ'ল চলি  

লগত গ'ল চপৰা দলি।