দেহাৰ বিচাৰ কৰো এপ্রাণেৰ বান্ধৱ...


দিহা : দেহাৰ বিচাৰ কৰো এপ্রাণেৰ বান্ধব
দেহাৰ বিচাৰ কৰো।
চৈধ্যয় ব্রহ্মাণ্ড
চৈধ্যয় বৈকুণ্ঠ
দেহাত বিচাৰ ধৰো।।

পদ ঃইন্দ্ৰ আদি কৰি
ত্রিদশ দেবতা
দেহাতে বিচাৰি পায়।
উৰণ বুৰণ আদি
চাৰিমুঠি জীৱ
লৈবো শৰীৰত চাই।।
ব্ৰহ্মা হৰিহৰ
কৃষ্ণ বলোভদ্ৰ
আতমাৰ ভিতৰে আছে।
গঙ্গা গয়া কাশী
গগুকী যমুনা
পাবা শৰীৰৰ কাছে।।
দশদল বেঁহু
ভেদিব যিজনে
সেইজনে সংসাৰ তবে।
বেহু ভেদিবাক
যিজনে নোৱাৰে
পাশত লাগিয়া ঘূৰে।।