ব্ৰক্ষপুত্ৰ নদী

আৰম্ভণিঃ

    ব্ৰক্ষপুত্ৰ নদীৰ নাম টো কেনেকৈ গথিত তাৰ সম্পৰ্কেঃ ব্ৰহ্মপুত্ৰ নামটোৰ উৎপত্তি হৈছে-পুৰাণ কাহিনী অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ হল ব্ৰহ্মপুত্ৰ।

     আন এক পৌৰাণিক কাহিনী অনুসৰি পৰশুৰামে পিতৃ যমদগ্নি আজ্ঞা অনুসৰি মাতৃ ৰেণুকাক বধ কৰি পাপমোচনৰ বাবে তীৰ্থ ভ্ৰমমলৈ যায়। এদিন ৰাতিপুৱা তেওঁ হিমালয়ৰ এটি দুৰ্গম শিলাছেদত কুণ্ড দেখিবলৈ পায়।কালিকা পুৰাণৰ মতে এই কুণ্ডটো ব্ৰহ্মাই পানীৰে প্লাৱিত কৰি লুপ্ত কৰিবলৈ মন কৰিছিল আৰু সেই ইচ্ছা পূৰ্ণ কৰিবলৈ তেওঁ শান্তনু মুনিৰ ভাৰ্যা আমোঘাৰ গৰ্ভত নিজৰ জলময় পুত্ৰ সৃষ্টি কৰিছিল।পিছত পৰশুৰামে নিজৰ কুঠাৰেৰে হাবি জংঘল কাটি বাট মোকোলাই সেই ব্ৰহ্মকুণ্ডৰ পৰা ব্ৰহ্মাৰ জলময় পুত্ৰক কামৰুপলৈ(প্ৰচীন অসম) বোৱাই আনে। সেয়ে প্ৰাচীন কামৰুপৰ মাজেৰে বৈ যোৱা এই নদীৰ নাম লোহিত্য বা ব্ৰহ্মপুত্ৰ হল বুলি ভাৱিৱ পাৰি।পৰশুৰামৰ হাত আৰু কুঠাৰত লাগি থকা তেজৰ পৰাই ৰঙা অৰ্থত লোহিত্য আৰু ব্ৰহ্মাৰ মানসপুত্ৰ হোৱা বাবে ব্ৰহ্মপুত্ৰ নামটো উৎপত্তি  হৈছে।  

    ব্ৰক্ষপুত্ৰ নদীঃ ব্ৰহ্মপুত্ৰ নদীৰ এচিয়া মহাদেশৰ বৃহৎ নদী সমূহৰ ভিতৰত এখন অন্যতম নদী। অসমৰ তিনিখন ডাঙৰ নদী দিহাং,দিবাং আৰু লোহিত মিলিত হৈ অসমত ব্ৰহ্মপুত্ৰ নাম লৈছে। তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা অৰুণাচল,অসম,পশ্চিমবংগ,বাংলাদেশৰ মাজেৰে বৈ গৈ নদীৰ জলধাৰা বংগোপ সাগৰত পৰিছেগৈ।তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগোপ সাগৰলৈ ব্ৰহ্মপুত্ৰ নদী খনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ২৮৫০ কিঃমিঃ।ভৌগলিক অৱস্থান অনুসৰি ব্ৰহ্মপুত্ৰ  নদীখন সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৬০০ মিটাৰ উচ্চতাত আছে আৰু ই ৮২°-৯৭° পূৱ দ্ৰাঘিমাংশ আৰু ২১°-৩১°  উত্তৰ অক্ষাংশত অৱস্থিত।  

     ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সম্পর্কেঃ ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়। যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক প্ৰভাৱ পেলাব। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহিছে। ইয়াৰ ফলত প্ৰতিবছৰে বানপানী প্ৰকোপ বৃদ্ধি পাই আহিছে। অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়। তদুপৰি হিমালয় পৰা বৈ অহা বৰফ গলিত হৈ পানীৰ মাত্ৰাও দিনক দিনে বাঢ়ি আহিছে ।ব্ৰহ্মপুত্ৰ অৱধাৰিত দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ পৰ্বতৰে আবৰা।সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱাৰা হয় আৰু ইয়াৰ ফলতে বহুতো অঞ্চল গৰাখহনীয়াৰ কবলত জাহ যায়।

    ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কাটি,পাহাৰ-পৰ্বত খনন প্ৰক্ৰিয়া  আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধি বাবেও অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰ প্ৰভাৱ পৰে।    

    ব্রহ্মপুত্র যেন অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি তাৰ সম্পৰ্কেঃ ব্ৰহ্মপুত্ৰ হৈছে অসমৰ এখন প্ৰধান নদী।ই আমাৰ অসমীযা জাতিৰ কৃষি,সাহিত্য,সংস্কৃতি,উদ্যোগৰ ওপৰত প্ৰভাৱ পেলায়।ই হৈছে অসমীয়া জাতিৰ ৰাজহাড় স্বৰুপ।ব্ৰহ্মপুত্ৰইৰ পাৰৰ অসমীয়া জাতিৰ ভাষা-সংস্কৃতিক ব্ৰহ্মপুত্ৰই সাৰ-পানী যোগাই সংমিশ্ৰিত ৰুপত সুস্থ সবল কৰি তোলাত অৱদান যোগাইছে।অসমৰ প্ৰাকৃতিক উপাদানবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ হল আধাৰ স্বৰুপ।প্ৰকৃতিক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে।সেয়ে আমাৰ জীৱনৰ লগত ব্ৰহ্মপুত্ৰও সাহিত্য-সংস্কৃতিৰ এক উপাদান হৈ পৰিছে।আমাৰ দৈনন্দিন জীৱনৰ লগত নদ-নদী যেন এৰাব নোৱাৰা সম্পৰ্ক আছে।অসমীয়া বিহুগীত,গোৱালপৰীয়া লোকগীতত ব্ৰহ্মপুত্ৰ উল্লেখে এই কথাকে সূচায়।অসমীয়া সমাজ জীৱনৰ লগত ব্ৰহ্মপুত্ৰ  মন কৰিবলগীয়া।নৈৰ ঘাটত অসমীয়া তিৰোতাই কাপোৰ ধোৱাটো গ্ৰাম্য সৰল জীৱনৰ প্ৰতীক।ব্ৰহ্মপুত্ৰ অবিহনে লোকসমাজৰ জীৱন ধাৰাই যেন গতিশীলতা লাভ কৰিব নোৱাৰে।সেই বাবে  মহাবাহু ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি বুলি কৈছে। 

    ব্রহ্মপুত্র আমাৰ জৈৱ বৈচিত্ৰৰ মূল আধাৰ বিষয়ে কিছু তথ্য় আৰু সামৰণিঃ ভূমিকম্প বা আন প্ৰকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়।যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানী সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক কু-প্ৰভাৱ পেলাব পাৰে।১৮৯৭ চনত আৰু ১৯৫০ চনত অসমত সংঘটিত হোৱা প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত যথেষ্ট পৰিমাণ ক্ষতি হৈছিল।আনকি ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহে।ইয়াৰ ফলত প্ৰতিবছৰে বানপানী প্ৰকোপ বৃদ্ধি পাই আহিছে।অসম মৌছুমী জলবায়ু অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়।তদুপৰি হিমালয় পৰা বৈ গৈ বৰফ গলিত পানীৰ মাত্ৰাও বাঢ়ি আহিছে।ব্ৰহ্মপুত্ৰ অৱধাৰিত দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ পৰ্বতৰে আৱৰা ।সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱাৰা হয় আৰু ইয়াৰ ফলতে গৰাখহনীয়া ৰ কবলত জাহ যায় একোটা বিৰ্স্তীণ অঞ্চল।এনে দুৰ্যোগৰ বাবে বৰ্তমান নদী দ্বীপ মাজুলী আৰু উমানন্দৰ প্ৰতি এক ভাবুকি আহি পৰিছে।

    ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কাটি টহিলং কৰা ফলতো গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পাইছে। পাহাৰ-পৰ্বতৰ খনন প্ৰক্ৰিয়া আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধি পোৱাৰ বাবেও ব্ৰহ্মপুত্ৰ নদীৰ পৰিৱেশত জটিলতাই দেখা দিছে।

    ভূতত্ববিদ সকলৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে ব্ৰহ্মপুত্ৰ গতিপথ সদায় পৰিৱৰ্তন শীল।সেয়ে বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বিধংসী কাৰ্যৰ মূল কাৰকবোৰ চিহ্নিত কৰি জটিল নদী বিন্যাসৰ কু-প্ৰভাৱ ৰোধ কৰাৰ বাবে এতিয়া সময় আহি পৰিছে।অসম যিহেতু নদী মাতৃ দেশ।সেয়েহে কোৱা হৈছে-ব্ৰহ্মপুত্ৰ হল অসমৰ জৈৱ-বৈচিত্ৰৰ মূল আধাৰ। 


Type- Bharat Kalita 

(Morigaon Assam)