দীঘল ন লক্ষ পথালি ন লক্ষ...


দীঘল ন লক্ষ পথালি ন লক্ষ,  

ওঠৰ লক্ষ কথা।  

ভক্তি মানি আহি, ঠাইতে বহিছে,  

শঙ্কৰে দোঁৱাইছে মাথা।  

কাশীয়ে গয়া, গকুলে মথুৰা,  

আত্মাৰ ভিতৰে আছে,  

ব্ৰহ্মা হৰিহৰ, কৃষ্ণ বলোভদ্র  

আত্মাৰ ভিতৰে আছে।  

উজনি মুখীয়া ডিঙ্গৰা পাতিলা  

পিপৰা নগ'লে সাৰি।  

যি লোকে নাজানে গুৰু ভকতক 

থাকিব ডিঙ্গৰাত লাগি।