অমলপ্ৰভা দাস

অমলপ্ৰভা দাস ( ১৯১১- ১৯৯৪) ঃ অমলপ্ৰভা দাসৰ ১৯১১ চনৰ ১২ নৱেম্বৰত জন্ম হয়। তেখেতৰ পিতৃৰ নাম ডাঃ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা দাস। তেখেতে ডিব্ৰুগড়ৰ মডেল বালিকা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ১৯২৯ চনত কলকাতাৰ বেথুন কলেজৰ পৰা প্ৰথম বিভাগত আই এছ চি, ১৯৩৩ চনত স্কটিছ চাৰ্চ কলেজৰ পৰা ডিষ্টিংচনসহ বি এছ চি পাছ কৰে। কলকাতাৰ ছায়েন্স কলেজৰ পৰা প্ৰায়োগিক ৰসায়ন এম এছ চি পৰীক্ষাত উত্তীৰ্ণ। তেখেত গান্ধীজীৰ প্ৰিয় শিষ্য আছিল। সত্যাগহ কৰাৰ অভিযোগত দুবাৰ কাৰাবাস খাটিব লগা হয়। তেখেতৰ প্ৰচেষ্টাত ১৯৪৬ চনত কস্তুৰবাদ গ্ৰামসেৱিকা বিদ্যালয় প্ৰতিষ্ঠা হয়। তেখেতে ভূ-দান আন্দোলনৰ অন্যতম নেত্ৰী আছিল। ১৯৫৪ চনত পদ্মশ্ৰী সন্মান লাভ কৰে। তেখেতে পদ্ম বিভূষণ সন্মান লাভ কৰিছিল। তেখেতৰ মৃত্যু ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত গুৱাহাটীত মৃত্যু হয়। 


Type- DIKHA BORA

Morigaon Assam