কাৰ্যপালিকা | (Executive) | Chapter 4 | Class 11 Political Science Question and Answer | Class 11 political Science Question and Answer Assamese Medium | Class 11 Political Science Solution |


কাৰ্যপালিকা 

(Executive)

Chapter 4


প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

 ১। কাৰ্যপালিকা কাক বোলে? বিভিন্ন প্ৰকাৰৰ কাৰ্যপালিকা কি কি?

উত্তৰঃ প্ৰত্যেক আনুষ্ঠানিক গোটৰ এটি সংস্থা থাকে যি সংগঠনৰ মুখ্য প্ৰশাসক বা কাৰ্যপালিকা হিচাপে কাৰ্যপালন কৰে। গতিকে কাৰ্যপালিকাৰ অৰ্থ হ'ল এজন ব্যক্তি বা এটি ব্যক্তিৰ সমস্তি যিয়ে সংগঠনৰ দৈনন্দিন কাম-কাজ আৰু নীতি-নিয়মবোৰৰ বাস্তৱ ৰূপায়ণক চোৱা-চিতা কৰে তাকে কাৰ্যপালিকা বোলে। 
বিভিন্ন প্ৰকাৰৰ কাৰ্যপালিকা হৈছে- শাসনৰ বিভাগৰ গঠন আৰু কাম অনুযায়ী কাৰ্যপালিকাক মুখ্যতঃ দুটা ভাগ কৰা হয়। যেনে- (ক) ৰাজনৈতিক কাৰ্যপালিকা আৰু (খ) অ-ৰাজনৈতিক বা স্থায়ী কাৰ্যপালিকা। 
ৰাজনৈতিক কাৰ্যপালিকাক আকৌ দুটা ভাগত ভাগ কৰা হয়- (ক) নামমাত্ৰ কাৰ্যপালিকা আৰু (খ) প্ৰকৃত কাৰ্যপালিকা।

২। সংসদীয় কার্যপালিকা বুলিলে কি বুজা? ভাৰতত সংসদীয় কার্যপালিকা আছে নে ? 

উত্তৰঃ প্রত্যেক আনুষ্ঠানিক গােটৰ এটি সংস্থা থাকে যি সেই সংগঠনৰ মুখ্য প্রশাসক বা কাৰ্যপালিকা হিচাপে কার্যপালন কৰে। গতিকে কার্যপালিকাৰ অৰ্থ হ’ল এজন ব্যক্তি বা এটি ব্যক্তিৰ সমক্তি যিয়ে সংগঠনৰ দৈনন্দিন কাম-কাজ আৰু নীতিনিয়মবােৰৰ বাস্তৱ ৰূপায়ণক চোৱা-চিতা কৰে তাকে কার্যপালিকা বােলে। 

৩। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি চমুকৈ বর্ণনা কৰা। 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। তেওঁৰ নিৰ্বাচনৰ বাবে এটি নিৰ্বাচক সংস্থা গঠন কৰা হয়। ভাৰতৰ সংবিধানৰ ৫৪-নং আৰু ৫৫-নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে। ৫৪-নং অনুচ্ছেদ অনুসৰি সংসদৰ আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যসকলক লৈ গঠিত এটি নিৰ্বাচনী সংস্থাৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। 

প্ৰথমতে ভাৰতবৰ্ষ এখন বিশাল দেশ। আয়তন আৰু জনসংখ্যাৰ ভিত্তিত ইয়াক এখন উপ-মহাদেশ বোলা হয়। ইয়াৰ জনসংখ্যা ১০০ কোটিৰো এপৰ। এনেকুৱা জনবহুল আৰু বিশাল দেশ এখনত ৰাষ্ট্ৰপতিৰ প্ৰত্যক্ষ নিৰ্বাচনৰ ব্যৱস্থা কৰিলে অযথা সময়, শক্তি আৰু ধনৰ খৰচ হয়। 

দ্বিতীয়তে, ভাৰতবৰ্ষৰ অধিক সংখ্যক ভোটাৰে এতিয়াও শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়িব পৰা নাই। অধিক সংখ্যক ভোটাৰে ব্যক্তিগত বিচাৰ-বুদ্ধিৰে ভোট দান কৰিবলৈ শিকা নাই। নানান উপায়েৰে তেওঁলোকক প্ৰলোভন দেখুৱাব পাৰি। তাৰ উপৰি ৰাষ্ট্ৰপতি পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ গুণ নিৰ্ণয় কৰা যোগ্যতা সাধাৰণ ভোটাৰসকলৰ নাথাকিবও পাৰে। এনেকুৱা পৰিস্থিতিত প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিলে যোগ্যতাসম্পন্ন ব্যক্তি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নহ'বও পাৰে। 

৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যপালিকাৰ ক্ষমতাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ 

৫। আমোলাতন্ত্ৰক কিয় স্থায়ী কাৰ্যপালিকা বুলি গণ্য কৰা হয় আলোচনা কৰা।                                                 [HS(XI) 2019] 

উত্তৰঃ

৬। কাৰ্যপালিকাৰ প্ৰধান ক্ষমতাসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ

৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ ব্যাখ্যা কৰা।                                                                           [HS(XI) 2016, 2017]  

উত্তৰঃ


৮। ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিধায়ী ক্ষমতাসমূহ আলোচনা কৰা                                                                                                       

উত্তৰঃ

 ৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ কেইভাগত ভগাব পাৰি আৰু সেইবোৰ কি কি? 

উত্তৰঃ

১০। ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতা বহলাই ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতাবোৰ হৈছে- 

(ক) ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাই দিয়া উপদেশ পুনৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। তেওঁ যদি অনুভৱ কৰে যে তেওঁলৈ দিয়া উপদেশত আইনগত   আছে অথবা দেশৰ স্বাৰ্থৰ পৰিপন্থী তেনে সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে। এই কাম তেওঁ নিজ স্বেচ্ছাই কৰে। অৱশ্যে একে উপদেশ দ্বিতীয়বাৰ পঠিয়ালে তেওঁ সেই উপদেশ মানিবলৈ বাধ্য। 

(খ) ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰপতিয়ে এই ক্ষমতাৰ বলত সংসদত গৃহীত কোনো বিধেয়কত সন্মতি নিদি প্ৰত্যাখ্যান কৰিব পাৰে বা বিধেয়কখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব পাৰে। সংসদে বিধেয়কখন পুনৰ বিবেচনা কৰি বা বিবেচনা নকৰাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত দ্বিতীয়বাৰ প্ৰেৰণ কৰিলে তেওঁ তাত সন্মতি দিবলৈ বাধ্য। কিন্তু পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিয়ে কিমান দিনৰ ভিতৰত বিধেয়কখন ঘূৰাই পঠাব লাগিব সেই সময়সীমাৰ বিষয়ে সংবিধানত কোনো উল্লেখ নাই। ফলত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন নিশ্চিত সময়ৰ বাবে ৰাখি থ'ব পাৰে।

(গ) দেশৰ ৰাজনৈতিক পৰিস্থিতিয়েও বহু সময়ত ৰাষ্ট্ৰপতিক স্ববিচাৰ ক্ষমতা প্ৰয়োগৰ সুবিধা দিছে। সংবিধানৰ বিধান মতে ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী হিচাবে নিযুক্তি দিয়ে। কিন্তু যদি কোনো দলৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেন্তে প্ৰধানমন্ত্ৰী হিচাবে কাক নিযুক্তি দিব সেইটো ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। অৰ্থাৎ তেওঁ স্বেচ্ছাধীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

 ১১। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? তেওঁৰ সাংবিধানিক পদমর্যাদা চমুকৈ আলোচনা কৰা।                                       [HS(XI) 2016]                                                                                                    

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান  হ'ল ৰাষ্ট্ৰপতি। 

ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদাঃ সংবিধান প্ৰণেতাসকলে ভাৰতত সংসদীয় গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰিছে। সংসদীয় গণতন্ত্ৰত মূল ক্ষমতা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত পৰিচালিত মন্ত্ৰীসভাৰ হাতত ন্যস্ত থাকে। প্ৰধানমন্ত্ৰীয়েই চৰকাৰৰ মুৰব্বী আৰু নেতা। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ভূমিকা বৃটেইনৰ ৰজাৰ দৰে বুলি ড॰ আম্বেদকাৰে মন্তব্য কৰিছে। তেওঁৰ মতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ পৰামৰ্শ অগ্ৰাহ্য কৰিলে তেওঁৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ আনিব পাৰি।

    সংবিধান সভাৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা সম্পৰ্কে ঐক্যমত ড॰ আম্বেদকাৰৰ বক্তব্যৰ মাজেদি প্ৰতিফলিত হৈছে। তেওঁ ৰাষ্ট্ৰপতিৰ পদৰ সাংবিধানিক পদমৰ্যাদাৰ মূল্যায়ন কৰি কৈছে, ''ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰপ্ৰধান, কিন্তু শাসনপ্ৰধান মহয়। তেওঁ জাতিক প্ৰতিনিধিত্ব কৰে, কিন্তু জাতিক শাসন নকৰে। তেওঁ জাতিৰ প্ৰতীক। প্ৰশাসনত তেওঁৰ ভূমিকা হ'ল এটি আনুষ্ঠানিক যন্ত্ৰৰ দৰে-যাৰ মাধ্যমত জাতিৰ সিদ্ধান্ত প্ৰকাশিত হয়।''

    ৰাষ্ট্ৰপতিৰ মন্ত্ৰীসভাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য হয় নে নহয়, সেই সম্পৰ্কে আগতে মতভেদ আছিল। কাৰণ, সংবিধানত স্পষ্টকৈ লিখা হোৱা নাছিল যে ৰাষ্ট্ৰপতি মন্ত্ৰীসভাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য। ১৯৭৮ চনৰ সংবিধানৰ ৪৪তম সংশোধনী আইন মতে এতিয়া ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ পৰামৰ্শ মানি চলিবলৈ বাধ্য।


১২। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক কোনে নির্বাচিত কৰে। তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰঃ 

১৩। ভাৰতৰ প্ৰধানমন্ত্ৰীক কিদৰে নিযুক্ত কৰা হয়। তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।    [HS (XI) 2019]                     

উত্তৰঃ ৭৫ (১) নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰা হয়। তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ'লঃ

(ক) মন্ত্ৰীপৰিষদ গঠনঃ প্ৰধামন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে কোনো মন্ত্ৰীৰ নীতিগত কথাত মতানৈক্য হ'লে মন্ত্ৰীজনাই পদত্যাগ কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে যিকোনো মন্ত্ৰীক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিব পাৰে। আচলতে প্ৰধানমন্ত্ৰীৰ সন্তুষ্টিৰ কালছোৱাতহে মন্ত্ৰীসকল পদত বাহাল থাকে। মন্ত্ৰীপৰিষদৰ কাৰ্যকাল প্ৰধানমন্ত্ৰীৰ কাৰ্য-কলাপৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে অধ্যাপক লাস্কিয়ে বৃটিছ প্ৰধানমন্ত্ৰী সম্পৰ্কে কৈছিল যে, ''প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰীপৰিষদৰ জন্ম, মৃত্যু আৰু জীৱনৰ কেন্দ্ৰস্বৰূপ।'' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো সেই একে মন্তব্য প্ৰযোজ্য। প্ৰকৃতপক্ষে  প্ৰধানমন্ত্ৰীৰ নিয়োগৰ  লগে লগে ৰাষ্ট্ৰপতিৰ গঠনৰ কামৰ অন্ত পৰে।

(খ) দপ্তৰ বিতৰণঃ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ ব্যক্তিগত ইচ্ছা, তেওঁলোকৰ দলীয় স্থান আৰু প্ৰভাৱৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। দপ্তৰ বিতৰণৰ ক্ষেত্ৰত ক্ষমতা প্ৰয়োগ বহুতো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰিলে সময়ে সময়ে মন্ত্ৰীসকলৰ দপ্তৰৰ সাল-সলনিও কৰিব পাৰে।

(গ) মন্ত্ৰীপৰিষদৰ সদস্যসকলৰ সাল-সলনিঃ প্ৰধানমন্ত্ৰী যেনেকৈ মন্ত্ৰীসকলৰ নিয়োগৰ ক্ষেত্ৰত স্ব-ইচ্ছাৰ দ্বাৰা পৰিচালিত হয়, তেনেকৈ তেওঁ ইচ্ছামতে মন্ত্ৰীসকলৰ সাল-সলনি কৰিব পাৰে। মন্ত্ৰীপৰিষদৰ নেতা হিচাপে তেওঁ যিকোনো মন্ত্ৰীক মন্ত্ৰীপৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্ৰী মনোনিত কৰিব পাৰে। তেওঁ কোনোবা মন্ত্ৰীক পদত্যাগ কৰিবলৈও বাধ্য কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কোনো মন্ত্ৰীক পদচ্যুত বা নতুন মন্ত্ৰী নিয়োগ কৰিব পাৰে।

(ঘ) সংখ্যাগৰিষ্ঠ দলৰ নেতাঃ প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা। প্ৰধানমন্ত্ৰীয়ে শাসনকাৰ্য পৰিচালনা কৰোতে দলীয় নীতি পালন কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু প্ৰাধান্যৰ মুল ভিত্তি হ'ল দলীয় আনুগত্য আৰু দলৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰে প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব, প্ৰভাৱ আৰু কৰ্তৃত্বৰ ওপৰত। দলৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাও প্ৰধামন্ত্ৰীৰ দায়িত্ব। তেওঁ দলৰ জনপ্ৰিয়তা ৰক্ষা আৰু বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা ল'ব লাগিব।

(ঙ) মন্ত্ৰীসভাৰ সভাপতিঃ প্ৰধানমন্ত্ৰী  মন্ত্ৰীসভাৰ সভাপতি। মন্ত্ৰীসভাৰ আলোচ্য বিষয়-বস্তু সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাত কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে যাতে মতবিৰোধ নহয় তাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য ৰাখিব লাগিব। যিকোনো বিষয়ত মতানৈক্য হ'লে প্ৰধানমন্ত্ৰীয়ে ঐক্যমতত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে।

(চ) লোকসভাৰ নেতাঃ দলৰ নেতা বিচাপে প্ৰধানমন্ত্ৰী লোকসভাৰো নেতা। সংসদত তেওঁ সংখ্যাগৰিষ্ঠ দলৰ নীতিক সমৰ্থন কৰে আৰু বিৰোধী পক্ষৰ সমালোচনা উত্তৰ দিয়ে। দেশৰ শাসনকাৰ্য পৰিচালনাৰ বাবে তেওঁ লোকসভাৰ ওচৰত দায়িত্বশীল।

(ছ) নিয়োগ ক্ষমতাঃ ৰাষ্ট্ৰৰ উচ্চপদস্থ বিষয়াসকলক মন্ত্ৰীসভাই মনোনীত কৰে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। সাধাৰণতে বিষয়াসকলৰ মনোনয়নত প্ৰধানমন্ত্ৰীৰ ইচ্ছাৰ  বিৰুদ্ধে কোনেও মত প্ৰকাশ নকৰে। ৰাষ্ট্ৰপতিয়ে সকলো বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কাম কৰে।

(জ) জাতিৰ নেতাঃ ভাৰতৰ প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা আৰু শাসকপ্ৰধান হোৱাৰ উপৰিও তেওঁ জাতিৰ নেতা। তেওঁৰ ওপৰত জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনমত গঠন কৰাত সক্ৰিয় অংশগ্ৰহণ কৰে। জনসাধাৰণৰ ওচৰত তেওঁ চৰকাৰৰ নীতি ব্যাখ্যা কৰে।

১৪। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।                                                                   [HS (XI) 2017]  

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা হ'ল-

(ক) মন্ত্ৰীপৰিষদ গঠনঃ প্ৰধামন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে কোনো মন্ত্ৰীৰ নীতিগত কথাত মতানৈক্য হ'লে মন্ত্ৰীজনাই পদত্যাগ কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে যিকোনো মন্ত্ৰীক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিব পাৰে। আচলতে প্ৰধানমন্ত্ৰীৰ সন্তুষ্টিৰ কালছোৱাতহে মন্ত্ৰীসকল পদত বাহাল থাকে। মন্ত্ৰীপৰিষদৰ কাৰ্যকাল প্ৰধানমন্ত্ৰীৰ কাৰ্য-কলাপৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে অধ্যাপক লাস্কিয়ে বৃটিছ প্ৰধানমন্ত্ৰী সম্পৰ্কে কৈছিল যে, ''প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰীপৰিষদৰ জন্ম, মৃত্যু আৰু জীৱনৰ কেন্দ্ৰস্বৰূপ।'' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো সেই একে মন্তব্য প্ৰযোজ্য। প্ৰকৃতপক্ষে  প্ৰধানমন্ত্ৰীৰ নিয়োগৰ  লগে লগে ৰাষ্ট্ৰপতিৰ গঠনৰ কামৰ অন্ত পৰে।

(খ) দপ্তৰ বিতৰণঃ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ ব্যক্তিগত ইচ্ছা, তেওঁলোকৰ দলীয় স্থান আৰু প্ৰভাৱৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। দপ্তৰ বিতৰণৰ ক্ষেত্ৰত ক্ষমতা প্ৰয়োগ বহুতো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰিলে সময়ে সময়ে মন্ত্ৰীসকলৰ দপ্তৰৰ সাল-সলনিও কৰিব পাৰে।

(গ) মন্ত্ৰীপৰিষদৰ সদস্যসকলৰ সাল-সলনিঃ প্ৰধানমন্ত্ৰী যেনেকৈ মন্ত্ৰীসকলৰ নিয়োগৰ ক্ষেত্ৰত স্ব-ইচ্ছাৰ দ্বাৰা পৰিচালিত হয়, তেনেকৈ তেওঁ ইচ্ছামতে মন্ত্ৰীসকলৰ সাল-সলনি কৰিব পাৰে। মন্ত্ৰীপৰিষদৰ নেতা হিচাপে তেওঁ যিকোনো মন্ত্ৰীক মন্ত্ৰীপৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্ৰী মনোনিত কৰিব পাৰে। তেওঁ কোনোবা মন্ত্ৰীক পদত্যাগ কৰিবলৈও বাধ্য কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কোনো মন্ত্ৰীক পদচ্যুত বা নতুন মন্ত্ৰী নিয়োগ কৰিব পাৰে।

(ঘ) সংখ্যাগৰিষ্ঠ দলৰ নেতাঃ প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা। প্ৰধানমন্ত্ৰীয়ে শাসনকাৰ্য পৰিচালনা কৰোতে দলীয় নীতি পালন কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু প্ৰাধান্যৰ মুল ভিত্তি হ'ল দলীয় আনুগত্য আৰু দলৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰে প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব, প্ৰভাৱ আৰু কৰ্তৃত্বৰ ওপৰত। দলৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাও প্ৰধামন্ত্ৰীৰ দায়িত্ব। তেওঁ দলৰ জনপ্ৰিয়তা ৰক্ষা আৰু বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা ল'ব লাগিব।

(ঙ) মন্ত্ৰীসভাৰ সভাপতিঃ প্ৰধানমন্ত্ৰী  মন্ত্ৰীসভাৰ সভাপতি। মন্ত্ৰীসভাৰ আলোচ্য বিষয়-বস্তু সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাত কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে যাতে মতবিৰোধ নহয় তাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য ৰাখিব লাগিব। যিকোনো বিষয়ত মতানৈক্য হ'লে প্ৰধানমন্ত্ৰীয়ে ঐক্যমতত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে।

(চ) লোকসভাৰ নেতাঃ দলৰ নেতা বিচাপে প্ৰধানমন্ত্ৰী লোকসভাৰো নেতা। সংসদত তেওঁ সংখ্যাগৰিষ্ঠ দলৰ নীতিক সমৰ্থন কৰে আৰু বিৰোধী পক্ষৰ সমালোচনা উত্তৰ দিয়ে। দেশৰ শাসনকাৰ্য পৰিচালনাৰ বাবে তেওঁ লোকসভাৰ ওচৰত দায়িত্বশীল।

(ছ) নিয়োগ ক্ষমতাঃ ৰাষ্ট্ৰৰ উচ্চপদস্থ বিষয়াসকলক মন্ত্ৰীসভাই মনোনীত কৰে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। সাধাৰণতে বিষয়াসকলৰ মনোনয়নত প্ৰধানমন্ত্ৰীৰ ইচ্ছাৰ  বিৰুদ্ধে কোনেও মত প্ৰকাশ নকৰে। ৰাষ্ট্ৰপতিয়ে সকলো বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কাম কৰে।

(জ) জাতিৰ নেতাঃ ভাৰতৰ প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা আৰু শাসকপ্ৰধান হোৱাৰ উপৰিও তেওঁ জাতিৰ নেতা। তেওঁৰ ওপৰত জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনমত গঠন কৰাত সক্ৰিয় অংশগ্ৰহণ কৰে। জনসাধাৰণৰ ওচৰত তেওঁ চৰকাৰৰ নীতি ব্যাখ্যা কৰে।

১৫। ভাৰতৰ মন্ত্ৰীসভা কেনেদৰে গঠন হয়? ইয়াত কেইপ্ৰকাৰৰ মন্ত্ৰী আছে? 

উত্তৰঃ ভাৰতৰ সংবিধানত মন্ত্ৰীসভা ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে মন্ত্ৰীসভা গঠন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ ক্ষমতা আৰু দায়িত্ব বৰ্তমানে আচলতে মন্ত্ৰীসভাৰ হাতত ন্যস্ত কৰা হয়। আধুনিক ৰাষ্ট্ৰত চৰকাৰৰ কাৰ্যাৱলী আৰু দায়িত্ব বেছি হোৱাৰ বাবে মন্ত্ৰীপৰিষদৰ ৫০-ৰ পৰা ৬০জন সদস্যৰ পক্ষে কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ নহয়। এই কাৰণে কম সংখ্যক সদস্যক লৈ মন্ত্ৰীসভা গঠন কৰা হয়। 

ইয়াত তিনিপ্ৰকাৰৰ মন্ত্ৰী আছে- প্ৰথম শ্ৰেণীৰ মন্ত্ৰীক পূৰ্ণ-পৰ্যায়ৰ মন্ত্ৰী বোলা হয়। পূৰ্ণ- পৰ্যায়ৰ মন্ত্ৰীসকলক সাহায্য কৰিবৰ বাবে দ্বিতীয় এক শ্ৰেণীৰ মন্ত্ৰী আছে। তেওঁলোকক ৰাজ্যমন্ত্ৰী  বোলা হয়। তৃতীয় শ্ৰেণীৰ মন্ত্ৰীসকলক উপ-মন্ত্ৰী বোলে। 

১৬। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীপৰিষদৰ লগত থকা সম্পর্ক আলোচনা কৰা।

উত্তৰঃ

১৭। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পাঁচটা গুৰুত্বপূৰ্ণ কাৰ্য চমুকৈ আলোচনা কৰা।

উত্তৰঃ

১৮। ভাৰতৰ শাসনব্যৱস্থাত প্রধানমন্ত্ৰীৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ

১৯। ভাৰতৰ শাসনব্যৱস্থাত কেন্দ্রীয় মন্ত্রীপৰিষদৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ

 ২০। ৰাষ্ট্ৰপতিৰ ওপৰত মন্ত্রীসভাৰ উপদেশ কিয় বাধ্যতামূলক বুলি ভাবা ১০০টা শব্দৰ ভিতৰত উত্তৰ দিয়া। 

উত্তৰঃ

২১। আমোলাতন্ত্র মানে কি বুজা? আমোলাতন্ত্ৰৰ কার্যাবলী আলোচনা কৰা।   

উত্তৰঃ আধুনিক গণতান্ত্ৰিক শাসনব্যৱস্থাত চৰকাৰৰ কাৰ্যবাহী অংগই প্ৰধানমন্ত্ৰী, মন্ত্ৰীপৰিষদ আৰু এটা বৃহৎ সংগঠন আমোলাতন্ত্ৰ বা প্ৰশাসনীয় যন্ত্ৰক সামৰি গঠিত হয়। এই প্ৰশাসন যন্ত্ৰক সামৰিক সেৱাৰ পৰা পাৰ্থক্য কৰি ইয়াক অ-সামৰিক সেৱা হিচাপে চিনাক্তকৰণ কৰা হৈছে। মন্ত্ৰীসকলে প্ৰশাসনৰ নীতি নিৰ্ধাৰণ কৰে আৰু এই নীতিবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষতাপূৰ্ণ বিষয়াৰ ওপৰত দায়িত্ব অৰ্পণ কৰা এই বিষয়াসকলক 'বুৰোক্ৰেট' বা আমোলাতন্ত্ৰ বুলি কোৱা হয়। 

আমোলাতন্ত্ৰৰ কাৰ্যাৱলীসমূহ হৈছে-

(ক) চৰকাৰী নীতি ৰূপায়ণঃ চৰকাৰে গ্ৰহণ কৰা নীতিবিলাক সকলো ক্ষেত্ৰতে বাস্তৱত ৰূপায়িত কৰা আমোলাসকলৰ দায়িত্ব। এওঁলোকে নীতিসমূহৰ কাৰ্যকৰী ৰূপ দিয়ে।

(খ) পৰামৰ্শদানঃ উচ্চপদস্থ আমোলাসকলে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো এটি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এওঁলোকে মন্ত্ৰীসকলক বা আইনসভাক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীসভাক পৰামৰ্শদান কৰা আমোলাতন্ত্ৰৰ অন্যতম কাম। 

(গ) প্ৰশাসনিক নীতি নিৰ্ধাৰণঃ আমোলাসকলে দৈনন্দিন প্ৰশাসন পৰিচালনাৰ বাবে প্ৰশাসনিক নীতি গ্ৰহণ কৰে। চৰকাৰৰ মৌলিক নীতি নিৰ্ধাৰণত এওঁলোকৰ ভূমিকা অ-প্ৰত্যক্ষ, কিন্তু প্ৰশাসনিক নীতি নিৰ্ধাৰণত এওঁলোকে প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰে।

(ঘ) অৰ্পিত আইন প্ৰণয়ন ক্ষমতাৰ প্ৰয়োগঃ আইনসভাই আইনৰ ব্যাপক নীতি স্থিৰ কৰে আৰু উচ্চপদস্থ কৰ্মচাৰীসকলে আইনৰ সবিশেষ বাকী নীতিসমূহ ৰচনা কৰে। ইয়াক অৰ্পিত আইন প্ৰণয়ন ক্ষমতা বোলা হয়। গতিকে আমোলাসকলে আইনক পূৰ্ণতা দানৰ দায়িত্ব গ্ৰহণ কৰে।

(ঙ) জনসেৱাঃ জনসেৱা আমোলাসকলৰ মুখ্য কাম। চৰকাৰৰ যিকোনো কামৰ মূল লক্ষ্য জনসেৱা আৰু জনগণৰ কল্যাণ। আমোলাসকলে জনসেৱাৰ মনোভাব লৈ সকলো কামত আত্মনিয়োগ কৰিবলগীয়া হয়।

২২। কার্যপালিকা নিয়ন্ত্ৰণৰ বাবে সংসদীয় পদ্ধতিৰ কাৰ্যপালিকাই বিধানমণ্ডলৰ ওচৰত বহুতো ক্ষমতা অর্পণ কৰিছে। কাৰ্যপালিকাক নিয়ন্ত্রণ কৰা কিয় ইমান প্রয়োজন বুলি তুমি ভাবা?

উত্তৰঃ

২৩। ভাৰতৰ শাসনব্যবস্থাত আমোলাতন্ত্রৰ ভূমিকা চমুকৈ আলোচনা কৰা। 

উত্তৰঃ

 ২৪। ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থাত আমোলাতন্ত্ৰৰ গুৰুত্ব পৰীক্ষা কৰা।                                                [HS(XT) 2018]  

উত্তৰঃ


চমু উত্তৰৰ প্ৰশ্ন (Short Answer Question) ঃ


১। কাৰ্যপালিকাৰ এটা মুখ্য কাৰ্য ব্যাখ্যা কৰা। 

উত্তৰঃ কাৰ্যপালিকাৰ এটা মুখ্য কাৰ্য হৈছে- (ক) প্ৰশাসনীয় কাৰ্যঃ কাৰ্যপালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰি ৰাষ্ট্ৰৰ আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা কৰে।

২। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অপসাৰণ পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ 

৩। সংসদীয় কার্যপালিকা বুলিলে কি বুজা ? বুজাই লিখাা।

উত্তৰঃ 

 ৪। ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়বিলাকৰ বিচাৰকসকলক নিয়োগ কৰে। সংসদৰ প্ৰস্তাৱ মতে তেওঁ এই বিচাৰকসকলক পদচ্যুত কৰিব পাৰে(১২৪-নং অনুচ্ছেদ)। সংবিধানৰ ৭২-নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰদৰ্শনৰ ক্ষমতা আছে। তেওঁ শাস্তি পোৱা কোনো ব্যক্তিৰ শাস্তি আংশিকভাৱে বা সম্পূৰ্ণৰূপে মাফ কৰিব পাৰে, শাস্তি দান স্থগিত ৰখাৰ নিৰ্দেশ দিব পাৰে আৰু মৃত্যুদণ্ড পোৱা ব্যক্তিক ক্ষমা কৰিব পাৰে বা তেওঁৰ দণ্ডাজ্ঞা হ্ৰাস কৰিব পাৰে।

৫। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। 

উত্তৰঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰধান কাম হ'ল ৰাজ্য়সভাত সভাপতিত্ব কৰা। 

৬। ৰাষ্ট্ৰপতিৰ পদমর্যাদা।

উত্তৰঃ ''ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপ্ৰধান, কিন্তু শাসনপ্ৰধান নহয়।

৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা।  

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা হ'ল-

(ক) ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাই দিয়া উপদেশ পুনৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। তেওঁ যদি অনুভৱ কৰে যে তেওঁলৈ দিয়া উপদেশত আইনগত ত্ৰুটি আছে অথবা দেশৰ স্বাৰ্থৰ পৰিপন্থী তেনে সিদ্বান্ত পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে। এই কাম তেওঁ নিজ স্বেচ্ছাই কৰে। অৱশ্যে একে উপদেশ দ্বিতীয়বাৰ পঠিয়ালে তেওঁ সেই উপদেশ মানিবলৈ বাধ্য।

(খ) ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰপতিয়ে এই ক্ষমতাৰ বলত সংসদত গৃহীত কোনো বিধেয়কত সন্মতি নিদি প্ৰত্যাখ্যান কৰিব পাৰে বা বিধেয়কখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব পাৰে। সংসদে বিধেয়কখন পুনৰ বিবেচনা কৰি বা বিবেচনা নকৰাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত দ্বিতীয়বাৰ প্ৰেৰণ কৰিলে তেওঁ তাত সন্মতি দিবলৈ বাধ্য। কিন্তু পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিয়ে কিমান দিনৰ ভিতৰত বিধেয়কখন ঘূৰাই পঠাব লাগিব সেই সময়সীমাৰ বিষয়ে সংবিধানত কোনো উল্লেখ নাই। ফলত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন নিশ্চিত সময়ৰ বাবে ৰাখি থ'ব পাৰে।

৮। ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতা আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতাবোৰ তলত আলোচনা কৰা হ'ল-

(ক) ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাই দিয়া উপদেশ পুনৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। তেওঁ যদি অনুভৱ কৰে যে তেওঁলৈ দিয়া উপদেশত আইনগত ত্ৰুটি আছে অথবা দেশৰ স্বাৰ্থৰ পৰিপন্থী তেনে সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে। এই কাম তেওঁ নিজ স্বেচ্ছাই কৰে। অৱশ্যে একে উপদেশ দ্বিতীয়বাৰ পঠিয়াবলে তেওঁ সেই উপদেশ মানিবলৈ বাধ্য।

(খ) ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰপতিয়ে এই ক্ষমতাৰ বলত সংসদত গৃহীত কোনো বিধেয়কত সন্মতি নিদি প্ৰত্যাখ্যান কৰিব পাৰে বা বিধেয়কখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব পাৰে। সংসদে বিধেয়কখন পুনৰ বিবেচনা কৰি বা বিবেচনা নকৰাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত দ্বিতীয়বাৰ প্ৰেৰণ কৰিলে তেওঁ তাত সন্মতি দিবলৈ বাধ্য। কিন্তু পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিয়ে কিমান দিনৰ ভিতৰত বিধেয়কখন ঘূৰাই পঠাব লাগিব সেই সময়সীমাৰ বিষয়ে সংবিধানত কোনো উল্লেখ নাই। ফলত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন নিশ্চিত সময়ৰ বাবে ৰাখি থ'ব পাৰে।

(গ) দেশৰ ৰাজনৈতিক পৰিস্থিতিয়েও বহু সময়ত ৰাষ্ট্ৰপতিক স্ববিচাৰ ক্ষমতা প্ৰয়োগৰ সুবিধা দিছে। সংবিধানৰ বিধান মতে ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী হিচাবে নিযুক্তি দিয়ে। কিন্তু যদি কোনো দলৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেন্তে প্ৰধানমন্ত্ৰী বিচাবে কাক নিযুক্তি দিব  সেইটো ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। অৰ্থাৎ তেওঁ স্বেচ্ছাধীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

 ৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাৰিটা কাৰ্যপালিকাৰ ক্ষমতা লিখা। 

উত্তৰঃ

১০। প্রধানমন্ত্ৰী নিৰ্বাচনত ৰাষ্ট্ৰপতিৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ


 ১১। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে কি কি অৰ্হতাৰ প্ৰয়োজন?

উত্তৰঃ (১) কোনো ব্যক্তি ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচনৰ পাত্ৰ নহ'ব, যদিহে তেওঁ-

(ক)ভাৰতৰ নাগৰিক নহয়,

(খ) পঁয়ত্ৰিস বছৰ বয়স পূৰ্ণ হোৱা নাই, আৰু 

(গ) লোক সভাৰ সদস্য ৰূপে নিৰ্বাচনৰ কাৰণে অৰ্হতা সম্পন্ন নহয়।

(২) ভাৰত চৰকাৰৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনত অথবা উক্ত তেনে চৰকাৰ সমূহৰ কোনোটোৰ নিয়ন্ত্ৰণাধীন কোনো স্থানীয় বা অন্যান্য প্ৰাধিকাৰীৰ অধীনত লাভৰ পদ ধাৰণ কৰি থকা কোনো ব্যক্তি ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ কাৰণে পাত্ৰ নহ'ব।

 

১২। ৰাষ্ট্ৰপতিয়ে কাক প্রধানমন্ত্রী হিচাপে নিযুক্ত কৰিব পাৰে?  

উত্তৰঃ

১৩। ৰাষ্ট্ৰপতিৰ বিধায়ী ক্ষমতা আলোচনা কৰা। 

উত্তৰঃ

১৪। ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ

১৫। মন্ত্রীপৰিষদৰ পাঁচটা বৈশিষ্ট্য আলোচনা  কৰা। 

উত্তৰঃ মন্ত্ৰীপৰিষদৰ পাচঁটা বৈশিষ্ট্য হ'ল- 

(ক) প্ৰধানমন্ত্ৰীৰ নেতৃত্বঃ প্ৰধানমন্ত্ৰীৰ নেতৃত্ব মন্ত্ৰীপৰিষদৰ অন্যতম বৈশিষ্ট্য। তেওঁ হ'ল মন্ত্ৰীপৰিষদৰ লাই খুটা আৰু প্ৰশাসনৰ কেন্দ্ৰবিন্দু।

(খ) সমূহীয়া দায়িত্বশীলতাঃ সমূহীয়া দায়িত্বশীলতা মন্ত্ৰীপৰিষদৰ আন এটা বৈশিষ্ট্য। মন্ত্ৰীপৰিষদৰ চৰকাৰী নীতি আৰু কাৰ্যৰ বাবে যুটীয়াভাৱে সংসদৰ ওচৰত দায়ী থাকে।

(গ) গেপনীয়তাঃ মন্ত্ৰীপৰিষদৰ আন এটা বৈশিষ্ট্য হ'ল পৰিষদৰ আলোচনা, সিদ্ধান্ত সম্পৰ্কে গোপনীয়তা ৰক্ষা কৰা। মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে চৰকাৰী গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ কৰিব লাগে।

(ঘ) ঐক্য আৰু সংহতিঃ মন্ত্ৰীপৰিষদৰ সদস্যসকলৰ মাজত ঐক্য আৰু সংহতি অপৰিহাৰ্য। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত দ্বি-মত থাকিব লাগিব।

(ঙ)বিৰোধী দলৰ স্বীকৃতিঃ ভাৰতৰ সংসদীয় শাসনব্যৱস্থাত বিৰোধী দলৰ ভূমিকাক স্বীকৃতি দিয়া হৈছে। বিৰোধী দলৰ নেতাজনে ইয়াত কেবিনেট মন্ত্ৰীৰ সমান মৰ্যাদা লাভ কৰে।


১৬। কেন্দ্রীয় মন্ত্রী পৰিষদৰ চাৰিটা কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় মন্ত্ৰী  পৰিষদৰ চাৰিটা কাৰ্য হৈছে-

(ক) নীত নিৰ্ধাৰণৰ ক্ষমতাঃ মন্ত্ৰীপৰিষদৰ প্ৰধান দায়িত্ব হ'ল দেশৰ শাসনব্যৱস্থাৰ বিষয়ে নীতি নিৰ্ধাৰণ কৰা। মন্ত্ৰীপৰিষদে বৈদেশিক আৰু আভ্যন্তৰীণ শাসন নীতিও নিৰ্ধাৰণ কৰে। মন্ত্ৰীসভাই শাসন পৰিচালনা আৰু চৰকাৰী আয়-ব্যয়সংক্ৰান্ত বিভিন্ন নীতি প্ৰণয়ন কৰে। যুদ্ধ, শান্তি, আন্তৰ্জাতিক বিষয় আদিত মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ত মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে।

(খ) শাসন-বিভাগীয় ক্ষমতাঃ মন্ত্ৰীসভাই শাসন বিভাগক পৰিচালনা কৰে। ই চৰকাৰৰ বিভিন্ন বিভাগৰ কামৰ মাজত সমন্বয় সাধন কৰে আৰু বিভিন্ন দপ্তৰৰ তত্বাৱধান কৰে। মন্ত্ৰীসভাই চৰকাৰ আৰু দলৰ নেতৃত্ব দিয়ে। সংসদে গ্ৰহণ কৰা আইন কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ প্ৰতিও মন্ত্ৰীসকলে লক্ষ্য ৰাখিব লাগে। মন্ত্ৰীসভাই হ'ল ভাৰতৰ সৰ্বোচ্চ কাৰ্যপালিকা। প্ৰত্যেকজন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ দ্বাৰা গৃহীত আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদিত নীতিসমূহ বলৱৎ কৰা হৈছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

(গ) আইন প্ৰণয়নঃ মন্ত্ৰীসভাই আইন প্ৰণয়ন কাৰ্যও নিয়ন্ত্ৰণ কৰে। সংসদত যিবিলাক আইনৰ প্ৰস্তাৱ উত্থাপন কৰিবলগীয়া হয় তাৰ সৰহভাগেই মন্ত্ৰীসকলে উত্থাপন কৰে। মন্ত্ৰীসভাৰ সমৰ্থন অবিহনে কোনো বিলে সংসদৰ অনুমোদন লাভ কৰিব নোৱাৰে। কাৰণ, সংসদত মন্ত্ৰীসভাৰ সমৰ্থকসকলৰ সংখ্যাহে বেছি। সৰহভাগ বিলৰ খচৰা মন্ত্ৰীসভাৰ তত্বাৱধানত তৈয়াৰ কৰা হয়। বৰ্তমানে সংসদীয় গণতন্ত্ৰত মন্ত্ৰীসভাই আইন প্ৰণয়ন কাৰ্যত সক্ৰিয় অংশগ্ৰহণ কৰে।

(ঘ) নিযুক্তি নিয়ন্ত্ৰণঃ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদসমবহত নিযুক্তিৰ বাবে মন্ত্ৰীসভাই উপযুক্ত ব্যক্তিৰ বাচনি কৰে। সেইদৰে মন্ত্ৰীসভাই উচ্চপদস্থ বিষয়াসকলৰ নিযুক্তি, স্থানান্তৰ আৰু নিয়ন্ত্ৰণ কৰে। মন্ত্ৰীসভাই সকলো সিদ্ধান্ত স্থায়ী কৰ্মচাৰীসকলে কাৰ্যকৰী কৰে। এই ক্ষেত্ৰত মন্ত্ৰীসকলে তেওঁলোকক নিৰ্দেশাদি দিব লাগে। কৰ্মচাৰীসকলৰ কাৰ্যাৱলী পৰিচালনা কৰাও মন্ত্ৰীসকলৰ এটা দায়িত্ব।


 ১৭। মন্ত্রীসভা আৰু মন্ত্রীপৰিষদৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ মন্ত্ৰীসভা আৰু মন্ত্ৰীপৰিষদৰ মাজৰ পাৰ্থক্য হৈছে-

(ক) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ সংবিধানস্বীকৃত। ইয়াৰ অস্তিত্ব আৰু ক্ষমতা আইনৰ দ্বাৰা অনুমোদিত। কিন্তু মন্ত্ৰীসভা প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে।

(খ) মন্ত্ৰীসভাৰ সকলো সদস্য মন্ত্ৰীপৰিষদৰো সদস্য। মন্ত্ৰীপৰিষদৰ সকলো সদস্য মন্ত্ৰীসভাৰ সদস্য নহয়।

(গ) মন্ত্ৰীসভাই শাসন পৰিচালনা নীতি নিৰ্ধাৰণ কৰে। মন্ত্ৰীপৰিষদৰ চৰকাৰী নীতি প্ৰণয়নকাৰী সংস্থা নহয়।

(ঘ) মন্ত্ৰীসভাৰ বৈঠক সপ্তাহত এবাৰ অনুষ্ঠিত হয়। মন্ত্ৰীপৰিষদৰ কোনো নিয়মিত বৈঠক অনুষ্ঠিত নহয়।

(ঙ) কোনো কাৰণত মন্ত্ৰীসভাৰ পতন ঘটিলে মন্ত্ৰীপৰিষদৰ সকলো সদস্যই পদত্যাগ কৰিব লাগে। 


১৮। কেন্দ্রীয় লোকসেৱা আয়োগৰ চাৰিটা কাৰ্য লিখা।

উত্তৰঃ

১৯। জাতিৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে প্ৰকৃততে সেই ক্ষমতাসমূহ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত ব্যাপক। তেওঁ দেশৰ প্ৰকৃত শাসক। প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰিয়েই গোটেই ৰাষ্ট্ৰৰ শাসনকাৰ্য পৰিচালিত হয়। পদমৰ্যাদাৰ ফালৰ পৰা তেওঁ ৰাষ্ট্ৰত তৃতীয় স্থান অধিকাৰ কৰে। তেওঁৰ পদমৰ্যাদা ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ পিছতেই।

    ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা হ'ল প্ৰধানমন্ত্ৰী। তেওঁ হ'ল ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীপৰিষদৰ মাজৰ যোগসূত্ৰ। যুক্তৰাষ্ট্ৰীয় শাসন পৰিচালনা, ৰাজ্যশাসন পৰিচালনা আদি সকলো ক্ষেত্ৰতেই প্ৰধানমন্ত্ৰীৰ প্ৰাধান্য দেখা যায়। ভাৰতৰ ভৱিষ্যৎ সম্পূৰ্ণৰূপে ইয়াৰ প্ৰধানমন্ত্ৰীৰ বিচাৰ-বুদ্ধি আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সামগ্ৰিক নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন, ৰাষ্ট্ৰৰ প্ৰশাসন আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰী হ'ল ভাৰত চৰকাৰৰ সৰ্বপ্ৰধান মুখপাত্ৰ।

প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা আৰু ক্ষমতা নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব, জনপ্ৰিয়তা, বুদ্ধিমতা, প্ৰশাসনিক দক্ষতা, ৰাজনৈতিক অভিজ্ঞতা আৰু দূৰদৰ্শিকতা, বিভিন্ন বিষয়ত জ্ঞান, দ্ৰুত কাৰ্য সম্পাদনৰ ক্ষমতা, কৰ্ম-কুশলতা, সাহসিকতা, বিচক্ষণতা, দ্ৰুত সিদ্ধান্ত গ্ৰহণ আৰু ইয়াক বাস্তৱত ৰূপদান কৰা ক্ষমতাৰ ওপৰত। নিজৰ দল আৰু মন্ত্ৰীপৰিষদৰ সক্ৰিয় সমৰ্থনৰ ওপৰতো প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে।

    ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা অপৰিসীম হ'লেও তেওঁৰ পক্ষে স্বৈৰাচাৰী হোৱা বিপদজনক। কাৰণ, তেওঁ হ'ল জনসাধাৰণৰ প্ৰতিনিধি। জনসাধাৰণৰ সমৰ্থনৰ ওপৰতহে প্ৰকৃততে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ স্থায়িত্ব নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে যদি জনমতক উপেক্ষা কৰি শাসনকাৰ্য পৰিচালনা কৰে তেতিয়াহ'লে তেওঁৰ ৰাজনৈতিক ভৱিষ্যৎ যে এন্ধাৰ সেই বিষয়ে কোনো সন্দেহ নাই।

২০। ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা কি কি?

উত্তৰঃ

২১। কেন্দ্রীয় লোকসেৱা আয়োগৰ গঠন ব্যাখ্যা কৰা।

উত্তৰঃ

চমু উত্তৰৰ প্রশ্ন (Short Type Questions):


১। কাৰ্যপালিকাৰ প্ৰকাৰ চিত্ৰ আঁকি দেখুওৱা। 

উত্তৰঃ

২। শ্রীলংকাৰ অৰ্ধ-ৰাষ্ট্ৰপতীয় পতাকা।

উত্তৰঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ সংবিধানখন ১৯৭৮ চনত সংশোধন কৰি আগৰ ৰাষ্ট্ৰপতিৰ পদ পৰিহাৰ কৰি কাৰ্য কাৰ্যবাহী ৰাষ্ট্ৰপতীয় ব্যৱস্থা নতুনকৈ প্ৰৱৰ্তন কৰা হয়। এনে শাসনব্যৱস্থাত ৰাষ্ট্ৰপতিগৰাকী এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী এক দলৰ অথবা আন কোনো দলৰ পৰা হোৱাত সাংবিধানিক কোনো বাধা নাই। অৰ্থাৎ, যিকোনো দলৰ পৰাই ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ'ব পাৰে।

৩। ভাৰতীয় সংবিধানৰ কোন তিনিটা অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বেলেগ বেলেগ তিনি প্ৰকাৰৰ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?

উত্তৰঃ

৪। মন্ত্রীসভা আৰু মন্ত্রীপৰিষদৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ  মন্ত্ৰীসভা আৰু মন্ত্ৰীপৰিষদৰ মাজৰ পাৰ্থক্য হৈছেঃ

(ক) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ সংবিধানস্বীকৃত। ইয়াৰ অস্তিত্ব আৰু ক্ষমতা আইনৰ দ্বাৰা অনুমোদিত। কিন্তু মন্ত্ৰীসভা প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে।

(খ) মন্ত্ৰীসভাৰ তুলনাত মন্ত্ৰীপৰিষদৰ আকাৰ ডাঙৰ।

(গ) মন্ত্ৰীসভাৰ সকলো সদস্য মন্ত্ৰীপৰিষদৰো সদস্য। মন্ত্ৰীপৰিষদৰ সকলো সদস্য মন্ত্ৰীসভাৰ সদস্য নহয়।

(ঘ) মন্ত্ৰীসভাই শাসন পৰিচালনাৰ নীতি নিৰ্ধাৰণ কৰে। মন্ত্ৰীপৰিষদ চৰকাৰী নীতি প্ৰণয়নকাৰী সংস্থা নহয়।

(ঙ) মন্ত্ৰীসভাৰ বৈঠক সপ্তাহত এবাৰ অনুষ্ঠিত হয়। মন্ত্ৰীপৰিষদৰ কোনো নিয়মিত বৈঠক অনুষ্ঠিত নহয়।

৫। ৯১তম সংশোধনী আইনে (২০০৩) কিদৰে মন্ত্রীপৰিষদৰ আকাৰ সীমাৱদ্ধ কৰিছিল?                           [HS(XT) 2019]                                                 

উত্তৰঃ

৬। মন্ত্রীসভাৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ 

৭। প্রধানমন্ত্রীক মন্ত্রীপৰিষদৰ মূৰব্বী বুলি কিয় কোৱা হয়?

উত্তৰঃ

৮। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক কেনেকৈ আঁতৰাব পাৰি?

উত্তৰঃ

৯। ৰাষ্ট্ৰপতি সংসদৰ অ-বিচ্ছেদ্য অংগ। তুমি এই বিষয়ে একমত নে? বুজাই লিখা।

উত্তৰঃ

১০। আমোলাতন্ত্ৰৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ আমোলাতন্ত্ৰৰ যিকোনো দুটা কাৰ্য হৈছে- 

(ক) চৰকাৰী নীতি ৰূপায়ণঃ চৰকাৰে গ্ৰহণ কৰা নীতিবিলাক সকলো ক্ষেত্ৰতো বাস্তৱত ৰূপায়িত কৰা  আমোলাসকলৰ দায়িত্ব। এওঁলোকে নীতিসমূহৰ কাৰ্যকৰী ৰূপ দিয়ে।

(খ) জনসেৱাঃ  জনসেৱা আমোলাসকলৰ মুখ্য কাম। চৰকাৰৰ যিকোনো কামৰ মূল লক্ষ্য জনসেৱা আৰু জনগণৰ কল্যাণ। আমোলাসকলে জনসেৱাৰ মনোভাব লৈ সকলো কামত আত্মনিয়োগ কৰিবলগীয়া হয়।

১১। জাতিৰ নেতা হিচাপে প্রধানমন্ত্ৰীৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে প্ৰকৃততে সেই ক্ষমতাসমূহ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত ব্যাপক। তেওঁ দেশৰ প্ৰকৃত শাসক। প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰিয়েই গোটেই ৰাষ্ট্ৰৰ শাসনকাৰ্য পৰিচালিত হয়। পদমৰ্যাদাৰ ফালৰ পৰা তেওঁ ৰাষ্ট্ৰত তৃতীয় স্থান অধিকাৰ কৰে। তেওঁৰ পদমৰ্যাদা ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ পিছতেই। 

    ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা হ'ল প্ৰধানমন্ত্ৰী। তেওঁ হ'ল ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীপৰিষদৰ মাজৰ যোগসূত্ৰ। যুক্তৰাষ্ট্ৰীয় শাসন পৰিচালনা, ৰাজ্যশাসন পৰিচালনা আদি সকলো ক্ষেত্ৰতেই প্ৰধানমন্ত্ৰীৰ প্ৰাধান্য দেখা যায়। ভাৰতৰ ভৱিষ্যৎ সম্পূৰ্ণৰূপে ইয়াৰ প্ৰধানমন্ত্ৰীৰ বিচাৰ-বুদ্ধি আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সামগ্ৰিক নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন, ৰাষ্ট্ৰৰ প্ৰশাসন আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰী হ'ল ভাৰত চৰকাৰৰ সৰ্বপ্ৰধান মুখপাত্ৰ।

প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা আৰু ক্ষমতা নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব, জনপ্ৰিয়তা, বুদ্ধিমত্তা, প্ৰশাসনিক দক্ষতা, ৰাজনৈতিক অভিজ্ঞতা আৰু দূৰদৰ্শিকতা, বিভিন্ন বিষয়ত জ্ঞান, দ্ৰুত কাৰ্য সম্পাদনৰ ক্ষমতা, কৰ্ম-কুশলতা, সাহসিকতা, বিচক্ষণতা, দ্ৰুত সিদ্ধান্ত গ্ৰহণ আৰু ইয়াক বাস্তৱত ৰূপদান কৰা ক্ষমতাৰ ওপৰত। নিজৰ দল আৰু মন্ত্ৰীপৰিষদৰ সক্ৰিয় সমৰ্থনৰ ওপৰতো প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে।


১২। উপ-ৰাষ্ট্ৰপতিৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ

১৩। সংসদীয় চৰকাৰত কেই প্ৰকাৰৰ কাৰ্যপালিকা আছে আৰু কি কি?

উত্তৰঃ

১৪। উপৰাষ্ট্ৰপতি কেনেদৰে নিৰ্বাচিত হয়। 

উত্তৰঃ

১৫। বংশানুক্রমিক আৰু নিৰ্বাচিত কাৰ্যপালিকাৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

১৬। ৰাষ্ট্ৰপতিৰ সাংবিধানিক স্থান নির্ণয় কৰা।

উত্তৰঃ

১৭। ৰাষ্ট্ৰপতিৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ

১৮। আমোলাতন্ত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ

১৯। সংসদীয় চৰকাৰ মানে কি বুজা লিখা।

উত্তৰঃ

২০। সৰ্বভাৰতীয় সেৱাৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ

২১। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাবলী (Objective type questions) :


(A) অতি চমু উত্তৰৰ প্রশ্ন :

১। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ কোনে গঠন কৰে?

উত্তৰঃ

২। মন্ত্রীসভাৰ কাৰ্যকাল কেই বছৰৰ?

উত্তৰঃ

৩। মন্ত্রীসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ

৪। কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ

৫। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেই বছৰৰ? 

উত্তৰঃ ৫ বছৰ।

৬। প্রধানমন্ত্রীক কোনে নিযুক্তি দিয়ে ?

উত্তৰঃ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

৭। ভাৰতৰ প্ৰধানমন্ত্রী নে ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা।

৮। কেন্দ্ৰীয় চৰকাৰৰ আমোলাসকলক বাছনি কৰা সংস্থাটোৰ নাম কি ?

উত্তৰঃ

৯। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল? 

উত্তৰঃ  স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জনৰ নাম জৱাহৰলাল নেহৰু।

১০। ৰাষ্ট্ৰপতিৰ মুখ্য উপদেষ্টা কোন?

উত্তৰঃ 

১১। মহাভিযোগ প্রস্তাৱ কি?

উত্তৰঃ

১২। কোন দেশৰ বহুব্য়ক্তি কাৰ্যপালিকা আছে ?

উত্তৰঃ

 ১৩। অৰ্ধ ৰাষ্ট্ৰপতি থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উত্তৰঃ

১৪। কোনখন দেশত একক কার্যপালিকা আছে? 

উত্তৰঃ

১৫। কেন্দ্রীয় মন্ত্রীসভাত কোনে সভাপতিত্ব কৰে? 

 উত্তৰঃ

১৬। মন্ত্রীপৰিষদৰ সদস্যসকলৰ মাজত কোনে বিভাগবোৰ ভাগ-বতৰা কৰি দিয়ে?

উত্তৰঃ

 (B) হয় বা নহয় লিখা (Write 'Yes' or 'No') : 

১। ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ মানিবলৈ বাধ্য নে ?

উত্তৰঃ

২। সংসদলৈ নির্বাচিত নোহোৱা ব্যক্তিক মন্ত্রীপৰিষদত অন্তর্ভূক্ত কৰিব পাৰিনে?

উত্তৰঃ

৩। ভাৰতত ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ আছে।

উত্তৰঃ হয়।

৪। ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

উত্তৰঃ নহয়।

৫। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল পাঁচ বছৰৰ। 

উত্তৰঃ হয়।

৬। শ্রীলংকাত অৰ্ধ-ৰাষ্ট্ৰপতীয় চৰকাৰ আছে।  

উত্তৰঃ

৭। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় চৰকাৰ আছে। 

উত্তৰঃ

৮। ৰাষ্ট্ৰপতি ভাৰত ৰাষ্ট্ৰৰ আনুষ্ঠানিক মূৰব্বী।

উত্তৰঃ

৯। ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা আছে। 

উত্তৰঃ

১০। উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ছয় বছৰৰ। 

উত্তৰঃ নহয়।

১১। প্রধানমন্ত্রীয়ে মন্ত্রীপৰিষদত কোন কোন মন্ত্ৰী হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰে। 

উত্তৰঃ

 ১২। ৰাজ্যপালসকলক প্রধামন্ত্রীয়ে নিযুক্তি দিয়ে।

উত্তৰঃ 

(C) শুদ্ধ উত্তৰ বাছি উলিওৱা (Choose the correct answers) : 

 ১। ভাৰতৰ ৰাষ্ট্ৰপতিঃ

(ক) চৰকাৰৰ মুৰব্বী                         

(খ) ৰাষ্ট্ৰৰ মুৰব্বী  

(গ) কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বী    

(ঘ) এইকেইটাৰ এটাও নহয়

উত্তৰঃ

২। তলত উল্লেখ কৰা কোনখন দেশত  প্ৰকৃত কাৰ্যপালিকা আছে?

(ক) ভাৰত    (খ) ইৰান      (গ) আমেৰিকা    (গ) ফ্ৰান্স

উত্তৰঃ (ক) ভাৰত।

৩। তলত উল্লেখ  কৰা কোনখন দেশত কাৰ্যপালিকাৰ মুৰব্বী প্ৰকৃত 

 (ক) ভাৰত  (খ) ইংলেণ্ড     (গ) আমেৰিকা    (ঘ) চুইজাৰলেণ্ড

উত্তৰঃ

 ৪। সংসদীয় কার্যপালিকাৰ অৰ্থ হ'ল :  

(ক) এটা সংসদ থকা কাৰ্যপালিকা

(খ) সংসদৰ দ্বাৰা নিৰ্বাচিত কার্যপালিকা 

(গ) সংসদে যা'ত কাৰ্যপালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে 

(ঘ) সংসদত সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।

উত্তৰঃ (ঘ) সংসদত সংখ্যাগৰিষ্ঠ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।

৫। তলৰ কথোপ-কথনটি পঢ়া আৰু কোনটো যুক্তি তুমি গ্ৰহণ কৰা তাক উল্লেখ কৰাঃ

(ক) অমিতঃ সাংবিধানিক ব্যৱস্থালৈ চাই, ৰাষ্ট্ৰপতিক ৰাবাৰ ষ্টাম্প (Rubber Stamp) যেন লাগে।

(খ) চামাঃ প্রধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। গতিকে তেওঁৰ প্ৰধানমন্ত্রীক অপসাৰণ কৰাৰো ক্ষমতা থাকিব লাগে। 

(গ) ৰাজেশঃ আমাক এজন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই। নিৰ্বাচনৰ পিছত সংসদ মিলিত হ'ব পাৰে আৰু এজন নেতাক প্রধানমন্ত্রী  নির্বাচিত কৰিব লাগে।  

উত্তৰঃ

৪। নিম্নলিখিতবোৰ মিলোৱাঃ

(a) য'ত বাছনি হয় সেই নির্দিষ্ট ৰাজ্যত কাম কৰে   (ক) ভাৰতীয় বৈদেশিক সেৱা

(b) দেশৰ ৰাজধানী অথবা দেশৰ আন ঠাইত অৱস্থিত   (খ) ৰাজ্যিক অ-সামৰিক সেৱা 

(c) য'ত আবণ্টন দিয়া হৈছে সেই নির্দিষ্ট ৰাজ্যত কাম কৰে         (গ) সৰ্বভাৰতীয় সেৱা  

কেন্দ্ৰলৈ ডেপুটেচনত পঠাব পাৰে। 

(d) দেশৰ বাহিৰ ভাৰতীয় মিচনৰ কাম কৰে                           (ঘ)কেন্দ্ৰীয় সেৱা

(a) উত্তৰঃ (খ) ৰাজ্যিক অ-সামৰিক সেৱা

(b) উত্তৰঃ (গ) সৰ্বভাৰতীয় সেৱা 

(c) উত্তৰঃ (ঘ) কেন্দ্ৰীয় সেৱা

(d) উত্তৰঃ (ক) ভাৰতীয় বৈদেশিক সেৱা


৫। প্রধানমন্ত্রী নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতিয়ে বাছনি কৰেঃ

(ক) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাক

(খ) মিত্ৰজোটৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা যি লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে

(গ) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাক

(ঘ) মৰ্চাৰ নেতাক অথবা যি দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

উত্তৰঃ (ক) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাক

৬। ষোড়শ নিৰ্বাচনৰ পিছত ভাৰতৰ কোন প্রধানমন্ত্রী হৈছিল?

(ক) শ্ৰীলালকৃষ্ণ আদৱানী     (খ) শ্রীনৰেন্দ্ৰ মোদী

(গ) শ্রীমনমোহন সিং             (ঘ) শ্রীঅটল বিহাৰী বাজপেয়ী

উত্তৰঃ (খ) শ্ৰী নৰেন্দ্ৰ মোদী 

৭। বর্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল— 

(ক) প্ৰণৱ মুখার্জী                             (খ) এ.পি.জে. আব্দুল কালাম  

(গ) ৰামনাথ কোবিন্দ                        (ঘ) হামিদ আনচাৰী 

উত্তৰঃ (গ) ৰামনাথ কোবিন্দ।


Type: Himashree Bora.

Author - Pompi Hazarika



Post ID : DABP003318