অধ্যায় ৫ 

প্ৰশাসন আৰু সাংস্কৃতিক জীৱন 


চমুকৈ উত্তৰ দিয়া ঃ

১। প্ৰাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম কি আছিল ।

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম হল মহীৰঙ্গ দানৱ ।


২। প্ৰাচীন অসমত ৰচিত এখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমত ৰচিত এখন গ্ৰন্থৰ নাম হল কালিকা পুৰাণ ।


৩। ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি াছিল ।

উত্তৰঃ ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হল পালবংশ ।


৪। শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি ।

উত্তৰঃ শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম হল ত্যাগ সিংহ ।


৫। প্ৰশাসনৰ বৈশিষ্ট্য সমূহ কি কি ।

উত্তৰঃ প্ৰশাসনৰ ূবৈশিষ্ট্য সমূহ হল

১। ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন । জনজাতীয় আৰ্হিত গঢ়ি উঠা প্ৰাচীন অসমৰ সমৃাজত জনজাতীয় নেতাৰ উত্তৰণ ঘটি ৰজাৰ সৃষ্টি হৈছিল বুলি বেছবাগ ঐতিহাসিকে মতপোষণ কৰে ।

২। প্ৰাচীন অসমৰ ৰাজতন্ত্ৰত ভগৱানৰ প্ৰবাৱ দেখা যায় । ৰজাসকলে নিজকে ইশ্বৰ প্ৰেৰিত দূত বা উচ্চ বংশজাত বুলি প্ৰতিপন্ন কৰিব বিছাৰিছিল। 

৩। ৰজাৰ পদবীটো বংশানুক্ৰমিক হোৱা দেখা গৈছিল ।

৪। বিশেষ পৰিস্থিতিত ৰজাক মনোনীত বা নিৰ্বাচিত কৰাও হৈছিল ।

৫। খৃঃ সপ্তম শতিকাৰ পৰা অৰ্থাৎ শালস্তম্ভ ৰাজত্বৰ সময়ৰ পৰা ৰাজতন্ত্ৰত সামন্তবাদী প্ৰভাৱ দেখা যায় ।


৬। ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৰ্ব্বোচ ক্ষমতাৰ অধিকাৰী কোন আছিল ।

উত্তৰঃ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৰ্ব্বোচ ক্ষমতাৰ অধিকাৰী হল ৰজা ।


৭। কালিকা পুৰাণত কেইটা ভাগত বিভক্ত হৈছিল আৰু সেই ভাগকেইটা কি আছিল ।

উত্তৰঃ কালিকা পুৰাণত সাতটা ভাগত বিভক্ত হৈছিল আৰু সেই ভাগকেইটা হল 

ক) ৰজা (স্বামী)

খ) মন্ত্ৰী( অমাত্য)

গ) ভূমি( জনপদ)

ঘ) গড় ( দূৰ্গ)

ঙ) ৰাজভঁৰাল(কোষ)

চ) সৈন্য ( দন্দ)

ছ) বন্ধু(মিত্ৰ)


৮। দুজন ৰাজ পুৰোহিতৰ নাম লিখা ।

উত্তৰঃ দুজন ৰাজ পুৰোহিতৰ নাম হল 

ক) শ্ৰী কান্ত 

খ) মুৰাৰি


৯। ৰজাৰ ক্ষমতা আৰু কৰ্তব্য কি আছিল ।

উত্তৰঃ ৰজাৰ ক্ষমতা আৰু কৰ্তব্য হল

ক) ৰাজ আজ্ঞা জাৰি কৰা ।

খ) কৰ আৰোপ কৰা ।

গ) ব্ৰাহ্মণক ভূমিদান কৰা আৰু অন্যান্য দ্ৰব্য দান কৰা ।

ঘ) জৰিমণা বিহা ।

ঙ) কোনো কামত নিষেধাজ্ঞা জাৰি কৰা ইত্যাদি ।


১০। প্ৰাচীন ্সমৰ ৰজাসকলে সম্পাদন কৰা এটা উল্লেখযোগ্য যজ্ঞৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমৰ ৰজাসকলে সম্পাদন কৰা েটা উল্লেখযোগ্য যজ্ঞৰ নাম হল অশ্বমেধ যজ্ঞ ।


১১। প্ৰাচীন অসমৰ প্ৰশাসনিক ভাগবোৰ কি কি ।

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰশাসনিক ভাগবোৰ হল 

ক) ভূক্তি 

খ) মণ্ডল 

গ) বিষয় 

ঘ) পুৰ

ঙ) গ্ৰাম 

চ) অগ্ৰহাৰ

ছ) বিচাৰ ব্যৱস্থা 

জ) দোষীৰ বিচাৰ 

ঝ) শাস্তি 


১২। বিচাৰৰ দায়িত্বত থকা বিষয়াসকল কোন কোন আছিল ।

উত্তৰঃ বিচাৰৰ দায়িত্বত থকা বিষয়াসকল হল 

ক) ধৰ্মাধিকাৰ -- বিচাৰক

খ) বিষয়ধীকৰণ-- জিলাৰ মুখ্য কাৰ্য্যালয়ৰ বিষয়া ।

গ) দণ্ডপাশিক আৰু দণ্ডিক --  পুলিচ বিষয়া 

ঘ) চাট আৰু ভাট ---  চোৰাংচোৱা ।


১৩। প্ৰশাসনৰ অপৰিহাৰ্য্য অংগ কি ।

উত্তৰঃ প্ৰশাসনৰ অপৰিহাৰ্য্য অংগ হল ৰাজহ প্ৰশাসন ।


১৪। প্ৰাচীন অসমৰ ৰাজহৰ প্ৰধান উৎস কি ।

উত্তৰঃ প্ৰাচীন অসমৰ ৰাজহৰ প্ৰধান উৎস হল ভূমি ।

১৫। প্ৰাচীন অসমত নিয়মিতভাৱে আৰোপ কৰা এবিধ ৰাজহৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমত নিয়মিতভাৱে আৰোপ কৰা এবিধ ৰাজহৰ নাম হল কৰ ।


১৬। প্ৰাচীন অসমৰ কেইবিধমান উল্লেখযোগ্য কৰৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমৰ কেইবিধমান উল্লেখযোগ্য কৰৰ নাম হল 

উপৰিকৰঃ স্থায়ী বা অস্থায়ীভাৱে সকলো শ্ৰেণীৰ খেতিকৰৰ পৰা আদায় কৰা এবিধ অতিৰিক্ত ৰাজহ ।

উৎক্ষেটনা ঃ বিশেষ কাৰণত জৰুৰীকালীন ভাৱে লোৱা কৰ ।

চৌৰধৰণঃ চোৰ-ডকাইতৰ পৰা ৰক্ষা কৰিবলৈ গাওঁবাসীয়ে প্ৰতিৰক্ষাৰ নামত আদায় দিয়া কৰ ।

সামগ্ৰীকৰঃ প্ৰাচীন অসমৰ ৰাজহৰ এক গুৰুত্বপূৰ্ণ উৎস আছিল সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ । নাৱেৰে বেপাৰ কৰা সামগ্ৰীসমূহৰ পৰা কৰ সংগ্ৰহ কৰা হৈছিল । মাছমৰীয়া সকলৰ পৰাও  কৰ সংগ্ৰহ কৰা হৈছিল । তামৰ খনিসমূহৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছিল । এই কৰ কমলাকৰ  হিচাপে জনা গৈছিল । সেইদৰে নদীৰ পৰা সোণ তাম, লোণ আদি কমৱোৰ বাবদ কৰ লোৱা হৈছিল । হৰ্জৰ বৰ্মনৰ তেজপুৰ লিপিত উল্লেখ থকা মতে সেইসয়ত নাৱত বেপাৰৰ বাবে কঢ়িয়াই অনা সামগ্ৰীৰ বাবে কৰ লোৱা হৈছিল । উক্ত লিপিতে ব্ৰহ্মপুত্ৰৰ পাৰৰ কৈৱৰ্তসকলৰ( মাছমৰীয়া) পৰা কৰ সংগ্ৰহ কৰা কথা উল্লেখ আছে । বৰগাওঁ লিপিত তামৰ খনিৰ পৰা কমলা কৰ সংগ্ৰহৰ কথা উল্লেখ আছে ।


১৭। প্ৰাচীন অসমৰ ৰাজহ প্ৰশাসনৰ লগত জড়িত কেইজনমান বিষয়াৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমৰ ৰাজহ প্ৰশাসনৰ লগত জড়িত কেইজনমান বিষয়াৰ নাম হল 

ভণ্ডগাৰাধিকৃত ঃ জমাকক্ষৰ দায়িত্ববাহী বিষয়া ।

কোষ্ঠাগাৰিকঃ ৰাজকোষৰ দায়িত্বত থকা বিষয়া ।

মহাসামন্তঃ ভাণ্ডাগাৰৰ নেতৃত্বত থকা বিষয়া ।

উৎক্ষেটকঃ উৎক্ষেটক নামৰ অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে নিয়োজিত বিষয়া ।

ঔপৰিকাৰিকঃ উপৰিকৰ নামৰ অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে নিয়োজিত বিষয়া ।

হস্তীবন্ধিকঃ হস্তীকূপবিলাক লীজত দিবৰ বাবে কৰ্তৃত্ব প্ৰাপ্ত বিষয়া ।

নৌকাবন্ধিকঃ  নাৱত বেপাৰ কৰা সামগ্ৰীসমূহৰ কৰ কৰা আদায়ৰ দায়িত্বত থকা বিষয়া ।

কেৰাণী, গাণণিক, লিখকঃ ৰাজহ বিভাগৰ হিচাপ দায়িত্ব ।


১৮। মাটিসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি কি কি ।

উত্তৰঃ মাটিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি যেনে

ক) বস্তু ঃ বসবাসৰ উপযুক্ত মাটি ।

খ) ক্ষেত্ৰঃ আবাদি মাটি বা খেতিৰ বাবে উপযুক্ত মাটি ।

গ) খিলা ঃ পতিত বা ছন পৰি থকা মাটি ।

ঘ) অপকৃষ্ট ভূমি ঃ নিকৃষ্ট মাটি ( বৰগাওঁ আৰু গছতল লিপিত এইবিধ মাটিৰ উল্লেখ আছে।)


১৯। পালকাপ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ পালকাপ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল হস্তাৰ্যুবেদ ।


২০। মুনি পালকাপ্য কাৰ পুত্ৰ আছিল ।

উত্তৰঃ মুনি পালকাপ্য সামগায়নৰ পুত্ৰ আছিল ।


২১। বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল মুদ্ৰাৰাক্ষস ।


২২। ৰত্নাৱলী গ্ৰন্থৰ লিখক কোন ।

উত্তৰঃ ৰত্নাৱলী গ্ৰন্থৰ লিখক হল শ্ৰী হৰ্ষ ।


২৩। কিমান খ্ৰীঃত আৰু কত কালিকাপুৰাণ ৰচনা কৰা হৈছিল ।

উত্তৰঃ খৃঃ নৱম-দশম শতিকাত অসমত কালিকাপুৰাণ ৰচনা কৰা হৈছিল ।


২৪। অনংগব্ৰজই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ অনংগব্ৰজই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হল 

ক) প্ৰজ্ঞোপায় বিনিশ্চয় সিদ্ধি ।

খ) হেব্ৰজতন্ত্ৰ ।


২৫। কেইজনমান উল্লেখযোগ্য স্মৃতিকাৰ বিষয়ে লিখা ।

উত্তৰঃ কেইজন উল্লেখযোগ্য স্মৃতিকাৰ হল 

ক) নীলাম্বৰাচাৰ্য্য 

খ) বেদচাৰ্য্য 

গ) সৎকবি বিশ্বেশ্বৰ 

ঘ) ধবলেশ্বৰ 

ঙ) বিমলবোধ 

চ) নাৰায়ণ সৰ্বজ্ঞ 

ছ) শংখধৰ 

জ) যুগলোকাচাৰ্য 


২৬। নীলাম্বৰাচাৰ্য্যই ৰচনা কৰা গ্ৰন্থ তিনিখনৰ নাম লিখা ।

উত্তৰঃ নীলাম্বৰাচাৰ্যই ৰচনা কৰা গ্ৰন্থ তিনিখনৰ নাম হল

ক) অংশ প্ৰকাশিকা ।

খ) শ্ৰাদ্ধ প্ৰকাশ 

গ) কলাকৌমুদী 


২৭। বেদচাৰ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বেদচাৰ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল স্মৃতি ৰত্নাকৰ ।


২৮। প্ৰাচীন অসমত ৰচিত সাহিত্যকেইখনমানৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন অসমত ৰচিত গ্ৰন্থকেইখন হল 

ক) যোগিনী তন্ত্ৰ 

খ) হৰগৌৰী সংবাদ 

গ) শ্ৰী ৰাজমালা 


২৯। প্ৰাচীন অসমৰ স্থাপত্য কলাৰ উদাহৰণ দিয়া ।

উত্তৰঃ প্ৰাচীন অসমৰ স্থাপত্য কলাৰ উদাহৰণ হল 

ক) তেজপুৰ দ-পৰ্বতীয়া মন্দিৰৰ ধ্বংসাৱশেষ । এই মন্দিৰৰ নিৰ্মাণশৈলীতে গুপ্তসকলৰ প্ৰভাৱ দেখা যায় । তেজপুৰৰ বামুণীপাহাৰত সিচৰিত হৈ থকা ধ্বংসাশেষ সমূহ ।

খ) গুৱাহাটীৰ কামাখ্যা মন্দিৰ, নৰকাসুৰ পাহাৰ আৰু আমবাৰীত আৱিস্কৃত ধ্বংসাশেষ সমূহ । নগাওঁ জিলাৰ ডবকা, গোঁসাইজুৰি, যোগীজান, কামপুৰ, আকাশী গংগা আদিৰ পুৰাতাত্বিক সমূহ দেোঁপাহাৰ ধ্বংসাৱশেষ সমূহ ।

গ) গোৱালপাৰ জিলাৰ বৰ-পথাৰ-ডুবৰণি অঞ্চলত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সমলসমূহ ।

ঘ) শদিয়া অঞ্চলত প্ৰাপ্ত প্ৰত্নতাত্বিক সমলসমূহ ইত্যাদি ।


৩০। প্ৰাচীন অসমত ৰাজহ প্ৰশাসনৰ মুৰব্বী কোন আছিল ।

উত্তৰঃ প্ৰাচীন অসমত ৰাজহ প্শাসনৰ মুৰব্বী হল ৰজা ।


৩১। অনংগবজ্ৰ কাৰ পুত্ৰ আছিল ।

উত্তৰঃ অনংগবজ্ৰ পালবংশৰ ৰজা গোপালৰ পুত্ৰ আছিল ।



Author  Ali Rani Kakati




Post ID : DABP004701