পাঠ ১২

পৃথিৱীত কিমান মহাসাগৰ আছে?

১। পৃথিৱীত মুঠ কেইখন মহাসাগৰ আছে?

উত্তৰঃ পৃথিৱীত মুঠ পাঁচখন মহাসাগৰ আছে।

২। মহাসাগৰ কেইখনৰ নাম কি কি?

উত্তৰঃ মহাসাগৰ কেইখনৰ নাম হ'ল- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

৩। আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?

উত্তৰঃ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম হ'ল- প্ৰশান্ত মহাসাগৰ।

৪। সাগৰ আৰু মহাসাগৰৰ পানী লুণীয়া কিয়?

উত্তৰঃ বৰষুণৰ পানীয়ে মাটি আৰু শিলত থকা লৱণবোৰ ধুই আনি সাগৰত জমা কৰে। সেয়ে সাগৰৰ পানী লুণীয়া।