জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
(CONSTITUTION AS A LIVING DOCUMENT)

Chapter 9

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতীয় সংবিধানখন গতিশীল হয় নে? যদি হয় তেন্তে এই গতিশীলতা কেনেদৰে ৰক্ষা কৰা হৈছে আলোচনা কৰা। 
 
উত্তৰঃ ভাৰতীয় সংবিধানখন গতিশীল হয়। 
ভাৰতীয় সংবিধানক গতিশীল কৰি ৰখাত ভাৰতীয় সংবিধানত সংযোজন কৰা সংশোধনীসমূহে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেই কথাটো ইতিমধ্যে কেইবাবাৰো উল্লেখ কৰি অহা হৈছে। মন কৰিবলগীয়া কথা হ'ল ভাৰতীয় সংবিধান বলৱৎ হোৱাৰ ১৫মাহৰ ভিতৰতেই ভাৰতীয় সংবিধানত প্ৰথমটো সংশোধনী সংযোজন কৰা হয়। এই সংশোধনী মন কৰিবলগীয়া। ভাৰতীয় সংবিধানে ১৯-নং অনুচ্ছেদৰ জৰিয়তে সকলো ব্যক্তিকে মত প্ৰকাশৰ স্বাধীনতা দিছে। কিন্তু এই মত প্ৰকাশৰ চৰম স্বাধীনতা নেকি। কোনো ব্যক্তিয়ে এই অধিকাৰ প্ৰয়োগ কৰি সমাজৰ ক্ষতিসাধন কৰা মতামত ব্যক্ত কৰিব নেকি। সংবিধানৰ এই সংশোধনীৰ জৰিয়তে ব্যক্তিৰ মত প্ৰকাশৰ ওপৰত কিছুমান চৰ্ত আৰোপ কৰা হয় আৰু এইটো কৰা হয় দেশৰ সংহতি, বিদেশী ৰাষ্ট্ৰৰ স'তে থকা বন্ধুত্বসুলভ সম্পৰ্ক, ৰাজহুৱা শৃংখলা ইত্যাদি বৰ্তাই ৰখাৰ স্বাৰ্থত। 
    সংবিধানৰ প্ৰথম সংশোধনীয়ে ১৫-নং অনুচ্ছেদৰো সংশোধন সাধন কৰে। সংবিধানৰ এই অনুচ্ছেদত কোৱা হৈছে যে কোনো ব্যক্তিকে ধৰ্ম, বৰ্ণ, জাতি অথবা লিংগৰ আধাৰত বৈষম্যমূলক আচৰণ কৰিব পৰা নাযায়। অৰ্থাৎ আইনৰ চকুত সকলো সমান। কিন্তু এই সংশোধনীৰ জৰিয়তে কোৱা হয় যে আৰ্থ-সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীসমূহৰ কাৰণে চৰকাৰে বিশেষ সুৰক্ষা ব্যৱস্থা হাতত ল'ব পাৰিব। অৰ্থাৎ সমতাৰ নীতিৰ ভিতৰতে পিছপৰা শ্ৰেণীসমূহৰ কল্যাণৰ কাৰণে বৈষম্য আচৰণ কৰিব পৰা যায়। ইয়াৰ পৰিৱৰ্তী সময়ত বহুবোৰ অনুচ্ছেদৰ ক্ষেত্ৰত ব্যাপক সংশোধন ঘটোৱা হ'ল। এই সংশোধনসমূহৰ বিষয়ে যথাস্থানত আলোকপাত কৰা হ'ব। এই চমু আলোচনাত এই কথাই কোৱা হৈছে যে ভাৰতীয় সংবিধানে স্থায়িত্ব আৰু গতিশীলতাৰ মাজত এক ভাৰসাম্য স্থাপন কৰিব পাৰিছে।
    সংবিধান সংশোধনী প্ৰক্ৰিয়াটোৰ মাজেৰে এই স্থায়িত্ব আৰু গতিশীলতাৰ চৰিত্ৰ ফুটি উঠিছে। ভাৰতীয় সংবিধানে এনে এক সংশোধন প্ৰণালী সন্নিৱিষ্ট কৰিছে যাৰ জৰিয়তে কিছুমান ক্ষেত্ৰত অতি সহজতে সংবিধান সংশোধন কৰিব পাৰি। কিন্তু অন্য কিছুমান বিষয়ৰ সংশোধন প্ৰণালী অত্যন্ত জটিল। সেয়েহে ভাৰতীয় সংবিধানৰ সংশোধন প্ৰণালীক নমনীয়তা আৰু অ- নমনীয়তাৰ সংমিশ্ৰণ বুলি কোৱা হয়।

২। গতিশীলতা ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য – আলোচনা কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ পাকিস্তান আৰু ভাৰতবৰ্ষ দুয়োখন দেখেই ১৯৪৭ চনৰ ক্ৰমে ১৪ আগষ্ট আৰু ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। ভাৰতবৰ্ষই ইয়াৰ সংবিধান প্ৰণয়ন কৰে ১৯৪৯ চনত আৰু সংবিধান বলৱৎ হয় ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। পাকিস্তানৰ সংবিধান প্ৰণয়ন কৰা বলৱৎ হয় ১৯৫৬ চনত।
    ভাৰতবৰ্ষৰ সংবিধানে দেশখনত গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সমাজবাদী, সাৰ্বভৌম আৰু গণৰাজ্যৰ নীতি প্ৰতিষ্ঠা কৰিছে। দেশৰ শাসনব্যৱস্থা হ'ল সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। সংবিধানে জনসাধাৰণক মৌলিক অধিকাৰ প্ৰদান কৰিছে আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিছে।
    বিগত ছয়টা দশকত ভাৰতীয় ৰাজনীতিত নানা পৰিৱৰ্তন হৈছে। স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে বহুবোৰ গণসংগ্ৰাম গঢ়ি উঠিছে। সন্ত্ৰাসবাদৰো উত্থান ঘটিছে দেশৰ বহুবোৰ অঞ্চলত। এই গোটেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সংবিধানত শতাধিক সংশোধনী সন্নিৱিষ্ট কৰা হৈছে। কিছুমান সংশোধনী, যেনে ১৯৭৬ চনৰ ৪২তম সংশোধনীয়ে সংবিধানৰ মূল আধাৰবোৰৰো পৰিৱৰ্তন সাধনৰ প্ৰচেষ্টা চলাইছে। কিন্তু এনে প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাই ১৯৭৮ চনৰ ৪৪তম সংশোধনীয়ে সংবিধানৰ মূল আধাৰটো পুনঃ প্ৰতিষ্ঠা কৰিছে। ৪৪তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ সূচীৰ পৰা আঁতৰাই সাধাৰণ অধিকাৰৰ সূচীত স্থান দিছে। সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনীৰ জৰিয়তে পঞ্চায়ত তথা পৌৰ প্ৰতিষ্ঠানসমূহৰ হাতত পৰ্যাপ্ত সাংবিধানিক ক্ষমতা অৰ্পণ কৰিছে। এই সকলো পৰিৱৰ্তন-সংশোধনৰ মাজেৰে পাৰ হৈ অহাৰ পাছতো ভাৰতীয় সংবিধানৰ মৌলিক ৰূপটো কিন্তু একেই আছে। ই ভাঙি পৰা নাই। উদাহৰণস্বৰূপে সংবিধান ভাৰতবৰ্ষৰ সৰ্বোচ্চ আইন। সংবিধানৰ এই মৰ্যাদা সম্পূৰ্ণৰূপে অটুট আছে। ঠিক সেইদৰে যুক্তৰাষ্ট্ৰীয় আৰু সংসদীয় চৰকাৰৰ বৈশিষ্ট্যও বৰ্তি আছে। ন্যায়ালয়ৰ স্বাধীন অৱস্থানৰ প্ৰতিও বিশেষ প্ৰত্যাহ্বান গঢ়ি উঠা নাই। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ব কালত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত নাগৰিকৰ অধিকাৰক বিভিন্ন ধৰণে খৰ্ব কৰা হৈছিল। তাৰ বাহিৰে ভাৰতীয় সাংবিধানিক ব্যৱস্থাটোক কোনো চৰকাৰে অসন্মান কৰাৰ সাহস কৰা নাই।

৩। ভাৰতীয় সংবিধানৰ সংশোধনী প্রক্রিয়া সম্পর্কে ব্যাখ্যা কৰা।                                                                          [HS(XI) 2017]  

উত্তৰঃ ভাৰতীয় সংবিধানে সংশোধন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তিনিটা পদ্ধতি অৱম্বন কৰিছে ঃ
(১) সাধাৰণ আইন প্ৰণয়ন প্ৰণালী, অৰ্থাৎ সংসদৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে কৰা সংশোধন,
(২) সংসদৰ দুয়োখন সদনে পৃথক-পৃথককৈ বিশেষ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে কৰা সংশোধন। এই বিষয়ে সংবিধানৰ ৩৬৮-নং অনুচ্ছেদত নীতি-নিৰ্দেশনা দিয়া হৈছে,
(৩) দুয়োখন সদনৰ পৃথক-পৃথককৈ বিশেষ সংখ্যাগৰিষ্ঠতা আৰু ৰাজ্যসমূহৰ কমপক্ষেও আধাসংখ্যক বিধানসভাৰ অনুমতিসাপেক্ষে ঘটোৱা সংশোধন। এই বিষয়েও সংবিধানৰ ৩৬৮-নং অনুচ্ছেদত নীতি-নিৰ্দেশনা সন্নিৱিষ্ট কৰা হৈছে।
    সংবিধানৰ সংশোধন সম্পৰ্কীয় বিধেয়ক কেৱল সংসদতহে উত্থাপন কৰিব পাৰি। কোনো বহিঃসংগঠনে এই কাম কৰিব নোৱাৰে। অন্যহাতে সংবিধানখনৰ বাবে বিশেষ আয়োগ গঠনৰ প্ৰস্তাৱো নাই সংবিধানত। ৰাজ্যৰ বিধানসভাসমূহতো সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব নোৱাৰি। পৃথিৱীৰ বহুবোৰ দেশত হোৱাৰ দৰে গণভোটৰ জৰিয়তে সংবিধান সংশোধনৰ কোনো ব্যৱস্থা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হোৱা নাই।

৪। গতিশীল বনাম অস্থিৰ সংবিধান কি উদাহৰণসহ বুজাই লিখা।  

উত্তৰঃ  গতিশীলতা যে ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু এই গতিশীলতাই যে ভাৰতীয় সংবিধানক এক জীৱন্ত ৰূপ দিছে এই কথা ইতিমধ্যে উল্লেখ কৰি অহা হৈছে। কিন্তু গতিশীলতা আৰু অস্থিৰতাৰ মাজৰ পাৰ্থক্য আছে। ভাৰতীয় সংবিধান আৰু পাকিস্তানৰ সংবিধানৰ মাজত তুলনা কৰিলেই এই পাৰ্থক্য আমি বুজিব পাৰিম।
    দক্ষিণ এছিয়াৰ পাকিস্তান আৰু ভাৰতবৰ্ষ দুয়োখন দেখেই ১৯৪৭ চনৰ ক্ৰমে ১৪ আগষ্ট আৰু ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। ভাৰতবৰ্ষই ইয়াৰ সংবিধান প্ৰণয়ন কৰে ১৯৪৯ চনত আৰু সংবিধান বলৱৎ হয় ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। পাকিস্তানৰ সংবিধান প্ৰণয়ন কৰা বলৱৎ হয় ১৯৫৬ চনত।
    ভাৰতবৰ্ষৰ সংবিধানে দেশখনত গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সমাজবাদী, সাৰ্বভৌম আৰু গণৰাজ্যৰ নীতি প্ৰতিষ্ঠা কৰিছে। দেশৰ শাসনব্যৱস্থা হ'ল সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। সংবিধানে জনসাধাৰণক মৌলিক অধিকাৰ প্ৰদান কৰিছে আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিছে।
    বিগত ছয়টা দশকত ভাৰতীয় ৰাজনীতিত নানা পৰিৱৰ্তন হৈছে। স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে বহুবোৰ গণসংগ্ৰাম গঢ়ি উঠিছে। সন্ত্ৰাসবাদৰো উত্থান ঘটিছে দেশৰ বহুবোৰ অঞ্চলত। এই গোটেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সংবিধানত শতাধিক সংশোধনী সন্নিৱিষ্ট কৰা হৈছে। কিছুমান সংশোধনী, যেনে ১৯৭৬ চনৰ ৪২তম সংশোধনীয়ে সংবিধানৰ মূল আধাৰবোৰৰো পৰিৱৰ্তন সাধনৰ প্ৰচেষ্টা চলাইছে। কিন্তু এনে প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাই ১৯৭৮ চনৰ ৪৪তম সংশোধনীয়ে সংবিধানৰ মূল আধাৰটো পুনঃ প্ৰতিষ্ঠা কৰিছে। ৪৪তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ সূচীৰ পৰা আঁতৰাই সাধাৰণ অধিকাৰৰ সূচীত স্থান দিছে। সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনীৰ জৰিয়তে পঞ্চায়ত তথা পৌৰ প্ৰতিষ্ঠানসমূহৰ হাতত পৰ্যাপ্ত সাংবিধানিক ক্ষমতা অৰ্পণ কৰিছে। এই সকলো পৰিৱৰ্তন-সংশোধনৰ মাজেৰে পাৰ হৈ অহাৰ পাছতো ভাৰতীয় সংবিধানৰ মৌলিক ৰূপটো কিন্তু একেই আছে। ই ভাঙি পৰা নাই। উদাহৰণস্বৰূপে সংবিধান ভাৰতবৰ্ষৰ সৰ্বোচ্চ আইন। সংবিধানৰ এই মৰ্যাদা সম্পূৰ্ণৰূপে অটুট আছে। ঠিক সেইদৰে যুক্তৰাষ্ট্ৰীয় আৰু সংসদীয় চৰকাৰৰ বৈশিষ্ট্যও বৰ্তি আছে। ন্যায়ালয়ৰ স্বাধীন অৱস্থানৰ প্ৰতিও বিশেষ প্ৰত্যাহ্বান গঢ়ি উঠা নাই। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ব কালত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত নাগৰিকৰ অধিকাৰক বিভিন্ন ধৰণে খৰ্ব কৰা হৈছিল। তাৰ বাহিৰে ভাৰতীয় সাংবিধানিক ব্যৱস্থাটোক কোনো চৰকাৰে অসন্মান কৰাৰ সাহস কৰা নাই।
    ভাৰতবৰ্ষৰ তুলনাত পাকিস্তানৰ সংবিধান সংশোধনৰ সংখ্যা কম। কিন্তু যিকেইটা সংশোধনী ঘটিছে সেই সংশোধনীসমূহৰ বহুকেইটাই পাকিস্তানৰ সংবিধানৰ মৌলিক গাঁথনিটোকে অদল-বদল কৰিছে। উদাহৰণস্বৰূপে পাকিস্তানৰ সংবিধানে যদিওৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰৱৰ্তন কৰিছিল পৰৱৰ্তী সময়ত কেইবাবাৰো দেশখনত ৰাষ্ট্ৰপতীয় শাসনব্যৱস্থাৰ প্ৰৱৰ্তন হৈছে। তাৰ উপৰিও সামৰিক শাসনব্যৱস্থা প্ৰৱৰ্তন কৰি সাংবিধানিক শাসনব্যৱস্থাটো ওফৰাই পেলোৱাৰ অভিজ্ঞতা পাকিস্তানৰ ৰাজনীতিৰ বাবে সাধাৰণ কথা হৈ পৰিছে। এনে অভিজ্ঞতাৰ ভিত্তিত ক'ব পাৰি যে পাকিস্তানৰ সাংবিধানিক ব্যৱস্থা অত্যন্ত অস্থিৰ।

৫। ভাৰতীয় সংবিধানৰ ৪২তম সংশোধনীৰ ওপৰত এটা টোকা লিখা।                                                                 [HS (XI) 2016]  

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰাৰ কথা চৰকাৰে গভীৰ ভাৱে চিন্তা কৰিছিল আৰু  এই বিষয়ে পৰামৰ্শ দানৰ বাবে স্বৰণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সমূহ লিপিবদ্ধ কৰা হয়। সংবিধানৰ ৪২তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্য সমূহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়। সংবিধানৰ চতুৰ্থ অংশৰ ৫১নং অনুচ্ছেদত এই মৌলিক কৰ্তব্য সমূহ স্থান দিয়া হৈছে। মৌলিক কৰ্তব্য সমূহে সাংবিধানিক আইন হিচাপে ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে। গতিকে এতিয়া প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি কিছুমান মহান কৰ্তব্য আছে। সংবিধানৰ যিকেইটা সংশোধনীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত অন্যতম হ'ল সংবিধানৰ ৪২তম, ৪৪তম, ৭৩তম আৰু ৭৪তম সংশোধনী।
    ৪২তম সংশোধনী ঘটোৱা হৈছিল ১৯৭৬ চনত। সেই সময়ত ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন শাসনব্যৱস্থা চলি আছিল।এই সংশোধনীয়ে সংবিধানৰ প্ৰস্তাৱনাতো কেতবোৰ পৰিৱৰ্তন আনিছিল। উদাহৰণস্বৰূপে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ দুটা নাছিল। এই সংশোধনীয়ে এই দুটা শব্দ অন্তৰ্ভুক্ত কৰিলে। ঠিক সেইদৰে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ কথাহে কোৱা হৈছিল। মৌলিক কৰ্তব্যৰ ধাৰণাটো সংবিধানত নাছিল। ৪২তম সংশোধনীয়ে মৌলিক কৰ্তব্যসমূহ সংবিধানত সন্নিৱিষ্ট কৰিলে।                                                                                                                                                                                                                                                          
৬। ১৯৭৬ চনৰ সংবিধানৰ ৪২তম সংশোধনীৰ প্ৰধান ব্যৱস্থাসমূহ আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬ চনৰ সংবিধানৰ ৪২ তম সংশোধনীৰ দ্বাৰা সমাজতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে । সমাজতান্ত্ৰিক শব্দটোৰ ব্যৱহাৰে ইয়াকে বুজাইছে যে এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয় তাৰ বাবে ৰাষ্ট্ৰীই ব্যৱস্থা লব ।
    ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰাৰ কথা চৰকাৰে গভীৰ ভাৱে চিন্তা কৰিছিল আৰু  এই বিষয়ে পৰামৰ্শ দানৰ বাবে স্বৰণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সমূহ লিপিবদ্ধ কৰা হয়। সংবিধানৰ ৪২তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্য সমূহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়। সংবিধানৰ চতুৰ্থ অংশৰ ৫১নং অনুচ্ছেদত এই মৌলিক কৰ্তব্য সমূহ স্থান দিয়া হৈছে। মৌলিক কৰ্তব্য সমূহে সাংবিধানিক আইন হিচাপে ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে। গতিকে এতিয়া প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি কিছুমান মহান কৰ্তব্য আছে। সংবিধানৰ যিকেইটা সংশোধনীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত অন্যতম হ'ল সংবিধানৰ ৪২তম, ৪৪তম, ৭৩তম আৰু ৭৪তম সংশোধনী।
    ৪২তম সংশোধনী ঘটোৱা হৈছিল ১৯৭৬ চনত। সেই সময়ত ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন শাসনব্যৱস্থা চলি আছিল।এই সংশোধনীয়ে সংবিধানৰ প্ৰস্তাৱনাতো কেতবোৰ পৰিৱৰ্তন আনিছিল। উদাহৰণস্বৰূপে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ দুটা নাছিল। এই সংশোধনীয়ে এই দুটা শব্দ অন্তৰ্ভুক্ত কৰিলে। ঠিক সেইদৰে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ কথাহে কোৱা হৈছিল। মৌলিক কৰ্তব্যৰ ধাৰণাটো সংবিধানত নাছিল। ৪২তম সংশোধনীয়ে মৌলিক কৰ্তব্যসমূহ সংবিধানত সন্নিৱিষ্ট কৰিলে। 


৭।     “ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল” -আলোচনা কৰা।                                                                     [HS(XI) 2018 ]  
  
উত্তৰঃ ভাৰতীয় সংবিধানে পৰিৱৰ্তিত পৰিস্থিতিৰ স'তে মোকাবিলা কৰিব পৰাকৈ নিজকে সংশোধন কৰাত সক্ষম হৈছে। একে সময়তে পৰিৱৰ্তনৰ জোৱাৰত সংবিধানৰ মূল গাঁথনিটো ভাঙি পৰা নাই। ভাৰতীয় সংবিধানক জীৱন্ত দলিল বুলি কওঁতে আমি এই গতিশীলতা আৰু স্থায়িত্ব - দুয়োটা কথাকেই বুজাব খুজিছো। দুয়োটাৰে মাজত এক ভাৰসাম্য ৰক্ষা কৰিব পৰাটোৱেই ভাৰতীয় সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
    ভাৰতীয় সংবিধানখনক জীৱন্ত দলিল বুলি কওঁতে আমিনো কি বুজো এই সম্পৰ্কে যি বিস্তিত আলোচনা আগবঢ়ালো তাক সংক্ষিপ্তভাৱে তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰিঃ
(১) যোৱা ছয়টা দশকত অন্তৰ্ভুক্ত হোৱা শতাধিক সংশোধনে এটা কথা প্ৰতিপন্ন কৰে যে ভাৰতীয় সংবিধানে পৰিৱৰ্তিত পৰিস্থিতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম হৈছে।
(২) সংবিধান বলৱৎ হোৱাৰে পৰা এতিয়ালৈকে সংবিধানৰ মূল গাঁথনিটো অৰ্থাৎ ইয়াৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ, সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ, ব্যক্তিস্বাধীনতা আৰু সামাজিক ন্য়ায়ৰ মাজত থকা বাৰসাম্য-সম্পন্ন সম্পৰ্ক আৰু আইনৰ প্ৰশ্নত সংবিধানিক সৰ্বোচ্চতা বৰ্তাই ৰখা- এই দিশবোৰৰ কোনো পৰিৱৰ্তন নোহোৱা কথাটোৱে সংবিধানৰ স্থায়ী ৰূপটোক প্ৰতিনিধিত্ব কৰিছে।
 (৩) সংবিধান ব্যাখ্যাৰ ক্ষেত্ৰত ন্যায়ালয় আৰু কাৰ্যপালিকা তথা বিধানমণ্ডলৰ মাজত হোৱা বিতৰ্কই এটা কথা প্ৰতিপন্ন কৰে যে ভাৰতবৰ্ষৰ সংবিধান কোনো এক বিশেষ কৰ্তৃত্বৰ হাতত বন্দী হৈ পৰা নাই।
(৪) ন্যায়পালিকাই অবিৰতভাৱে দি অহা সাংবিধানিক ব্যাখ্যাই সংবিধানখনক অধিক গতিশীল কৰি তুলিছে।
 (৫) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে গঢ়ি উঠা বিভিন্ন গণ আন্দোলনৰ প্ৰতি সহাঁৰি জনাই  অন্তৰ্ভুক্ত কৰা সাংবিধানিক সংশোধনীয়ে এটা কথা প্ৰমাণ কৰিছে যে ভাৰতীয় সংবিধান জনসাধাৰণৰ আশা-প্ৰত্যাশাৰ প্ৰতি সচেতন আৰু সংবেদনশীল হৈ ৰৈছে।
(৬) সংবিধান সংশোধনৰ বেলিকা শেহতীয়াভাৱে গঢ়ি উঠা ৰাজনৈতিক সহমতে ভাৰতীয় সংবিধানৰ বহলভিত্তিক প্ৰতিনিধিত্ব কৰিছে। এনে বহল ভিত্তি গতিশীল আৰু সৃষ্টিশীল সংবিধানৰ বৈশিষ্ট্য।

৮। ভাৰতীয় সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা? মূল গাঁথনিৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ কিছুমান মৌলিক বৈশিষ্ট্য আছে। যেনে- সাৰ্বভৌম, সমাজবাদী, গণতান্ত্ৰিক, গণৰাজ্য, সংসদীয় পদ্ধতিৰ চৰকাৰ , ন্যায়, স্বাধীনতা, সমতা, ঐক্য, সংহতি আদি ভাৰতীয় সংবিধানৰ মূল গাঁথনি বুলি কোৱা হয়।
    

৯। সংবিধান সংশোধনত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন ব্যাখ্যা কৰা। 

উত্তৰঃ সংবিধান সংশোধনত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন।

    লোকসভা                                                                     ৰাজ্যসভা
মুঠ সদস্য সংখ্যাঃ৫৪৩                                           মুঠ সদস্য সংখ্যাঃ২৫০
বিশেষ সংখ্যাগৰিষ্ঠতাৰ নিম্নতম                              বিশেষ সংখ্যাগৰিষ্ঠতাৰ বাবে
প্ৰয়োজনীয়তাঃ ২৭৩ (অৰ্থাৎ মুঠ                            প্ৰয়োজনীয় নিম্নতম সংখ্যাঃ
সদস্যৰ সংখ্যাগৰিষ্ঠ নম্বৰ)                                        ১২৬
সংসদত সকলো সদস্য উপস্থিত                            সংসদত সকলো সদস্য উপস্থিত
থাকি ভৌটদান কৰিলে সংবিধান                            থাকি ভোটদান কৰিলে
সংশোধনৰ বাবে প্ৰয়োজন হোৱা                            সংবিধান সংশোধনৰ বাবে
নিম্নতম সদস্য সংখ্যাঃ ৩৬২                                   প্ৰয়োজন হোৱা নিম্নতম সদস্য
                                                                                   সংখ্যাঃ১৬৭

    সংসদৰ দুয়ো সদনৰ ৰাজনৈতিক সহমত অবিহনে এনে সংশোধন সম্ভৱ নহয়।
বাজেট অনুমোদনৰ দৰে কাৰ্যাৱলীৰ বাবে সংসদত সাধাৰণ সংখ্যাগৰিষ্ঠতা থকা চৰকাৰে ৰাজনৈতিক সহমত গঢ়ি তোলাৰ আৱশ্যকতা নাই। কিন্তু বিশেষ সংখ্যাগৰিষ্ঠাতৰে সংবিধান সংশোধনৰ বেলিকা এনে সহমত অপৰিহাৰ্য। সংবিধান সংশোধনত এনে এক জটিল প্ৰক্ৰিয়া সন্নিৱিষ্ট কৰাৰ অন্তৰালত সংবিধান প্ৰণেতাসকলৰ নিশ্চয় কিছু লক্ষ্য লুকাই আছিল।
    সংবিধান প্ৰণেতাসকলে আশা কৰিছিল যে সংবিধান সংশোধনৰ এক বহল ৰাজনৈতিক ভিত্তি থকাৰ লগতে দলীয় ৰাজনীতিৰ ঠেক আনুগত্যৰ পৰা ই ঊৰ্ধত থকা উচিত। সাংসদসকলৰ নিজৰ মাজতো দলমত নিৰ্বিশেষে সংবিধান সংশোধনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ঐক্য মত থাকিলেহে এনে সংশোধনী বিধেয়ক সদনৰ অনুমতি লাভ কৰিব পাৰে।
১০৷ ভাৰতীয় সংবিধানৰ বহুবিলাক সংশোধনী ন্যায়ালয় আৰু সংসদৰ ব্যাখ্যাৰ দ্বাৰা স্থাপিত হৈছে। উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ 
  
১১। যদি সংবিধান সংশোধনী ক্ষমতা নিৰ্বাচিত প্রতিনিধিৰ তেনে সংশোধনীৰ ওপৰত বৈধতা বিচাৰ ক্ষমতা ন্যায়ালয়ৰ থকা অনুচিত। তুমি  মানি লোৱা নে? ১০০টা শব্দৰ ভিতৰত তোমাৰ উত্তৰ দিয়া। 

উত্তৰঃ

১২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শনৰ ওপৰত এটা চমু টোকা লিখা।                                                          [HS(XT) 2019]  

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions ) :  

১। ভাৰতীয় সংবিধানৰ গতিশীলতাৰ সপক্ষে চাৰিটা যুক্তি দিয়া।

উত্তৰঃ 

২। ভাৰতীয় সংবিধানখন কেনেকৈ সংশোধন কৰা হয়? 

উত্তৰঃ

৩। ভাৰতীয় সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে? যিকোনো দুটা সংশোধনী ব্যাখ্যা কৰা। 

উত্তৰঃ

৪। বিশেষ সংখ্যাগৰিষ্ঠতা কেনে ক্ষেত্ৰত প্ৰয়োজন হয় বুজাই লিখা।
  
উত্তৰঃ বিশেষ সংখ্যাগৰিষ্ঠতা প্ৰয়োজন হোৱাৰ কাৰণবোৰ হৈছে-

(১) এনে সংবিধান সংশোধনী বিধেয়ক কেৱল সংসদৰ যিকোনো এখন সদনত উত্থাপন কৰিব পাৰি,

(২) এই বিধেয়ক সংসদে অনুমোদন জনাবৰ বাবে সদনৰ মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশই সমৰ্থন জনাব লাগিব,

(৩) এনে অনুমোদনৰ বেলিকা সংসদৰ দুয়ো সদনে উল্লেখিত পদ্ধতিৰে পৃথক-পৃথককৈ এনে অনুমোদন জনাব লাগিব,

(৪) সংসদৰ দুয়ো সদনে অনুমোদন জনোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে উত্থাপিত বিধেয়ক বিচৰা ধৰণে সংবিধান সংশোধিত হয়।

৫। সংবিধানৰ ৪২তম সংশোধনীৰ চাৰিটা পৰিৱৰ্তন উল্লেখ কৰা।
  
উত্তৰঃ  সংবিধানৰ ৪২তম সংশোধনীৰ চাৰিটা পৰিৱৰ্তন হৈছে-

(১) ৪২ নং সংবিধান সংশোধীনয়ে প্ৰথম বাৰৰ বাবে ভাৰতীয় সংবিধানত আৰু ইয়াৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘গণৰাজ্য’ এই শব্দ দুটা অন্তৰ্ভুক্ত কৰে আৰু ভাৰতক পূৰ্ব  “সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য” ৰ পৰিৱৰ্তে “ সাৰ্বভৌম সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে আৰু প্ৰতিষ্ঠা কৰে আৰু লগতে প্ৰস্তাৱনাৰ “ৰাষ্ট্ৰীয় অখণ্ডতা” শব্দটোৰো পৰিৱৰ্তন সাধন কৰি “ ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতা” হিচাপে প্ৰতিষ্ঠা কৰে।

(২) উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ক্ষমতাৰ হ্ৰাসকৰণ বা সীমিতকৰণ প্ৰচেষ্ঠা বা ব্যৱস্থা।

(৩) ভাৰতীয় সংবিধানত নাগৰিক সকলৰ বাবে মৌলিক দায়িত্ব নিৰ্ধাৰণ আৰু অন্তৰ্ভুক্তকৰণ।

(৪) ৰাষ্ট্ৰপতিক কেবিনেটৰ পৰামৰ্শাৱলীৰ প্ৰতি দায়বদ্ধশীলতাৰ ব্যৱস্থা।

      এনে কিছুমান ব্যৱস্থাই সংবিধানৰ ৪২ তম্‌ সংশোধনীত কৰা হয়।

৬। ভাৰতীয় সংবিধান সংশোধনীৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

৭। ভাৰতীয় সংবিধানৰ চাৰিটা মূল গাঁথনি উল্লেখ কৰা। 
 
উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা মুল গাঁথনি হৈছে-
(১) এই ৰায়ৰ জৰিয়তে সংসদৰ সংবিধান সংশোধনী ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা হয়। এই ৰায়ে স্পষ্টভাবে উল্লেখ কৰিলে যে সংবিধানৰ সংশোধন ঘটাই সংবিধানৰ মৌলিক গাঁথনিটো পৰিৱৰ্তন কৰিব পৰা নাযায়।
(২) এই ৰায়ে সংবিধানৰ সৰ্বোচ্চতা পুনৰবাৰ প্ৰতিষ্ঠা কৰে।
(৩) এই ৰায়ত এই কথাও কোৱা হয় যে কোনো সংবিধান সংশোধনীয়ে সংবিধানৰ মৌলিক গাঁথনিটোৰ ওপৰত হস্তক্ষেপ কৰিছে নেকি সেইটো নিৰ্ণয়ৰ শেষ কৰ্তৃত্বও ন্যায়ালয়ৰ হাতত থাকিব।


৮। ভাৰতীয় সংবিধানৰ বিকাশত ন্যায়পালিকাৰ ভূমিকা আলোচনা কৰা।
  
উত্তৰঃ

৯। কেশৱানন্দ ভাৰতী গোচৰ চমুকৈ বৰ্ণনা কৰা। 
 
উত্তৰঃ ১৯৭৩ চনত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধান সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। এই ৰায়ক কেশৱানন্দ ভাৰতী ৰায় নামেৰে জনা যায়। এই ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনিটো ব্যাখ্য কৰিলে আৰু স্পষ্টকৈ ক'লে যে সংসদে সংবিধানৰ এই মৌলিক গাঁথনিটো সংশোধন কৰিব নোৱাৰে। এই মৌলিক গাঁথনিটো হ'লঃ
(১) সংবিধানৰ সৰ্বোচ্চতা
(২) চৰকাৰৰ গণৰাজ্য আৰু গণতান্ত্ৰিক চৰিত্ৰ
(৩) সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ
(৪) ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থা বৰ্তাই ৰখা
(৫) সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি


১০। ভাৰতীয় সংবিধান ইমান বেছি সংশোধন কৰাৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ

১১। ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতিৰ যিকোনো চাৰিটা আসোঁৱাহ আঙুলিয়াই দিয়া।                          [HS (XI) 2015] 
 
উত্তৰঃ ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতিৰ যিকোনো চাৰিটা আসোঁৱাহ হৈছে-

১। ভাৰতীয়  সংবিধান সংশোধন পদ্ধতি যেনেকৈ নমনীয় ঠিক তেনেকৈ অনমনীয় পদ্ধতি।
২। ভাৰতীয়  সংবিধান সংশোধন পদ্ধতিত সংশোধনী প্ৰক্ৰিয়াৰ  প্ৰায় সকলো ক্ষমতা সংসদৰ হাতত।
৩। সংবিধান সংশোধনী বিধেয়ক সন্দৰ্ভত কোনোধৰণৰ  বিতৰ্ক হোৱাৰ আশংকা থাকিলে এই পদ্ধতিত উভয় সদনৰ যুটীয়া আলোচনা হোৱাৰ কোনো নিয়ম নাই।
৪। সংবিধান সংশোধনী পদ্ধতিত বিশেষ সংখ্যাগৰিষ্ঠৰ বাহিৰে বাকী পদ্ধতি সাধাৰণ বিধেয়কৰ সৈতে একেই।

অতি চমু উত্তৰৰ প্ৰশ্ন (Very short answer questions)  

১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ সংশোধনৰ প্ৰক্ৰিয়াক আলোচনা কৰে?
 
উত্তৰঃ 

২। সংবিধানৰ এটা প্রয়োজনীয়তা উল্লেখ কৰা।
  
উত্তৰঃ

৩। ভাৰতীয় সংবিধানখন স্থিতিশীল নে গতিশীল?

উত্তৰঃ ভাৰতীয় সংবিধানখন গতিশীল হয়।

৪। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনৰ ব্যৱস্থা আছে?
 
উত্তৰঃ

৫। উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল? [HS (XI) 2019]

উত্তৰঃ

৬৷ সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰ দ্বাৰা সংশোধন কৰিব পৰা ভাৰতীয় সংবিধানৰ এটা বিষয় বস্তু উল্লেখ কৰা।  

 উত্তৰঃ

৭। জৰুৰীকালীন সময়ত কোনটো সংশোধনী সংঘটিত হৈছিল।
 
 উত্তৰঃ 

৮। কোনটো সংশোধনীয়ে সংবিধানত মৌলিক কর্তব্য সন্নিবিষ্ট কৰিছে?
  
 উত্তৰঃ ৪২তম সংশোধনীয়ে সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰিছে। 

৯। কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ পৰা “ব্যক্তিগত সম্পত্তিৰ অধিকাৰ" উঠাই দিয়া হয়? 

 উত্তৰঃ 

১০। কোন চনত সংবিধানৰ ৭৩-নং সংশোধনী আইন পাছ হৈছে। 
 
 উত্তৰঃ ১৯৯২ চনত সংবিধানৰ ৭৩-নং সংশোধনী আইন পাছ হৈছে। 

১১। পাকিস্তানৰ সংবিধান কোন চনত প্ৰণয়ন কৰা হৈছিল। 

 উত্তৰঃ 

১২। সংবিধানৰ এটা মূল গাঁথনিৰ নাম লিখা।  

 উত্তৰঃ

১৩। ভাৰতৰ সংবিধান সংশোধন কেই প্ৰকাৰে কৰিব পাৰি? 

 উত্তৰঃ

১৪। ভাৰতীয় সংবিধান কোন চনত প্ৰথম সংশোধন কৰা হৈছিল? 
 
উত্তৰঃ ভাৰতীয় সংবিধান ১৯৫০ চনত প্ৰথম সংশোধন কৰা হৈছিল।

শুদ্ধ উত্তৰ বাচি উলিওৱা (Choose the correct answers):  

১। সংবিধান সময়ে সময়ে সংশোধন কৰিব লগা হয় কাৰণ — 

(ক) পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে অনুৰূপ সংশোধনীৰ প্ৰয়োজন হয়।
  
(খ) এটা সময়ত লিখা এখন দলিল কিছু বছৰৰ পিছত অপ্রচলিত হয় 

(গ) প্রত্যেক পুৰুষৰ (Generation) ৰুচি অনুসৰি এখন সংবিধান থাকে  

(ঘ) ই চলিত চৰকাৰৰ দৰ্শন প্রতিফলিত কৰে 

উত্তৰঃ (ক) পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে অনুৰূপ সংশোধনীৰ প্ৰয়োজন হয়।

২। তলত দিয়াবিলাক সঁচা নে মিছা লিখা :  

(ক) এখন সংশোধনী বিধেয় পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্রপতিয়ে সংসদলৈ ঘূৰাই পঠিয়াব নোৱাৰে।

উত্তৰঃ অশুদ্ধ।

(খ) সংবিধান সংশোধন কৰিবলৈ অকল নির্বাচিত প্রতিনিধিসকলৰহে ক্ষমতা আছে।

উত্তৰঃ অশুদ্ধ।

(গ) ন্যায়পালিকাই সংবিধান সংশোধনীত আগভাগ ল'ব নোৱাৰে কিন্তু সংবিধান বেলেগ ধৰণে ব্যাখ্যা কৰি ইয়াৰ পৰিৱৰ্তন আনিব  পাৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) সংসদে সংবিধানৰ যিকোনো ধাৰা (Section) সংশোধন কৰিব পাৰে।  

 উত্তৰঃ শুদ্ধ।

৩। তলৰ কোনবোৰ ভাৰতৰ সংবিধান সংশোধনৰ লগত সংযুক্ত? কেনে ধৰণে সংযুক্ত 

 (ক) ভোটাৰ     (খ) ভাৰতৰ  ৰাষ্ট্ৰপতি (গ) ৰাজ্যিক বিধানমণ্ডল

 (ঘ) সংসদ         (ঙ) ন্যায়পালিকা  

উত্তৰঃ (খ) ভাৰতৰ  ৰাষ্ট্ৰপতি, (গ) ৰাজ্যিক বিধানমণ্ডল, (ঘ) সংসদ ।

৪। এতিয়ালৈ হোৱা সংশোধনীবিলাকৰ ভিতৰত ৪২তম সংশোধনী আটাইতকৈ বেছি বিতর্কমূলক। তলত উল্লেখ কৰা কোনবোৰ  বিতর্কমূলক কাৰণ?  

(ক) এইটো কৰা হৈছিল জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা সময়ত আৰু এই জাতীয় জৰুৰী অৱস্থা ঘোষণাই আছিল বিতর্কমূলক।  

(খ) বিশেষ সংখ্যাগরিষ্ঠতাব সমর্থন নোহোৱাকৈ এই সংশোধনী কার্যকৰী কৰা হৈছিল। 

(গ) ৰাজ্যৰ বিধানমণ্ডলসমূহৰ অনুমোদন নোহোৱাকৈ এইটো কৰা হৈছিল।  

(ঘ) ইয়াত সন্নিবিষ্ট কৰা ব্যৱস্থাসমূহ (Provisions) বিতর্কমূলত আছিল। 

উত্তৰঃ (ঘ) ইয়াত সন্নিবিষ্ট কৰা ব্যৱস্থাসমূহ (Provisions) বিতর্কমূলত আছিল। 

৫। বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত সংশোধনী লৈ হোৱা মতানৈকাৰ তলত উল্লেখ কৰা কোনটো ব্যাখ্যা যুক্তিযুক্ত নহয় ?

(ক) সংবিধানৰ বিভিন্ন ব্যাখ্যা সম্ভৱ
 
(খ) গণতন্ত্ৰত বিতৰ্ক আৰু বিৰোধ স্বাভাবিক 

(গ) সংবিধানে কিছুমান উচ্চমানৰ নিয়ম-নীতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু বিশেষ সংখ্যাগৰিষ্ঠতাৰে সংশোধন কৰাৰ অনুমতি দিয়ে 

(ঘ) বিধানমণ্ডলক নাগৰিকৰ অধিকাৰ ৰক্ষণা-বেক্ষণৰ দায়িত্ব অর্পণ কৰিব নোৱাৰি  

উত্তৰ

৬। মূল গাঁথনি তত্ত্বৰ শুদ্ধ বাক্যবোৰ চিনাক্ত কৰা। অশুদ্ধ বাক্যবোৰ শুদ্ধ কৰাঃ

(ক) সংবিধানে মূল নীতিসমূহ নিৰ্দিষ্ট কৰি দিয়ে  

(খ) মূল গাঁথনিৰ বাহিৰে সংবিধানৰ আন যিকোনো অংশ বিধানমণ্ডলে সংশোধন কৰিব পাৰে 

(গ) ন্যায়পালিকাই সংবিধানৰ কোনটো বিষয় মূল গাঁথনি হয় আৰু কোনটো নহয় ব্যাখ্যা কৰি দিয়ে  

(ঘ) এই তত্ত্বটো পোন প্ৰথম কেশৱানন্দ ভাৰতী গোচৰত উদ্ঘাটন হয় আৰু ইয়াৰ পৰৱৰ্তী গোচৰৰ ৰায়দানত আলোচনা কৰা হয় 

(ঙ) এই তত্ত্বটোৱে ন্যায়পালিকাৰ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে মানি চলিবলৈ বাধ্য থাকে।

উত্তৰঃ






Type: Himashree Bora.