মৰি যাম



মৰি যাম মৰি যাম

কিয় লাগে এনে

নেদেখিলে  তোক

এদিন চকুৰ আগতে 

মৰি  যাম মৰি যাম

সঁচাকৈ মৰি যাম

নাপাওঁ যদি তোক

এইটো জীৱনতে

উঠোতে বহোতেও তোৰেই কথা

নাযায় আঁতৰি মোৰ মনৰ পৰা 

এনুৱা পিৰিতিৰ লাগালি এঠা

মৰি যাম ...............


এবুকু এবুকু ভৰিছেহি বুকু

তই দিয়া মৰমে 

নিদিবি নিদিবি বেছিকৈ মৰমবোৰ

সহিব নোৱাৰাকে

বলীয়া হ'লো তোৰ মৰমতে

সকলো পাহৰি যাও তোৰ লগতে

কোনেনো স্ৰজিলে তোক এই ৰূপৰে

মৰি যাম মৰি যাম............


সাবটি সাবটি পৰিছো ভাগৰি

সপোনে দিঠকে তোক

কেতিয়া আহিবি

কেতিয়া নুমাবি

মনতে জ্বলা এই জুই

লাহে লাহে মোৰ বুকুত সোমাই

খোজে খোজে দিলি মৰম বুলাই

তোৰে কথা ভাবি বুকু বিষাই।