ৰূপৰে সাগৰত নাও মেলি...


ৰূপৰে সাগৰত নাও নেলি দিলি 
নিচিনি বালিবে চৰ মনাই অ' 
অ' মনাই বান্ধিলি বালিৰে ঘৰ।

কতনা ভাবিলি
গোৰো নেজানিলি অ'
হাতবে হেৰাইলি বঠা।
আশা লগ পাই
তই হেৰ মনাই।
মিছাতে লগালি লেঠা।।
মনাই তা'
সংসাৰ সাগবে
নাও বায় আহিলি
তৰিলি ৰূপৰে পাল।
সাগৰ শুকাইলা
মাণিকো লুকাইলা
তোৰে ভৈলা যমকাল।
মনাই অ'
ৰূপৰ কাৰণ
কৰিয়া ৰোদন অ'
সংসাৰ সাগৰৰ মাজে।
নিজে হৈলি পৰ
পৰে হৈলি নিজ
অন্তৰ হেৰাইলি তোৰ।।
মনাই অ'