আল্লাৰ বিনে কেও নাই আন ও আল্লাহে..... 

হকৰ বিনে চক্কৰ নাই  আল্লাৰ বিনে গতি নাই  

পানীৰ বিনে নাই নিৰমল।  

হকৰ বিনে চক্কৰ নাই আল্লাৰ বিনে গতি নাই, 

নবীৰ বিনে নাই নিস্তাৰ।।  

আওবল কলিমাৰ বিনে  আন জিকিৰ আৰু নাই  

ৰব বিনে অথল ই সংসাৰ।।  

দুনিয়ালৈ আহিলো যে  ৰঙে ৰসে বেহালো যে  

নেবেহালো মাণিকৰ হাট।  

অমিয়াৰ মাধুৰি পাই মুৰ্ছিদলৈ মনত নাই 

নুশুনিলো সৎ গুৰুৰ মাত।  

আল্লা আছে আলগত  ৰছুল আছে নিলগত  

তাৰ ওপৰে আছে খোদাই।  

ভাবিলেহে তৰিবা  এৰিলেই মৰিবা  

দিলতে চিন্তিবা সদায়।।  

একেটিযে মাৰিলতে শাৰী শাৰী ৰুৱা তাত 

মাৰিলতে বিন্ধিলে ঘূণে।

পছোৱাত লৰচৰ      হুৰুসাই পৰে ঘৰ  

ঢোকা দিবা ৰাখিব কোনে।।