ৰহমৰ গিৰিহঁত...  


ঘোষা: ৰহমৰ গিৰিহঁত  

তুমি আল্লা চাহেব ঐ  

যদি কৰা দৰীয়াৰ পাৰ।  


পদঃ  চিন্তো হেৰা মোৰ মন আল্লাৰ নামত 

ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।  

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, 

খোদাৰ ৰছুল লুকাই আছে মোমিনৰ আঁৰত।  

খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ- 

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঁচাৰ৷  

মক্কাৰ দুৱাৰত বান্দা জীৱই মাৰে তালি,

যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি ৷ 

মক্কাৰ দুৱাৰত চাহেব তিৰবেশীৰ ঘাট,

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।

আচমানৰে কুতুব তৰা আদমৰে জাত,        

সজাত মইনা আছে ঘনে লগায় মাত।  

সজাৰ মইনাটিৰ অনেক যুগুতি,  

দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।  

দেও মাৰি পাৰ হৈ জীৱই আছে চাই, 

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।