তুমি দিনৰ তুমি ৰাতিৰ


তুমি দিনৰ

তুমি ৰাতিৰ

আকাশ বতাহ 

সকলো সামৰি 

তুমি পোহৰ

বলিয়া এন্ধাৰো

আঙুলি বোলাই

প্ৰতি খোজ মোহাৰি

তুমি চোৱা 

চোৱা মোৰ সোণ

চোৱা মোৰ সোণ

জুয়ে পোৰা মোৰ জোন

তুমি অবাধ প্ৰণয়ৰে সোঁত

মিচিকি হাঁহিৰ

ওৰে জীৱনৰো

তুমি দিনৰ....


দুচকু জাপ খালে

স্মৃতিয়ে বিনায়

এটোপ এটোপ

মোৰ চকুলো শুকাই

দুচকু মেলিলে প্ৰতিটো পুৱাই

পৰাজয়ৰে গান ৰজনজনায়

তুমি হ'লেই হেনো

তুমি ক'লেই হেনো

ইতিহাসে ন পাত লুটিয়াই

তুমি চুলেই হেনো

তুমি চালেই হেনো

এন্ধাৰে নিমিষতে পোহৰ বিলায়

তুমি দিনৰ...


 ধুমুহা গানেৰে মোৰ জোকায়

নোৱাৰো-নৰও-নহও নৰুিপায়

তুমিহে পলোৱা মুখ লুকুৱায়

থগি গছকি আশ্য দেখুৱাই

তুমি চাগে' ভাব মন গ'লে চাবা

হিয়া মোৰ নচুৱাবা পুতলা বনাই

তুমি জানি থোৱা

তুমি দিয়া বেথা

তোমাকে দিম আমি

আকৌ মূৰাই।◼