বতাহে বতাহে


বতাহে বতাহে আহে

চিনাকি সুৰৰ নৈ

প্ৰথম মৰমে তাতে

ঢৌ খেলি যায়

তুমিতো আছা দূৰত 

লাজৰে ওৰণি লৈ

ক'ব খোজা কথাটিও

ওঁঠতে লুকুৱাই

ক'তযে ৰ'দালি নামিলে দুনয়নেৰে

ক'ত যে সপোনে তৰি

দিলে হেঁপাহৰ ছৈ

বতাহে........


এৰি থৈ অহা জনমতো 

আছিলা কিজানি লগৰী

ইবেলিও থাকা তুমি ৰৈ ৰৈ

হিয়াতে থোৱা সামৰি।।

নিজান নিজান পৰত

তোমাক পৰে মনত।।

আছিলো আছো থকিমে

তোমাকে ধিয়াই

বতাহে.......


পাৰ হ'ব আজি নিদিও

হাঁহিৰে ওপচা এই সময়

তুমি যে আছা কাষতে

দুখৰ সুৰে আৰু নোজোকায়

অ......পাৰ হ'ব 

সপোন সোণোৱালী উদুলি-মুদুলি

আকাশে জোনে ৰ'দ দিয়ে

তৰাটিয়ে কয়

বতাহে......।