1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)
2. মাজুলী দ্বীপ (Majuli Island)
3. ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)
4. হাফলং হ্ৰদ (Haflong Lake)
5. কামাখ্যা মন্দিৰ (Kamakhya Temple)
6. উমানন্দ দ্বীপ (Umananda Island)
7. পানীমূৰ জলপ্ৰপাত(Panimoor Falls)
8. হাজো(Hajo)
9. যোৰহাট(Jorhat)
10. গুৱাহাটী(Guwahati)


1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park):









কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন অসমৰ নগাঁও আৰু গোলাগাট জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন এশিঙীয়া গড়ৰ বাবে বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ১৯০৮ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংস্থাপিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে 430 বৰ্গ কিলোমিটাৰ এলেকাত আগুৰি আছে। ইয়াত বাঘ, হাতি, বনৰীয়া ম'হ, 
জলাভূমি হৰিণ আৰু বহুতো বিভিন্ন প্ৰজাতিৰ বন্যপানী আছে। ইয়াত 30 টাতকৈও অধিক স্তন্যপায়ী পানী অন্তৰ্ভুক্ত আছে, যাৰ ভিতৰত 15 টা প্ৰজাতি বিপদাপন্ন গোটৰ অধীনত আছে। 

2. মাজুলী দ্বীপ (Majuli Island):



মাজুলী দ্বীপঃ
পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম ... অধ্যূষিত নদীদ্বীপ হিচাপে মাজুলী দ্বিপ বিখ্যাত। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত মাজুলী সৰ্বমুঠ ৩৫৩ বৰ্গ কি.মি. এলেকাৰে আৱৰা। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে পৰিচিত এই নদীদ্বীপে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটককেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যোৰহাট জিলাৰ পৰা ফেৰীৰ সহায়ত মাজুলীত প্ৰবেশ কৰিব পাৰি। ২০১৬ চনত জিলা হিচাপে ঘোষণা কৰা মাজুলী হৈছে পৃথিৱীৰ প্ৰথমটো নদীদ্বীপ।মাজুলী দ্বীপটোত মুঠ ১৪৪ খন গাওঁ আছে আৰু ইয়াৰ জনসংখ্যা প্ৰায় ১.৫ নিযুত।

3. ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park):






ওৰাং ৰাষ্ট্ৰীয় উদ্যান ঃ
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৭৮.৮১ বৰ্গ কি.মি।এই ৰাষ্ট্ৰীয় উদ্যামখনক ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰ বাবে খুবেই চহকী। এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান খন পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক ‘মিনি কাজিৰঙা’ বুলিও আখ্যা দিয়ে। এই ৰাষ্ট্ৰীয় উদ্যানখনত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়।

4. হাফলং হ্ৰদ (Haflong Lake):



হাফলং হ্ৰদ ঃ
হাফলং হ্ৰদ ডিমাহাচাও জিলাত অৱস্থিত একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থানা ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ।২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন। ইয়াত জলবায়ুৰ তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়। মুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ। পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাবে হাফলং জনপ্ৰিয়। হাফলং হ্ৰদ প্ৰাকৃতিক এই হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয়। বিশেষকৈ বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটক সকল ইয়ালৈ আহে।

5. কামাখ্যা মন্দিৰ (Kamakhya Temple):


kamakhya


 কামাখ্যা মন্দিৰঃ 
কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে আৰু তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে।

6. উমানন্দ দ্বীপ (Umananda Island):








উমানন্দ দ্বীপঃ
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত মাজুলী সৰ্বমুঠ ৩৫৩ বৰ্গ কি.মি. এলেকাৰে আৱৰা। ২০১৬ চনত জিলা হিচাপে ঘোষণা কৰা মাজুলী হৈছে পৃথিৱীৰ প্ৰথমটো নদীদ্বীপ। 


7. পানীমূৰ জলপ্ৰপাত(Panimoor Falls):




পানীমূৰ জলপ্ৰপাতঃ
পানীমূৰ জলপ্ৰপাত অসমৰ অন্যতম সুন্দৰ পাহাৰীয়া জিলা , ডিমাহাছাও পাৰ্বত্য স্বায়ত্ত শাসিত জিলাত অৱস্থিত । পানীমূৰৰ ২০১১ চনৰ জনগণনাৰ আঞ্চলিক  নম্বৰ হৈছে ১২৯৮৩১৯। পানীমূৰ গাঁও খনৰ মুঠ জনসংখ্যা প্রায় ৫০০।

8. হাজো(Hajo):




হাজো:
হাজো অসমৰ কামৰূপ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঠাই। ই গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি:মি: দুৰত্বত অৱস্থিত। হাজোক হিন্দু, বৌদ্ধ আৰু মুছলিম ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাপে জনা যায়। এই অঞ্চলটোত বহুতো প্ৰাচীন মছজিদ-মন্দিৰ আদি দেখা পোৱা যায়।

9. যোৰহাট(Jorhat):



যোৰহাটঃ
'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট চহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ।

10. গুৱাহাটী(Guwahati):




গুৱাহাটীঃ
গুৱাহাটী বা পূৰ্বতে কোৱা গৌহাটী হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। গুৱাহাটী নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'গুৱা' (অৰ্থ-তামোল) আৰু 'হাট' (অৰ্থ-বজাৰ)ৰ পৰা উদ্ভৱ হৈছে।

Type- Ishant Bora