যুক্তৰাষ্ট্ৰবাদ | (Federalism) | Chapter 7 | Class 11 Political Science Question and Answer | 1st Year Political Science Question and Answer Assamese Medium | Class 11 Political Science Solution |

যুক্তৰাষ্ট্ৰবাদ

(Federalism)

Chapter 7

প্ৰশ্নাৱলী 

ৰচনাধমী প্রশ্ন :  

১। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ এটা বৰ্ণনা দিয়া। 

উত্তৰঃ 

২। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা অযুক্তৰাষ্ট্ৰীয় চৰিত্ৰ উল্লেখ কৰা।                                                  [HS(XI) 2019] 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে- জাতীয়,সংসদীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

(২) ক্ষমতাৰ বিতৰণঃ জাতীয় চৰকাৰ ( ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু চৰকাৰ) আৰু আঞ্চলিক চৰকাৰ ( ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ)-ৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকে। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে।

ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় চৰিত্ৰ হৈছে-

(১) সংবিধানৰ প্ৰাধান্যতাঃ যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে 'মূল গাঁথনিৰ' বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি।

(২) এক নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক। ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা ভাৰতত নাই।

৩। যুক্তৰাষ্ট্ৰ মানে কি? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ কি কি?  

উত্তৰঃ যুক্তৰাষ্ট্ৰীয়বাদ এনে এক শাসন ব্যৱস্থা য'ত ৰাষ্ট্ৰখনৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰৰ ওপৰত এখন কৰ্তৃত্বশীল কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও ৰাষ্ট্ৰখনৰ কেইবাটাও চৰকাৰ থাকে। এই যৌথ প্ৰশাসন ব্যৱস্থাটোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়।

যুক্তৰাষ্ট্ৰীয়বাদৰ ধাৰণাটো ১৭৮৭ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱা বুলি ক'ব পাৰি। যুক্তৰাষ্ট্ৰ হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰ মিলিত হৈ তৈয়াৰ কৰা এটা সংস্থা, য'ত মিলিত ৰাষ্ট্ৰবোৰে মিলিত স্বতন্ত্ৰতা অক্ষুন্ন ৰাখি উমৈহতীয়া উদেশ্যত একত্ৰিত হয়। যুক্তৰাষ্ট্ৰ এখন কেতবোৰ নিয়ম-নীতিৰ ভিত্তিত গঢ় লৈ উঠে। 

যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে - জাতীয়, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

(২) লিখিত সংবিধান আৰু সংবিধানৰ প্ৰাধান্যঃ লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি-নিৰ্দেশনা থকাটো জৰুৰী। যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানে মৌলিক আইনৰ কাম কৰে। অৰ্থাৎ চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানক সৰ্বোচ্চ আইন বুলি মানি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰা বহুবোৰ দেশত ( উদাহৰণস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰ) সংবিধান সংশোধন প্ৰণালীও যথেষ্ট জটিল। ভাৰতবৰ্ষই সাংবিধানিক সৰ্বোচ্চতা মানি লৈছে। কিন্তু সংবিধান সংশোধনৰ বেলিকা জটিল আৰু সহজ দুয়োটা পদ্ধতিৰ ব্যৱস্থা কৰিছে।

(৩) ক্ষমতাৰ বিতৰণঃ জাতীয় চৰকাৰ (ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ) আৰু আঞ্চলিক চৰকাৰ ( ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ)-ৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকে। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে।

(৪) স্বাধীন ন্যায়পালিকাঃ স্বাধীন ন্য়ায়পালিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। স্বাধীন ন্যায়পালিকাই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ ৰক্ষাকৰ্তা বা অভিভাৱকৰ ভূমিকা পালন কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি কোনো বিৰ্তক বা সংঘাত হ'লে ন্যায়পালিকাই এই ক্ষেত্ৰত সঠিক বিধিগত ব্যাখ্যা আগবঢ়ায়।

(৫) নাগৰিকৰ দুই ধৰণৰ পৰিচয়ঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নাগৰিকসকলৰ দুই ধৰণৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় থাকে। একে সময়তে তেওঁলোকে আঞ্চলিক আৰু জাতীয় দুয়োটা পৰিচয় বহন কৰে। বহুবোৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰে এই দুই পৰিচয়ৰ ভিত্তিত দ্বি-নাগৰিকত্বৰো ব্যৱস্থা কৰিছে। ভাৰতবৰ্ষত অৱশ্যে একক নাগৰিকত্বৰহে ব্যৱস্থা আছে। তথাপিও আমি নিজকে চিনাকি দিওঁতে অসমীয়া, বঙালী বা তামিল বুলি কোৱাৰ উপৰিও ভাৰতীয় নাগৰিক বুলি কওঁ। 

৪। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে-

৫। ভাৰতীয় সংবিধানত উল্লেখিত অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ  কি কি ?

উত্তৰঃ ভাৰতীয় সংবিধানত উল্লেখিত অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ হৈছে-

(১) সংবিধানৰ প্ৰাধান্যতাঃ যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে 'মূল গাঁথনিৰ' বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি। 

(২) এক নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক। ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা ভাৰতত নাই।

(৩) অংগৰাজ্যৰ মৰ্যাদাৰ অসমতাঃ এখন যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবোৰে যি মৰ্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মৰ্যাদা ভোগ কৰা নাই। যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবোৰৰ নিজা সংবিধান থাকে। ভাৰতৰ অংগৰাজ্যবোৰৰ নিজা সংবিধান নাই। সমগ্ৰ ৰাষ্ট্ৰৰ বাবে মাত্ৰ এখন সংবিধান আছে।

(৪) ৰাজ্যপালৰ নিযুক্তিঃ যুক্তৰাষ্ট্ৰীয় বিধান মতে ৰাজ্যৰ মূৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্ৰযোজ্য নহয়। ভাৰতৰ অংগৰাজ্যৰ ৰাজ্যপালসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ইও ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য।

(৫) মিশ্ৰ সংবিধানঃ সাধাৰণতে যুক্তৰাষ্ট্ৰৰ সংবিধান দৃঢ় বা অ-নমনীয়। ইয়াক সংশোধনৰ বাবে জটিল পদ্ধতি অনুসৰণ কৰিব লাগে। কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান সংশোধন পদ্ধতি দৃঢ় নহয়। ইয়াত অনুসৰণ কৰা পদ্ধতি যুক্তৰাষ্ট্ৰীয় নীতিৰ পৰিপন্থী।

(৬) উচ্চ সদনত অসমান প্ৰতিনিধিত্বঃ যুক্তৰাষ্ট্ৰীৰ কেন্দ্ৰীয় আইনসভাৰ দ্বিতীয় সদনত ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব থাকে। ভাৰতৰ কেন্দ্ৰীয় আইনসভাৰ উচ্চ সদনত ৰাজ্যসমূহৰ সম - প্ৰতিনিধিত্ব নাই। ইয়াৰ ফলত ৰাজ্যসমূহৰ মাজত সমতা ৰক্ষা কৰিব পৰা নাই।

৬। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ তিনিটা যুক্তৰাষ্ট্ৰীয় আৰু এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।              (HS(XI) 2017]

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰৰ তিনিটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে - জাতীয়, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

(২) লিখিত সংবিধান আৰু সংবিধানৰ প্ৰাধান্যঃ লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি-নিৰ্দেশনা থকাটো জৰুৰী। যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানে মৌলিক আইনৰ কাম কৰে। অৰ্থাৎ চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানক সৰ্বোচ্চ আইন বুলি মানি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰা বহুবোৰ দেশত ( উদাহৰণস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰ) সংবিধান সংশোধন প্ৰণালীও যথেষ্ট জটিল। ভাৰতবৰ্ষই সাংবিধানিক সৰ্বোচ্চতা মানি লৈছে। কিন্তু সংবিধান সংশোধনৰ বেলিকা জটিল আৰু সহজ দুয়োটা পদ্ধতিৰ ব্যৱস্থা কৰিছে।

(৩) ক্ষমতাৰ বিতৰণঃ জাতীয় চৰকাৰ (ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ) আৰু আঞ্চলিক চৰকাৰ ( ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ)-ৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকে। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে।

ভাৰতীয় যুক্তৰাষ্ট্ৰৰ এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হৈছে-

(১) সংবিধানৰ প্ৰাধান্যতাঃ যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে 'মূল গাঁথনিৰ' বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি। 

৭। ভাৰতত কেন্দ্ৰৰ প্ৰাধান্যতাৰ চাৰিটা কাৰণ উল্লেখ কথা।                                                                                        [HS(XI) 2018]   

 উত্তৰঃ ভাৰতৰ কেন্দ্ৰৰ প্ৰাধান্যতাৰ চাৰিটা কাৰণ হৈছে-

(১) বৈচিত্ৰ্য আৰু সংহতিৰ মাজত ভাৰসাম্য ৰক্ষাঃ ইতিমধ্যে আমি ভাৰতবৰ্ষৰ জনগাঁথনি আৰু ভৌগোলিক অৱস্থিত বৈচিত্ৰ্যৰ ৰূপটো উল্লেখ কৰি আহিলো। এনে বৈচিত্ৰ্য বৰ্তাই ৰখাৰ লগতে দেশৰ সামগ্ৰিক সংহতি অটুট ৰখাৰ স্বাৰ্থতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰা হৈছে বুলি যুক্তি আগবঢ়োৱা হয়। ভৌগোলিক আৰু জনগাঁথনিৰ বৈচিত্ৰ্যই যাতে বিছিন্নতাবাদৰ ৰূপ ল'ব নোৱাৰে সেইটো নিশ্চিত কৰিবৰ বাবেই শক্তিশালী কেন্দ্ৰীয় চৰকাৰ জৰুৰী চৰকাৰ জৰুৰী হৈ উঠিল।

(২) স্বাধীনতাৰ মুহূৰ্তত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাঃ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ স্বাধীনতা আৰু বিভাজন একেলগে হৈছিল। বিভাজনক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰো সূচনা হৈছিল। অন্যহাতে বৃটিছে এৰি যোৱা বৃটিছ শাসিত অঞ্চলসমূহৰ উপৰিও দেশত ৫০০ তকৈও অধিক দেশীয় ৰাজ্য আছিল। এই সকলোবোৰকে সংগঠিত কৰি ভাৰতবৰ্ষ একত্ৰিত কৰাটো আছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান। এনে প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ বাবেও শক্তিশালী কেন্দ্ৰৰ পোষকতা কৰা হৈছিল বুলি যুক্তি আগবঢ়োৱা হয়।

(৩) আৰ্থ-সামাজিক বিকাশৰ প্ৰত্যাহ্বানঃ বৃটিছ ঔপনিবেশিক শাসনে দেশখনত অজস্ৰ আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰি গ'ল। দৰিদ্ৰতা, নিৰক্ষৰতা, আঞ্চলিক বৈষম্য ইত্যাদিবোৰ এনে সমস্যাৰ ভিতৰত অন্যতম। স্বাধীনতা আন্দোলনে জনসাধাৰণৰ আৰ্থ-সামাজিক সমস্যাক সঠিকভাৱে আৰু সমভাৱে মনোনিবেশ কৰিবৰ বাবেও শক্তিসালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰা হ'ল।

(৪) জাতীয় পৰিচয় নিৰ্মাণৰ প্ৰচেষ্টাঃ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ভাৰতবৰ্ষত দেশৰ জনসাধাৰণে নিজকে পৰিচয় দিওঁতে সাধাৰণতে অঞ্চল, ভাষা অথবা গোষ্ঠীৰ কথা উল্লেখ কৰে। এনে পৰিস্থিতিত জনসাধাৰণৰ মাজত জাতীয় পৰিচয়, অৰ্থাৎ ভাৰতীয়ত্বৰ চেতনা সৃষ্টি কৰাৰ কৌশল হিচাবেও কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰা হৈছে। 

৮। কি কি উপাদানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰি তুলিছে?  

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰি তুলা উপাদান কেইটা হৈছে-

(১) ৰাজ্যসমূহৰ অস্তিত্ব আৰু পৰিচয়ঃ ভাৰতীয় সংবিধানৰ তৃতীয় অনুচ্ছেদত কোৱা হৈছে যে ভাৰতীয় সংসদে আইনৰ জৰিয়তে নতুন ৰাজ্য গঠন কৰিব পাৰি, কোনো ৰাজ্য়ৰ ভৌগোলিক অঞ্চল সলাব পাৰে, সীমা বদলাব পাৰে আৰু ৰাজ্যৰ নামো সলনি কৰিব পাৰে। এই পৰিৱৰ্তন সাধন কৰিবৰ বাবে সংসদত কেৱল সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন  আৰু ৰাজ্যসমূহৰ বিধানসভাৰ অনুমতি লোৱাৰ কোনো সাংবিধানিক প্ৰয়োজন নাই। অৰ্থাৎ ৰাজ্যসমূহৰ অস্তিত্ব আৰু পৰিচয় কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।

(২) জৰুৰীকালীন ক্ষমতাঃ কেন্দ্ৰীয় চৰকাৰৰ হাতত তিনি ধৰণৰ জৰুৰীকালীন ক্ষমতা অৰ্পণ কৰা হৈছে। সেইয়া হৈছে জাতীয় জৰুৰীকালীন ক্ষমতা, ৰাজ্যত সাংবিধানিক অচলাৱস্থা সৃষ্টি হ'লে প্ৰয়োগ কৰা জৰুৰীকালীন ক্ষমতা আৰু অৰ্থনৈতিক জৰুৰীকালীন ক্ষমতা। এনে ক্ষমতা কেৱল কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰিব পাৰে। ৰাজ্যত সাংবিধানিক অচলাৱস্থা সৃষ্টি হ'লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰাৰ লগতে নিৰ্বাচিত বিধানসভাও ভংগ কৰি দিব পাৰে। কিন্তু দেশত সামগ্ৰিকভাৱে কোনো জৰুৰীকালীন পৰিস্থিতি সৃষ্টি হ'লে কেন্দ্ৰীয় চৰকাৰক ভংগ কৰা নাযায়। তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে অধিক ক্ষমতাহে লাভ কৰে। যিকোনো জৰুৰীকালীন ক্ষমতা বলৱৎ হ'লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক সূচীৰ বিষয়সমূহৰ ক্ষেত্ৰতো আইন প্ৰণয়ন কৰিব পাৰে।

(৩) কেন্দ্ৰীয় চৰকাৰৰ প্ৰভূত বিত্তীয় ক্ষমতাঃ ব্ৰাজিলৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আলোচনা কৰোতে আমি দেখা পাইছিলো যে সেই দেশখন ৰাজ্য চৰকাৰ তথা স্থানীয় চৰকাৰৰ হাততো যথেষ্ট বিত্তীয় ক্ষমতা অৰ্পণ কৰা হৈছে। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজহ সংগ্ৰহৰ অধিক উৎস কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। সেয়েহে বিত্তীয় ক্ষেত্ৰত ৰাজ্যসমূহৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। যিকোনো অসাধাৰণ পৰিস্থিতি সৃষ্টি হ'লেই ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৱেদন - নিবেদন কৰিব লাগে। আমি সকলোৱে লক্ষ্য কৰিছো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান তথা কৰ্মচাৰীসকলৰ অৱস্থা ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান আৰু কৰ্মচাৰীতকৈ যথেষ্ট ভাল। ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ নিৰিখত কৰ্মচাৰীক দা-দৰমহা দিবলৈকো বহু সময়ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ ৰয়।

(৪) ভাৰতীয় পৰিকল্পনা ব্যৱস্থাঃ আমি সকলোৱে জানো যে ভাৰতবৰ্ষই অৰ্থনৈতিক প্ৰগতিৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ব্যৱস্থা কৰিছে। এই পৰিকল্পনা ব্যৱস্থা পৰিচালনা আৰু তদাৰক কৰে ভাৰতীয় পৰিকল্পনা আয়োগে। ভাৰতীয় পৰিকল্পনা আয়োগ এক সাংবিধানিক ব্যৱস্থা নহয়। ই কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰা এটা প্ৰতিষ্ঠান। কিন্তু ইয়াৰ অধ্যক্ষ দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী। সেই সূত্ৰে ভাৰতীয় অৰ্থনীতিত ভাৰতীয় পৰিকল্পনা আয়োগৰ  প্ৰভাৱ অপৰিসীম। ভাৰতবৰ্ষৰ ৰাজ্যসমূহে বাৰ্ষিক পৰিকল্পনা ব্যয়ৰ বাবে পৰিকল্পনা আয়োগৰ ওচৰত পৰিকল্পনা দাখিল কৰিব লাগে। এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াটোক নিয়ন্ত্ৰণ কৰে। 

৯। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নানা সংঘাতৰ বিষয়ে এটি চমু আভাস দিয়া।  

উত্তৰঃ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিতৰণ বেলিকা থকা অসমতাই স্বাধীানতাৰ ঠিক পিছৰে পৰা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিছিলয়। স্বাধানতাৰ সপোন বাস্তবায়িত কৰিবৰ বাবে ৰাজ্যসমূহে জনসাধাৰণৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছিল। তাৰ বাবে প্ৰয়োজনীয় বিত্ত ৰাজ্য চৰকাৰসমূহৰ হাতত নাছিল। তাৰ উপৰিও স্বাধীনতাৰ ঠিক পিছতেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানে গা কৰি উঠিছিল। এইবোৰ সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰ আৰু ৰাজ্য়ৰ মাজত সংঘাত হৈছিল। এনে সংঘাতৰ পৰিপ্ৰেক্ষিতত বহুবোৰ ৰাজ্যত স্বায়ত্বতাৰ দাবীও উত্থাপিত হৈছিল। উত্তৰ-পূব ভাৰতত গঢ়ি উঠা বহুবোৰ গণ-আন্দোলনে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি ৰাজ্যসমূহৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে।

১০। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ক্ষমতা বিভাজনৰ ওপৰত চমুকৈ আলোচনা কৰা।  

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পৰ্কে ইতিমধ্য়ে আগবঢ়োৱা আলোচনাৰ পৰা আমি বুজিব পাৰিলো যে-

(ক) ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ প্ৰৱৰ্তন কৰিছে- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ,

(খ) দুয়োখন চৰকাৰকে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে,

(গ) সংবিধানে দুয়োখন চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে,

(ঘ) ক্ষমতা সম্পৰ্কত কেন্দ্ৰ আৰু ৰাজ্য় চৰকাৰৰ মাজত কোনো মতানৈক্য ঘটিলে সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত প্ৰদানৰ কৰ্তৃত্ব ন্যায়ালয়ৰ হাতত অৰ্পণ কৰা হৈছে ।

ভাৰতীয় সংবিধানে তিনিখন ক্ষমতাৰ সূচী তৈয়াৰ কৰিছে। সেই তিনিখন সূচী হ'ল ক্ৰমে সংঘীয় বা কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। সংবিধানৰ সপ্তম অনুসূচীত ক্ষমতাৰ এই তিনিটা সূচীত অন্তৰ্ভুক্ত বিষয়সমূহ উল্লেখ কৰা হৈছে। এই তিনি সূচীত অন্তৰ্ভুক্ত নোহোৱা সকলোবোৰ বিষয়ক অৱশিষ্ট ক্ষমতা বুলি কোৱা হয়। ভাৰতীয় সংবিধানে এই অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে। সংবিধানৰ ২৪৮-নং অনুচ্ছেদত স্পষ্টকৈ কোৱা হৈছে যে ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত উল্লেখ নথকা বিষয়সমূহৰ ওপৰত একমাত্ৰ সংসদে অৰ্থাৎ কেন্দ্ৰীয় বিধানমণ্ডলেহে আইন প্ৰণয়ন কৰিব পাৰে।

(১) কেন্দ্ৰীয় সূচীঃ কেন্দ্ৰীয় সূচীত ৰাষ্ট্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই সূচীত মুঠ ৯৭ টা বিষয় অন্তৰ্ভুক্ত হৈছে, য়েনে- দেশ ৰক্ষা, অস্ত্ৰ-শস্ত্ৰ, মুদ্ৰা ব্যৱস্থা, বৈদেশিক পৰিক্ৰমা, জীৱনবীমা, বহিঃবাণিজ্য,  ডাক আৰু তাঁৰ, ৰেলপথ, বন্দৰ, নাগৰিকতা, বেংক, যুদ্ধ আৰু শান্তি, নৌ বিভাগ, সামৰিক আৰু বিমান বাহিনী, ৰিজাৰ্ভ বেংক, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ হিচাপ পৰীক্ষক ইত্যাদি। এই বিষয়সমূহৰ ওপৰত আইন প্ৰণয়ন কৰাৰ এক্চেটীয়া ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে।

(২) ৰাজ্যিক সূচীঃ ৰাজ্যিক সূচীত মুঠ ৬৬ টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰৰ ভিতৰত অন্যতম হ'ল- আইন আৰু শৃংখলা, আৰক্ষী, সমবায় কাৰাগাৰ, নিম্ন আদালত গঠন, জনস্বাস্থ্য, কৃষি, ভূমি ব্যৱস্থা, বনজ সম্পদ, স্থানীয় স্বায়ত্ব শাসন, পশু পালন ইত্যাদি। স্বাভাৱিক পৰিস্থিতিত এই বিষয়সমূহৰ ওপৰত ৰাজ্য় চৰকাৰে আইন প্ৰণয়ন কৰে।

(৩)  সমৱৰ্তী সূচীঃ সমৱৰ্তী সূচীত মুঠ ৫২টা বিষয় অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ ভিতৰত অন্যতম হ'ল - ফৌজাদাৰী আইন, অৰ্থনৈতিক আৰু সমাজ পৰিকল্পনা, শ্ৰমিক কল্যাণ, শিল্প, বাতৰি কাকত, কিতাপ আৰু ছপাশাল, মূল্য নিয়ন্ত্ৰণ, বিবাহ আৰু বিবাহ বিচ্ছেদ, জন্ম-মৃত্যুৰ পঞ্জীয়ন ইত্যাদি। সাধাৰণ পৰিস্থিতিত এই সূচীৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য় চৰকাৰ উভয়ৰে আইন প্ৰণয়নৰ অধিকাৰ স্বীকৃত হৈছে।

১১। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যপালৰ ভূমিকা কি আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাত ৰাজ্যপালৰ ভূমিকাক লৈ প্ৰায়ে বিৰ্তক শুনা যায়। ৰাজ্যপাল হ'ল ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। কিন্তু তেওঁক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। কেন্দ্ৰত শাসনত থকা ৰাজনৈতিক দলটোৱে ৰাজ্যপালৰ পদবীটোক ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠি আহিছে। তাৰ উপৰিও বহু সময়ত ৰাজনৈতিক নেতাক ৰাজনৈতিক পুনঃসংস্থাপনৰ বাবেও ৰাজ্যপালৰ পদত নিযুক্তি দিয়াৰ উদাহৰণ আছে। উদাহৰণস্বৰূপে কেন্দ্ৰত শাসনত থকা কোনো শক্তিশালী ৰাজনৈতিক নেতা নিৰ্বাচনত পৰাজিত হ'লে অথবা তেওঁক মন্ত্ৰীত্বৰ পদবী দিব নোৱাৰিলেও ৰাজ্যপালৰ পদত নিযুক্তি দিয়া হয়। ১৯৮৫ চনত অসমত বিধানসভাৰ নিৰ্বাচনত শাসনাধিষ্ঠিত কংগ্ৰেছ দল নতুনকৈ গঠিত অসম গণ পৰিষদ দলৰ হাতত পৰাজিত হয়। কংগ্ৰেছ দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নিৰ্বাচনৰ পাছত হিতেশ্বৰ শইকীয়াক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ১৯৯১ চনত বিধানসভাৰ নিৰ্বাচনত পুনৰবাৰ কংগ্ৰেছ দল বিজয়ী হোৱাৰ পাছত হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰীৰ আসন দখল কৰে।

    কোনো ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ প্ৰশ্নক কেন্দ্ৰ কৰি ৰাজ্যপালৰ পদবীটো আটাইতকৈ বেছি বিতৰ্কিত হৈ আহিছে। সংবিধানৰ ৩৫৬-নং অনুচ্ছেদ অনুসাৰে কোনো ৰাজ্যৰ ৰাজ্যপালে ৰাজ্যখনত সাংবিধানিক অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিলৈ প্ৰতিবেদন প্ৰেৰণ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে।

১২। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পোৱাৰ কাৰণসমূহ কি কি ?

উত্তৰঃ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পোৱাৰ কাৰণসমূহ হৈছে-

(১) বৈচিত্ৰ্য আৰু সংহতিৰ মাজত ভাৰসাম্য ৰক্ষাঃ ইতিমধ্যে আমি ভাৰতবৰ্ষৰ জনগাঁথনি আৰু ভৌগোলিক অৱস্থিত বৈচিত্ৰ্যৰ ৰূপটো উল্লেখ কৰি আহিলো। এনে বৈচিত্ৰ্য বৰ্তাই ৰখাৰ লগতে দেশৰ সামগ্ৰিক সংহতি অটুট ৰখাৰ স্বাৰ্থতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰা হৈছে বুলি যুক্তি আগবঢ়োৱা হয়। ভৌগোলিক আৰু জনগাঁথনিৰ বৈচিত্ৰ্যই যাতে বিছিন্নতাবাদৰ ৰূপ ল'ব নোৱাৰে সেইটো নিশ্চিত কৰিবৰ বাবেই শক্তিশালী কেন্দ্ৰীয় চৰকাৰ জৰুৰী চৰকাৰ জৰুৰী হৈ উঠিল।

(২) স্বাধীনতাৰ মুহূৰ্তত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাঃ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ স্বাধীনতা আৰু বিভাজন একেলগে হৈছিল। বিভাজনক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰো সূচনা হৈছিল। অন্যহাতে বৃটিছে এৰি যোৱা বৃটিছ শাসিত অঞ্চলসমূহৰ উপৰিও দেশত ৫০০ তকৈও অধিক দেশীয় ৰাজ্য আছিল। এই সকলোবোৰকে সংগঠিত কৰি ভাৰতবৰ্ষ একত্ৰিত কৰাটো আছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান। এনে প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ বাবেও শক্তিশালী কেন্দ্ৰৰ পোষকতা কৰা হৈছিল বুলি যুক্তি আগবঢ়োৱা হয়।

(৩) আৰ্থ-সামাজিক বিকাশৰ প্ৰত্যাহ্বানঃ বৃটিছ ঔপনিবেশিক শাসনে দেশখনত অজস্ৰ আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰি গ'ল। দৰিদ্ৰতা, নিৰক্ষৰতা, আঞ্চলিক বৈষম্য ইত্যাদিবোৰ এনে সমস্যাৰ ভিতৰত অন্যতম। স্বাধীনতা আন্দোলনে জনসাধাৰণৰ আৰ্থ-সামাজিক সমস্যাক সঠিকভাৱে আৰু সমভাৱে মনোনিবেশ কৰিবৰ বাবেও শক্তিসালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰা হ'ল।

(৪) জাতীয় পৰিচয় নিৰ্মাণৰ প্ৰচেষ্টাঃ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ভাৰতবৰ্ষত দেশৰ জনসাধাৰণে নিজকে পৰিচয় দিওঁতে সাধাৰণতে অঞ্চল, ভাষা অথবা গোষ্ঠীৰ কথা উল্লেখ কৰে। এনে পৰিস্থিতিত জনসাধাৰণৰ মাজত জাতীয় পৰিচয়, অৰ্থাৎ ভাৰতীয়ত্বৰ চেতনা সৃষ্টি কৰাৰ কৌশল হিচাবেও কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰা হৈছে। 

১৩। ভাৰতৰ ৭৩তম সংবিধান সংশোধনীৰ চাৰিটা বৈশিষ্ট্য লিখা।                                                                      [HS(XI) 2018] 

উত্তৰঃ ভাৰতৰ ৭৩তম সংবিধান সংশোধনীৰ চাৰিটা বৈশিষ্ট্য হৈছে-

(১) প্ৰত্যেক গাৱত গাওঁ পঞ্চায়ত ।

(২) প্ৰত্যেক জিলাত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হয়।

১৪। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানে প্ৰৱৰ্তন কৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আসোঁৱাহবোৰ সংবিধান বলৱৎ হোৱাৰ পাছতহে উন্মোচিত হ'বলৈ ধৰিলে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংঘাত অৱশ্যে দেশৰ পৰিৱৰ্তিত ৰাজনীতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ১৯৬৭ চনলৈকে কেন্দ্ৰ কৰি আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছ দল শাসনত আছিল। গতিকে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পৰ্কও  কম-বেছি পৰিমাণে সৌহাৰ্দ্যমূলক আছিল। কাৰণ চৰকাৰৰ উপৰিও দলীয় পৰ্যায়ত কেন্দ্ৰ আৰু ৰাজ্যৰ শাসন পৰিচালনাত থকা নেতাসকলে মত বিনিময়ৰ সুবিধা পাইছিল. তাৰ অৰ্থ অৱশ্যে এনেকুৱা নহয় যে এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কোনো সংঘাত হোৱা নাছিল।

উদাহৰণস্বৰূপে স্বাধীনতা লাভৰ ঠিক পিছতেই গোপীনাথ বৰদলৈ নেতৃত্বাধীন অসম চৰকাৰ আৰু জৱাহৰলাল নেহেৰু  নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল প্ৰশ্নক কেন্দ্ৰ কৰি সংঘাত হৈছিল। ১৯৪৯ চনত বৰদলৈ নেতৃত্বাধীন অসম চৰকাৰ কেইটামান বিশেষ সমস্যাৰ সন্মুখীন হৈছিল। সেই সমস্যাকেইটা হ'লঃ 

(১) ৰাজ্যৰ বিকাশ আচঁনি ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা বিত্তৰ নাটনি

(২) পূৰ্ববংগৰ পৰা অহা হিন্দু আৰু মুছলিম শৰণাৰ্থীৰ সংস্থাপন আৰু

(৩) কমিউনিষ্টসকলে গঢ়ি তোলা প্ৰত্যাহ্বান

প্ৰাথমিক আৰু উচ্চশিক্ষাৰ সম্প্ৰসাৰণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ আগুৱাই নিবৰ বাবে প্ৰয়োজনীয় বিত্ত বিচাৰি বৰদলৈয়ে যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিল তেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰণাৰ্থীসকলক সংস্থাপন দিবৰ বাবে অসম চৰকাৰক উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আৰু সংস্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰো পৰামৰ্শ দিছিল। কেন্দ্ৰীয় চৰকাৰৰ এনে দৃষ্টিভংগীত বৰদলৈ অসন্তুষ্ট হৈছিল আৰু দেখুৱাইছিল যে অসমৰ ভূমিহীন কৃষকক আবণ্টন দিওঁতেই সেই ভূমি শেষ হৈ যাব। বৰদলৈ আৰু নেহেৰুৰ মাজত হোৱা এই বিতৰ্কই অসমত ৰাজনীতিত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব খোজা আঞ্চলিকতাবাদী আন্দোলনসমূহে প্ৰায় এই বিতৰ্কৰ প্ৰসংগ তুলি ধৰে। 

১৫। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ প্ৰশাসনীয় সম্পর্ক আলোচনা কৰা।   

উত্তৰঃ

১৬। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত সন্নিবিষ্ট তিনিখন সূচীৰ ওপৰত চমু মন্তব্য দিয়া। 

উত্তৰঃ

১৭। তলৰ তালিকাত উল্লেখ কৰা কোনবোৰ ঘটনাক তুমি যুক্তৰাষ্ট্ৰীয় কাৰ্য্য কলাপ হিচাপে চিহ্নিত কৰিবা? কিয়? 

(ক) বর্ষা-বিঘ্নিত ৰাজ্যসমূহৰ বাবে কেন্দ্ৰৰ কাৰ্য-পৰিচালনা (actionplan) কেন্দ্রই বর্ষা অধ্যুষিত ৰাজ্যসমূহক তেওঁলোকে অতিৰিক্ত সাহায্যৰ  বাবে কৰা দাবী যাতে খৰতকীয়াকৈ পূৰণ কৰিব পাৰে তাৰ বাবে পুনৰ গঠনৰ বিস্তৃত পৰিকল্পনা দাখিল কৰিব কৈছে। 

(খ) দিল্লীৰ বাবে নতুন আয়ুক্ত : ৰাজধানীৰ বাবে এজন নতুন পৌৰ আয়ুক্তৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানৰ এম. চি. ডি. আয়ুক্ত (MCD Commissioner) ৰাকেশ মেহতাই এই কথা নিশ্চিত কৰি কয় যে, তেওঁ ইতিমধ্যে বদলিৰ আদেশ লাভ কৰিছে আৰু তেওঁৰ ঠাইত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অশোক কুমাৰে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ১৯৭৫ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া মেহতা প্রায় 35 বছৰ দিল্লী পৌৰ নিগমৰ মূৰব্বী হিচাপে আছিল। 

(গ) মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্রদান: ৰাজ্যসভাই বুধবাৰে মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত  পৰিণত কৰিবলৈ এখন বিধেয়কত অনুমোদন জনায়। মানৱ সম্পদ উন্নয়ন মন্ত্রীয়ে উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্রদেশ, ত্ৰিপুৰা আৰু চিকিমতো এনে অনুষ্ঠান প্রতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি প্রধান কৰে। 

(ঘ) পুঁজি মুকলি: গ্রাম্য পানী যোগান আঁচনিৰ অধীনত কেন্দ্ৰই অৰুণাচল প্রদেশলৈ ৫৫৩ লাখ টকা মোকলাই দিছে। প্রথম পর্যায়ত ৪৬৬.৮১ লাখ টকা মুকলি কৰি দিয়া হৈছিল।  

(ঙ) মুম্বাইত কেনেকৈ বাস কৰিব লাগে আমি বিহাৰীসকলক শিকনি দিম : প্রায় ১০০ শিৱ সৈনিকে জে. জে. হাস্পাতাল আক্রমণ কৰি দৈনন্দিন কাম-কাজত বাধা জন্মায়। তেওঁলোকে শ্লোগান দিয়ে আৰু মহাৰাষ্ট্ৰৰ বাহিৰৰ ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি প্ৰদান কৰে।  

(চ) চৰকাৰ বৰ্খাস্ত কৰিবলৈ দাবী : কংগ্ৰেছ বিধায়ীনি দলে (Congress Legislature Party-CLP) অলপতে ৰাজ্যপালক প্ৰদান কৰা এখন আৱেদনত বিত্তীয় বেমেজালি আৰু ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত নাগালেণ্ড গণতান্ত্ৰিক মৰ্চা চৰকাৰক বৰ্খাস্ত কৰিবলৈ দাবী জনায়।  

(ছ) নক্সালবাদীসকলক অস্ত্ৰ সমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) চৰকাৰ আহ্বান বিৰোধী দল- ৰাষ্ট্ৰীয় জনতা দল আৰু ইয়াৰ সহযোগী কংগ্ৰেছ আৰু চি পি আই (এম)ৰ সদন ত্যাগৰ মাজতে বিহাৰ চৰকাৰে নক্সালবাদীসকলক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আহবান জনায়। চৰকাৰে নিবনুৱা সমস্যা নির্মূল কৰি এটা নতুন যুগত প্ৰৱেশ কৰোৱাৰ ইয়াৰ প্ৰতিশ্ৰুতিৰ বিষয়েও দোহাৰে।  

১৮। তলত উল্লেখ কৰা বেলজিয়ামৰ সংবিধানৰ প্ৰথম কেইটামান অনুচ্ছেদৰ ওপৰত ভিত্তি কৰি সেই দেশখনত কেনে ধৰণৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে ব্যাখ্যা কৰা। ভাৰতৰ সংবিধানৰ বাবে তেনে ধৰণৰ অনুচ্ছেদ একোটা লিখিবলৈ চেষ্টা কৰা। 

শিৰোনামঃ যুক্তৰাষ্ট্ৰীয় বেলজিয়াম : ইয়াৰ উপাদন আৰু ভূমিখণ্ড  

১ নং অনুচ্ছেদ : বেলজিয়াম হৈছে কিছুমান সম্প্রদায় আৰু অঞ্চলক লৈ গঠন হোৱা এখন যুক্তৰাষ্ট্ৰ। 

২ নং অনুচ্ছেদ : তিনিটা সম্প্ৰদায়ৰদ্বাৰা বেলজিয়াম গঠিত হৈছে: ফৰাচী সম্প্রদায়, ফ্লেমিছ সম্প্রদায় (Flemish) আৰু জাৰ্মান সম্প্রদায়।  

৩নং অনুচ্ছেদ : বেলজিয়াম তিনিটা অঞ্চলক লৈ গঠিত হৈছে: বালুন অঞ্চল (Walloon region), ফ্লেমিছ অঞ্চল (Flemish region) আৰু ব্ৰাচলেচ্ অঞ্চল (Brussels region )  

৪ নং অনুচ্ছেদ : বেলজিয়ামৰ চাৰিটা ভাষিক অঞ্চল আছে: ফৰাচী ভাষা কোৱা অঞ্চল, ডাচ্চ ভাষা কোৱা অঞ্চল ৰাজ্যখনৰ প্ৰত্যেকখন কমুনে (Country borough) এনে একোটা ভাষিক অঞ্চলৰ অংশ....।  

৫-নং অনুচ্ছেদ : বালুন অঞ্চলটো তলত উল্লেখ কৰা প্ৰদেশ কেইখনৰ দ্বাৰা গঠিত : ৱালুন ব্রাবাণ্ট (Walloon Brabant,) হাইনল্ট (Hainault), লিয়েজ (Liege), লা মেবার্গ (Luxemburg) আৰু নামুৰ (Namur),কৰা প্ৰদেশ কেইখনৰ দ্বাৰা গঠিত : ৱালুন ব্রাবাণ্ট (Walloon Brabant,) হাইনল্ট (Hainault), লিয়েজ (Liege), লা’মেবার্গ (Luxemburg) আৰু নামুৰ (Namur), ফ্লেমিছ ব্ৰাবান্ট, ৱেষ্ট ফ্লেণ্ডাৰ্চ (West Flenders), ইষ্ট ফ্লেণ্ডাৰ্চ (East Flenders), আৰু লিমবার্গ (Lumburg)........।  

১৯। কল্পনা কৰা যে, তুমি যুক্তৰাষ্ট্ৰবাদৰ ব্যৱস্থা কিছুমান নতুনকৈ লিখিব লাগিব। তলত উল্লেখ কৰা বিষয়সমূহত তোমাৰ সৈতে ৩০০ শব্দৰ ভিতৰত একোখন ৰচনা লিখা।

(ক)কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন

(খ) আন্ত:ৰাজ্যিক বিবাদ মীমাংসাৰ পদ্ধতি

(গ) বিতীয় সম্পদৰ বিতৰণ 

(ঘ) ৰাজ্যপালৰ নিযুক্তি 

উত্তৰঃ

২০। উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্য যেনে ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু বিহাৰত হিন্দী ভাষা কোৱা হয়। এই গোটেইকেইখন ৰাজ্য  লগ লগাই এখন ৰাজ্য গঠন কৰিলে ই যুক্তৰাষ্ট্ৰীয় ধাৰণাৰ লগত খাপ খাবনে? যুক্তি দর্শোৱা।

উত্তৰঃ 

২১। ৰাজ্যপালৰ ভূমিকাৰ বাবে বহুতো ৰাজ্য অসন্তুষ্ট কিয় ? 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যপালৰ ভূমিকাক লৈ প্ৰায়ে বিতৰ্ক শুনা যায়। ৰাজ্যপাল হ'ল ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। কিন্তু তেওঁক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। কেন্দ্ৰত শাসনত থকা ৰাজনৈতিক দলটোৱে ৰাজ্যপালৰ পদবীটোক ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠি আহিছে। তাৰ উপৰিও বহু সময়ত ৰাজনৈতিক নেতাক ৰাজনৈতিক পুনঃসংস্থাপনৰৰ বাবেও ৰাজ্যপালৰ পদত নিযুক্তি দিয়াৰ উদাহৰণ আছে। উদাহৰণস্বৰূপে কেন্দ্ৰত শাসনত থকা কোনো শক্তিশালী ৰাজনৈতিক নেতা নিৰ্বাচনত পৰাজিত হ'লে অথবা তেওঁক মন্ত্ৰীত্বৰ পদবী দিব নোৱাৰিলেও ৰাজ্যপালৰ পদত নিযুক্তি দিয়া হয়। ১৯৮৫ চনত অসমত বিধানসভাৰ নিৰ্বাচিত শাসনাধিষ্ঠিত কংগ্ৰেছ দল নতুনকৈ গঠিত অসম গণ পৰিষদ দলৰ হাতত নিযুক্তি দিয়া হয়। কংগ্ৰেছ দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নিৰ্বাচনৰ পাছত হিতেশ্বৰ শইকীয়াক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ১৯৯১ চনত বিধানসভাৰ নিৰ্বাচনত পুনৰবাৰ কংগ্ৰেছ দল বিজয়ী হোৱাৰ পাছত হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰীৰ আসন দখল কৰে।

    কোনো ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ প্ৰশ্নক কেন্দ্ৰ কৰি ৰাজ্যপালৰ পদবীটো আটাইতকৈ বেছি বিতৰ্কিত হৈ আহিছে। সংবিধানৰ ৩৫৬-নং অনুচ্ছেদ অনুসাৰে কোনো ৰাজ্যৰ ৰাজ্যপালে ৰাজ্যখনত সাংবিধানিক অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে।

২২। ৰাজ্য চৰকাৰ এখনে সংবিধান অনুসৰি নচলিলে তাত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰি। ৰাজ্য এখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিবলৈ  তলত উল্লেখ কৰা ঘটনাকেইটা উপযুক্ত অৱস্থাৰ হয়নে? কাৰণ দর্শােৱা। 

(ক) ৰাজ্যিক  বিধানসভাৰ দুজন বিৰোধী সদস্যক অপৰাধীয়ে হত্যা কৰিলে আৰু বিৰোধী পক্ষই সেইবাবে ৰাজ্য চৰকাৰ কৰিবলৈ দাবী জনালে। 

উত্তৰঃ 

(খ) ধনৰ বাবে শিশু অপহৰণৰ ঘটনা বৃদ্ধি পাই আহিছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাও বাঢ়ি আহিছে। 

উত্তৰঃ 

(গ) অলপতে হোৱা ৰাজ্যিক বিধানসভাৰ নির্বাচনও কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। এটা ৰাজনৈতিক দলক সমর্থন জনাবলৈ আন দলৰ বিধানসভাৰ সদস্য কেইজনমানক ধনৰ দ্বাৰা প্ৰলোভিত কৰাৰ আশঙ্কা কৰা হৈছে। 

(ঘ) কেন্দ্ৰ আৰু ৰাজ্যৰ পৃথক দলে শাসন কৰি আছে আৰু তেওঁলোকৰ এটা আনটোৰ ঘোৰ বিৰোধী।  

উত্তৰঃ

(ঙ) সাম্প্রদায়িক সংঘৰ্ষত ২০০০-তকৈও অধিক লোকক হত্যা কৰা হৈছে।  

উত্তৰঃ

(চ) দুখন ৰাজ্যৰ মাজত পানীৰ বাবে হোৱা বিবাদত, এখন ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰিছে।

উত্তৰঃ

২৩। অধিক স্বায়ত্ত শাসনৰ বাবে ৰাজ্যবোৰে কি কি দাবী জনাইছে?    

উত্তৰঃ

২৪। কিছুমান ৰাজ্য বিশেষ ব্যৱস্থাৰ দ্বাৰা শাসন কৰা উচিত নে? ই আন ৰাজ্যৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে নেকি? ই ৰাষ্ট্ৰখনৰ বিভিন্ন  অঞ্চলৰ মাজত অধিক ঐক্য সাধন কৰাত সহায় কৰিব নেকি?  

উত্তৰঃ

চমু উত্তৰ প্রশ্ন (Short answer Question)  

১। যুক্তৰাষ্ট্ৰৰ সংজ্ঞা দিয়া।  

উত্তৰঃ অধ্যাপক কে চি হোৱেৰৰ মতে যুক্তৰাষ্ট্ৰ সংজ্ঞা -''যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ সমগ্ৰ ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত এনে ধৰণে বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰাধিকাৰত আইনগতভাৱে স্বাধীন হৈ থাকিব পাৰে''। 

২। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা  আৰু নাইজেৰিয়াৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ 

৩। আন্তঃৰাজ্যিক সংঘাতে কিদৰে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, উদাহৰণসহ বুজাই লিখা।  

উত্তৰঃ

৪। উত্তৰ-পূব ভাৰতৰ পটভূমিত ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ প্রকৃতি সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য সংবিধান। সাংবিধানিক দিশৰ ফালৰ পৰা ইয়াক এখন যুক্তৰাষ্ট্ৰীয় সংবিধান বুলি কোৱা হয় যদিও ইয়াৰ প্ৰকৃতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সাংবিধানিক পণ্ডিতসকলে একমত প্ৰকাশ কৰা দেখা নাযায়। কিছুমানৰ মতে সাংবিধানিক দিশৰ ফালৰ পৰা বিচাৰ কৰিলে ইয়াৰ প্ৰকৃতি যুক্তৰাষ্ট্ৰীয় বুলি অভিহিত কৰিব পাৰি। যুক্তৰাষ্ট্ৰ বুলি ঘোষণা কৰা হোৱা নাই যদিও যুক্তৰাষ্ট্ৰৰ প্ৰকৃতি প্ৰকাশ কৰাত কোনো ধৰণৰ বাধা বা অসুবিধা সৃষ্টি কৰা হোৱা নাই। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি ড॰ আম্বেদকাৰে কয় যে যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে ''সংঘ'' শব্দটো ব্যৱহাৰে ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ কোনো হেৰফেৰ কৰিব নোৱাৰে।

    আন কিছুমান ৰাজনৈতিক চিন্তাবিদে উক্ত মত মানি লবলৈ টান পাইছে। তেওঁলোকৰ মতে সময় আৰু পৰিস্থিতি অনুযায়ী ভাৰতৰ সংবিধানখন একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় দুয়ো প্ৰকাৰৰ মিশ্ৰিত সংবিধানলৈ ৰূপান্তৰ হ'ব পাৰে। এই ক্ষেত্ৰত কে.পি. মুখাৰ্জীয়ে কয় যে ভাৰতীয় সংবিধান নিঃসন্দেহে অযুক্তৰাষ্ট্ৰ বা একাত্মক। সংবিধানৰ অন্যতম বিশেষজ্ঞ দুৰ্গাদাস বসুৰ মতে ''ভাৰতীয় সংবিধানখন বিশুদ্ধ যুক্তৰাষ্ট্ৰীয় বা বিশুদ্ধ একাত্মকো নহয় কিন্তু দুয়োৰে সংমিশ্ৰণহে'' । অধ্যাপক ভি.এন. বেনাৰ্জীৰ মতেও ''ভাৰতৰ সংবিধানখন গঠনত যুক্তৰাষ্ট্ৰীয় হ'লেও ইয়াৰ একাত্মক চৰিত্ৰ আছে''।

    ১৯৫০ চনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধান মতে সাংগঠনিক দিশৰ ফালৰ পৰা ভাৰত এখন যুক্তৰাষ্ট্ৰ। মুঠ ২৮ খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল লৈ ই গঠিত। ভাৰতীয় যুক্তৰাজ্যত যুক্তৰাজ্যৰ সকলো গতানুগতিক উপাদান থকা দেখা যায়। যেনে - এখন লিখিত সংবিধান; দুতৰপীয়া চৰকাৰ; কেন্দ্ৰ আৰু অংগৰাজ্যসমূহৰ মাজত ক্ষমতা বণ্টন আৰু স্বাধীন নিৰপেক্ষ ন্যায়পালিকা। সেয়ে ক'ব পাৰি যে প্ৰকৃত অৰ্থত ভাৰত এখন যুক্তৰাজ্য। ভাৰতীয় সংবিধানত যুক্তৰাজ্যৰ মৌলিক বৈশিষ্ট্যসমূহ অতি স্পষ্টভাবে থকা দেখা যায়। কিন্তু ভাৰতৰ বিশেষ ৰাজনৈতিক অৱস্থাৰ তলত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলাৰ ফলত ভাৰতৰ ক্ষেত্ৰত অন্যান্য কিছুমান দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাতকৈ পাৰ্থক্য লক্ষ্য কৰিব পাৰি।

৫। কোন চাৰিটা বিশেষ পৰিস্থিতিত সংসদে ৰাজ্যিক সূচীত থকা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে, উল্লেখ কৰা। 

উত্তৰঃ 

৬। তলত উল্লেখ কৰা কোনটো বাক্য শুদ্ধ ভাবি চোৱা আৰু কিয় লিখা- 

(ক) যুক্তৰাষ্ট্ৰবাদত বিভিন্ন অঞ্চলৰ মানুহে এজনে আনজনৰ ওপৰত নিজৰ সংস্কৃতি প্রকাশ জাপি দিয়াৰ ভয় নথকাকৈ মনৰ ভাব  প্ৰদান কৰিব পৰা সম্ভাৱনা থাকে। 

উত্তৰঃ

(খ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বেলেগে বেলেগে সম্পর্ক থকা অঞ্চলসমূহৰ মাজত সহজভাৱে অর্থনৈতিক আদান-প্ৰদানত বাধাৰ সৃষ্টি হয়। 

উত্তৰঃ

(গ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই কেন্দ্ৰৰ সীমিত ক্ষমতা থকাটো নিশ্চিত কৰিব।  

উত্তৰঃ

। তলত উল্লেখ কৰা কোনটো ৰাষ্ট্ৰ গঠনৰ ভিত্তি হোৱাটো উচিত আৰু কিয়?  

(ক) উমৈহতীয়া ভাষা         (খ) উমৈহতীয়া অর্থনৈতিক স্বার্থ

(গ) উমৈহতীয়া ধর্ম             (ঘ) প্রশাসনীয় সূচলতা 

উত্তৰঃ

 ৮। ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্রদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।   

উত্তৰঃ ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে - জাতীয়, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

(২) লিখিত সংবিধান আৰু সংবিধানৰ প্ৰাধান্যঃ লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি-নিৰ্দেশনা থকাটো জৰুৰী। যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানে মৌলিক আইনৰ কাম কৰে। অৰ্থাৎ চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানক সৰ্বোচ্চ আইন বুলি মানি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰা বহুবোৰ দেশত ( উদাহৰণস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰ) সংবিধান সংশোধন প্ৰণালীও যথেষ্ট জটিল। ভাৰতবৰ্ষই সাংবিধানিক সৰ্বোচ্চতা মানি লৈছে। কিন্তু সংবিধান সংশোধনৰ বেলিকা জটিল আৰু সহজ দুয়োটা পদ্ধতিৰ ব্যৱস্থা কৰিছে।

(৩) ক্ষমতাৰ বিতৰণঃ জাতীয় চৰকাৰ (ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ) আৰু আঞ্চলিক চৰকাৰ ( ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ)-ৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দুয়ো চৰকাৰৰ ক্ষমতাৰ সূচী সংবিধানত লিপিবদ্ধ থাকে। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে।

(৪) স্বাধীন ন্যায়পালিকাঃ স্বাধীন ন্য়ায়পালিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। স্বাধীন ন্যায়পালিকাই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ ৰক্ষাকৰ্তা বা অভিভাৱকৰ ভূমিকা পালন কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি কোনো বিৰ্তক বা সংঘাত হ'লে ন্যায়পালিকাই এই ক্ষেত্ৰত সঠিক বিধিগত ব্যাখ্যা আগবঢ়ায়।

৯। যুক্তৰাষ্ট্ৰৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা। 

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ চাৰিটা আসোঁৱাহ হৈছে- 

(১) জাতীয় সংহতি অটুট ৰাখিবলৈ অসুবিধা হয়।

(২) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত সংঘাত আৰু বিৰোধৰ আশংকা থাকে।

১০। ভাৰতীয় যুক্তৰাষ্ট্ৰত ক্ষমতাৰ ভাগ-বতৰা চমুকৈ লিখা।  

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পৰ্কে ইতিমধ্য়ে আগবঢ়োৱা আলোচনাৰ পৰা আমি বুজিব পাৰিলো যে-

(ক) ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ প্ৰৱৰ্তন কৰিছে- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ,

(খ) দুয়োখন চৰকাৰকে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে,

(গ) সংবিধানে দুয়োখন চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰিছে,

(ঘ) ক্ষমতা সম্পৰ্কত কেন্দ্ৰ আৰু ৰাজ্য় চৰকাৰৰ মাজত কোনো মতানৈক্য ঘটিলে সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত প্ৰদানৰ কৰ্তৃত্ব ন্যায়ালয়ৰ হাতত অৰ্পণ কৰা হৈছে ।

ভাৰতীয় সংবিধানে তিনিখন ক্ষমতাৰ সূচী তৈয়াৰ কৰিছে। সেই তিনিখন সূচী হ'ল ক্ৰমে সংঘীয় বা কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। সংবিধানৰ সপ্তম অনুসূচীত ক্ষমতাৰ এই তিনিটা সূচীত অন্তৰ্ভুক্ত বিষয়সমূহ উল্লেখ কৰা হৈছে। এই তিনি সূচীত অন্তৰ্ভুক্ত নোহোৱা সকলোবোৰ বিষয়ক অৱশিষ্ট ক্ষমতা বুলি কোৱা হয়। ভাৰতীয় সংবিধানে এই অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে। সংবিধানৰ ২৪৮-নং অনুচ্ছেদত স্পষ্টকৈ কোৱা হৈছে যে ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত উল্লেখ নথকা বিষয়সমূহৰ ওপৰত একমাত্ৰ সংসদে অৰ্থাৎ কেন্দ্ৰীয় বিধানমণ্ডলেহে আইন প্ৰণয়ন কৰিব পাৰে।

(১) কেন্দ্ৰীয় সূচীঃ কেন্দ্ৰীয় সূচীত ৰাষ্ট্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই সূচীত মুঠ ৯৭ টা বিষয় অন্তৰ্ভুক্ত হৈছে, য়েনে- দেশ ৰক্ষা, অস্ত্ৰ-শস্ত্ৰ, মুদ্ৰা ব্যৱস্থা, বৈদেশিক পৰিক্ৰমা, জীৱনবীমা, বহিঃবাণিজ্য,  ডাক আৰু তাঁৰ, ৰেলপথ, বন্দৰ, নাগৰিকতা, বেংক, যুদ্ধ আৰু শান্তি, নৌ বিভাগ, সামৰিক আৰু বিমান বাহিনী, ৰিজাৰ্ভ বেংক, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ হিচাপ পৰীক্ষক ইত্যাদি। এই বিষয়সমূহৰ ওপৰত আইন প্ৰণয়ন কৰাৰ এক্চেটীয়া ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে।

(২) ৰাজ্যিক সূচীঃ ৰাজ্যিক সূচীত মুঠ ৬৬ টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰৰ ভিতৰত অন্যতম হ'ল- আইন আৰু শৃংখলা, আৰক্ষী, সমবায় কাৰাগাৰ, নিম্ন আদালত গঠন, জনস্বাস্থ্য, কৃষি, ভূমি ব্যৱস্থা, বনজ সম্পদ, স্থানীয় স্বায়ত্ব শাসন, পশু পালন ইত্যাদি। স্বাভাৱিক পৰিস্থিতিত এই বিষয়সমূহৰ ওপৰত ৰাজ্য় চৰকাৰে আইন প্ৰণয়ন কৰে।

(৩)  সমৱৰ্তী সূচীঃ সমৱৰ্তী সূচীত মুঠ ৫২টা বিষয় অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ ভিতৰত অন্যতম হ'ল - ফৌজাদাৰী আইন, অৰ্থনৈতিক আৰু সমাজ পৰিকল্পনা, শ্ৰমিক কল্যাণ, শিল্প, বাতৰি কাকত, কিতাপ আৰু ছপাশাল, মূল্য নিয়ন্ত্ৰণ, বিবাহ আৰু বিবাহ বিচ্ছেদ, জন্ম-মৃত্যুৰ পঞ্জীয়ন ইত্যাদি। সাধাৰণ পৰিস্থিতিত এই সূচীৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য় চৰকাৰ উভয়ৰে আইন প্ৰণয়নৰ অধিকাৰ স্বীকৃত হৈছে।

১১। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ চাৰিটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰৰ চাৰিটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হৈছে-

(১) সংবিধানৰ প্ৰাধান্যতাঃ যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে 'মূল গাঁথনিৰ' বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি। 

(২) এক নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক। ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা ভাৰতত নাই।

(৩) অংগৰাজ্যৰ মৰ্যাদাৰ অসমতাঃ এখন যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবোৰে যি মৰ্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মৰ্যাদা ভোগ কৰা নাই। যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবোৰৰ নিজা সংবিধান থাকে। ভাৰতৰ অংগৰাজ্যবোৰৰ নিজা সংবিধান নাই। সমগ্ৰ ৰাষ্ট্ৰৰ বাবে মাত্ৰ এখন সংবিধান আছে।

(৪) ৰাজ্যপালৰ নিযুক্তিঃ যুক্তৰাষ্ট্ৰীয় বিধান মতে ৰাজ্যৰ মূৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্ৰযোজ্য নহয়। ভাৰতৰ অংগৰাজ্যৰ ৰাজ্যপালসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ইও ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য।

১২। আমাক এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ কিয় লাগে? চাৰিটা কাৰণ দর্শোৱা।  

উত্তৰঃ

১৩। জন্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত সংবিধানৰ ৩৭০-নং অনুচ্ছেদত থকা বিশেষ নীতিবোৰৰ উল্লেখ কৰা। 

উত্তৰঃ সংবিধানৰ ৩৭০-নং অনুচ্ছেদ এটা অতিকৈ আলোচিত আৰু বিতৰ্কিত অনুচ্ছেদ। এই অনুচ্ছেদৰ জৰিয়তে জম্মু আৰু কাশ্মীৰক বিশেষ সাংবিধানিক মৰ্যাদা দিয়া হৈছে।

    জম্মু আৰু কাশ্মীৰ এখন মুছলিম জনসংখ্যাগৰিষ্ঠ ৰাজ্য। দেশ বিভাজনৰ সময়ত প্ৰায়বোৰ মুছলিম জনসংখ্যাগৰিষ্ঠ ৰাজ্যই পাকিস্তানত যোগদান কৰিলে। ৰজাশাসিত বৃহৎ ৰাজ্য জম্মু আৰু কাশ্মীৰে স্বাধীনতা লাভৰ সময়ত ভাৰত অথবা পাকিস্তান যিকোনো এখন দেশত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা পাইছিল। কিন্তু ৰাজ্যৰ মহাৰজাই কোনো এখন দেশতে তৎকালে যোগদান নকৰিলে। স্বাধীনতাৰ পাছত যেতিয়া কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত যুদ্ধৰ সূচনা হ'লে তেতিয়া কাশ্মীৰৰ মহাৰজাই ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত ল'লে। এনে পৰিস্থিতিত জম্মু আৰু কাশ্মীৰক অধিক স্বায়ত্ততা প্ৰদানৰ বাবে সংবিধানত ৩৭০-নং অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হৈছিল।

    এই অনিচ্ছেদ অনুসাৰে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচীত থকা যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব খুজিলে জম্মু আৰু কাশ্মীৰৰ অনুমোদন ল'ব লাগে। এই ব্যৱস্থা অন্য কোনো ৰাজ্যৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়। সেয়েহে ৩৭০-নং অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অত্যধিক স্বায়ত্ততা প্ৰদান কৰিছে। তাৰ উপৰিও জম্মু আৰু কাশ্মীৰৰ পৃথক সংবিধান তথা পতাকা আছে।

    এই অনুচ্ছেদ অনুসাৰে জম্মু আৰু কাশ্মীৰত ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে আভ্যন্তৰীণ অশান্তিৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰে তথা জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি প্ৰযোজ্য নহয়।

    কিন্তু ৩৭০-নং অনুচ্ছেদ এই কথাও কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানৰ বিভিন্ন ব্যৱস্থা বলৱৎ কৰিব পাৰে। ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে ভাৰতীয় সংবিধানৰ অধিকাংশ ব্যৱস্থা জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰি তুলিছে। সেই দিশৰ পৰা বিবেচনা কৰিলে জম্মু আৰু কাশ্মীৰে সঁচা অৰ্থত বহু বেছি স্বায়ত্ততা ভোগ নকৰে।

১৪। ভাৰতত অধিক স্বায়ত্ব শাসনৰ দাবী সম্পৰ্কত তোমাৰ মতামত উদাহৰণৰ সৈতে দাঙি ধৰা।  

উত্তৰঃ

১৫। ভাৰতত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হৈ আছে— মন্তব্য দিয়া।  

উত্তৰঃ

১৬। সংবিধানৰ ষষ্ঠ অনুসূচীৰ ওপৰত এটা টোকা লিখা।  

উত্তৰঃ এই অনুসূচী প্ৰধানতঃ উত্তৰ-পূব ভাৰতৰ চাৰিখন ৰাজ্যৰ জনজাতীয় অঞ্চলৰ বাবে প্ৰযোজ্য। এই ৰাজ্যকেইখন হ'ল ক্ৰমে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। এই অনুসূচীৰ আধাৰত উল্লেখিত ৰাজ্যকেইখনৰ জনজাতীয় বসতিপ্ৰধান অঞ্চলসমূহৰ বাবে জিলা তথা আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে। এই চাৰিখন ৰাজ্যত সম্প্ৰতি মুঠ দহখন স্বায়ত্তশাসিত পৰিষদ আছে। অসমত উত্তৰ কাছাৰ আৰু কাৰ্বি-আংলং জিলা তথা বড়ো অধ্যুষিত অঞ্চলৰ বাবে সৰ্বমুঠ তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে। এই স্বায়ত্তশাসিত পৰিষদসমূহত পঞ্চায়তীৰাজ ব্যৱস্থা বলৱৎ নহয়।

অতি চমু উত্তৰৰ প্ৰশ্ন (Very short questions ) :  

১। ভাৰতত বৰ্তমান কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?                                                     [HS(XI) 2016]

উত্তৰঃ ভাৰতত বৰ্তমান ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

২। ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য উল্লেখ কৰা।  

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য হৈছে-

(১) সংবিধানৰ প্ৰাধান্যতাঃ যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে 'মূল গাঁথনিৰ' বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'ব পাৰি। 

(২) এক নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক। ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা ভাৰতত নাই।

৩। ভাৰতৰ অসামৰিক সেৱাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।                                                                                         [HS(XI) 2017]

উত্তৰঃ

৪। যুক্তৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।    

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে - জাতীয়, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

(২) লিখিত সংবিধান আৰু সংবিধানৰ প্ৰাধান্যঃ লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি-নিৰ্দেশনা থকাটো জৰুৰী। যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানে মৌলিক আইনৰ কাম কৰে। অৰ্থাৎ চৰকাৰ পৰিচালনাৰ বেলিকা সংবিধানক সৰ্বোচ্চ আইন বুলি মানি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰা বহুবোৰ দেশত ( উদাহৰণস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰ) সংবিধান সংশোধন প্ৰণালীও যথেষ্ট জটিল। ভাৰতবৰ্ষই সাংবিধানিক সৰ্বোচ্চতা মানি লৈছে। কিন্তু সংবিধান সংশোধনৰ বেলিকা জটিল আৰু সহজ দুয়োটা পদ্ধতিৰ ব্যৱস্থা কৰিছে।

৫। ভাৰত যে এখন যুক্তৰাষ্ট্ৰ তাৰ সমৰ্থনত তিনিটা যুক্তি দিয়া ?

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ ক্ষমতা বণ্টনৰ তিনিখন সূচীৰ নাম লিখা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ক্ষমতা বণ্টনৰ তিনিখন সূচীৰ নাম -

(১) কেন্দ্ৰীয় বা সংঘ সূচী,

(২) ৰাজ্যিক সূচী আৰু

(৩) সমৱৰ্তী বা উমৈহতীয়া সূচী। 

৭। কেন্দ্রীয় সূচীভূক্ত দুটা বিষয়ৰ নাম লিখা। 

উত্তৰঃ কেন্দ্ৰীয় সূচীভূক্ত দুটা বিষয়ৰ নাম-

(১) প্ৰতিৰক্ষা বা প্ৰস্তুতি আৰু 

(২) নৌ, স্থল আৰু বিমান বাহিনী।

৮। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।                                                                                               [HS(XI) 2015] 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হৈছে-

(১) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন,

(২) উচ্চ ন্যায়ালয়।

৯। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া। 

উত্তৰঃ

১০। সমৱৰ্ত্তী সুচীভূক্ত দুটা বিষয়ৰ নাম লিখা।  

উত্তৰঃ 

১১। অৱশিষ্ট ক্ষমতা কি? ভাৰতবৰ্ষত কোনে এই ক্ষমতা প্রয়োগ কৰিব পাৰে?  [HS(XI) 2015]  

উত্তৰঃ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত বিতৰণৰ উল্লেখ আছে। ইয়াত তিনিখন সূচী বা তালিকা আছে। কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। 

১২। যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।  

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰৰ নাম-

(১) ৰাজ্য চৰকাৰ আৰু (২)কেন্দ্ৰ চৰকাৰ।

বস্তুনিষ্ঠ প্রশ্নাবলী (Objective type questions ) :  

১। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোন প্ৰথমতে কোন দেশত স্থাপিত হৈছিল। 

উত্তৰঃ

2। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক সংঘৰাষ্ট্ৰ বুলি কোৱা হৈছিল?  

উত্তৰঃ

৩। যুক্তৰাষ্ট্ৰৰ এটা মূল বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ এটা মূল বৈশিষ্ট্য হৈছে-

(১) দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে - জাতীয়, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্ৰাদেশিক বা ৰাজ্য চৰকাৰ। ভাৰতবৰ্ষৰ সংবিধানে গোটেই দেশখনৰ বাবে সংঘীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। সংঘীয় চৰকাৰক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। বিভিন্ন অঞ্চলৰ চৰকাৰক ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰ বুলি আখ্যা দিছে।

৪। ম্যানমাৰৰ এটা নৃগোষ্ঠীয় গোটৰ নাম লিখা।  

উত্তৰঃ 

৫। ভাৰতবৰ্ষত “ৰাজ্য পুনগঠন আয়োগ” কোন চনত গঠন কৰা হৈছিল?  

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছে? [HS(XI) [2017] 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৭০-নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে।

 ৭। NSCHN (IM)-ৰ সম্পূর্ণ নাম কি?  

উত্তৰঃ 

৮। সংবিধানৰ কোনটো অনুচ্ছেদে জন্মু আৰু কাশ্মীৰক বিশেষ স্থান দিয়ে?  

উত্তৰঃ ৩৭০-নং অনুচ্ছেদত।

৯। "ৰাজ্যসমূহৰ সংঘ"— এই ধাৰণাটো আমি কোনখন ৰাষ্ট্ৰৰ পৰা লৈছো?  

উত্তৰঃ

১০। ভাৰত যুক্তৰাষ্ট্ৰক সংবিধানিকভাৱে কি শব্দৰে জনা যায়?  

উত্তৰঃ 

১১। ভাৰতৰ অংগৰাজ্যবোৰে নিজৰ নিজৰ সংবিধান ৰচনা কৰিব পাৰেনে?  

উত্তৰঃ

১২। ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কোনে ভোগ কৰে? 

উত্তৰঃ

১৩। ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত ক্ষমতা বণ্টনৰ বিষয়ে উল্লেখ আছে?  

উত্তৰঃ-যুক্তৰাষ্ট্ৰৰ ক্ষমতা বণ্টনৰ বিষয়ে উল্লেখ আছে।

১৪।  কেন্দ্ৰীয় চৰকাৰে কোনো ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিব পাৰেনে ? 

উত্তৰঃ 

১৫। ভাৰতৰ নাগৰিকসকলে দ্বি-নাগৰিকত্ব ভোগ কৰে নে?  

উত্তৰঃ ভাৰতৰ নাগৰিকসকলে দ্বি-নাগৰিকত্ব ভোগ নকৰে।

১৬। ভাৰতীয় সংবিধানে ক্ষমতা বিভাজন কৰিছে নেকি?

উত্তৰঃ ভাৰতীয় সংবিধানে ক্ষমতা বিভাজন কৰিছে।

১৭। ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে?                                                                    [HS(XI) 2018 ]    

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।

"হয়" বা "নহয়" লিখা (Write 'yes' or 'No') :  

১। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ শক্তিশালী কেন্দ্রীয় প্রৱণতা দেখা যায়। 

উত্তৰঃ নহয়।

২। ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰৰ ক...... সাঁচত গঢ়া হোৱা নাই।  

 উত্তৰঃ

৩। কেন্দ্রীয় শাসন বিভাগে ৰাজ্যসমূহক নির্দেশ দিব পাৰে।

উত্তৰঃ হয়।

৪। শিক্ষা ৰাজ্যিক সূচীৰ অন্তৰ্গত এটা বিষয়।  

উত্তৰঃ নহয়।

৫। সমৱৰ্তীসূচীৰ বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্রণয়ন কৰিব নোৱাৰে।

উত্তৰঃ হয়।

 শুদ্ধ উত্তৰ বাছি উলিওৱা  (Choose the correct answer : 

১। তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়—  

(ক) লিখিত সংবিধান          (খ) সংবিধানৰ প্ৰাধান্যতা  

(গ) ক্ষমতা বণ্টন                (ঘ) দ্বি-নাগৰিকত্ব  

উত্তৰঃ (গ) ক্ষমতা বণ্টন।

২। কোনটো অনুচ্ছেদে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰিছে— 

 (ক) অনুচ্ছেদ নং ১          (খ) অনুচ্ছেদ নং ১০ 

 (গ) অনুচ্ছেদ নং ৪          (ঘ) অনুচ্ছেদ নং ২  

উত্তৰঃ (ক) অনুচ্ছেদ নং ১।

৩। ৰাজ্যিকসূচীত মুঠ বিষয়  কিমানটা আছে-

 (ক) ৬৬টা          (খ) ৪৭টা              (গ) ৬২টা              (খ) ৫২টা

উত্তৰঃ (ক) ৬৬টা।

Type: Himashree Bora.

Author: Pompi Hazarika

Post ID : DABP004964