অকমাণি মনে উমলিছিল



অকমাণি মনে উমলিছিল

হিয়াখনি ৰঙেৰে ভৰিছিল

এই মাটি এই আকাশ

সকলোতে স্মৃতিৰ সুবাস


প্ৰতিটো পুৱা প্ৰতি গধূলি

নাছিল সুখৰো শেষ

বতাহৰ কাণে আনিছিলে

সৰগী আৱেশ

অকমণি মনে উমলিছিল....

এখুজি দখুজি সময় ল'ৰাদি

সামৰে আঙুলিতে ধৰি ধৰি

খোজতে উজুটি লগাকৈ

কাগজৰে নাৱতে বহু সপোনৰে ছৈ

খিল খিল অযুত হাঁহিৰ বৈ বৈ ৰূপালী নৈ

প্ৰতিটো পুৱা প্ৰতি গধূলি

নাছিল সুখৰো শেষ

বহাতৰ কানে আনিছিলে

সৰগী আৱেশ

অকমাণি মনে ................


বৰষা মৰমেৰে আকোৱালি

হাততে বোকোচাতে তুলি তুলি 

পাহৰাই ৰাখিছিলে সময় 

চেনেহৰে চুমা

আজি কপালতে নাই

দিন মাহ বহু বছৰ

বিচাৰিছো তুমি নাই

প্ৰতিটো পুৱা প্ৰতি গধূলি

নাছিল কাণে আনিছিলে

সৰগী আৱেশ

অকমাণি মনে উমলিছিল.....।