অধ্যায়ঃ ৩  

ৰাজবংশসমূহ 

অতি চমু প্ৰশ্ন( Very Short Questions)


১। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

( Who was the founder of Varman Dynasty?)

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হল পূৰ্য্যবৰ্মন ।


২। এলাহাবাদ প্ৰশস্তিত উল্লেখ থকা এখন ৰাজ্যৰ নাম লিখা ।

( Write the name of tone state mentioned in Allahabad Prasasti .

উত্তৰঃ এলাহাবাদ প্ৰশস্তিত উল্লেখ থকা এখন ৰাজ্যৰ নাম হল প্ৰাগজ্যোতিষপূৰ ।


৩। বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল ?

( Name the Varman king who first adopted the tittle '' Maharajadhiraja''?)

উত্তৰঃ  পুৰ্য্যবৰ্মনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল ।


৪। ম ৎসায়ন শব্দৰ দ্বাৰা কি বুজোৱা হৈছে ?

( What is meant by the word Matsayana'' ?)

উত্তৰঃ ম ৎসায়ন শব্দৰ দ্বাৰা অৰাজকতা আৰু শোষণ অত্যাচাৰ আদি বুজোৱা হয় ।


৫।  চীনদেশলৈ ৰাষ্ট্ৰদূত প্ৰেৰণ কৰা কপিলী উপত্যকাৰ ৰজাজন কোন ?

( Who was the king of Kapili valley who sent ambassadar in china.)\

উত্তৰঃ চীনদেশলৈ ৰাষ্ট্ৰদূত প্ৰেৰণ কৰা কপিলী ুপত্যকাৰ ৰজাজন হল 


৬। মহেন্দ্ৰ বৰ্মনৰ সমসাময়িক এজন গুপ্তৰজাৰ নাম লিখা ।

( Write the name of the Gupta king contemporary to Mahendra Varman .)

উত্তৰঃ মহেন্দ্ৰ বৰ্মনৰ সমসাময়িক এজন গুপ্তৰজা হল কুমাৰ গুপ্ত ।


৭। অশ্বমেধ যজ্ঞ সম্পাদন কৰা এজন বৰ্মন বংশীয় ৰজাৰ নাম লিখা ।

( Write the name of our varmana king who performance Asvamedha Sacrifice.)

উত্তৰঃ অশ্বমেধ যজ্ঞ সম্পাদন কৰা এজন বৰ্মংন বংশীয় ৰজা হল মহেন্দ্ৰ বৰ্মন ।


৮। ভূতি বৰ্মনে জাৰি কৰা এখন লিপিৰ নাম লিখা ।

( Write the name of the inscription of bhuti Varman.)

উত্তৰঃ ভূতি বৰ্মনে জাৰি কৰা এখন লিপিৰ নাম হল বৰগংগা শৈল শাসন ।


৯। বৈদিক নিয়মেৰে ৰাজ-অভিষেক কৰা প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন 

( Who was the first  king of Ancient Assam who performed coronation ceremony with Vedic rites?)

উত্তৰঃ বৈদিক নিয়মেৰে ৰাজ-অভিষেক কৰা প্ৰাচীন অসমৰ প্ৰথমজন ৰজা হল মহেন্দ্ৰ বৰ্মন ।


১০। কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল ?

( Who was called '' Kumar Raja''?)

উত্তৰঃ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হৈছিল ।


১১। ভাস্কৰ বৰ্মনে হৰ্ষবদ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি ?

( What was the name of the ambasadar sent by Bhaskar Varman to the court of Harsa Vardhana?)

উত্তৰঃ ভাস্কৰ বৰ্মনে হৰ্ষবদ্ধনলৈ পুঠোৱা কটকীজনৰ নাম হল হংসবেগ ।


১২। শালস্তম্ভৰ প্ৰতিষ্ঠাতা কোন ?

( Who was the founder salastambha dynasty?)

উত্তৰঃ শালস্তম্ভৰ প্ৰতিষ্ঠাতা হল শালস্তম্ভ ।


১৩। পালবংশৰ প্ৰতিষ্ঠাতা কোন ?

( Who was the founder of pala dynasty?)

উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা হল ব্ৰহ্মপাল ।


চমু প্ৰশ্ন ( Short Question )

১। মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা বৰ্মন বংশৰ দুজন ৰজাৰ নাম লিখা ।

( Write the name of two kings of Varman dynasty who adopted the tittle ''Maharajadhiraja'',?)

উত্তৰঃ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা বৰ্মন বংশৰ দুজন ৰজাৰ নাম হল 

ক) পুষ্যবৰ্মন ।

খ) মহেন্দ্ৰ বৰ্মন ।


২। বৰ্মনসকলৰ দুখন লিপি উল্লেখ কৰা ।

( Mention two inscriptions of Varman kings.)

উত্তৰঃ বৰ্মনসকলৰ দুখন লিপি হল 

ক) উলুবাৰী তাম্ৰশাসন ।

খ) চোৰাতবাৰী তাম্ৰশাসন ।


৩। ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ দুজন ৰজাৰ নাম লিখা ।

( Mention two kings of northern India who were contemporary to Bhaskar Varman.)

উত্তৰঃ ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ দুজন ৰজাৰ নাম হল 

৪। ৰাজ্যমতীৰ দেউতাকৰ নাম কি আৰু তেওঁক কোনে বিয়া কৰাইছিল ?

( Who was Rajyamati's father and who married her ?)

উত্তৰঃ ৰাজ্যমতীৰ দেউতাকৰ নাম আছিল 

৫। হৰ্জৰ বৰ্মনৰ দুখন লিপিৰ নাম লিখা ।

( Mention inscriptions of harjar Varman.)

উত্তৰঃ হৰ্জৰ বৰ্মনৰ দুখন লিপিৰ নাম হল 

ক) তেজপুৰ শৈলশাসন ।

খ) কুৰুৱাবাহী শৈলশাসন ।


৬। অশ্বমেধ যজ্ঞ সম্পাদন কৰীা প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম লিখা ।

(Write the name of two kings of ancient Assam who performed asvamedha Sacrifice?)

উত্তৰঃ অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম হল

ক) মহেন্দ্ৰ বৰ্মন ।

খ) স্থিতবৰ্মন ।


চমু টোকা ( Short Notes)

১। বৰ্মন সকলৰ আঁতিগুৰি 

( Origin of the Varmanas)

উত্তৰঃ  বৰ্মনসকলৰ আতিগুৰি সম্পৰ্কে ঐতিহাসিকসকল একমত হব পৰা নাই । বৰ্মনবংশীয় ৰজাসকলে নিজকে নৰক-ভগদত্ত বংশীয় বা ভৌম বংশ হিচাপে চিনাকি দিছিল । প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় ঐতিৰীয় ব্ৰাহ্মণৰ সময়ৰ পৰাই ৰজা ইশ্বৰ প্ৰেৰিত দূত ধাৰণাটোৰ প্ৰচলন হৈছিল । সেই সময়ৰ ৰজাসকলে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ বাবে নিজকে বিভিন্ন দেৱতা যেনে -চন্দ্ৰ-সুৰ্য্য, ইত্যাদি, আৰু ৰামায়ণ,-মহাভাৰতনায়কসকলৰ বংশজাত বুলি প্ৰতিষ্ঠা কৰিব বিছাৰিছিল । প্ৰাচীন অসমৰ ৰজাসকলে এই ধাৰণা প্ৰচাৰৰ দ্বাৰা নিজৰ ৰাজনৈতিক মৰ্যাদা প্ৰতিষ্ঠা কৰিব বিছাৰিছিল । প্ৰাচীন অসমৰ কিংবদন্তীয় ৰজা নৰক ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰত মাতৃ পৃথিৱীৰ গৰ্ভত জন্মবুলি আখ্যান আছে । পৰৱৰ্তী ৰজাসকলে নিজকে বিষ্ণুপুত্ৰ নৰকৰ বংশজাত বুলি পৰিচয় দিয়া দেখা গৈছিল । খৃ. সপ্তম শতিকাৰ পৰা প্ৰাগজ্যোতিষৰ ৰজাসকলে এনে পৰিচয় দিয়াৰ তথ্য পোৱা গৈছে । ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ তাম্ৰশাসন আৰু বাণভট্টৰ হৰ্ষচৰিত্ৰচ এনে তথ্য পোৱা গৈছে । চীনা পৰিব্ৰাজক হিউৱেন চাংঙে ভাস্কৰ বৰ্মন ব্ৰাহ্মণ আছিল বুলি উল্লেখ কৰিছে । 


২। হৰ্জৰ বৰ্মন ( Harjar Varman)

উত্তৰঃ আৰথিৰ পুত্ৰ হৰ্জৰ বৰ্মন কামৰূপৰ ৰজা হয় । তেওঁৰ মাতৃৰ নাম আছিল জীৱদেৱী । বৈদিক প্ৰথাৰে ৰাজ-অভিষেক পতা এইজনেই আছিল প্ৰথম শালস্তম্ভীয় বংশৰ ৰজা । বহু ব্ৰাহ্মণ পুৰোহিত, পাৰিষদবৰ্গ, কৰতলীয়া ৰজা, ব্যৱসায়ী, সদাগৰ াদিৰ উপস্থিতিত েই অভিষেক পাতি হৰ্জৰ বৰ্মনে কামৰূপৰ ৰাজসিংহাসনত বহিছিল ।

হৰ্জৰ বৰ্মনৰ ৰাজত্বকালৰ তিনিখন লিপি এতিয়ালৈকৈ উদ্ধাৰ হৈছে । প্ৰথমখন তেজপূৰ নগৰৰ পশ্চিম দিশে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ডাঙৰ শিল এটাত খোদিত কৰা হৈছে আৰু এই লিপিখন তেজপুৰ শৈলশাসনহিচাপে জনা যায় । দ্বিতীয়খন কাৰ্বি আংলং জিলাৰ হয়ুন্ঠালত আৱিস্কৃত হোৱা হয়ুন্ঠাল তাম্ৰশাসন আৰু তৃতীয়খন হল নগাওঁ জিলাৰ কুৰুৱাবাহী সত্ৰত আৱিস্কৃত কুৰুৱাবাহী তাম্ৰশাসন । তাৰোপৰি েই বংশৰ অন্য দুজন ৰজা হল বনমাল বৰ্মাদেৱ আৰু তৃতীয় বলবৰ্মনৰ লিপিতো হৰ্জৰ বৰ্মনৰ বিষয়ে উল্লেখ পোৱা যায় । তেজপুৰ শৈলশাসনত গুপ্তাব্দ ব্যৱহাৰ কৰা হৈছে । এই কথাই কামৰূপ আৰু ইয়াৰ দাতি-অঞ্চল সমূহত পূৰ্বৰ বৰ্মনসকলৰ দিনৰ পৰা থকা গুপ্তসংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ দিয়ে । বৰ্মন বংশৰ ৰজাসকলৰ দিনৰ পৰাি ৰাজকীয়-নথি পত্ৰ, সমূহত প্ৰায়ে গুপ্তাব্দ ব্যৱহাৰ হোৱা দেখা গৈছিল । 

৩। শালস্তম্ভ 

( Salastambha)

উত্তৰঃ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিল শালস্তম্ভ । বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মনৰ কোনো উত্তৰাধিকাৰী নথকাত ৰাজ্যত যি ৰাজনৈতিক অৰাজকতাৰ সৃষ্টি হৈছিল সেই ৰাজনৈতিক অৰাজকতাৰ সুবিধা লৈ শালস্তম্ভই কামৰূপৰ সিংহাসন অধিকাৰ কৰিছিল । শালস্তম্ভই নিজকে নৰক-ভগদত্তীয় বংশৰ বুলি চিনাকী দিছিল । শালস্তম্ভই আনুমানিক খৃ. ৬৫০ ৰ পৰা৬৭৫ লৈ ৰাজত্ব কৰিছিল যদিও তেওঁৰ সময়ত কামৰূপ ৰাজ্যৰ বিস্তৃ সম্পৰ্কে বিশেষ তথ্য পোৱা নাযায় । হৰ্জৰ বৰ্মনৰ হয়ুন্ঠাল তাম্ৰশাসনত তেোংক শত্ৰুহন্তা আৰু বাঘৰ দৰে শক্তিশালী ৰজা হিচাপে বৰ্ণনা কৰা হৈছে । ভাস্কৰ বৰ্মনৰ পাছতে ৰাজত্ব কৰা শালস্তম্ভৰ ৰাজ্যখনো কামৰূপ ৰাজ্যৰ মূলখণ্ডত বিস্তাৰিত আছিল বুলি অনুমান কৰিব পাৰি । অবশ্য তেওঁৰ সমসাময়িক ৰজা আদিত্য সেন উত্তৰ বংগত শক্তিশালী হৈ উঠাত পূৰ্বৰ ভাস্কৰ বৰ্মনে অধিকাৰ কৰা কৰ্ণসুৰ্বণ অঞ্চলটো আদিত্যসেনৰ হাতলৈ যোৱা যেন ধাৰণা হয় । শালস্তম্ভৰ পাছত ক্ৰমে বিজয়, পালক, কুমাৰ, আৰু ব্ৰজদেৱ কামৰূপৰ ৰজা হয় ।

৪। পালসকল

( Palas)

উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা আছিল ব্ৰহ্মপাল । শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ কোনো উত্তৰাধিকাৰী নথকাত তেওঁৰ মৃত্যুৰ পাছত ব্ৰহ্মপালক কামৰূপৰ ৰজডা নিৰ্বাচিত কৰা হয় । ব্ৰহ্মপালৰ ৰাজসিংহাসন লাভৰ বিষয়ে তেোংৰ পৰৱতী ৰজা ৰত্নপালৰ বৰগাোঁ তাম্ৰশাসনত এনেদৰে উল্লেখ আছে , --- কোনো উত্তৰাধিকাৰী নোহোৱাকৈ শালস্তম্ভৰ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ কুটুম্ব-এজন উপযুক্ত ভৌম-বংশীয় লোকক ৰজা পাতিলে ভাল হব বুলি ব্ৰহ্মপালক নিৰ্বাচন কৰিলে । পালবংশৰ ৰজাসকলে জাৰি কৰা নখন তাম্ৰশাসন বৰ্তমানলৈকৈ উদ্ধাৰ হৈছে । কিন্তু এই তাম্ৰশাসনসমূহৰ প্ৰায় ভাগতে চন তাৰিখ, উল্লেখ নথকাত তেওঁলোকৰ সঠিক ৰাজত্বকাল নিৰ্ণয় কৰিবলৈ অসুবিধা পায় । পালবংশৰ এজন উল্লেখযোগ্য ৰজা আছিল ব্ৰহ্মপাল । তেোং নিজে জাৰি কৰা তাম্ৰশাসন সমূহত তেওঁক ৰত্নৰ দৰে উজ্জল আৰু অমূল্য গুণৰ অধিকাৰী বুলি বৰ্ণনা কৰা হৈছে । তেওঁ আছিল প্ৰৱল পৰাক্ৰমী ৰজা পূৰ্বৰ ৰজাসকলৰ দৰে এইজন ৰজায়ো মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল ।

ৰচনাধৰ্মী প্ৰশ্ন( Essay type questions)

১। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বৰ্ণনা কৰা ।

(Describe the reign of Bhaskar Varman.)

উত্তৰঃ সুপ্ৰতিষ্ঠিত বৰ্মনৰ মৃত্যুৰ পাছত ভাতৃ ভাস্কৰবৰ্মন ৰজা হয় । ভাস্কৰ বৰ্মনৰ বিষয়ে তথ্যযোগান ধৰা প্ৰত্যক্ষ উৎসসমূহ হল ডুবি তাম্ৰশাসন, নিধানপুৰ তাম্ৰশাসন, নালন্দা মাটিৰ মোহৰ, হিউৱেন চাঙৰ বিৱৰণ আৰু বাণভট্টৰ হৰ্ষচৰিত । । তেওঁ খৃ.৫৯৪ৰ পৰা খৃ. ৬৫০ লৈ ৰাজত্ব কৰিছিল তেওঁ সিংহাসন আৰোহণ কৰাা সময়ৰ পৰা ভাস্কৰাব্দ আৰম্ভ হৈছিল । বাণভট্টই হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি উল্লেখ কৰিছে । হিউৱেন চাহে তেওঁক কুমাৰ ৰজা বুলি উল্লেখ কৰিছে । এচাম ঐতিহাসিকৰ মতে ভাস্কৰ বৰ্মন কম সময়তে ৰজা হৈছিল বাবে তেওঁক এনেদৰে বৰ্ণনা কৰা হৈছে । আন এচাম ঐতিহাসিকৰ মতে তেওক কুমাৰ ৰজা বা কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱাৰ কাৰণ আছিল ৰজা ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল । খৃ. ৬৪৩ মানতহে ভাস্কৰ বৰ্মন আৰু হিউৱেন চাহৰ সাক্ষাত হৈছিল আৰু সেই সময়ত ভাস্কৰ বৰ্মনৰ যথেষ্ট বয়স হৈছিল । তাৰোপৰি হৰ্ষবদ্ধনে আয়োজন কৰা ধৰ্মীয় সভাত ৰজা হৰ্ষই ইন্দ্ৰৰ দৰে সাজ-পোছাক কৰাৰ লগতে ভাস্কৰ বৰ্মনক ব্ৰহ্মাৰ দৰে সাজ-পোছাক পিন্ধিবলৈ দিছিল । এনে বয়োজেষ্ঠ লোক এজন অবিবাহিত আছিল বাবে কুমাৰ সম্বোধন কৰটোৰ যুক্তি আছে । কামৰূপত ভাস্কৰ বৰ্মনে ৰাজত্ব কৰাৰ সময়ত উত্তৰ ভাৰতৰ অন্য চাৰিখন শক্তিশালী ৰাজ্য আছিল থানেশ্বৰ, কনৌজ, মালৱ আৰু গৌড় । সেইসময়ত থানেশ্বৰৰ পুষ্যভূতি বংশৰ ৰজা প্ৰভাকৰ বৰ্ধন শক্তিশালী হৈ উঠি ওচৰৰ ৰাজ্যসমূহ জয় কৰিছিল । ইফালে মালৱৰ গুপ্তবংশীয় ৰজা দেৱগুপ্তয়ো গুপ্তসাম্ৰাজ্য হেৰোৱা গৌৰৱ পুনৰউদ্ধাৰৰ বাবে সুযোগ বিচাৰি আছিল । গৌড়ৰ ৰজা শশাংক অধিক শক্তিশালী হৈ উঠিছিল । পূব দিশত কনৌজৰ মৌখৰী সকলো যথেষ্ট শক্তিশালী হৈ উঠিছিল । এনে সময়তে থানেশ্বৰৰ ৰজা প্ৰভাকৰবৰ্দ্ধনে নিজৰ জীয়েকক ৰাজ্যশ্ৰীক মৌখাৰী ৰজা গ্ৰহবৰ্মনলৈ বিয়া দি থানেশ্বৰ আৰু কনৌজৰ মাজত ৰাজনৈতিক মিত্ৰতা শক্তিশালী কৰি তুলিছিল । এই ৰাজনৈতিক সম্পৰ্কক প্ৰত্যাহ্বান জনাই মালৱৰ ৰজা দেৱগুপ্তই গৌড়ৰ ৰজা শশাংকৰ লগত মিত্ৰতা গঢ়ি তচুলিলে । ফলত এই চাৰিশক্তিশালী ৰাজ্য দুটা প্ৰতিদ্বন্দ্বী শিৱিৰত বিভক্ত হৈ পৰে আৰু যুদ্ধ আৰম্ভ হয় ।  থানেশ্বৰৰ বিৰুদ্ধে হোৱা এই যুদ্ধত খৃ ৬০৫ ত প্ৰভাকৰ বৰ্দ্ধনৰ মৃত্যু হয় । প্ৰভাকৰ বৰ্দ্ধনৰ মৃত্যুৰ পাছত তেওঁৰ জেষ্ঠ পুত্ৰ ৰাজ্যবৰ্দ্ধন থানেশ্বৰৰ ৰজা হয় । ভাস্কৰ বৰ্মনে কটকী হংসবেগৰ জৰিয়তে হৰ্ষবৰ্দ্ধনৰ ওচৰলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ায় । তেওঁ হংসবেগৰ হাতত ৰজা হৰ্ষবৰ্দ্ধনলৈ বহু মূল্যৱান উপহাৰৰো প্ৰেৰণ কৰে । এই উপহাৰসমূহৰ ভিতৰত আছিল খাদ্য-সামগ্ৰী, বস্ত্ৰ-অলংকাৰ, আৰু কামৰূপৰ ৰজা ঘৰত থকা বৰুণ ছত্ৰ । এই বৰুণ ছত্ৰটি কামৰূপৰ ৰজাসকলে বৰুণ দেৱতাৰ পৰা লাভ কৰিছিল আৰু ই বংশানুক্ৰমিকভাৱে তেোংলোকৰ লগত আছিল বুলি প্ৰচলিত আছিল । হংসবেগৰ জৰিয়তে ভাস্কৰ বৰ্মণ আৰু হৰ্ষবৰ্দ্ধনৰ মাজত বন্ধুত্ব স্থাপন হয় । েই মিত্ৰতা আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক আছিল বুলি সহজেই অনুমান কৰিব পাৰি । কোনো তৃতীয় পক্ষৰ পৰা ৰক্ষা পাবলৈ পৰস্পৰে পৰস্পৰক সহায় কৰা, প্ৰয়োজন সাপেক্ষে তৃতীয় শক্তিৰ বিৰুদ্ধে অভিযান চলোৱা আৰু উভয়ে সমমৰ্যাদা প্ৰদান কৰা । ভাস্কৰ-হৰ্ষৰ মিত্ৰতাৰ পাছত শশাংকৰ বিৰুদ্ধে অভিযান চলোৱাৰ বিষয়ে সঠিক তথ্য পোৱা নাই । 

২। শ্ৰী হৰ্ষৰ কাৰ্যাৱলী বৰ্ণনা কৰা ।

( Explain the works of sriharsa.)

উত্তৰঃ শালস্তম্ভ বংশৰ এজন ুল্লেখযোগ্য ৰজা আছিল শ্ৰী হৰ্ষ । তেওঁ আনুমানিক খৃ. ৭৩৫ত ৰাজসিংহাসনত আৰোহণ কৰিছিল । হৰ্জৰবৰ্মনৰ হয়ুন্ঠাল তাম্ৰশাসনত তেওঁক হৰ্ষবৰ্মাদেৱ আৰু বনমালবৰ্মনৰ লিপিত শ্ৰী হৰ্ষ বুলি উল্লেখ কৰা হৈছে । ভাস্কৰ বৰ্মনৰ পাছত হৰ্ষৰ ৰাজত্বৰ সময়তেই  প্ৰাচীন ্সমৰ ৰাজনৈতিক ক্ষমতা উত্তৰ বাৰত পৰ্যন্ত বিস্তাৰিত হৈছিল । নেপালৰ পশুপতি মন্দিৰত থকা পশুপতি শিলালিপিত উল্লেখ আছে যে নেপালৰ ৰজা দ্বিতীয় জয়দেৱে গৌড় ,ঔদ্ৰ, কলিঙ্গ, কোশল আৰু অন্যান্য অঞ্চলৰ অধিপতি ভগদত্ত বংশীয় ৰজা শ্ৰী হৰ্ষৰ জীয়ৰী ৰাজ্যমতীক বিবাহ কৰািছিল । এই লিপিখনত শ্ৰী হৰ্ষক গৌড়, ঔদ্ৰ, আৰু কলিঙ্গ,কোশল আদি নাম উল্লেখ কৰিছে যদিও কতো কামৰূপ বা প্ৰাগজ্যোতিষ শব্দটোৰ উল্লেখ কৰা নাই । গতিকে পশুপতি লিপিত উল্লেখ থকা ৰজা শ্ৰী হৰ্ষ কামৰূপৰ ৰজা শ্ৰী হৰ্ষ হয়নে এই কথা লৈ পণ্ডিতসকলৰ মাজত ওৰ পৰা নাই । বছৰো পণ্ডিত শ্ৰী হৰ্ষক গৌড় কলিঙ্গ, কোশলকে ধৰি অন্যান্য অঞ্চলৰ অধিপতি বোলা কথাষাৰ কাব্যিক অতুক্তি হিচাপেহে পোষণ কৰিছে । তথাপি এই লিপিৰ ঐতিহাসিক মূল্য নুই কৰিব নোৱাৰি ।  পশুপতি লিপিত ৰজাজনৰ নাম উল্লেখ আছে আৰু তেওঁৰ ভগদত্ত বংশীয় বুলি কোৱা হৈছে । শালস্তম্ভৰ বংশৰ ৰজাসকলে নিজকে নৰক ভগদত্ত বংশীয় হিচাপে চিনাকী দিয়াৰ পুৰাতাত্বিক তথ্য পোহৰলৈ আহিছে । এই ফলিত যি চন বা অব্দ ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত অধ্যয়ন চলাই নেপালৰাজ দ্বিতীয় জয়দেৱ কামৰূপৰ ৰজা শ্ৰী হৰ্ষ সমসাময়িক আছিল বুলি ঠাৱৰ কৰা হৈছে । পশুপতি লিপিৰ বাহিৰে স্থানীয় কোনো লিপিতে শ্ৰী হৰ্ষৰ ৰাজ্যবিস্তাৰ দিগ্বিজয়ৰ কাহিনী পোৱা নাযায় । বি.চক্ৰৱতী আৰ. চি. মজুমদাৰ আদি ইতিহাসবিদসকলে ৰাজ্যমতীক উৰিষ্যাৰ ভৌম বংশৰ ৰজা শ্ৰী হৰ্ষৰ জীয়েক বুলি উল্লেখ কৰিছে । কাৰণ উৰিষ্যাৰ ৰজাসকলেও নিজকে ভৌম বংশীয় বুলি পৰিচয় দিছিল । কিন্তু আৰ. পি.চন্দ্ৰা. ডি. বেনাৰ্জী পি.এল. পাল আদি ঐতিহাসিকৰ মতে কামৰূপৰ ৰজা শ্ৰী হৰ্ষদেৱে খৃ. অষ্টম শতিকাৰ মাজভাগত উৰিষ্যা অধিকাৰ কৰি নিজৰ সম্বন্ধীয় ক্ষেমেনকৰদেৱক শাসনত প্ৰতিষ্ঠা কৰিছিল । এই ক্ষেমেনকৰদেৱৰ পৰাই উৰিষ্যাত ভৌম বংশৰ প্ৰতিষ্ঠা হয় ।আৰু কামৰূপৰ লগত থকা সম্পৰ্কৰ বাবেই উৰিষ্যাৰ ৰজাসকলেও নিজকে ভৌম বংশৰ লগত সংযুক্ত কৰে । বহুতো ঐতিহাসিকৰ মতে কামৰূপৰাজ শ্ৰী হৰ্ষই প্ৰথমে শৈলবংশৰ প্ৰচণ্ডদেৱ নামৰ এজন ৰজাক পৰাস্ত কৰি উত্তৰ উৰিষ্যা লাভ কৰে । তাৰ পাছত পৰৱৰ্তী গুপ্তৰজা জীৱিত দ্বিতীয় গুপ্তক পৰাস্ত কৰি কোশল অঞ্চল ্ধিকাৰ কৰে । গতিকে ভাস্কৰ বৰ্মনৰ সময়ৰ পৰা গৌড়ত থকা অধিকাৰৰ সৈতে শ্ৰী হৰ্ষ, গৌড়,ঔদ্ৰ, কলিঙ্গ আৰু কোশলৰ অধিকাৰ অধিপতি হয় । কিন্তু এই তথ্যৰ ঐতিহাসিক সত্যতাৰ ওপৰত সন্দেহ হয় । কাৰণ শালস্তম্ভৰ ৰাজত্বৰ সময়তেই কামৰূপৰ গৌড়ৰ ওপৰত থকা অধিকাৰ লোপ পাইছিল । কাৰণ চাৰিখন ৰাজ্যত অধিকাৰ সাব্যস্ত কৰিবলৈ হলে শ্ৰী হৰ্ষই নতুনকৈ দ্বিগ্বিজয়ৰ পাতনি মেলিব লাগিব । শ্ৰী হৰ্ষৰ এনে অভিযানৰ বিষয়ে কোনো উৎসতে পোৱা হোৱা নাই । এতিয়ালৈকে আৱিস্কাৰ হোৱা শ্ৰী হৰ্ষৰ নাম উল্লেখ কৰা ফলিসমূহতো শ্ৰী হৰ্ষৰ বিজয় অভিযান, সাম্ৰাজ্যবাদী নীতিৰ পৰিচয়ক উপাধি গ্ৰহণ বা অশ্বমেধ যজ্ঞ সম্পাদন কৰাৰ তথ্য পোৱা নাই । শ্ৰী হৰ্ষই ৰাজত্বৰ শেষৰফালে কেবাটাও বিদেশী আক্ৰমণৰ মুখামুখি হৈছিল । ৰাষ্ট্ৰকুট ৰজা দ্বিতীয় দন্তিদুৰ্গৰ সমনগড় লিপিত চালুক্যৰাজ দ্বিতীয় কীৰ্তি বৰ্মনৰ হাতত শ্ৰী হৰ্ষ পৰাজিত হোৱা বুলি উল্লেখ আছে । 

৩। শালস্তম্ভ বংশীয় ৰজাসকলে ব্ৰাহ্মণক মাটি দান দিয়াৰ বিষয়ে লিখা ।

( Discuss about the donation of land to the Brahmana by the salastambha kings.)

উত্তৰঃ শালবংশৰ বংশৰ ৰজাসকলৰ জাতিগত পৰিচয় সম্পৰ্কেও পণ্ডিতসকল একমত হব পৰা নাই । এই বংশৰ ৰজাসকলে জাৰি কৰা লিপিসমূহত পূৰ্বৰ বৰ্মন বংশৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা নাই । আানহাতে তেওঁলোকে নিজকে ভৌম-নৰক  বংশৰ বুলি পৰিচয় দিছে । ৰত্নপালৰ বৰগাও তাম্ৰশাসনৰ শালস্তম্ভক স্লেচসকলৰ অধিকাৰী বা শাসনকাৰী  হিচাপে উল্লেখ কৰা হৈছে । মুকুন্দ মাধৱ শৰ্মাই স্লেচ শব্দৰ দ্বাৰা জবাতান্তৰ বা নিম্নখাপৰ লোকসকল বুজাইছে বুলি কোৱাৰ বিপৰীতে কনকলাল বৰুৱাই শালস্তম্ভক  ভাস্কৰ বৰ্মনে স্লেচ প্ৰদেশত নিযুক্তি দিয়া এজন প্ৰাদেশিক শাসনকৰ্তা হিচাপে অনুমান কৰিছে । এই দুয়োজন পণ্ডিতে শালস্তম্ভক আৰ্য বা আলপাইন গোষ্ঠীয় লোক বুলি অভিহিত কৰিছে । অন্য এচাম পণ্ডিতৰ মতে ভাস্কৰ বৰ্মনৰ লগত শালস্তম্ভৰ সাংস্কৃতিগত পাৰ্থক্য আছিল ।  এই সকলৰ মতে বৰ্মন সকল আদিতে অনাৰ্য মঙ্গোলীয় গোষ্ঠীৰ স্লেচ আছিল আৰু পাছলৈ সংস্কৃতকৰণৰ জৰিয়তে নিজকে আৰ্য সংস্কৃতিৰ ভিতৰুৱা কৰিছিল । আৰ্যসংস্কৃতিৰ প্ৰভাৱত পৰি  এই বৰেমন বংশৰ ৰজাসকলে ব্ৰাহ্মণ সকলক মাটি-বৃত্তি দান কৰি সংস্কৃত শিভাৰ প্ৰসাৰ ঘটোৱাৰ লগতে বৰ্ণাশ্ৰম  ধৰ্মৰো ৰক্ষণাবেক্ষণ দিছিল । আৰ্যকৃত এই লোকসকলে অসংস্কৃত অৱস্থাত এৰি থৈ অহা নিজ গোষ্ঠীৰ লোকসকলক স্লেচ বুলি হেয়জ্ঞান কৰা বুলি অনুমান হয় । শালস্তম্ভ ৰজাসকলৰ নামসমূহৰ পৰাও তেওঁলোক অনাৰ্যমূলীয় পৰিচয় পোৱা যায় । 

৪। ৰত্নপালৰ ৰাজত্বকাল বৰ্ণনা কৰা ।

( Explain the reigm of Ratnapal)

উত্তৰঃ পালবংশৰ এজন উল্লেখযোগ্য ৰজা আছিল ৰত্নপাল । তেওঁ নিজে জাৰি কৰা তাম্ৰশাসন সমূহত তেোংক ৰত্নৰ দৰে উজ্জল ব্যক্তিত্ব আৰু অমূল্য জ্ঞানৰ অধিকাৰী আছিল বুলি কোৱা হৈছে । তেওঁ আছিল প্ৰবল পৰাক্ৰমী ৰজা পূৰ্বৰ ৰজাসকলৰ দৰেই এইজন ৰজায়ো মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল । ৰত্নাপালে জাৰি কৰা তিনিখন লিপিৰ নাম হল 

ক) চোৰাতবাৰী তাম্ৰশাসন 

খ) বৰগাওঁ তাম্ৰশাসন 

গ) শোৱালকুছি তাম্ৰশাসন 


ক) চোৰাতবাৰী তাম্ৰশাসনঃ  এই তাম্ৰশাসনখনে তেওঁৰ ৰাজত্বৰ দ্বাদশ বছৰত জাৰি কৰিছিল । এই শাসনৰ জৰিয়তে সিদ্ধপাল নামৰ এজন ব্ৰাহ্মণক হাবুংগা বিষয়ত মাটি দান কৰিছিল । ইয়াত দান কৰি মাটিৰে আঠোদিশৰ বৰ্ণনা দিয়া আছে । এই বৰ্ণনাত চৈচা নামৰ এখন নদীৰ উল্লেখ পোৱা যায় । ঐতিহাসিকসকলে এই হাবুংগা অঞ্চল আৰু চেচা নদী বৰ্তমান লক্ষীমপূৰ জিলাৰ চেচা নদী আৰু হাবুং অঞ্চলৰ লগত চিনাক্ত কৰিছে । এই সিদ্ধিপালৰ পৰিয়ালৰ কোনো সামন্ত ৰজাই  বা মুখীয়ালে এই হাবুং অঞ্চলটো শাসন কৰিছিল বুলি অনুমান কৰা হৈছে । এই চিনাক্তকৰণৰ দ্বাৰা ৰত্নপালৰ ৰাজ্য পূবে হাবুং অঞ্চললৈকে বিস্তৃ আছিল । তাৰোপৰি এই শাসনখন হড়প্যক নামৰ নগৰৰ পৰা জাৰি কৰাৰ কথা উল্লেখ আছে । হড়প্যক নগৰখন হড়পেশ্বৰ নগৰখনেই হব । এই কথাৰ পৰা পূৰ্বৰ শালস্তম্ভ ৰজাসকলৰ ৰাজধানী হড়পেশ্বৰ বা হটপেশ্ৰতে পালবংশীয় ৰজাসকলেও ৰাজধানী পাতিছিল বুলি জানিব পাৰি । 

খ) বৰগাওঁ তাম্ৰশাসন ঃ এই তাম্ৰশাসনখন তেওঁৰ ৰাজত্বৰ পঞ্চবিশ বছৰত জাৰি কৰিছিল । এই শীসনৰ জৰিয়তে উত্তৰকুলৰ এয়োদশ গ্ৰাম বিষয়ৰ লাবুকুতি ক্ষেত্ৰত বীৰদত্ত নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰা হৈছিল । এই তাম্ৰশাসন খন তেজপুৰৰ বৰগাওঁ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে । সেয়ে এয়োদশগ্ৰাম বিষয় তেজপুৰ মহকুমাৰ ব্ৰহ্মপুত্ৰৰ সমীপৱৰ্তী অঞ্চল হব পাৰে বুলি অনুমান কৰা হৈছে । এই তাম্ৰশাসনত দুৰ্জনা নামৰ এখন নতুন ৰাজধনীৰ বৰ্ণনা আছে । এই বৰ্ণনা পৰা ৰত্নপালে দুৰ্জয়া নগৰীত নতুন ৰাজধানী পাতিছিল বুলি জানিব পাৰি । 

শুৱালকুছি তাম্ৰশাসন ঃ এই তাম্ৰশাসনখন শুৱালকুছিৰ পৰা উদ্ধাৰ কৰা হৈছে । এই তাম্ৰশাসনৰ জৰিয়তে কলংগা বিষয়ত কামদেৱ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰা হৈছিল । 





Post ID : DABP004966