যুৰীয়া শব্দঃ সম্পূৰ্ণতা, ব্যাপকতা, অপূৰ্ণতা, পৌনঃপুনিকতা, পাৰস্পৰিকতা, প্ৰগাঢ়তা আদি বিভিন্ন ভাব বুজাবলৈ। যিবোৰ শব্দ যোৰা যোৰাকৈ ব্যৱহাৰ কৰা হয় সেই শব্দ বোৰক যুৰীয়া শব্দ বোলে। যেনেঃ পালি-পাহৰি, কাঁহী-বাটি, চকু-তকু।


যুৰীয়া শব্দ সাধাৰণতে ছয় প্ৰকাৰৰ। 

ক) ধ্বন্যাত্মক যুৰীয়া শব্দ, 

খ) অনুৰূপ যুৰীয়া শব্দ, 

গ) সমাসবদ্ধ যুৰীয়া শব্দ, 

ঘ) সমাৰ্থবাচক যুৰীয়া শব্দ, 

ঙ) দ্বিৰুক্ত যুৰীয়া শব্দ, 

চ) দ্বিধাবোধক যুৰীয়া শব্দ।


Geetanjali Bora