১। কোনে কেতিয়া কামৰূপ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰঃ খৃ.চতুৰ্থ শতিকাৰ মাজভাগত বৰ্মনসকলে প্ৰাগজ্যোতিষ কামৰূপ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।
২। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।
উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হল পূয্যবৰ্মন ।
৩। কোনখন গ্ৰন্থত কামৰূপ শব্দটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে পোৱা গৈছে ।
উত্তৰঃ সমুদ্ৰগুপ্তৰ এলাহাবাদ লিপিত কামৰূপ শব্দটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে পোৱা গৈছে ।
৪। নগেন্দ্ৰনাথ বসুৱে লিখা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ নগেন্দ্ৰনাথ বসুৱে লিখা গ্ৰন্থখনৰ নাম হল Social History of Kamarupa.
৫। বাণভট্টৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ বাণভট্টৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম হল হৰ্ষচৰিত ।
৬। গুপ্তসম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজাজনৰ নাম কি আছিল ।
উত্তৰঃ গুপ্তসম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজাজনৰ নাম হল পুষ্যবৰ্মন ।
৭। পুষ্যবৰ্মনে গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।
উত্তৰঃ পুষ্যবৰ্মনে গ্ৰহণ কৰা উপাধিটোৰ নাম হল মহাৰাজাধিৰাজ ।
৮। ৰাজতৰঙ্গিনীত উল্লেখ থকা প্ৰাগজ্যোতিষৰ জীয়ৰীগৰাকীৰ নাম কি ?
উত্তৰঃ ৰাজতৰঙ্গিনীত উল্লেখ থকা প্ৰাগজ্যোতিষৰ জীয়ৰীগৰাকীৰ নাম হল অমৃতপ্ৰভা ।
৯। স্তনপা কোন আছিল ।
উত্তৰঃ স্তনপা তিব্বতীয় বৌদ্ধ ভিক্ষু আছিল ।
১০। স্তনপাই নিৰ্মাণ কৰা বৌদ্ধস্তূপটোৰ নাম কি আছিল ।
উত্তৰঃ স্তনপাই নিৰ্মাণ কৰা বৌদ্ধস্তূপটোৰ নাম হল লা-স্তনপা ।
১১। অমৃতপ্ৰভাই বৌদ্ধভিক্ষুসকলৰ বাবে নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটোৰ নাম কি আছিল ।
উত্তৰঃ অমৃতপ্ৰভাই বৌদ্ধভিক্ষুসকলৰ বাবে নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটোৰ নাম হল অমৃতভৱন ।
১২। বৰ্মন বংশৰ প্ৰথমজন উল্লেখযোগ্য ৰজাৰ নাম কি আছিল ।
উত্তৰঃ বৰ্মন বংশৰ প্ৰথমজন উল্লেখযোগ্য ৰজা হল মহেন্দ্ৰ বৰ্মন ।
১৩। য়ু-চাইৰ অৰ্থ কি ।
উত্তৰঃ য়ু-চাইৰ অৰ্থ হল চন্দ্ৰৰ দৰে মুখ যাৰ ।
১৪। মহেন্দ্ৰ বৰ্মনৰ সমসাময়িক গুপ্তসম্ৰাট কোন আছিল ।
উত্তৰঃ মহেন্দ্ৰ বৰ্মনৰ সমসাময়িক গুপ্তসম্ৰাট হল কুমাৰগুপ্ত ।
১৫। দুবাৰ অশ্বমেধ যজ্ঞ সম্পাদন কৰা ৰজাজনৰ নাম কি আছিল।
উত্তৰঃ দুবাৰ অশ্বমেধ যজ্ঞ সম্পাদন কৰা ৰজাজনৰ নাম হল মহেন্দ্ৰ বৰ্মন ।
১৬। দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ আন নাম কি ।
উত্তৰঃ দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ আন নাম হল মহেন্দ্ৰ ।
১৭। প্ৰাচীন অসমৰ এজন উল্লেখযোগ্য ৰজা নাম কি ।
উত্তৰঃ প্ৰাচীন অসমৰ এজন উল্লেখযোগ্য ৰজা হল ভূতি বৰ্মন ।
১৮। সুস্থিৰ বৰ্মনে গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।
উত্তৰঃ সুস্থিৰ বৰ্মনে গ্ৰহণ কৰা উপাধিটোৰ নাম হল মহাৰাজাধিৰাজ ।
১৯। ভাস্কৰ বৰ্মনৰ কটকীজনৰ নাম কি আছিল ।
উত্তৰঃ ভাস্কৰ বৰ্মনৰ কটকীজনৰ নাম হল হংসবেগ ।
২০। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।
উত্তৰঃ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা হল শালস্তম্ভ ।
২১। শালস্তম্ভ বংশৰ এজন উল্লেখযোগ্য ৰজাৰ নাম লিখা ।
উত্তৰঃ শালস্তম্ভ বংশৰ এজন উল্লেখযোগ্য ৰজা হল শ্ৰী হৰ্ষ ।
২২। হৰ্জৰ বৰ্মনৰ মাতৃৰ নাম কি আছিল ।
উত্তৰঃ হৰ্জৰ বৰ্মনৰ মাতৃৰ নাম হল জীৱদেৱী ।
২৩। হৰ্জৰ বৰ্মন দুখন লিপিৰ নাম লিখা ।
উত্তৰঃ হৰ্জৰ বৰ্মনৰ দুখন লিপিৰ নাম হল
ক) হয়ুন্ঠাল তাম্ৰশাসন ।
খ) কুৰুৱাবাহী তাম্ৰশাসন ।
২৪। হৰ্জৰ বৰ্মনে কি উপাধি গ্ৰহণ কৰিছিল ।
উত্তৰঃ হৰ্জৰ বৰ্মনে মহাৰাজাধিৰাজ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল ।
২৫। তৃতীয় বলবৰ্মনে কি উপাধি গ্ৰহণ কৰিছিল ।
উত্তৰঃ তৃতীয় বলবৰ্মনে মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল ।
২৬। তৃতীয় বলবৰ্মনৰ তিনিখন লিপিৰ নাম লিখা ।
উত্তৰঃ তৃতীয় বলবৰ্মনৰ তিনিখন লিপিৰ নাম হল
কঃ উত্তৰ বৰবিল তাম্ৰশাসন ।
খ) নগাওঁ তাম্ৰশাসন ।
গ) উলুবাৰী তাম্ৰশাসন ।
২৭। পালবংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।
উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা হল ব্ৰহ্মপাল ।
২৮। পালবংশৰ এজন উল্লেখযোগ্য ৰজাৰ নাম কি ।
উত্তৰঃ পালবংশৰ এজন উল্লেখযোগ্য ৰজাৰ নাম হল ৰত্নপাল ।
২৯। ৰত্নপালে জাৰি কৰা কেিখনমান লিপিৰ নাম লিখা ।
উত্তৰঃ ৰত্নপালে জাৰি কৰা লিপিকেইখন হল
ক) চোৰাতবাৰী তাম্ৰশাসন ।
খ) বৰগাওঁ তাম্ৰশাসন ।
গ) শুৱালকুছি তাম্ৰশাসন ।
৩০। ধৰ্মপালৰ উত্তৰাধিকাৰীজনৰ নাম কি ।
উত্তৰঃ ধৰ্মপালৰ উত্তৰাদিকাৰী হল জয়পাল ।
Author Ali Rani Kakati
0 Comments