প্ৰথম অধ্যায়

সমলসমূহৰ চমু পৰ্যালোচনা ঃ সাহিত্যিক আৰু পুৰাতাত্বিক 

অতিৰিক্ত প্ৰশ্ন উত্তৰঃ

১। বৰ্তমানৰ অসমখন প্ৰাচীনকালত কি নামেৰে জনা যায় ?
উত্তৰঃ বৰ্তমানৰ অসমখন প্ৰাচীনকালত প্ৰাগজ্যোতিষপূৰ বা কামৰূপ নামেৰে জনা যায় ।

২। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি ?
উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম হল প্ৰাগজ্যোতিষপূৰ ।

৩। প্ৰাচীন সাহিত্য আৰু লিপিসমূহত প্ৰাগজ্যোতিষ নামটো কাৰ লগত জড়িত হৈ থকা বুলি কোৱা হৈছে ।

উত্তৰঃ প্ৰাচীন সাহিত্য আৰু লিপিসমূহত প্ৰাগজ্যোতিষ নামটো লৌহিত্য বা বহ্মপুত্ৰৰ লগত জড়িত হৈ থকা বুলি কোৱা হৈছে ।

৪। ড॰ বাণীকান্ত কাকতিৰ মতে প্ৰাগজ্যোতিষ শব্দটো কি ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ?
উত্তৰঃ ড॰বাণীকান্ত কাকতিৰ মতে প্ৰাগজ্যোতিষ শব্দটো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে ইয়াৰ অৰ্থ হল বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল বুলি কোৱা হয় ।

৫। সংখ্যায়ন গৃহ সংগ্ৰহত প্ৰাগজ্যোতিষক কি বুলি অভিহিত কৰিছিল ।
উত্তৰঃ সংখ্যায়ন গৃহ সংগ্ৰহত প্ৰাগজ্যোতিষক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ ঠাই বুলি অভিহিত কৰিছে ।

৬। কিমান খ্ৰীত আৰু কত কামৰূপ শব্দটোৰ উল্লেখ পোৱা যায় ?
উত্তৰঃ  খৃঃ চতুৰ্থ শতিকাত এলাহাবাদ লিপিত কামৰূপ শব্দটোৰ উল্লেখ ৰোৱা যায় ।

৭। কামৰূপ শব্দটো কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ?
উত্তৰঃ কামৰূপ শব্দটো কোমৰু বা কামৰূতৰ পৰা আহিছে । ইয়াৰ অৰ্থ হল যাদু বা প্ৰেতাত্মাৰ আহ্বান কৰা বিদ্যা ।

৮। ড° বাণীকান্ত কাকতিৰ মতে অসম শব্দটো কি ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থ কি ?
উত্তৰঃ অসম শব্দটো টাই ভাষাৰ শব্দ আচমৰ সংস্কৃতকৰণ আৰু ইয়াৰ অৰ্থ হল অপৰাজেয় বা অতুলনীয় ।

৯। বডেন পাৱেলে অসম নামটো কৰ পৰা উৎপত্তি হোৱা বুলি কৈছে ।
উত্তৰঃ বডেন পাৱেলে অসম নামটো বড়ো ভাষাৰ শব্দ হাচোমৰ পৰা উৎপত্তি হোৱা বুলি কৈছে ।

১০। হাচম শব্দৰ অৰ্থ কি ?
উত্তৰঃ হাচম শব্দৰ অৰ্থ হল দ-মাটি ।

১১। ইতিহাস ৰচনাৰ বাবে প্ৰধান উপাদান কি ?
উত্তৰঃ ইতিহাস ৰচনাৰ বাবে প্ৰধান উপাদান হল বিভিন্ন সমল বা উ ৎসসমূহ ।

১২। ইতিহাসৰ উৎসসমূহক কেইটা ভাগত ভগাব পাৰি াৰু কি কি ?
উত্তৰঃ ইতিহাসৰ উৎসসমূহক দুটা ভাগত ভগাব পাৰি 
যেনে ক) প্ৰাথমিক উৎস 
           খ) গৌণ উৎস 

১৩। প্ৰাথমিক উৎস আৰু গৌণ উৎস কি ?
উত্তৰঃ প্ৰাথমিক উৎস হৈছে কোনো এটা ঘটনা বা কথাৰ প্ৰত্যক্ষ প্ৰমাণ । আনহাতে গৌণ উৎসবোৰে প্ৰাথমিক উৎসৰ পৰা তথ্য স ংগ্ৰহ কৰে ।

১৪। অসমৰ ইতিহাসক কেইটা যুগত ভগাব পাৰি আৰু কি কি ?
উত্তৰঃ অসমৰ ইতিহাসক তিনিটা যুগত ভগাব পাৰি যেনে
ক) প্ৰাচীন যুগ ।
খ) মধ্যযুগ ।
গ) আধুনিক যুগ ।

১৫। অসমৰ প্ৰথমটো ৰাজবংশৰ নাম কি আছিল ?
উত্তৰঃ অসমৰ প্ৰথমটো ৰাজবংশৰ নাম হল বৰ্মণ বংশ ।

১৬। প্ৰাচীন অসমৰ বিষয়ে তথ্য যোগান ধৰা সাহিত্যসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰঃ প্ৰাচীন অসমৰ বিষয়ে তথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভগাব পাৰি 
যেনে ক) দেশীয় সাহিত্য 
          খ)  বৈদেশীক সাহিত্য 

১৭। কোনখন গ্ৰন্থত কামৰূপ নামৰ ৎপত্তি বৰ্ণনা পোৱা গৈছে ।
উত্তৰঃ গো-পথ বাহ্মণ গ্ৰন্থত কামৰূপ নামৰ উৎপত্তি বৰ্নণা পোৱা গৈছে ।

১৮। ৰামায়ণ কেতিয়া ৰচনা কৰা হৈছিল ।
উত্তৰঃ ৰামায়ণ ৰচনা কৰা হৈছিল খৃঃপূঃ ৫০০ বছৰ পূৰ্বে ।

১৯। মহাভাৰত কেতিয়া ৰচনা কৰা হৈছিল ।
উত্তৰঃ মহাভাৰত ৰচনা কৰা হৈছিল খৃঃপূঃ ৫০০ ৰ পৰা খৃ ৪০০ ভিতৰত ।

২০। কিছুমান পুৰাণ আৰু তাৰ বিষয়বস্তুৰ বিষয়ে লিখা ।
উত্তৰঃ ক) গৰুড় পুৰাণ --   কামৰূপ আৰু কামাখ্যাৰ তীৰ্থযাত্ৰীসকলৰ প্ৰধান কেন্দ্ৰস্থল ।
খ) নাৰদীয় পুৰাণ -- হিড়িম্বাৰ বিষয়ে উল্লেখ । 
 গ) মাৰ্কেণ্ডেয় পুৰাণ -- প্ৰাগজ্যোতিষৰ লগতে উদয়াচল, লৌহিত্য আৰু কামৰূপ পূবৰ দেশ হিচাপে উল্লেখ ।
ঘ) বিষ্ণু পুৰাণ -- ভগৱান বৰাহ অৱতাৰ, প্ৰাগজ্যোতিষ নৰকক প্ৰতিষ্ঠা আৰু পাছত নৰকক বধ কৰি ভগদত্তক সংস্থাপনৰ বিষয়ে উল্লেখ ।
ঙ) বায়ুপুৰাণ --- প্ৰাগজ্যোতিষ আৰু লৌহিত্যক প্ৰাচ্যৰ দেশ হিচাপে উল্লেখ ।
চ) বহ্মপুৰাণ -- নৰকৰ জন্মৰ কাহিনী আছে । 
ছ) ব্ৰহ্মাণ্ড পুৰাণ --- প্ৰাগজ্যোতিষক এজন ৰাজ্য হিচাপে উল্লেখ । 
জ) স্কন্দ পুৰাণ --- কামৰূপত শক্তি বিশ্বাসৰ বিষয়ে উল্লেখ আছে ।
ঝ) অগ্নি পুৰাণ-- শোণিতপূৰৰ বাণৰজাৰ বিষয়ে উল্লেখ আছে । 

২১। কিমান খ্ৰীত কালিকাপূৰণ ৰচনা কৰা হৈছিল ।
উত্তৰঃ খ্ৰী দশম শতিকাত কালিকাপুৰাণ ৰচনা কৰা হৈছিল ।

২২। নীলাম্বৰাচাৰ্যই ৰচনা কৰা গ্ৰন্থ তিনিখনৰ নাম লিখা ।
উত্তৰঃ অংশ প্ৰকাশিকা, শ্ৰাদ্ধ প্ৰকাশ, আৰু কলাকৌমুদী ।

২৩। বেদচাৰ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।
উত্তৰঃ স্মৃতিৰত্নাকৰ ।

২৪। স্মৃতি সাগৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।
উত্তৰঃ  দামোদৰ মিশ্ৰই ।

২৫। কেইখনমান তান্ত্ৰিক সাহিত্যৰ নাম লিখা ।
উত্তৰঃ ক) হেবজ্ৰতন্ত্ৰ ।
             খ) সৎপঞ্চদেশবিভাগ ।
             গ) চন্দ্ৰগৰ্ভসূত্ৰ ।

২৬। প্ৰাচীন অসমৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ ক) পাগচোম-জোন ।
             খ)  গোৰক্ষ বিজয় ।
              গ) কলাৰ্ণৱ ।
               ঘ) প্ৰজ্ঞোপায় বিনিশ্বয়সিদ্ধি ।

২৭। প্ৰাচীন অসমৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ ডাকাৰ্ণৱতন্ত্ৰ ।
            বোধিচিত্তবিৱৰণ ।
            যোগশতক ।

২৮। প্ৰাচীন অসমৰ দুখন ধৰ্মীয় গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ ক) হৰ- গৌৰী বিবাদ ।
            খ) হৰ-গৌৰী সংবাদ ।

২৯। কিছুমান গ্ৰন্থ আৰু লিখৰ বিষয়ে লিখা । 
উত্তৰঃ গ্ৰন্থ    লিখক 
           অৰ্থশাস্ত্ৰ ---  কৌটিল্য
           বৃহ ৎ সংহিতা  --  বৰাহমিহিৰ 
           হস্তাৰ্য়ুবেদ -- পালপ্য
           ৰঘুবংশ --- কালিদাস 
           দশকুমাৰ চৰিত ---  দণ্ডিন 
           ত্ৰিকাণ্ড -- পুৰুষোত্তম 
           হৰ্ষচৰিত--- বাণভট্ট
           গৌড়বহো---  বাকপতি 
           কাব্যমিমাংসা  --- ৰাজশেখৰ 
           অভিধান চিন্তামণি ---  ক্ষেমেন্দ্ৰ 
           ৰামচৰিত মানস --- সন্ধ্যাকৰ নন্দী 
           ৰাজতৰংগিনী ----  কলহন 
           জয়মংগলা --- যশোধৰ 
           চি.ইউ. কি. ----  হিউৱেন চাং 
           টলেমীৰ ভূগোল ----  টলেমী 
           নেচাৰেল হিষ্ট্ৰৰী---  প্লিনী  
           বিক্ৰমাংকদেৱচৰিত ---  বিলহন 
           তাৰিখ- উল -হিন্দ ----  আলবেৰুণী
           তবকাৎ - ই- নাচিৰী ----  মিনহাজউদ্দিন চিৰাজ 

৩০ । পুৰাতাত্ত্বিক উৎস আৰু আহিলাসমূহ সংগ্ৰহৰ ক্ষেত্ৰত কেইপ্পকাৰৰ উপায় অৱলম্বন কৰিব পাৰি আৰু সেইসমূহ কি কি ?
উত্তৰঃ  পুৰাতাত্বিক উৎস আৰু আহিলাসমূহ সংগ্ৰহৰ ক্ষেত্ৰত তিনিপ্ৰকাৰৰ উপায় অৱলম্বন কৰিব পাৰি যেনে --  
ক) ক্ষেত্ৰ অধ্যয়ন 
খ) খনন কাৰ্যিয
গ) তথ্যৰ বিশ্লেষণ 

৩১। পুৰাতাত্ত্বিক সমলসমূহক কেইটাবাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰঃ পুৰাতাত্ত্বিক সমলসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি 
যেনে- ক) লিপি ।
           খ) মুদ্ৰা ।
          গ) কোনো বস্তুৰ অৱশিষ্ট ।

৩২। প্ৰাচীন অসমৰ পুৰাতাত্ত্বিক সমলসমূহ কি কি  ?
উত্তৰঃ ক) প্ৰাচীন নগৰৰ ধবংসাৱশেষ--- ৰাজধানী প্ৰাগজ্যোতিষপূৰ, হাৰুপেশ্বৰ বা হটপেশ্বৰ আৰু দুৰ্জয়া নগৰীৰ ধবংসাবশেষসমবহ ধবংসাবশেষ, বামুণী পাহাৰ, শিঙৰী, মাঁজগাঁও ইত্যাদি ।
গ) নগাঁও জিলা --- ডবকা, গোসাইপুৰি, কাৱৈমাৰী, যোগীজান, কামপূৰ আকাশী গংগা, বৰগংগা, নগাঁও ইত্যাদি ।
ঘ) কামৰূপ জিলা--- কামাখ্যা, বশিষ্ঠ, উৰ্বশী, নৰকাসুৰ, আমবাৰী, হাজো, উত্তৰ গুৱাহাটী, ইত্যাদি ।
ঙ) গোৱালপাৰা জিলা- সূৰ্য্যপাহাৰ, মৰনৈ, যোগীঘোপা ।
চ) গোলাঘাট জিলা -- দেওপাহাৰ, সৰুপথাৰ, বৰপথাৰ ।
ছ) তিনিচুকীয়া জিলা -- শদিয়া ।

৩৩। অসমৰ মূল খণ্ডক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰঃ অসমৰ মূল খণ্ডক দুটা ভাগত ভগাব পাৰি যেনে---
ক) ব্ৰহ্মপুত্ৰ উপত্যকা ।
খ) বৰাক উপত্যকা ।

৩৪। অসমখন পূবৰ পৰা পশ্চিমলৈ বৈ থকা ব্ৰহ্মপুত্ৰ নদীখনে অসমক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?
উত্তৰঃ অসমখন পূবৰ পৰা পশ্চিমলৈ বৈ থকা ব্ৰহ্মপুত্ৰ নদীখনে অসমক দুটা ভাগত ভাগ কৰিছে সেইভাগকেইটা হল 
ক) উত্তৰকূল অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অঞ্চল 
খ) দক্ষিণ কুল অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ অঞ্চল 

৩৫। প্ৰাচীন অসমৰ প্ৰধান জনগোষ্ঠীসমূহ কি কি ?
উত্তৰঃ প্ৰাচীন অসমৰ প্ৰধান জনগোষ্ঠীসমূহ হল 
ক) অষ্ট্ৰিক গোষ্ঠী
খ) নেগ্ৰিট গোষ্ঠী 
গ) মংগোল ীয়সকল 
ঘ) ককেচীয়সকল 
চ) অলপাইনসকল 
ছ) দ্ৰাবিড়সকল 
জ) আৰ্যসকল 

৩৬। অষ্ট্ৰিক গোষ্ঠীসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ অষ্ট্ৰিক গোষ্ঠীসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য হল 
ক) দীঘলীয়া আকৃতিৰ মূৰ ।
খ) বহল নাক, গাৰ বৰণ মুগাবৰণীয়া ।

৩৭। নেগ্ৰিটসকলৰ আদি বাসস্থান কত আছিল ।
উত্তৰঃ নেগ্ৰিটসকলৰ আদি বাসস্থান হল আফ্ৰিকা ।

৩৮। নেগ্ৰিট জনগোষ্ঠীৰ প্ৰধান শাৰীৰিক বৈশিষ্ট্য কি ।
উত্তৰঃ নেগ্ৰিট জনগোষ্ঠীৰ প্ৰধান শাৰীৰিক বৈশিষ্ট্য হল 
ক) দেহৰ বৰণ চুটি-চাপৰ 
খ) বৰণ কলা 
গ) চুলিৰ আকৃতি কেকোঁৰা 

৩৯। মংগোলীয়সকলৰ শাৰীৰিক বৈশিষ্ট্য দুটা লিখা ।
উত্তৰঃ মংগোলীয়সকলৰ শাৰীৰিক বৈশিষ্ট্য দুটা হল 
ক) নোমবিহীন শৰীৰ 
খ) বহল মুখ 
গ) ৰুক্ষ চুলি 

৪০। তিব্বত বৰ্মী জনগোষ্ঠীৰ লোকসকলক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰঃ তিব্বত বৰ্মী লোকসকলক দুটা ভাগ কৰা হৈছে 
ক) উত্তৰ-অসম গ্ৰুপ ।
খ) অসম-বৰ্মী গ্ৰুপ ।

৪১। সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰা সমলসমূহ কি কি ?
উত্তৰঃ সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰা সমলসমূহ হল 
ডিমা হাচাওত আৱিস্কৃত হোৱা শিলৰ জাৰসমূহ । 


Autor: Ali rani Kakati