জ্বলোৱা হিয়া মোৰ




জ্বলোৱা হিয়া মোৰ

কলিজাৰ উমেৰে

শেষ হ'ব দিয়া মোক

সাৱতি বুকুতে

সেমেকা এই মন 

জুমি চোৱাহি

দুহাতত লৈ 

আলফুলে মন 

মৰমেৰে উপচাই দি

জগোৱা মোৰ এই জীৱন

সজোৱা মোৰ যৌৱন।।

জ্বলি জ্বলি যেন

পৰো প্ৰতি ক্ষণ 

প্ৰেমৰে ৰাগি

সপোনৰ গুঞ্জন

কিনো মায়াৰে

বান্ধি থলা মোক

চিঙো চিঙো বুলি 

চিঙিব নোৱাৰি

মৰমৰ এই বান্ধোন

জগোৱা মোৰ এই জীৱন

সজোৱা মোৰ যৌৱন।।


সুৱদি অমিয়া ঢালি

কাণে কাণে আহি ক'লাহি

তুমি মোৰ মই তোমাৰ

পৃথিৱীত চেনেহৰ কথা।।

নমোৱা মৰতক

সৰগী জোনাকক

নমোৱা মৰতক

আলফুলে মৰমক

জগোৱা মোৰ এই জীৱন

সজোৱা মোৰ যৌৱন

জ্বলোৱা হিয়া.......।