মোৰ মনত আন ভাৰ নাই...  

মোৰ মনত আন ভাব  

না ঔ আল্লা,  

মোৰ মনত ভিন পৰ  

নাই ঔ আল্লা,  

হিন্দু কি মুছলমান  এ

কে আল্লাৰ ফৰমান  

মোৰ মনত একেটি ভাব।  


হিন্দুকে জ্বলাব  মুছলমানক গাঢ়িব  

একেখনি জমীনৰ তলত। 

হিন্দুকে জ্বলাব  মোমিনকে গাঢ়িব  

খাকৰ তল খাকত মিলাৰ আল্লা  

ফৰিঙকে দেখি  শালিকী পাগলে  

চিতে তলে বলে কৰে।  

নেজানো আল্লা মই  

নেজানো খোদা মই  

কোন দিনা মৱতে ধৰে।